আন্ত: ৰাষ্ট্ৰীয় পক্ষী বিল 'মাগুৰি মতাপুং বিল'

লেখক- দীপাঞ্জলি বৰা

 

তেজপুৰৰ পৰা মগুৰি মতাপুং বিল অভিমুখে যাত্ৰা আৰম্ভ কৰি প্ৰায় সন্ধিয়া হওঁ হওঁ সময়ত মাগুৰি বিল ৰিজৰ্টখন পাওঁ। গাড়ীৰে গ’লে তেজপুৰৰপৰা প্ৰায় ৮ ঘণ্টা মান সময় লাগে। আমি ৰাস্তাৰ কাষৰ এখন হোটেলত দুপৰীয়াৰ সাজ খাব লগা হোৱাত নিৰ্দিষ্ট সময়তকৈ অলপ বেছি সময় লাগিল গৈ পাওঁতে। তাতে আমাৰ লগত যোৱা নীৰাই গাড়ীৰে একেলেথাৰিয়ে বেছি দূৰ গ’লে অসুস্থ অনুভৱ কৰে, বমি বমি ভাব হয়। সেয়েহে মাজে মাজে ৰখি ৰখি যাব লগা হৈছিল। ৰিজৰ্টখন মাগুৰি মতাপুং বিলৰ তেনেই কাষতে। সেয়েহে আগতীয়াকৈ ৰিজৰ্টৰ মালিকৰ লগত ফোনেৰে যোগাযোগ কৰি, পিছদিনা পুৱা মাগুৰি মতাপুং বিললৈ অহা দেশী বিদেশী চৰাই চাবলৈ নিশাটো তাতে কটাবলৈ ঠিক কৰি থোৱা আছিল। ৰিজৰ্টখনৰ মালিক পক্ষী নিৰীক্ষক জীৱন দত্তই আমাক সন্ধিয়াৰ চাহকাপ খোৱাৰ সময়তে আহি লগ দিলেহি। তেওঁ মাগুৰি বিলৰ বিষয়ে এটা চমু আভাস দিলে—

  তিনিচুকীয়া জিলাৰ অন্তৰ্গত ১০ বৰ্গ কি.মি.ৰ এক বিস্তৃত এলেকা আগুৰি থকা এই মাগুৰি মতাপুং বিলৰ এটা জল-প্ৰণালী বৈ গৈছে ডিব্ৰু নৈ-লৈ। বিলখনৰ পূৱ দিশত অৱস্থিত বাঘজান আৰু মতাপুং গাঁও, পশ্চিমে আছে নতুন গাঁও, উত্তৰ দিশে আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণ দিশে আছে ধেলাখাট চাহ বাগিছা। মাগুৰি বিল ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডল হিচাপে পৰিচিত। এই বিলখনে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চতে স্বীকৃতি লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পক্ষী বিল হিচাপে ‘বোম্বে নেচ’নেল হিষ্ট্ৰি এণ্ড ছ’ছাইটি’য়ে স্বীকৃতি প্ৰদান কৰিছে মাগুৰি বিলক। ২৮৫ বিধৰো অধিক প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ বিচৰণস্থলী এই বিল। মাগুৰি বিলত অক্টোবৰৰপৰা মাৰ্চ মাহলৈ আগমন ঘটে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ। ইয়াত আপুৰুগীয়া ‘মেণ্ডেৰিণ ডাক’ দেখিবলৈ পোৱা যায়। জাপান, কোৰিয়া, ৰাছিয়া আদি দেশত সহজলভ্য এই পক্ষীবিধ। 

  মাৰ্শবাবলাৰ, ছোৱাম্প প্ৰিনিয়া, ব্লেকব্ৰেষ্টটেড পেৰটবিল, ডেৰ্ডন’ছ বাবলাৰ, ছোৱাম্প ফ্ৰিনকলিন বিলখনৰ কাষৰ ঘাঁহনিত পোৱা এই পাঁচবিধ বিপদাপন্ন প্ৰজাতিৰ চৰাই চাবলৈ দেশী-বিদেশী পক্ষী নিৰীক্ষকসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে জাৰ্মান, জাপান, ইংলেণ্ড, আমেৰিকা ফ্ৰান্স আদিৰ পৰা আহি ইয়াত উপস্থিত হয়। এটা কথা মন কৰিবলগীয়া যে এই ঘাঁহনিত পোৱা চৰাইসমূহ পৃথিৱীৰ আৰু আন ক’তো পোৱা নাযায়। 

  মাগুৰি মতাপুং বিললৈ অহা বিভিন্ন চৰাইৰ ভিতৰত—পানীডুবি, কৈলাঙী, পানী কাউৰী, মণিয়ৰী, কণামুচৰি, গো-বগ, মাজু-বগ, বামুণী-বগ, ইটাগুড়ীয়া, শামুকভঙা, বৰটোকোলা, শৰালি হাঁহ, বনৰীয়া পাতিহাঁহ, কিকি হাঁহ, বগা চিলনী, মৌ-খাপ, ডাউক, কোঢ়া চৰাই, কামচৰাই, দলমৰা, বালিঘোৰা, ফেঁচা, হুদু, মাছৰোকা শালিকা, কাঠৰোকা, চেকচেকী, পাতসিয়া, ঢাপলিকা, দহি-কতৰা, শিলকতৰা, পথৰুৱা মাটিমাহী ইত্যাদি চৰাইবোৰো আছে। 

 তেওঁৰ চৰাই বিষয়ক জ্ঞান দেখি আপ্লুত হৈছিলোঁ। ইমানবোৰ চৰাইৰ নাম কেনেকৈ মনত ৰাখে লগতে সিহঁতৰ বিষয়ে সুন্দৰকৈ সকলো ক’ব পাৰে—বৰ আচৰিত লাগিল। ‘যমডাকিনী’ চৰাইৰ বিষয়েও তেওঁ কিছু কথা ক’লে। সেইবিধ চৰাইৰো হেনো কেইবাটাও প্ৰজাতি আছে। তেওঁৰ মোবাইলত বহুতো চৰাইৰ ফটো দেখুৱালে। প্ৰতিবিধ চৰাইৰ বিষয়ে থুলমূলকৈ কৈ গ’ল। তেওঁ হেনো প্ৰায় পক্ষী নিৰীক্ষণত যায় বিশেষকৈ বিদেশী পৰ্য্যটকক লৈ। 

  জীৱন দত্তৰ লগত কথা পাতি কটোৱা সন্ধিয়াৰ সুন্দৰ সময়খিনিয়ে মাগুৰি বিলৰ প্ৰতি আৰু আগ্ৰহী কৰি তুলিলে। বাঁহৰে আটোম্-টোকাৰিকৈ সজা ৰিজৰ্টৰ ডাইনিং ৰুমটোত নিশাৰ ঘৰোৱা যেন লগা ভাত সাঁজ জুটি লগাই খালোঁ। নিশা অলপ দেৰিলৈকে ৰিজৰ্টৰ মুকলি ঠাইত জুইৰ কাষত বহি কিছু সময় হাত ভৰি সেঁকি জুইৰ উম উপভোগ কৰিলোঁ। 

  পিছ দিনা পুৱা ব্ৰেকফাষ্ট কৰি মাগুৰি বিলৰ নৌকা বিহাৰৰ উদ্দেশ্যে ৰিজৰ্টৰ কাষতে থকা ডিব্ৰু নদীৰ পাৰলৈ আহোঁ। নাও পাৰত লগুৱা আছিল। নাৱত উঠিবলৈ লওঁতেই নাৱৰীয়াজনে কৈ উঠিল—”বাইদেউ চাব’ চাব’ সাবধানে নামিব। এজন এজনকৈ নাৱলৈ নামি আহক। আগত দুজন বহক, মাজত দুজন আৰু পিছত এজন বহক। আপোনালোকৰ মুঠ মানুহ পাঁচজন। মোৰে সৈতে ছয়জন, হৈ যাব বেলেঞ্চ।” 

নাৱৰীয়াজনে নীৰাৰ ফালে চাই আকৌ ক’লে—“ভয় কৰিছে নেকি বাইদেউ, নাই একো ভয় নাই। নদীখনহে অকণমান দ, বিলখন তেনেই বাম।” নীৰাৰ নাৱত উঠোঁতে সঁচায়ে ভয় লাগিছিল। নাৱত উঠোঁতে নাওখন টুলুং-ভুটুং কৰোঁতে তাইৰ পানীত পৰি যাব যেন লাগিছিল, কোনোমতে ভয়ে ভয়ে বহি ল’লে। পানীলৈ বৰ ভয়, সাঁতুৰিব নাজানে তাই। জানিলেও নদীখনত সাঁতোৰা সহজ কথা নহয়। ওপৰত নদীখন শান্ত যেন লাগিলেও তলে তলে সোঁত। 

  ডিব্ৰু নদীৰে অকণমান গৈ বিলখন পোৱা যায়। নাৱৰীয়াজনে সুধিলে—“ফুলৰ মাজেৰে লৈ যাম নে? এতিয়া ভেট ফুলবোৰ বৰ সুন্দৰকৈ ফুলি আছে। আপোনালোকে মন নকৰে যদি ফুল চাবলৈ, একেবাৰে চৰাই চাবলৈকে নিম।” 

আমি ফুলৰ মাজেৰে লৈ যাবলৈ ক’লোঁ। অলপ দূৰ নদীৰ মাজেৰে গৈ পানীয়েদি মাগুৰি বিলত সোমালোঁ। যিহেতু বিলখন ডিব্ৰু নদীৰ লগত এটা জল- প্ৰণালীৰে যিহেতু সংলগ্ন। নাৱৰীয়াজনে কৈ উঠিল—“এতিয়া তেনেই পানী বাম, এবুকুও কিজানি নহ’ব। ইয়াত নাও বাবলৈ বেছি জোৰ লাগে। নদীখনত নাও বাবলৈ ভাল, নিজে নিজে গৈ থকাৰ দৰে, কষ্ট নাই।” নাৱৰীয়াজনে বৰ উৎসাহৰে কথাবোৰ কয় আপোন আপোন ভাৱত। 

  নীৰাই সুধিলে—”আপোনাৰ ইয়াত কিমান দিন হ’ল নাও চলোৱা?”

 দহ বছৰ মানেই হ’ল বাইদেউ। কিমান মানুহক ফুল দেখুৱালোঁ, চৰাই দেখুৱালোঁ। বাহিৰৰপৰা অহা ট্যুৰিষ্টকও মই লৈ যাওঁ। সকলোৱে নোৱাৰে নহয়, কাৰণ চৰাইৰ ইংৰাজী নামবোৰ সকলোৱে ক’ব নাজানে। চিনিও নাপায় চৰাইবোৰ। গতিকে মই কেতিয়াবা ছয় সাতবাৰলৈকো আহিব লগা হয় ট্যুৰিষ্ট বেছি হ’লে। আৰু দুজনমান আছে সিহঁতো আহে। কিন্তু জীবনদাই মই গ’লে বেছি ভাল পায় বুলি কৈ গৌৰৱৰে সৰল হাঁহি এটা মাৰিলে নাৱৰীয়াজনে। 

  আমাৰ নাওখন ডাঠ গুলপীয়া ভেট ফুলবোৰৰ মাজেৰে যাবলৈ ধৰিলে। কি যে মনোৰম দৃশ্য! 

 “নাও লাহে লাহে চলাইছোঁ ফটো লওক, পিছে ফুল নিচিঙিব দেই, মানা আছে। ইয়াত একো নেপেলাবও।” বিলখনৰ প্ৰতি নাৱৰীয়াজনৰ দায়িত্ববোধ দেখি ভাল লাগিল। 

   ভেট ফুলৰ মাজে মাজে আৰু অ’ত ত’ত থকা পানী মেটেকাৰ মাজে মাজে গৈ গৈ বিলৰ পানীত, পাৰত বহুতো চৰাই দেখিবলৈ পালোঁ। মানুহ অহাৰ উমান পাই জাকিমাৰি কিছুমান চৰাই উৰি গ’ল। 

কি যে অপৰূপ দৃশ্য! কিছুমানৰ আকৌ কেট্ কুট্ নাই পাখি কঁটালি পুৱাৰ কুমলীয়া ৰ’দ লৈ থাকিল, আমিবোৰ যেন সিহঁতৰ বাবে তেনেই পৰিচিত। 

  নাৱৰীয়াজনে ক’লে—“আৰু আগলৈ নাযাওঁ, বেছি কাষলৈ গ’লে আমনি পাই চৰাইবোৰ আঁতৰি যাব। ভাল কেমেৰা নহ’লে ফটো ভাল নহ’ব। যি পাৰে ফটো ভিডিঅ’ লওক। মই একেবাৰে লাহে লাহে চলাইছোঁ নাও।”

 তাৰ মাজে মাজে আঙুলিয়াই আঙুলিয়াই চৰাইবোৰৰ নামবোৰ কৈ গ’ল বৰ উৎসাহেৰে। 

 দূৰৈত চৰি থকা সোণালী যেন লগা এযোৰ হাঁহলৈ আঙুলিয়া ক’লে—“মেণ্ডেৰিণ ডাক। বৰ ধুনীয়া, আপোনালোকৰে ভাগ্য, সদায় দেখা নাযায়।” 

  নীৰাই অলপ আচৰিত হৈ সুধিলে—”ইমানবোৰ চৰাই নামেৰে সৈতে কেনেকৈ চিনি পায়? ক’ৰ পৰা আহিছে সেয়াও দেখোন ক’ব পাৰে।” 

“দেশী বিদেশী পৰ্য্যটকক লৈ যেতিয়া পক্ষী নিৰীক্ষক আহে গাইড্ হিচাপে, তেওঁলোকক চৰাইবোৰ চিনাকি কৰাই দিওঁতে মনত ৰাখি যাওঁ। এয়া এদিনতে হোৱা নাই, মনত ৰাখিবলৈ বছৰ লাগিছে বাইদেউ।” কথাখিনি কৈ কৈ নাৱৰীয়াজনে লাহে লাহে বঠা মাৰি নাওখন আগবঢ়াই নিলে। 

  পঢ়া-শুনা নকৰাকৈ অকল দেখি-শুনি ইমান কথা এজন নাৱৰীয়াই আয়ত্ত্ব কৰা কম কথা নহয়। 

অলপ দূৰৈত দেখিলোঁ মাছমৰীয়াৰ নাও। মাছ-পুঠিৰে উভৈনদী এই বিল। কাষৰীয়া গাঁৱৰ বহুখিনি মানুহে এই বিলৰ মাছ ধৰি বজাৰত বেছি জীৱন নিৰ্বাহ কৰে। 

আমিও মন পৰশা সুন্দৰ মাগুৰি বিলৰ দৃশ্য উপভোগ কৰি, যিমান পাৰি মনৰ মাজত স্মৃতিবোৰ সাঁচি লৈ উভতিলোঁ। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments