কাপোৰ
লেখক- অভিলাষ দাস
এযোৰ কাপোৰ তেজীমলাৰ প্ৰিয় আছিল ,
তাই কাপোৰযোৰ যতনেৰে ৰাখিব খুজিছিল ।
তাই ঘৰ্মাক্ত বুকুতে সামৰি লৈছিল কাপোৰযোৰ ।
কাপোৰযোৰৰ বাবেই তাইৰ মৃত্যু হৈছিল ।
কাপোৰ মানেই মৃত্যু নেকি ?
কাপোৰ মানেই হেঁপাহ ,
কাপোৰ মানেই আপোনজনৰ সুবাস,
কাপোৰ মানেই ঘাম ঘাম লগা সুৰুযৰ সুহুৰি সুহুৰি আবেলি ।
কাপোৰ মানেই কিনিব নোৱৰাযোৰৰ বেদনা ,
কাপোৰ মানেই কিনি অনাযোৰৰ তুলনা ,
কাপোৰ মানেই হীনমন্যতাতো সান্তনা,
কাপোৰ মানেই অনাহূত পৰিক্ৰমা ।
এযোৰ কাপোৰ বুকুত সাৱটি শেষৰটো উশাহলৈ তাৰ ঘ্ৰাণ ল’ব মোৰ মন অছে ,
ঠিক ৰোৱনী এজনীয়ে শেষ মুহুৰ্তত কঠীয়া
মুঠি মৰাৰ উত্তাপৰ দৰে ।
কাপোৰযোৰ নতুন হ’বই যে লাগিব কোনো কথা নাই ,
কাপোৰযোৰ চিনাকী সুবাস ভৰা হওক মোৰ অনাগত অচিনাকী সকলো বাটত ।
ইমানেই প্ৰিয় হওক যে মোৰ পিন্ধিবলৈ সত নাযাওক,
ইমানেই বিশেষ হওক যে পিন্ধাৰ জোখৰ লগনটো আহিয়েই নাপাওক ।
কাপোৰযোৰ কাপোৰতকৈ বিশেষ হওক ।
ৰজনীগন্ধাৰ মালাত জেতুকা হাতৰ লাজৰ সাঁচ পৰাৰ দৰে
স্মৃতি থাকক তাত—
বোকাৰ,
কস্তুৰীৰ,
জ্বৰপটীৰ,
আতঞ্চিত ৰক্তৰ ,
সৰস্বতী পূজাত বিশেষজনৰ বিয়পি যোৱা ফোঁট মচি দিয়া অৱশিষ্ট হোমৰ এঙাৰৰ ,
বিপ্লৱৰ কবিতাৰ কিতাপৰ ৪২ নম্বৰ কবিতাটোৰ মাজত থৈ দিয়া একমাত্ৰ চিঠিৰ মৰহি যোৱা গোলাপৰ ,
এই সকলোবোৰ স্মৃতি থকা কাপোৰ এযোৰ হওক সেইযোৰ কাপোৰ।
নতুনেই যে হ’ব লাগিব কোনো কথা নাই ।
“শিলৰ চোলা”ৰ সাধুটোৰ দৰেই আচৰিত এইযোৰ কাপোৰৰ মৰিচিকা ।
এসাগৰ চকুপানীৰ বৰ্ম পিন্ধাই গ’লা
সেই এযোৰ বিশেষ কাপোৰ পিন্ধাৰ উপলক্ষ উপহাৰ দিম বুলি কৈ ।
বাণিজ্যিক কাকতীয় শিৰোনামত খুবেই চৰ্চা আজিকালি তোমাৰ নতুন কাপোৰযোৰৰ ।
তোমাৰ আপেক্ষিক আৰু অকালপক্ক কাপোৰ নিৰ্বাচনত
চহৰখনৰ পুৰাতন গলিবোৰ ফৰ্মেলিনৰ পুতিগন্ধময় শোভাযাত্ৰাত নিঃশেষ হ’বলৈ ধৰিছে,
ক্ৰমশঃ ।
বকুলফুলীয়া বুকু এখনৰ মৰ্গত থিয় হৈ
যিযোৰ কাপোৰ পিন্ধি তুমি বিবস্ত্ৰজনক উপহাস কৰিছা ,
মনত ৰাখিবা,
মৰ্গত মাথোঁ শৱদেহ ঢকা কাপোৰৰহে চেপা অট্টহাস্য ।
কাপোৰ কি ?
লগ্নহীনতাৰ লগন
বকুলৰ বৃন্দাবনী বস্ত্ৰ ।
হেঁপাহ মোৰ কাপোৰ ,
যি ধূলি আৰু যুঁজেৰে সীয়া ।
সেই কাপোৰ মোৰ প্ৰিয় ।
শেঁতাৰঙী ৰ’দত
তেজাল বুটামৰ আঁক-বাক থিয় থিয় ।