আপুনি সুখী নে?
লেখক- -নমিতা বৈশ্য
“কি খবৰ আপোনাৰ?” বুলি আপোনাক যেতিয়া কোনোবাই সোধে, আপুনি কি উত্তৰ দিয়ে? চিধাকৈ “ভালে আছোঁ” বুলি কয়নে? নে “আছোঁ আৰু!” , “হেঃ ভাল নহয়হে!” , “কিনো ক’ম? চলি আছোঁ আৰু কিবাকৈ!” এনেকৈ কয়? এনেকুৱা এটা প্ৰশ্নৰ উত্তৰত আপুনি এতিয়ালৈকে কিমানদিন কিমানজনক কৈ পাইছে “মই ভালে আছোঁ।” গোটেই জীৱন শেষ হৈ যায়, আমি ক’বলৈ পাহৰি যাওঁ, “হয়, মই ভালে আছোঁ।” সমস্যা- জটিলতা বাদ দিও বহুসময়ত “ভালে আছোঁ।” বুলি ক’ব নোৱাৰাটো আমাৰ আচলতে এক বদ-অভ্যাস যেন নালাগেনে?
মানুহ ক’ত সুখী হয়? মানুহ কিদৰে সুখী হয়? সুখৰ সংজ্ঞা কি? সুখৰ মানক কি? ৰাষ্ট্ৰসংঘৰদ্বাৰা প্ৰকাশিত বিশ্ব সুখৰ মানক (World Happiness Index)ৰ মতে ভাৰত এখন অত্যন্ত অসুখী দেশ। সৰ্বমুঠ ২৬০ পৃষ্ঠাৰ এই প্ৰতিবেদনৰ মতে সুখৰ মানকৰ ক্ষেত্ৰত ভাৰতৰ স্থান হ’ল ১১৮, যি স্থান পাকিস্তান, ইজৰাইল, পেলেষ্টাইন আৰু ইউক্ৰেইনৰো পিছত। মুঠ ১৪৭খন দেশৰ ভিতৰত ভাৰতে ১১৮তম স্থান পোৱাই নহয়, ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপাল, পাকিস্তান আদিতকৈও পিছত স্থান লাভ কৰিছে। এই প্ৰতিবেদনৰ মতে যুদ্ধবিধ্বস্ত পেলেষ্টাইন আৰু ইউক্ৰেইন, য’ত জীৱন- মৰণৰ কোনো নিশ্চয়তা নাই, নাই সম্পত্তি-পৰিয়ালৰ কোনো নিৰাপত্তা, য’ত মূৰৰ ওপৰত এখন চালি নাই, শৰণাৰ্থী কেম্পত থকা নাগৰিকৰ খাবলৈ এসাজ খাদ্য আৰু ঔষধ নাই, কেতিয়া মূৰৰ ওপৰত বোমা সৰি পৰে তাৰ কোনো ভৰষা নাই, তাৰ নাগৰিকো ভাৰতীয় নাগৰিকতকৈ সুখী। কিম আশ্চৰ্য্যম্!
প্ৰতিবছৰে এনেকৈ এখন প্ৰতিবেদন প্ৰকাশ হয় আৰু তাত বুজোৱা হয় যে ভাৰতীয় নাগৰিকসকল অদ্ভুত ধৰণে অসুখী। যি ভাৰতবৰ্ষই যোগ আৰু ধ্যানৰ জৰিয়তে পৰম সুখৰ ধাৰণা আৰু জ্ঞান সমগ্ৰ বিশ্বলৈ প্ৰবাহিত কৰিছিল, সেই ভাৰতীয়সকল আজি আটাইতকৈ দুখী মানুহ। যি ভাৰতবৰ্ষই সুখক স্বাস্থ্যৰ এক অভিন্ন অংগ বুলি হাজাৰ হাজাৰ বছৰ আগতে প্ৰাচীন ভাৰতীয় চিকিৎসাত উল্লেখ কৰি গৈছে (সমাদোষ সমাগ্নিশ্চ সমধাতু মলক্ৰিয়া/ প্ৰসন্ন আত্মা ইন্দ্ৰিয় মন স্বাস্থ্য ইতি অভিধীয়তে। সুশ্ৰুত সংহিতা, সূত্ৰস্থান), আত্মা, ইন্দ্ৰিয় আৰু মনৰ প্ৰশান্তিৰ অবিহনে সুস্বাস্থ্য অসম্ভৱ বুলি কৈ থৈ গৈছে, সেই দেশৰ আজিৰ প্ৰজন্ম পৃথিৱীৰ আটাইতকৈ অসুখী নাগৰিক। যি সময়ত গোটেই বিশ্বই ‘ডিপ্ৰেচন’ এংজাইটিৰ সমাধান বিচাৰি যোগ, ‘মেডিটেচন’ আৰু আয়ুৰ্বেদলৈ ঢাপলি মেলিছে, সেই সময়ত ভাৰতীয়সকলক বিশ্বৰ আটাইতকৈ দুখী দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো অদ্ভুত কথা নহয়নে?
ইয়াৰ কাৰণ কি?
পোনপ্ৰথমে চাওঁ, এই প্ৰতিবেদনখন প্ৰস্তুত কৰে কোনে? ৰাষ্ট্ৰসংঘৰ SDSN (Sustainable Development Solutions Network), আমেৰিকাৰ Gallup survey আৰু ইউনাইটেড কিংডমৰ অক্সফোৰ্ডকে আদি কৰি কিছু সংস্থাৰ সহযোগত প্ৰস্তুত কৰা হয়, এই প্ৰতিবেদনখন। এতিয়া চাওঁ, কি কি তথ্যৰ ভিত্তিত এই প্ৰতিবেদন সাজু কৰা হয়? প্ৰতিখন দেশৰ প্ৰতিজন ব্যক্তিৰ বিপৰীতে গড় জনমুৰি আয় (GDP per capita), নাগৰিকৰ গড় আয়ুস (Healthy life expectancy), জীৱনত স্বকীয়ভাৱে সিদ্ধান্ত লোৱাৰ স্বাধীনতা (Freedom to make life choices), ভ্ৰষ্টাচাৰৰ প্ৰতি ব্যক্তি বিশেষৰ ধাৰণা (Perception of corruption) আদি গাণিতিক তথ্য (Data) এই পৰিসংখ্যাত ব্যৱহৃত হয়। ভাৰতৰ দৰে দেশত, এই ক্ষেত্ৰত সবাতোকৈ বেছি প্ৰভাৱিত কৰা কাৰকটো হ’ল প্ৰতি ব্যক্তিৰ বিপৰীতে থকা সৰ্বমুঠ জনমুৰি আয়। এই ক্ষেত্ৰত ভাৰতৰ স্থান পাছত থকাটো বুজিব পৰা যায়। কিন্তু সেই সূত্ৰ মতেও পাকিস্তানৰ দৰে অনুন্নত এখন দেশৰ স্থান কিদৰে ভাৰততকৈ আগত থাকিল, সেয়া কিন্তু বোধগম্য নহ’ল। এতিয়া আহোঁ, এই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কিমানজন লোকক সামৰি লোৱা হৈছিল, বা চমুকৈ ক’বলৈ গ’লে নমুনাৰ আৰ্হি (Samlpe size) কিমান আছিল, সেই কথালৈ। এই বিষয়ক তথ্য বিচাৰোঁতে দেখা গ’ল যে, সৰ্বমুঠ ১৪৭ দেশৰপৰা এক লাখ লোকৰ তথ্য সংগ্ৰহ কৰা হৈছিল। মানে প্ৰতিখন দেশৰ পৰা প্ৰায় এহেজাৰজন ব্যক্তিক সামৰি এই পৰিসংখ্যা প্ৰস্তুত কৰা হৈছিল। ভাৰতৰ দৰে পৃথিৱীৰ সৰ্ব বৃহৎ জনসংখ্যাৰ এখন দেশ, ১৪৪কোটি নাগৰিকৰ এখন দেশক মাত্ৰ এহেজাৰ ব্যক্তিৰ তথ্যৰে সামৰিব পৰা যায়নে? জনসংখ্যা (Population) বেছি হ’লে ছেম্প’ল ছাইজ বেছি হ’ব নালাগিবনে? যদি কম জনসংখ্যাৰ দেশ এখনৰ কথা ধৰোঁ, ধৰা হওক নাইৰো, নাইৰো দ্বীপৰাষ্ট্ৰৰ জনসংখ্যা মাত্ৰ ১২ হেজাৰ। আনহাতে পেলেষ্টাইনৰ ৫১লাখ আৰু ইজৰাইলৰ ৯৭ লাখ। এই দেশসমূহৰ ছেম্প’ল ছাইজ আৰু ভাৰতৰ ছেম্প’ল ছাইজ একে হ’লে সঠিক ফলাফল পোৱা যাবনে? এতিয়া আহিছোঁ, সেই তথ্যসমূহ কিদৰে আহৰণ কৰা হৈছিল, সেই কথালৈ। তথ্য সংগ্ৰহ হৈছিল প্ৰত্যক্ষ যোগাযোগ আৰু টেলিফোনিক বাৰ্তালাপৰ দ্বাৰা। কিন্তু ইয়াতে প্ৰত্যক্ষ যোগাযোগ কিমানজনৰ লগত আৰু টেলিফোনিক বাৰ্তালাপ কিমানজনৰ সৈতে হৈছিল, সেই তথ্য উপলব্ধ নহ’ল।
এতিয়া আকৌ উভতিছোঁ, সুখৰ কথালৈ। ধনেই সুখৰ মূল হ’ব পাৰেনে? যুগ যুগ ধৰি ভাৰতীয় সনাতন সভ্যতাত বৈৰাগ্যক পৰম সুখৰ আধাৰ বুলি অভিহিত কৰা হৈছে। যোগীক তপস্বী, জ্ঞানী আৰু কৰ্মযোগীতকৈও শ্ৰেষ্ঠ বুলি মহিমামণ্ডিত কৰা হৈছে। ।
‘তপস্বিভ্যো অধিক যোগী/ জ্ঞানিভ্যো অপি মতো অধিক/ কৰ্মভ্যশ্বাধিকোযোগী/ তস্মাদ যোগী ভৱ অৰ্জুন। ‘ ( ভাগৱত গীতা/ ৬ অধ্যায়/ শ্লোক ৪৬)
( কৃষ্ণই কৈছে—’এজন যোগী তপস্বীতকৈও শ্ৰেষ্ঠ, জ্ঞানীতকৈও শ্ৰেষ্ঠ, আনকি কৰ্মযোগীতকৈও শ্ৰেষ্ঠ। গতিকে হে অৰ্জুন, তুমি যোগী হোৱা। ‘)
‘অথিৰ ধন- জন, অথিৰ জীৱন’ মতাদৰ্শত বিশ্বাসী ভাৰতীয়সকল ধন থাকিলেও সুখী, ধনৰ অবিহনেও সুখী। মোৰ ঘৰত কাম কৰা সহায়িকা গৰাকীৰ মুখত দেখো অম্লান হাঁহি, ৰাতি পুৱাৰ পৰা গধূলিলৈ তেওঁ কেইবাঘৰতো কাম কৰে। মুখৰ পৰা হাঁহিটো নুগুছেই। তেওঁ কি দুখী? কামত মগন জোতা চিলাই থকা ককাজন, মূৰত শুকান খৰিৰ বোজা লৈ পাহাৰ বগাই থকা ডেকাজন, অকণমানি পঁজা ঘৰটো হাঁহিৰে উজ্জ্বলাই তোলা জনজাতীয় গাভৰুজনী, মুখত দাতখোলা হাঁহিটো লৈ আবেলি ঘৰৰ পদূলিত বহি থকা মৰমলগা আইতাজনী —এই সকলো দুখী মানুহ। কোনোবা বৌদ্ধ মঠত প্ৰাৰ্থনাত ৰত ভিক্ষুক—তেওঁ যে দুখী মানুহ, আপুনি এই কথাটো কেতিয়াবা ভাবিছিলেনে? শুক্লেশ্বৰৰ কাষেৰে পাৰ হৈ যাওঁতে আপুনি দেখিব, মুখত পৰম শান্তি লৈ পকী বেঞ্চ এখনত শুই আছে এজন মগনীয়া। তেওঁক দেখি আপোনাৰ মনলৈ কি ভাব আহিছে? তেওঁক পৃথিৱীৰ আটাইতকৈ দুখী মানুহ যেন লাগিছেনে?
কিন্তু প্ৰতিবেদনখনৰ মতে এয়াই সঁচা। আয় কম হোৱা হেতুকে, এই সকলোবোৰ দুখী মানুহ।
আপোনাৰ- মোৰ, আমাৰ আটাইৰে সুখৰ স্থান পৃথিৱীৰ একেবাৰে শেষৰ ফালে। ১১৮ নম্বৰত।
এইখিনিতে, অন্য এখন প্ৰতিবেদনৰ কথাও উনুকিয়াই নথলে কথাটো আধৰুৱা হ’ব। OECD (Organization for Economic Co-operation and Development)ৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদনৰ মতে সুখৰ মানকৰ প্ৰথম বিশটা স্থানত থকা বিশখন দেশৰ নাগৰিকেই সবাতোকৈ বেছিকৈ ব্যৱহাৰ কৰে ‘এণ্টি ডিপ্ৰেচন ড্ৰাগ। ‘ সবাতোকৈ বেছি বিষণ্ণতাত ভোগা নাগৰিকসকল কোনফালৰ পৰা আৰু কেনেকৈ পৃথিৱীৰ সবাতোকৈ সুখী ব্যক্তি সেয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন প্ৰস্তুতকাৰী গণিতজ্ঞ সকলেহে ক’ব পাৰিব। প্ৰায় ডেড় বছৰ ধৰি অহৰ্নিশে যুদ্ধত ব্যস্ত ইজৰাইলৰ দৰে দেশে সুখী দেশৰ তালিকাত লাভ কৰিছে অষ্টম স্থান। যুদ্ধই যদি সুখ দিয়ে, তেন্তে অসুখ মোৰ কাম্য।
এতিয়া চাওক, আন এখন প্ৰতিবেদন। IPSOS নামৰ ফ্ৰান্সৰ অন্য এটা সংস্থাই একে সময়তে প্ৰকাশ কৰা এই প্ৰতিবেদনৰ মতে আকৌ সুখী দেশৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে প্ৰথম। ত্ৰিশখন দেশৰ ভিত্তিত প্ৰস্তুত কৰা এই তালিকাত প্ৰথম স্থানত আছে ভাৰতবৰ্ষৰ নাম। দুখন প্ৰতিবেদনৰ মাজত ইমান বৈসাদৃশ্যৰ কাৰণ কি? কাৰণ বিশ্লেষণ কৰোঁতে দেখা গ’ল IPSOS ৰ প্ৰতিবেদনত প্ৰতি ব্যক্তিৰ বিপৰীতে গড় জনমুৰি আয়ক অন্তৰ্ভুক্ত কৰা হোৱা নাই, ইয়াৰ ‘ছেম্প’ল ছাইজ’ বেছি আৰু বেছি সংখ্যক লোকক প্ৰত্যক্ষভাৱে যোগাযোগ ৰাখি তথ্য সংগ্ৰহ কৰা হৈছিল।
এতিয়া আপুনি নিজেই ভাবকচোন, আপুনি কাক বিশ্বাস কৰিব? আপুনি সুখী নে দুখী, এয়া থিৰাং কৰাৰ অধিকাৰ আপুনি কাক দিব? কিয় দিব? বাহিৰৰ এটা সংস্থাই আপোনাৰ গাত এটা মোহৰ লগাই দিব, যে আপুনি সুখী অথবা দুখী। আপুনি কি সেয়া আদৰি ল’ব? আপুনি যদি সুখী, কোনো প্ৰতিবেদনে, কোনো পৰিসংখ্যাই আপোনাক দুখী বুলি প্ৰমাণিত কৰিব নোৱাৰে। যদি আপুনি দুখী, কোনেও আপোনাক সুখীও কৰিব নোৱাৰে। সুখী অথবা দুখী হোৱাৰ চাবি-কাঠী আপোনাৰ নিজৰ হাতত।
উদ্ধাৰয়েদ আত্ম্না আত্মনাং নাত্মানমৱসাদয়েদ
আত্মৈৱ হি আত্মনো বন্ধুৰাত্মৈৱ ৰিপুৰাত্ননঃ। ।
(গীতা/ অধ্যায় ৬/ শ্লোক ৫)
‘তুমি নিজৰ দ্বাৰাই নিজক উদ্ধাৰ কৰা। কিয়নো তুমি নিজেই নিজৰ বন্ধু, তুমি নিজেই নিজৰ শত্ৰু। ‘
কোনোবা এটা দিনত, কোনোবাই যদি আকৌ আপোনাক সোধে, “কি খবৰ আপোনাৰ?” এইবাৰ আপুনি কি বুলি ক’ব?