এটা প্ৰেমৰ সাধু

লেখক- পল্লৱী মহন্ত

এৰা সাধুৱেইতো৷ মাকে ক’লে দুপৰীয়াৰ ভাতসাঁজৰ বৰ্ণনাটোও সাধু হৈ পৰে৷

-‘আজি জাননে আইমণি, চিৰা-মুড়িৰ বেপাৰীটো যে, তাৰ লগত আজি অকণমাণি ছোৱালী এজনীও আহিছিল৷ আয়ৈ, যিহে অৱস্থা তাইৰ৷ তেলৰ মুখ নেদেখা জপৰা এমূৰ চুলি, দেশৰ চেকাৰে ভৰা ৰং নোহোৱা হৈ পৰা চোলাটোৰে গোটেইজনী মাহীমাকৰ অত্যাচাৰত চাকৰণী হৈ পৰা সাধুকথাৰ ৰাজকুমাৰীজনীহে যেন। আইতাৰে বেপাৰীটোক ক’লা বৰা চাউল অলপ বিচাৰি আনি দিবলৈ কৈ থাকোঁতে মই ওচৰতে বহি আচাৰৰ বাবে কৰ্দৈকেইটা কাটি আছিলোঁ বুজিছনে৷ টেঙা দেখি জিভাৰ পানী ওলাল হ’বলা, তাই তেলেপিবলৈ লাগিল৷ ভোকো লাগিছিল কিজানি। ‘ভাত দুটামান খাবি আহ’ বুলি ক’লত দেউতাকলৈ চাই যিটোহে হাঁহি মাৰিলে, তই দেখিব লাগিছিল বুজিছ৷ ভালৰ ভাল চিতল মাছ এটা দেউতাৰাই আনিছিল৷ বেঙেনা-বিলাহীৰ আঞ্জাখনত দুখুতুৰামান পেলাই দিছিলোঁ৷ বাকীকেইডোখৰ মচমচীয়াকৈ ভাজিম বুলি আছুতীয়াকৈ ৰাখিছিলোঁ৷ আঞ্জাকণ সানি সানি ধোঁৱাই থকা ভাতকেইটা খাওঁতে ছোৱালীজনীৰ মুখখন পোহৰ হৈ উঠিছিল৷

 

আইমণিৰ চকু দুটা সেমেকে ৷ দুপৰীয়া শুবলৈ আহি জীউমানুৱে সাধু ক’বলৈ কুটুৰে৷ পৰম মমতাৰে আইমণিয়ে জীউমানুক সাৱটি ক’বলৈ ধৰে,

– ‘এখন দেশত এজন ৰজা আছিল৷ ৰজাজনৰ এজনী সুন্দৰী ৰাণী আছিল৷ ৰজাৰ মাথোঁ এজনী জী৷ ছোৱালীজনীৰ গাটো পদুম ফুলৰ দৰে গোন্ধাইছিল, সেয়ে তাইক পদ্মাৱতী বুলি মাতিছিল৷’

– ‘পদ্মাৱতীয়ে এনাক ভাল পায় নে এল্‌ছাক?’ জীউমানুৱে মাজতে মাত দিয়ে৷ উত্তৰ দিবলৈ গৈ আইমণিয়ে ক’লে– ‘পদ্মাৱতীয়ে গোটেই পৃথিৱীখনকে ভাল পায়৷’

জীউমানুৱে এইবাৰ পৃথিৱীখনৰ কথা সুধিবলৈ ধৰিলে৷

– ‘পৃথিৱীখন কিমান ডাঙৰ দেখোন !  ইমানবোৰ মানুহক ভাল পাব পাৰি নেকি? কিমান মানুহ আছে বাৰু পৃথিৱীখনত?’

 

পদ্মাৱতীৰ সাধুটো ক’ৰবাত থাকে৷ জীউমানুৰ প্ৰশ্নবোৰৰ উত্তৰ দি দি হায়ৰাণ হোৱা আইমণিয়ে জীয়েকৰ পিঠিখন মোহাৰি মোহাৰি গীত জুৰিলে৷

‘লাই হালে জালে ঐ

লফা হালে জালে পাতে

আমাৰে মইনাৰ টোপনি আহিছে৷’

 

আইমণিয়ে টোপনিতে কাণ উনায়৷

‘মধু দানৱ দাৰণ দেৱ বৰং, বৰ বাৰিজ লোচন চক্ৰ ধৰং৷’

পুৱা গোসাঁইঘৰ মচি থকা মাকৰ সুৰত আকুতি৷ চকু দুটা মোহাৰি মোহাৰি আইমণি উঠি আহে৷ স্কুলৰপৰা ঘূৰি আহোঁতে পদূলিৰপৰা আইমণিয়ে কাণ উনায়৷ মাকে তাঁতশালত গুণগুণাই গুণগুণাই ফুল তুলি থাকে৷ পিঠিৰ বেগটো পেলাই আইমণিয়ে মাকক সাৱটি ধৰে৷ মাকে পিটিকা, বৰভাজি, চাটনি, ভজা মাছ এখুতৰা আৰু নেমু এচকলেৰে আটোপটোপকৈ যতনাই দিয়া ভাতৰ কাঁহীখন দেখিলে আইমণিৰ চকু দুটা পোহৰ হৈ উঠে৷ হাতৰ বিচনীখনেৰে ওচৰতে বহি মাকে দুবিচমান মাৰি পুনৰ তাঁতৰ পাটত বহেগৈ৷ আইমণিৰ কাণত মাকৰ মাতটো স্পষ্ট হৈ উঠে–

‘বেছি দিন লগতে নাথাকোঁ,

দেউতা মৰম কৰিবি মোক৷’

 

আইমণিৰ চকু দুটা সেমেকে ৷ ডাঙৰ হ’লে তায়ো মাক-বাপেকক এৰি বিয়া হৈ যাবগৈ লাগিব দেখোন।  মাকৰ মাতটো নুশুনাকৈনো তাই কেনেকৈ থাকিব! কিছুদিন আগতে বিয়া হৈ যোৱা বৰদেউতাকৰ ছোৱালী মাজনী বায়েকৰ বিয়াত কইনা যোৱাৰ পৰত সকলোৱে কন্দা দেখি তাই মাকক সুধিছিল– ‘মাজনী বা একেবাৰেই নাহিব নেকি?’

– “ আহিব৷ কিন্তু আলহীৰ দৰে দুদিন থাকি আকৌ গুচি যাব৷ বিয়াৰ পাছত শহুৰৰ ঘৰখনেই নিজৰ ঘৰ৷”

মাকে সেমেকা মাতেৰে কৈছিল৷ নিজৰ ঘৰলৈ আলহীৰ দৰে কেনেকৈ আহিব পাৰে, সেয়া আইমণিয়ে নুবুজে৷ শহুৰৰ ঘৰখন কেনেকৈ নিজৰ ঘৰ হ’ব পাৰে সেয়াও তাই নুবুজে৷ গোটেই দিনৰ দিনটো প্ৰশ্নটো বুকুতে গাজি-গুমৰি ৰাতি বিছনাত শুবলৈ গৈ তাই মাকক সোধে।

– “ শহুৰৰ ঘৰখন নিজৰ ঘৰ হয় যদি তুমিনো কিয় গা বেয়া হ’লেও শুব নোৱাৰা? মাছৰ জোলকণৰ চৰিয়াটোৰপৰা মাছকেইডোখৰ ভগাবলৈ আইতাক দিয়া৷ তুমি দেখোন নিজৰ মতে একোৱেই কৰিব নোৱাৰা।”

মাকে কথা সলাবলৈকে পদ্মাৱতীৰ সাধুটো কয়। 

 

এখন দেশত এজন ৰজা আছিল…৷

 

আইমণি পদ্মাৱতী হৈ উঠে৷ পদুমৰ ঠাৰিৰ দৰে হাতৰ আঙুলি, পদুমৰ পাহিৰ দৰে ভৰিৰ নখ,পদুমৰ দৰে চকু৷ আইতাকে কোৱা শুনিছিল, ওপজি পুৱাতে কন্যাকাল পোৱা ছোৱালীবোৰৰ গাৰ পৰা হেনো পদুম ফুলৰ দৰে সুগন্ধি ওলায়৷ নিজৰ হাতখন দাঙি বাহুটো নাকত লগাই চায়৷ পদুমৰ দৰে গোন্ধ কিজানি। ফুলি থকা পদুম এপাহ হৈ কলেজলৈ যোৱাৰ বাটত ক’লা জামু যেন চকু দুটাতে তাইৰ চকু দুটা থামে৷ কামনাবিহীন ভাবনাত আইমণিয়ে সাঁতোৰে, ওমলে৷

 

জীউমানুক বিছনাতে এৰি আইমণি পাকঘৰলৈ যায়৷ এই সময়ত শাহুৱেকে গ্ৰীন টী খায়৷ দুই মিনিট দেৰি হ’লেই তাইৰ গালৈকে চাহৰ কাপটো মাৰি পঠিয়াব৷ কিমান দিন এনেকুৱা কৰিছে হিচাপ নাই৷ প্ৰথম প্ৰথম তাই আচৰিত হৈছিল৷ কান্দিছিল, ফেঁকুৰিছিল৷ এতিয়া সহজ হৈ পৰিছে৷ মানুহজনীয়ে সহজকৈ ল’ব নোৱৰা কথাটো তাই বুজি উঠিছে৷ বেদব্ৰতকো তাই ক্ষমা কৰি দিছে৷ নকৰিনো উপায় কি? গেলা-পচা ভাবনাবোৰ বুকুত সামৰি লৈ ফুৰিলে নিজৰেই অসুখ হোৱাৰ বাদেনো কি? তথাপি তাই ভাবে, এদিন শাহুৱেকে দুপৰীয়া তাইক জিৰণি লোৱাৰ কথা ক’ব৷ ৰাতিৰ সাঁজ ৰান্ধিবলৈ নিজেই পাকঘৰত সোমাব৷ ভাবি উঠি নিজৰেই হাঁহি উঠে তাইৰ৷

 

গাভৰু পদ্মাৱতীৰ বেলিয়েও সহিব নোৱৰা ৰূপ৷ পৃথিৱীৰ আটাইতকৈ চহকী ৰাজ্যখনৰ ৰাজকুমাৰৰ সৈতে পদ্মাৱতীৰ বিয়া ঠিক হ’ল৷ বিয়াৰ খবৰটো সমগ্ৰ ৰাজ্যতে ঢোলপিটি শুনাই দিয়া হ’ল৷ ঘোষকজনে কেৱল বিয়াৰ খবৰটো ঘোষণা কৰিয়েই ক্ষান্ত নাথাকিল৷ ৰাজকুমাৰে পদ্মাৱতীলৈ পঠিওৱা এহাজাৰ দাসী, এহাজাৰ সোণৰ গলপতা, এহাজাৰ সোণৰ মণিহাৰ, এহাজাৰ সোণৰ কপালি, এহাজাৰ সোণৰ কংকন আৰু হীৰা খটোৱা সোণৰ গুণাৰ কাম কৰা এহাজাৰ ভিন্নৰঙী পোছাকৰ কথাও বাৰে বাৰে ৰাজ্যত ঢোলপিটি ঘোষণা কৰিলে৷

 

হীৰা খটোৱা পোছাকযোৰ কেনেকুৱা হ’ব আইমণিয়ে ভাবে৷ এহাজাৰ দাসীয়েনো পদ্মাৱতীক কি কামত সহায় কৰি দিব সেয়াও ভাবে৷ মাকে দিনৰ দিনটো অকলেই ঘৰ-চোতাল সামৰি ফুৰে৷ পদ্মাৱতীৰ সাধুটো আধা কোৱাকৈয়ে মাক শুই পৰে৷

 

পদ্মাৱতী হোৱা আইমণিৰ সাধি অহা কপালখনৰ কথা গোটেই চুবুৰিটোৱে পাতে৷ ছোৱালী হ’লে আইমণিৰ দৰেহে হ’ব লাগে৷ মানুহবোৰে কোৱা-কুই কৰে৷ ল’ৰা নহয়, ৰাজকুমাৰ, ৰাজকুমাৰ৷ গুৱাহাটীৰ দৰে মহানগৰত তিনিতলাৰ ঘৰ, বাৰী৷ চাকৰে-নাকৰে গিজ খাই থকা ঘৰ৷ তিনিখনকৈ গাড়ী৷ কেইবাঠাইতো ভাড়াঘৰ৷ বিধৱা মাকে ঘৰখন চায়, ভাড়াঘৰবোৰৰ পৰা পোৱা পইচাৰে সমাজ সেৱা কৰে৷ পুতেক অইলৰ ইঞ্জিনিয়াৰ৷ আইমণি ৰাজৰাণী হ’ব, ৰাজভোগ কৰিব৷ সেই কথা ভাবি মাকৰ চকু দুটা সেমেকে৷ দিনটোৰ ভাগৰত আইমণিৰ মাকৰ আঁঠু দুটা টনটনাই ধৰে৷ আইমণিয়ে যতনাই দিয়া গৰম পানীৰ বেগটো আঁঠুত থৈ মাকে কাষতে শুই থকা জীয়েকলৈ চালে৷ গৰ্বত মানুহজনীৰ বুকুখন ফুলি উঠে৷ চকু দুটা জলক-তবক লাগে মাকৰ৷ কোন এয়া? আইমণি নে পদ্মাৱতী! 

 

আইমণিৰ বুকুলৈ বিষ এটা উজাই আহে৷ তাইকনো ৰাজকুমাৰ হেন দৰাটো কিয় লাগিছে? চাকৰেৰে গিজ খাই থকা ঘৰ এখনেই বা কিয় লাগে? নালাগে তাইক তিনিতলাৰ ঘৰ, ধন,ঐশ্বৰ্য, চাকৰ-নাকৰ৷ শিমলুজোপাৰ তলত ৰৈ থকা ল’ৰাটোৱে তাইৰ ভৰিৰ নখবোৰ পদুম ফুলৰ পাহিৰ দৰে বুলি কয়৷ হাতৰ আঙুলিবোৰ পদুমৰ ঠাৰিৰ দৰে বুলি কয়৷ কাষত পালেই উশাহ টানি কয় তাইৰ গাৰপৰা অহা পদুমৰ দৰে সুগন্ধিৰ কথা৷ আইমণিৰ বুকুখন ভৰি পৰে৷ তাতকৈনো কি লাগে! একো নালাগে৷ ভাবনাবোৰ নিজৰ মাজতে পাগুলে৷ উচুপনিৰ শব্দ এটাই মাকৰ টোপনি ভাঙে৷ 

-‘প্ৰেমনো কি? সব ভ্ৰম, সব ভ্ৰম৷’

 মাকে আইমণিক বকে৷

 

জোৰোণৰ বাকচভৰ্তি গহনাবোৰ দেখি আইমণিৰ আকৌ পদ্মাৱতীৰ সাধুটোলৈ মনত পৰে৷ পদ্মাৱতীৰ শাহুৱেক অৰ্থাৎ আটাইতকৈ চহকী ৰাজ্যখনৰ ৰাজকুমাৰজনৰ মাক আছিল এজনী কুৎসিৎ ডাইনী৷ ৰাতি হ’লেই তেওঁ ভেকুলী ছালৰ বেহেৰা এজনৰ হাতত ৰাজকুমাৰলৈ এগিলাচ গাখীৰ পঠিয়াইছিল৷ গাখীৰ গিলাচ খোৱাৰ লগে লগে ৰাজকোঁৱৰ গভীৰ নিদ্ৰাত ঢলি পৰে৷ ৰাজকুমাৰ শুই পৰাৰ লগে লগে পদ্মাৱতীৰ গা ভৰ্তি সোণৰ অলংকাৰবোৰ লোহাৰ শিকলি হৈ পৰে৷ এহাজাৰ দাসী নিশা হ’লেই এহাজাৰ নিগনিত পৰিণত হয় আৰু ওৰে নিশা শিকলিৰ বান্ধোনত আবদ্ধ পদ্মাৱতীৰ শৰীৰত কিল্‌বিলাই ফুৰিবলৈ ধৰে৷ ৰাজকুমাৰে একো ফুটকে নাপায়৷

 

সৰু টাউন এখনৰ এজন শিক্ষকৰ ঘৰত ডাঙৰ হোৱা ছোৱালী আইমণি৷ চচপেনটোৰপৰা পোনে পোনে কাপতে চাহকাপ চেকি শাহুৱেকক দিয়েহি তাই৷ শাহুৱেকে ছেল্‌ফত থকা তিনিটাকৈ ব’ৰ’শ্বিলৰ টিপটৰ কথা কয়৷ আইমণিয়ে ওলকবি অথবা অমিতাৰে ৰন্ধা মুৰ্গীৰ জালুকীয়া আঞ্জাখন শাহুৱেকে সেৰেকা সেৰেক পায়৷ তেওঁ আইমণিক পনীৰ বাটাৰ মছলা, দাল ফ্ৰাই আৰু জিৰা ৰাইচ ৰন্ধাৰ কথা কয়৷ বেদব্ৰতৰ লগৰ বন্ধুজনক লগ পাওঁতে তাই  নমস্কাৰ দিয়া দেখি বেদব্রতে ঠাট্টা কৰিছিল। আইমণিয়ে ফাইভ ষ্টাৰত গৈ হাতেৰে মাংসৰ টুকুৰাটো ধৰি খোৱা দেখিও বেদব্ৰত বিৰক্ত হৈছিল৷

 

‘গঞা’ ‘গঞা’!

 

আইমণিৰ কাণত খুন্দিয়াই থকা শব্দবোৰে বুকুত হেঁচা মাৰি ধৰেগৈ৷ বিয়াই-বাৰুৱে সাজি-কাচি যাবলৈ ওলোৱা আইমণিক শাহুৱেকে হাতৰ খাৰুযোৰৰ ওজনৰ কথা কয়৷ ডিঙিৰ ডায়মণ্ডৰ নেকলেছডালৰ টকাৰে টাটা কোম্পানীৰ কোনটো মডেলৰ গাড়ীখন কিনিব পৰা যাব সেই কথা কৈ বেঁকাকৈ হাঁহি এটা মাৰে৷ আইমণি পদ্মাৱতী হয়৷ নেকলেছ আৰু খাৰুযোৰ লোহাৰ শিকলি হৈ ডিঙি আৰু হাতত ওলমি থাকে৷ বেদব্ৰতৰ টি-ছাৰ্টত লাগি অহা কাজল আৰু লিপষ্টিকৰ দাগবোৰ পদ্মাৱতীৰ সাধুৰ নিগনিজাক হৈ আইমণিৰ শৰীৰত কূটকূটাই থাকে৷ বেদব্ৰতৰ দেহৰ ওজন সহিব নোৱাৰি অসহ্য যন্ত্ৰণাত আইমণিয়ে চট্‌ফট্‌ কৰে৷

 

দীঘলীয়া প্ৰমোদ ভ্ৰমণলৈ যোৱা ডাইনী শাহুৱেকৰ অনুপস্থিতিত পদ্মাৱতীয়ে এদিন দুপৰীয়া সোঁহাতৰ গধুৰ খাৰুপাত দাসী এজনীক উপহাৰ দিলে৷ ৰাতিলৈ দাসীজনীৰ হাতত খাৰুপাত শিকলি হৈ লাগি থাকিল৷ সেইৰাতি দাসীজনী নিগনি নহ’ল৷ পদ্মাৱতীয়ে এপদ এপদকৈ গাৰ গহনাবোৰ দাসীবোৰক উপহাৰ দিবলৈ ধৰিলে৷ এসময়ত পদ্মাৱতীৰ হাত দুখন অলংকাৰশূন্য হৈ ৰ’ল৷ ৰাতি বিছনাত কূটকূটাই থকা নিগনিবোৰক মুকলি হাত দুখনেৰে খেদিব পৰা হ’ল৷ গহনা পিন্ধা দাসীবোৰে নিগনি ৰূপ নোলোৱা হ’ল৷ এসময়ত গৈ গৈ পদ্মাৱতীৰ ডিঙিৰ হাৰডালহে বাকী থাকিলগৈ৷ নিগনিৰ সংখ্যাও কমি কমি দুই-তিনিটাহে ৰৈছিলগৈ৷ ডিঙিৰ হাৰডাল খুলি আটাইতকৈ বয়সীয়া দাসীজনীক দিয়াৰ দিনা পদ্মাৱতীয়ে ভেকুলী ছালৰ বেহেৰাটোৱে দি যোৱা গাখীৰ গিলাচ চকুৰ পচাৰতে সলনি কৰি আন এগিলাচ গাখীৰ কোঁৱৰৰ হাতত তুলি দিলে৷ প্ৰথমবাৰৰ বাবে কোঁৱৰৰ বুকুত পদ্মাৱতী শান্তিৰে টোপনি গ’ল৷

 

আইমণিৰ কোলালৈ জীউমানু আহিল৷ শাহুৱেকে জীউমানুৰ তৰাফুলীয়া চকুৰ কথা মানুহক কৈ শুনালে৷ হাঁহিলে টোল পৰা ৰঙা-বগা গাল দুখনৰ কথা কৈ কৈ গাভৰু কালৰ নিজৰ চেহেৰাটোৰ কথাও সুঁৱৰিলে৷ জীউমানুৰ নামটো আবেলি থ’লে কেনে হ’ব বুলি সোধা আইমণিলৈ চাই বেদব্ৰতে ভেঙুচালি কৰি হাঁহিলে৷ জীউমানুক দেউতা, আইতা, মা বুলি মাতিবলৈ শিকাওঁতে বেদব্ৰতৰ লগত শাহুৱেকেও হাঁহিলে৷ ঘৰখনত আটাইতকৈ পুৰণি বিশ্বস্ত কামকৰা মানুহজনীকো ঘৰলৈ পঠিয়াই শাহুৱেকে আইমণিক দৰমহা নিদিয়া চাকৰণী পাতিলে৷ ঘৰ, পাকঘৰ, সন্তান, আলহী-অতিথিৰ মাজত আইমণিয়ে মাকক বিচাৰি ফুৰে; মাকৰ মাতটোৱে তাইক খেদি ফুৰে৷

– “চাকৰ-বাকৰেৰে গিজ খাই থকা ঘৰ৷ আমাৰ দৰেনে কিবা! তই ৰাণী হ’বি, ৰাণী৷ প্ৰেম থ৷ সেইবোৰ প্ৰেম নহয় হেৰৌ৷ ভ্ৰম বুজিছ, ভ্ৰম৷ বিয়াৰ পাছতহে মানুহৰ আচল প্ৰেম৷”

 

ৰাতি পুৱালত পদ্মাৱতীয়ে ৰাজকুমাৰক হৈ যোৱা কাহিনীবোৰ বিৱৰি ক’লে যদিও কোঁৱৰে বিশ্বাস কৰিবলৈ টান পালে৷ তেতিয়া পদ্মাৱতীয়ে ক’লে– ‘যদি কথাবোৰ মিছা, তেন্তে মই এতিয়াই এটা শিল হ’ম আৰু যদি সঁচা তেন্তে মই এপাহ সুগন্ধিযুক্ত পদুম ফুল হ’ম৷ ইয়াৰ পাছত তুমি মোক বিচাৰিলেও মই পদ্মাৱতীজনী হৈ উঠিব নোৱাৰিম৷’ ৰাজকুমাৰে জোৰে জোৰে হাঁহিবলৈ ধৰিলে৷ খঙে পদ্মাৱতীৰ চুলিৰ আগ চুৱেগৈ৷ তাই দৌৰি গৈ ৰাজমহলৰ কাষৰ পুখুৰীটোতে পৰেগৈ৷ নীলা-বগা পদুম এপাহ হৈ পদ্মাৱতী ফুলি ৰয়৷ পদুমপাহৰ গোন্ধ আহি ৰাজকোঁৱৰৰ নাকত লাগেহি৷ চকুলোৰে তিতি যোৱা গালত ৰাজকুমাৰে নিজেই চৰিয়ায়, পদ্মাৱতীৰ কথা বিশ্বাস নকৰাৰ বাবে৷

 

সাধু কিতাপ দেখিলেই আইমণিয়ে লুটিয়াই চায়; কিজানি পদ্মাৱতীৰ সাধুটো বিচাৰি পায়েই৷ নাই, পদ্মাৱতীৰ সাধুটো ক’তোৱেই নাথাকে৷ জীউমানুৰ জন্মৰ সময়ত মাক আহিছিল৷ সুধিম সুধিমকৈ সোধাহে নহ’ল৷ ছমহীয়া জীউমানুক কোলাত লৈ তাই  চিতাৰ জুইকুৰাহে দেখিছিলগৈ৷ জুইকুৰালৈ চাই তাই বিৰ্‌বিৰাইছিল

– “মোক ভ্ৰমত এৰি তই গ’লিগৈ৷ ভ্ৰম বুলি প্ৰেম এৰিলোঁ৷ ভ্ৰম বুলি এৰি অহাখিনিহে প্ৰেম আছিল৷ এৰা প্ৰেম আছিল৷ প্ৰেম হেৰুৱাই ভ্ৰম ঘটিলোঁ৷ ভ্ৰমত মজিলোঁ। ভ্ৰম, ভ্ৰম৷ সব ভ্ৰম।”

 

আইমণিৰ ভ্ৰমৰ পৃথিৱীখনত জীউমানু একমাত্ৰ সত্য৷ আইমণিয়ে জীউমানুক পদ্মাৱতীৰ প্ৰেমৰ সাধু এটাহে কৈ শুনাব খোজে৷ য’ত সোণৰ গহনাবোৰ শিকলি হৈ নপৰে, য’ত লগুৱাবোৰ নিগনি হৈ শৰীৰত কূটকূটাই নাথাকে৷ অথচ পদুম ফুলৰ দৰে তাইৰ গাৰ গোন্ধ বাবেই তাইক সকলোৱে পদ্মাৱতী বুলি মাতিছিল…সেইখিনিৰপৰা সাধুটো আগ নাবাঢ়েহে নাবাঢ়ে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!