আস্থা-- মূল ( হিন্দী):সুশীলা টাকভৌৰে

অনুবাদ: উৎপল ডেকা

তোমাক লগ পোৱাৰ পাছত

মই

গোটেই জগতখন

নতুনকৈ চাব শিকিছোঁ।

ইয়াৰ আগতে

মই অনভিজ্ঞ আছিলোঁ

পিছপৰা জাতি বুলি কটু অপমানত।

সকলো ঘটনা অনুকূল আছিল

সময় সমাজৰ পৰম্পৰাত 

মই অভ্যস্ত হৈছিলোঁ।

 

মোৰ এতিয়াও মনত পৰে

সেই ঘটনাটোলৈ

যেতিয়া কোনো দুঃসাহসীক

ক’লা মুচিয়ে

চেণ্ডেল উপহাৰ দিছিল

তেতিয়া বৰ ডাঙৰ কাজিয়া হৈছিল

ময়ো সেইখিনিলৈকে জানো।

 

আজি মই সমীক্ষা কৰিব পাৰোঁ

ভাল বেয়াৰ।

মই ক’ব পাৰোঁ

যে, এয়া

যিকোনো সমাজৰ

চৰিত্ৰৰ প্ৰমাণ।

 

সীতা আৰু সাৱিত্ৰীৰ কথা 

মই নাজানো

কিন্তু জানো যে

চৰিত্ৰৱান, নিষ্ঠাৱান সমাজত বল থাকে

সংঘৰ্ষত যুঁজাৰপৰা সফলতালৈকে ।

সৰু সৰু ঘটনাই এই 

আস্থাৰ জন্ম দিয়ে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!