জীয়াশিলৰ কাহিনী
লেখক- ড° কৃত্তিকা ডেকা
তাই চকুৰে জলক-তবক দেখিলে । হোমৰ জুইখিনি তাই একেথৰে চাই থাকিল । সেয়া তাইৰ চিতাৰ জুই যেনহে লাগিল । গোটেই গাটো পুৰিছে তাইৰ । কিন্তু তাইৰ গাটো ঠাণ্ডাহে পৰিছে । একদম মৰা মানুহ এটা ঠাণ্ডা পৰাৰ দৰেই । শৰীৰটো অচল হৈ পৰিল । গলত ওলমি থকা মালাডাল তাইৰ চিপজৰী যেন লাগিল । কাষত চলি থকা কথাৰ ভুৰভুৰণিবোৰে তাইক অসহ্য লগালে । কোনোবাই কোৱা শুনিলে “ঐ ডেড্বডী বিচাৰি পালে । ভায়েকে মুখাগ্নি কৰিলে । কণটিলৌহঁতৰ ঘৰৰ পাছফালে হাবিডৰাত পৰি আছিল । এসপ্তাহ ধৰি পৰি থকা বডী পচি গৈছে । গোন্ধ পাওঁতেহে গম পালে ।” তাইৰ কাণত পৰা শব্দবোৰে তাইক হানি-খুচি গ’ল । সেইফালে দাওদাওকৈ জ্বলা অলকেশৰ চিতাৰ জুই আৰু তাইৰ সন্মুখত জ্বলি থকা হোমৰ জুই । পাৰ্থক্য এটাই আছিল অলকেশৰ শৰীৰটো জ্বলিছিল আৰু ৰুণজুনৰ জ্বলিছিল হৃদয় । বামুণৰদ্বাৰা উচ্চাৰিত মন্ত্ৰবোৰে তাইৰ মনৰ শ্ৰাদ্ধ পাতিলে । বামুণৰ আদেশত মহিমে তাইৰ ওৰণিখন দাঙি হোমৰ ফোঁটটো দিওঁতে তাই চক্ খাই উঠিল । কাষত থকা সখীয়েক মণিয়ে “ঐ তই ঠিকে আছনে” বুলি কওঁতে তাই “উম্” বুলি মূৰ জোকাৰিলে কিন্তু অহৰহ তাইৰ চকুৰে বৈ থকা পানীখিনি যথেষ্ট আছিল সখীয়েকক তাইৰ মনৰ মাজত চলি থকা ধুমুহাৰ উমান দিবলৈ । সখীয়েকে সকলো জানে তাইৰ জীৱনৰ প্ৰতিটো কথা । এনেই সখী নে ! শৰীৰ-মনৰ প্ৰতিসময়ৰ খবৰ ৰখাজনেইতো সখী । যোৱা ছয়বছৰ ধৰি তাইৰ লগত ছায়াৰ দৰে লাগি থকা মানুহগৰাকীয়ে হৈছে তাইৰ সখীয়েক ।
বিয়া শেষ । তাইৰ দেউতাকে চাকি-পাণ-তামোল সজোৱা কাঁহৰ কাঁহীখন সন্মুখত লৈ তাইক আৰু মহিমক আদৰি ঘৰৰ ভিতৰলৈ লৈ গ’ল । নিয়মবোৰ কৰালে । তাইক যি যেনেকৈ কোৱা হৈছে যন্ত্ৰচালিত ৰবটৰ দৰে তেনেকৈ কৰি গৈ থাকিল । তাই অলকেশৰ প্ৰেমিকাৰূপে স্থিতপ্ৰজ্ঞ ।একো কথাই তাইক খুদমানো বিচলিত কৰিব পৰা নাই । গান্ধাৰীৰ দৰে যেন চকুত এখন অদৃশ্য কাপোৰহে বান্ধি লৈছে । তাই একো নাচায়, একো বুজিব বিচৰা নাই । তাইৰ চাৰিওফালে কেৱল অন্ধকাৰ । কিন্তু এই অন্ধকাৰ তাইৰ পুত্ৰমোহে সৃষ্টি কৰা অন্ধকাৰ নহয় । ভালপোৱাৰ বাবদ ককায়েকহঁতে দিয়া আউসীৰ উপহাৰ । অলকেশক তাই প্ৰাণভৰি ভাল পাইছিল । কেৱল প্ৰাণভৰিয়ে নে!! উহু তাৰ বাবে প্ৰাণ দিব পৰাকৈ ভাল পাইছিল । কিন্তু কি হ’লনো, তাইহে তাৰ বাবে প্ৰাণ দিব নোৱাৰিলে । অলকেশে দিলে ।
তাইক গাড়ীত কেতিয়া মহিমৰ কাষত বহাই দি মণিয়ে তাইৰ ওচৰত বহি ল’লে তাই একো গমেই নাপালে । গাড়ীৰ দৰ্জাখন মাৰোঁতেহে তাই গম পালে যে তাইৰ নতুন যাত্ৰা আৰম্ভ হৈছে । এই যাত্ৰা কিহৰ! জীয়াশিল ৰুণজুনৰ অভিশপ্ত জীৱনৰ ।
সাৰ পাই দেখিলে শাহুৱেকে আদৰিবলৈ চাকি-ধূপ জ্বলাই পদূলিমুখত ৰৈ আছে । অলপ সময় তলা-নলা একো নাপাই চাই থাকিল কি হৈছে । মণিয়ে তাইক হাতত ধৰি গাড়ীৰ পৰা নমাই দিওঁতেহে তাই সম্বিত ঘূৰাই পালে । মনত পৰিল তাইৰ বিয়া হৈ গ’ল যোৱা ৰাতি মহিম নামৰ অচিনাকী ৩৮ বছৰীয়া এজন মানুহৰ লগত । তাইতকৈ ষোল্ল বছৰে ডাঙৰ সি । পেছাত চৰকাৰী মণ্ডল । চৰকাৰী চাকৰিয়ালৰ ঘৈণীয়েক তাই আজিৰে পৰা । পুৱাৰাতিৰ এন্ধাৰ-পোহৰৰ খেলাৰ মাজত তাইৰ চকুকেইটাই জ্বলা-পোৰা কৰিলে । শাৰদীয় বতৰৰ কোমল বতাহে চুই গ’ল তাইক । শিয়ঁৰি উঠিল তাই । নাকত শেৱালিৰ গোন্ধ লাগিল । শহুৰেকৰ ঘৰৰ জপনাৰ সন্মুখতে শেৱালিজোপা । এপাহ ফুলি থকা ফুল দেখিলেই ভালপোৱা ছোৱালীজনীয়ে শেৱালিফুলেৰে চাদৰ উৰি লোৱা গছজোপা চায়ো একো অনুভৱ নকৰিলে । দৰা-কইনা দুয়োকে একেলগে আদৰি নিলে শাহুৱেকে । সকলো নিয়ম কৰাই লৈ তাইক শুবলৈ ক’লে শাহুৱেকে । সখীয়েকৰ লগত শুই গ’ল তাই ।
ৰাতিপুৱা আঠ বজাতে সখীয়েক ঘৰমুৱা হ’ল । বাছেৰে তিনিঘণ্টা মানেই লাগিব ঘৰ পাবলৈ । গতিকে সখীয়েকে সেমেকা চকুৰে ৰুণজুনৰ ওচৰৰ পৰা বিদায় ল’লে । বিদায় লোৱাৰ আগতে ৰুণজুনক অকলে খন্তেক সময় পাই মণিয়ে তাইৰ হাতে-মূৰে পিহি বুজাই থৈ আহিল- “যি হ’ল হৈ গ’ল । এতিয়া এইখনেই তোৰ ঘৰ । ইয়াতেই তই নিজক নতুন ৰূপত চাব লাগিব । পুৰণি কথাবোৰ পাগুলি নাথাকিবি । ভৱিষ্যতৰ চিন্তা কৰ আজিৰে পৰা । ভালকৈ থাকিবি ।”
কেনেকৈ থাকিব বাৰু তাই ভালকৈ! কেনেকৈ বাৰু তাই পাহৰি যায় সকলো কথা ! কেনেকৈ চাব তাই নিজক নতুন ৰূপত! সম্ভৱনে বাৰু!! উশাহটোহে লৈ আছে তাই ! জীৱন বুলিবলৈ চোন নায়েই একো!! তাই কিনো পাপ কৰিছিল যে তাইক ঈশ্বৰে এনেকৈ শাস্তি দিছে ! কাৰোবাক প্ৰাণভৰি ভালপোৱাটো জানো পাপ!! এৰা ভগৱানৰ কাৰণে পাপ নহ’ব পাৰে কিন্তু তাইৰ ঘৰখনৰ কাৰণেতো সেয়া এক মাৰাত্মক পাপেই আছিল । তাইৰ ককায়েকে তাইক আৰু অলকেশক নদীৰ পাৰৰ ওখ শিলচটাত বহি থকা দেখা পাই অলকেশক যিদৰে চোঁচৰাই নিছিল, তাই কেৱল চিঞৰিছিল ” দাদা নকৰিবি” ! কিন্তু ভনীয়েকৰ কাতৰ চিঞৰেও বুকু ভেদিব নোৱৰাকৈ যেন ককায়েকে কবচ পিন্ধি আহিছিল সেইদিনা । অলকেশে ক্ষমা খুজিছিল আৰু দৃঢ় কণ্ঠেৰে কৈছিল ” মই ৰুণজুনক ভালপাওঁ । তাইক মই বিয়া পাতিব বিচাৰোঁ ।” ককায়েকে ভৰিৰে তাক গুৰিয়াই ভনীয়েকক হাতত ধৰি টানি আনিছিল । সিহঁতৰ ভুল ক’ত আছিল দুয়ো একো টলকিব পৰা নাছিল । ভুলটো প্ৰেম কৰাৰ হ’ব নোৱাৰে । তেন্তে!! তাই পিছত গম পাইছিল তাইৰ ভুলটো হ’ল সিহঁতৰ ঘৰখনতকৈ তলখাপৰ আৰু নীচ জাতিৰ ল’ৰা এটাক ভাল পালে তাই । কিন্তু কি ধনী-দুখীয়া, কি নীচ জাতি! তাইচোন অলকেশৰ কাষত থাকি কোনোদিনে তাৰ গাৰ পৰা নীচ জাতিৰ গোন্ধ নাপালে আৰু টকা-পইচা ঘটিবলৈ সিওচোন আৰম্ভ কৰিছিল, তাইতো অলকেশে লঘোনে এটা দিনো কটোৱাৰ খবৰো নাপালে । তেন্তে অলকেশৰ ওচৰত কি বিচাৰিছিল ককায়েকহঁতে !! আচলতে সমাজৰ মিছা মুখখনৰ বাহ্-বাহ্ বিচাৰিছিল ৰুণজুনৰ ঘৰখনে । সেই কাৰণেইতো আজি তাই সমাজৰ বাহ্-বাহ্ লৈ আহি ধনী মহিমৰ পত্নীৰ মৰ্যাদা পাইছে ।
দুদিন ঘৰৰ এটা কোঠালিত বন্ধ হৈ থাকি তৃতীয়দিনা সখীয়েক মণিৰ সহযোগত যেনতেন লগ কৰিছিল অলকেশক । মণিয়ে চকিদাৰী কৰি আছিল আৰু সিহঁত দুয়োকো কথা পতাৰ অৱকাশ দিছিল । অলকেশৰ হাতত দুদিন পুৰণি তেজৰ দাগ বহিছিল । তাই আলফুল হাতেৰে চুই চাইছিল আৰু দুয়ো পলোৱাৰ সিদ্ধান্ত লৈছিল । সেইদিনাই ৰাতি পলাব দুয়ো । ৰাতি বাৰীৰ পিছফালে তাই সৰু টোপোলা এটা লৈ ৰৈ আছিল । অলকেশৰ লগত নতুন জীৱন আৰম্ভ কৰিবলৈ । তাইৰ মনটো উগুল-থুগুল হৈ আছিল । অলকেশৰ জীৱনসংগিনী হ’ব তাই । দুয়ো সংসাৰ গঢ়িব । ভগৱানৰ ওচৰত কৰা তাইৰ প্ৰাৰ্থনা সফল হ’বলৈ গৈ আছে । লাজ তাইৰ দুয়ো গালত বিৰিঙিছিল । ৰৈ থকা বহুত পৰ হৈছিল । অলকেশ নাহিল । অলকেশক ককায়েক আৰু তাৰ বন্ধু দুজনমানে আধামৰা কৰি থৈ অহা খবৰ এটাহে আহিল । তাইৰ উশাহ চুটি হৈ আহিছিল । পুৱা সাৰ পাই গম পাইছিল অলকেশে এই গাঁও এৰি দূৰলৈ গুচি গ’ল । কিমান দূৰলৈ !! তাইৰ মনৰ পৰাও আঁতৰিব পৰাকৈ দূৰত্বৰ সীমা আছে জানো ক’ৰ’বাত এই পৃথিৱীত! অলকেশে ককায়েকহঁতৰ মাৰত এই পৃথিৱী এৰাৰ খবৰ তাই সেই পৰ্যন্ত পোৱা নাছিল । তাইৰ বিয়া ঠিক হোৱাৰ খবৰত দেউতাক আৰু ককায়েকৰ ওচৰত তাই অলকেশৰ লগতহে বিয়া হ’ব বুলি হৈ চৈ লগাওঁতেহে গম পাইছিল অলকেশ আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰে বুলি । কোনে বাৰু তাইৰ আৰু অলকেশৰ লগ হোৱাৰ খবৰবোৰ ককায়েকক দিয়ে আজিলৈ তাইৰ বাবে সাঁথৰ হৈ থাকিল ।
ফুলশয্যাৰ ৰাতি মহিম কোঠাত নোসোমাওঁতে তাই শুই গ’ল । ভাগৰ লাগিছে । শৰীৰৰ ভাগৰতকৈ মনৰ ভাগৰৰ ওজন বেছি আছিল । কঢ়িয়াই ফুৰিব নোৱাৰা হৈ আহিছে তাই । পুৱাতেই মহিম ওলাই গ’ল । কথা পতা হোৱা নাই দুয়োৰো এতিয়ালৈকে । মহিমৰ কণ্ঠস্বৰৰ প্ৰতিও তাই অৱগত নহয় । তাই মহিমক সকলো কথা ক’ব বুলিয়ে সিদ্ধান্ত ল’লে । দুপৰীয়াৰ সময় । পদূলিমুখতে ৰৈ ৰৈ বাটৰ সিপাৰে থকা পুখুৰীলৈ পলক নজপোৱাকৈ একেৰাহে চাই থাকিল তাই । ৰন্ধা-বঢ়া কৰিবলগীয়া বিশেষ হোৱা নাই তাই । ঘৰৰ কাম বুলিবলৈ নিচেই কম । শাহুৱেক আৰু গিৰিয়েকৰ উপৰি এজন সোতৰ বছৰীয়া ল’ৰা আছে যিয়ে সিহঁতৰ ঘৰৰ প্ৰতিটো কাম চিকুণকৈ কৰে । তাৰ মুখৰ “বৌ” শব্দটোৱে তাইক মৰম লগায় । ৰুণজুন শব্দটো তাইৰ এতিয়া বৰ অপছন্দ । অলকেশে মৰমতে “জোন” বুলি মাতিছিল তাইক । “ৰুণজুন ৰুণজুন তই মোৰ মৰমৰ জোন…তোৰ বাদে মোৰ আছে কোন…মোক তই পগলা কৰি পেলালিচোন” খিলখিলাই হাঁহি উঠে তাই । “বৌ”- পৱনৰ মাতত চক্ খাই উঠে তাই । “আয়ে মাতিছে, ভাত খাবলৈ হ’ল” পৱনেও অলপ আচৰিত চাৱনিৰে ৰুণজুনলৈ চাই থাকিল । তাই “ব’লা” বুলি কৈ তাৰ পিছে পিছে পাকঘৰলৈ বাট বুলিলে । তাই অকলে হাঁহি থকা দেখা পাই পৱনে বা কি ভাবিলে!
ৰুণজুন দেখিবলৈ ধুনীয়া । তাতেই আকৌ লাহী দেহত মেৰ খাই থকা কুহুমৰঙীয়া চাদৰ মেখেলাযোৰে তাইক আৰু তুলি ধৰিছে । শিৰত সেন্দুৰ, ৰঙা উজ্জ্বল ফোঁট এটিৰে সাইলাখ হিন্দী চিৰিয়েলৰ পাৰ্বতীজনী । শাহুৱেকে ধুনীয়া বোৱাৰীয়েক এজনী অনাৰ নামতে এইকেইদিন বুকু ফুলাই ফুৰিছে । নতুন বোৱাৰীক সকলোৰে ঘৰে ঘৰে নি দেখুৱাই ফুৰিছে । বিয়া যোৱা চল্লিশ দিন মান হ’ল । মাহেকীয়া হোৱাৰ দিনা শাহুৱেকে ক’লে- “অহাবাৰ যাতে নহয় আৰু দেই” । তাই ভয় খালে । গিৰিয়েকৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়াই নাই তাই । আজি কি গা বেয়া, কাইলৈ কি ঘৰলৈ মনত পৰিছে, মন বেয়া, কোনোবাদিনা গিৰিয়েক কোঠাত নোসোমাওঁতে শুই যোৱাৰ ভাও ধৰাকে আদি কৰি বিভিন্ন অজুহাত দেখুৱাই চল্লিশটা দিন পাৰ কৰিলে । আৰু কিমানদিন এনেকৈ বাহানা বনাব! বিয়াৰ দুদিন পিছতে মাহেকীয়া হোৱাই সেইকেইটা দিন যেনতেন পাৰ কৰিছিল । তাৰ পিছত তাই বিভিন্ন অজুহাতেৰে ৰাতিবোৰ পাৰ কৰি আছে । তাৰে মাজতে দুই এদিন মহিম কাষ নচপা নহয় । তাৰ ওঁঠে তাইৰ কঁপালৰ পৰা আৰম্ভ কৰি বুকু পাওঁতেই তাই কঁপি কঁপি বাগৰ সলাই শুই যায় । গিৰিয়েকে পিছফালৰ পৰা সাৱটি ধৰে । তাই কয় – “মই উশাহত কষ্ট পাইছোঁ, সৰুৰে পৰাই এইটো অসুখ আছে মোৰ।” “অহ্ তোমাৰ ঘৰৰ মানুহে এবাৰলৈও নক’লে ।” তাই মনে মনে থাকে । অলকেশৰ কথা ক’বলৈ সাহস নকৰে । মণিয়ে মাজতে দেখা কৰিবলৈ আহি সকলো গম পাই তাইক গালি পাৰে- “কিমানদিন এনেকৈ থাকিবি, সম্পৰ্কটো গঢ়িবই লাগিব । এয়াই প্ৰকৃতিৰ নিয়ম । তোৰ পৰা নাপালে বেলেগ এজনী চপাই ল’ব, তেতিয়া কি কৰিবি?” কি কৰিব তাই, প্ৰকৃতিৰ নিয়ম অলকেশৰ লগতহে পালন কৰাৰ কথা আছিল । তাই নোৱাৰে অলকেশৰ বাদে এই শৰীৰৰ অধিকাৰ আনক দিবলে! তাই নোৱাৰে ! মহিমৰ ওঁঠে তাইক স্পৰ্শ কৰিলে চম্পাৱতী সাধুৰ অজগৰডালে তাইক গিলিবলৈ আৰম্ভ কৰা যেন অনুভৱ হয় তাইৰ ।
এবাৰ নদীৰ পাৰৰ সেই শিলচটাত বহি থাকোঁতেই কথাৰ মাজতে অলকেশৰ ওঁঠে তাইৰ হাত চুমিছিল । তাই কঁপিছিল । গোটেই শৰীৰত শিহৰণ জাগিছিল । চকু দুটা মুদি অলপ সময় তাই দীঘলকৈ উশাহ টানিছিল । স্বৰ্গীয় অনুভূতি আছিল সেয়া । অস্ত যাবলৈ ওলোৱা সূৰুযে সিহঁতৰ সেই স্বৰ্গীয় মুহূৰ্তৰ সাক্ষী হৈ লাজতে ৰঙা-চিঙা পৰি পাহাৰৰ বুকুত সোমাই পৰিছিল । অলকেশে তাইক সাৱটি ধৰা সময়খিনিত ঘৰমুখী চৰাইবোৰে সিহঁতক চাই কিৰিলিয়াইছিল । তাই চকু মুদি আছিল বহুসময় । বুকুৰ ঢপ্ঢপনি বাঢ়িছিল । ৰুণজুনৰ কোলাত মূৰ থৈ সি “ৰুণজুন ৰুণজুন তুমি মোৰ…..” এইবাৰ ডাঙৰকৈয়ে হাঁহি দিলে তাই । কোঠাটোতে চকীত বহি নিজৰ মেজখনত অফিচৰ কাম উলিয়াই লৈ কাগজত চকু ফুৰাই থকা মহিমে তাইলৈ আচম্বিত হৈ চালে । তাই খিৰিকীৰে বাহিৰলৈ চাই একাত্ম হৈ আছিল । সূৰ্যটো কুহুমৰঙৰ হৈ পাহাৰৰ বুকুত সোমাই পৰিবলৈ ধৰিছে । মহিমে সুধিলে “কি ভাবি হাঁহি আছা জোন?”
“তোমাৰ কথাই ভাবিছোঁ অলকেশ ।”
চকীৰ পৰা ধহ্মহ্কৈ উঠাৰ শব্দত তাই ঘূৰি চালে । মহিমে তাইলৈ চাই আছে আৰু তাই মহিমলে । পুৰুষ এজনৰ পুৰুষালি ক’ত যদি নিজৰ পত্নীকে লেকাম লগাব নোৱাৰে । পত্নীয়ে নিজৰ মতাজনৰ বাদে আন কাৰোবাক ভাল পাব, আন কোনো পুৰুষৰ নাম প্ৰেমেৰে উচ্চাৰণ কৰিব সেয়া এজন স্বামীৰ বাবে লাজৰ কথা । স্বামী সত্তাত দাগ লগা কথা । মহিম সেই একেই পুৰুষ । দুদিনৰ ভিতৰত কথাৰ গুৰি উলিয়াই ৰুণজুনক বিদায় দিলে । ৰুণজুন পদূলিমুখ পাওঁতে পিছফালৰ পৰা অহা “বৌ” মাতষাৰত তাই ঘূৰি চালে —“পৱন”!
“এই কালসন্ধিয়া আপুনি এতিয়া ক’লৈ যাব বৌ?”
পৱনৰ চিন্তাক্লিষ্ট মাতষাৰত তাইৰ মৰম লাগি গ’ল । “নাজানো! মই এতিয়া মুক্ত । কিন্তু মুক্তি পোৱা নাই, মুক্তি বিচাৰি যাওঁ ।” মিচিকিয়াই তাই আগবাঢ়িল ।
মাজে মাজে নদীৰ পাৰৰ শিলচটাত বহি থকা কোনোবাই কোনোবাই তাইক দেখিছে । কেতিয়াবা আহঁতজোপাৰ লগত কথা পাতি থকাও তাইক কোনোবাই দেখিছে । যিডাল আহঁতৰ চাৰিওফালে অলকেশৰ লগত তাই সাতপাক ঘূৰি সিহঁতৰ প্ৰেমৰ প্ৰতিজ্ঞাবোৰ লৈছিল । সি যে কৈছিল “মই তোতকৈ আগতে মৰিম, তই মোক আগতে এৰি যাব নোৱাৰ । মই সহিব নোৱাৰিম । মই আগতে যাম । আৰু ভূত হৈ আহি এই গছজোপাতে বহি থাকিম । তই ইয়াতে আহিবি মোৰ লগত কথা পাতিবলৈ ।” সি ডাঙৰকৈ হাঁহিছিল আৰু তাই চল্চলীয়া চকুৰে তাৰ মুখত চেপা মাৰি ধৰিছিল ।
যোৱা দুদিনৰপৰা তাই সেই আহঁতজোপাকে সাৱটি ধৰি আছে ।