জিকাৰ চাটনি

লেখক- মৃদুস্মিতা শৰ্মা

কুমলীয়া জিকা – ৩টা 

ক’লাজিৰা- ১/৪ চাহচামুচ 

নহৰু- ১৫ফোট মান

শুকান জলকীয়া- ২টা 

কেঁচা জলকীয়া- ৩টা

ক’লা সৰিয়হ, বগা সৰিয়হ আৰু আফুগুটি মিশ্ৰণ- ১ চামুছ 

নিমখ: সোৱাদ অনুযায়ী

প্ৰণালী: 

জিকাৰ সিৰ কেইডাল পেলাই ডাঙৰ ডাঙৰ টুকুৰা কৈ কাটি ল’ব। এখন কেৰাহীত অকণমান তেল দি প্ৰথমে ক’লাজিৰাখিনি দিব। তাৰপাছত নহৰু কেইফোট দি অলপ ভাজি কেঁচা আৰু শুকান জলকীয়াখিনি দি অলপ ভাজি ল’ব। তাৰপাছত জিকাখিনি দি ২ মিনিটমান ভাজি লৈ ঠাণ্ডা হ’বলৈ দিব। এতিয়া মিক্সিত ভাজি লোৱা আটাইখিনি বস্তু সৰিয়হ আৰু আফুগুটিৰ মিশ্ৰণখিনি দি পিহি ল’ব। 

আকৌ কেৰাহীখন গৰম কৰি তাত এচামুছ মিঠাতেল দি মিশ্ৰণটো কিছুসময় ভাজিব। যেতিয়া জিকাৰ মিশ্ৰণটোৰপৰা পানীখিনি শুকাই যায় আৰু এটা সুন্দৰ গোন্ধ ওলাব, তেতিয়া অলপ নেমুৰস মিলাই পৰিবেশন কৰিব। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.