ছাগলী খেদা নক্ষত্ৰৰ গান (বিতোপন দাস)

ছাগলী খেদা নক্ষত্ৰৰ গান
–
বিতোপন দাস


আমি আলাপত মত্ত থকাৰ সময়তে
ফেপেৰি পাতি ধৰা ছাগলী এটাক
খেদি লৈ ফুৰিছিল নক্ষত্ৰ এটাই।
হুৰ–মূৰকৈ নামি অহা বৰষুণজাকত
হঠাৎ লাগিছিল হুলস্থূল !
সৌ সিদিনা ধুলিয়ৰি বাটটোৰ কেঁকুৰিটো
পাৰ হ‘ব পৰা নাছিল কোনেও,
দুটা ভোবোলা ছাগলীৰ যুঁজত খহি পৰিছিল
জয়াল জ্যোতিষ্কৰ জিকমিক।
সিঁচৰতি হৈ পৰা সূৰ্য্য এটা বুটলি বুটলি
হামৰাও কাঢ়িছিল গাঁওখনে।
আমি আলাপত মত্ত থকাৰ সময়তে
নিনাদিত হৈ পৰা এটা নক্ষত্ৰৰ চমকনিত
চক খাই লৰ মাৰিছিল
ফেপেৰি পাতি থকা ছাগলীবোৰে।
কিবা এক আনন্দোল্লাসত
চিঞৰি চিঞৰি ঢপলিয়াই ফুৰিছিল
সূৰ্য্যভীত নাগৰিক।
তেওঁলোকৰ হাতৰ মুঠিত এতিয়া
একোটা সূৰ্য্য,
আঙঠাৰ চকু
আৰু কেকুঁৰিটো পাৰ হোৱাৰ জোখেৰে একোখনি
নিৰ্ভীক বুকু।
আমি আলাপত মত্ত থকাৰ সময়তে
জয়গান গাই পাৰ হৈ গৈছিল দেশৰ জনতা
জয়গান,
জয়গান,
ছাগলী খেদা নক্ষত্ৰৰ গান।
(
উছৰ্গাঃ “দুৰ্নীতি বিৰোধী ভাৰত“ৰ সদস্য অৰবিন্দ কেজৰিৱালৰ নামত। আশা কৰিছোঁ ছাগলী খেদা নক্ষত্ৰৰ গান নহওক ছাগলী খেদা বৰষুণৰ তান। হঠাৎ আৰম্ভ হৈ হঠাৎ শেষ হোৱা বৰষুণজাকক আমি ছাগলী খেদা বৰষুণ বুলি কওঁ।)

 

 
 

Leave a Reply

Your email address will not be published. Required fields are marked *