আবেলিৰ ছায়া
লেখক- ৱাহিদ আহমেদ
নিজানত বহি থাকোঁ
দুখৰ সৈতে কথা পাতি
তুমিতো নুবুজা
বুকুত থকা অসুখী
হৃদয়খনৰ অৱস্থা,
হৃদয়ৰ ৰোগীবোৰে
ক’ব নোৱাৰে যন্ত্ৰণাবোৰৰ কথা
এৰি দিব নোৱাৰে
অনুভৱে দিয়া মুহূৰ্তবোৰ।
নদীৰ বৈ যোৱা পানীবোৰে
বোৱাই নিনিয়ে কিয়
দুখেৰে ভৰা পৃথিৱীখন?
পোহৰেও নিদিয়ে শান্তিৰ ঠিকনা।
চকুলোৰে লিখা চিঠিখনত
কেনেকৈ লিখোঁ
অশান্ত শব্দবোৰ,
বিধ্বস্ততাৰ বতাহে
তোমাৰ হৃদয়খনকো জোকাৰিলে
ঠাইতে মোৰ উশাহবোৰ
হেৰাই যাব অনন্ত কালৰ বাবে।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments