দান
লেখক- মানসী গোঁহাই
প্ৰলয় থামিলে মানুহে ভঙা বেৰাবোৰ থিয় কৰোৱায়, মূধচ পুনৰ বান্ধে। মহাপ্ৰলয় থামিলে কি কৰে? বাৰে বাৰে প্ৰলয়ে চুই গ’লেও মানুহবোৰে ঠিকনা খামুচি ৰৈ থাকে নে, পুনৰ আহিবলগীয়া প্ৰলয়ৰ মুখামুখি হ’বলৈ দুগুণ সাহ বান্ধি সাজু হয় নে?
লোকৰ বাইক-বচনত ডিঙিয়েদি নসৰকা ভাতক ঘোটাই ঘোটাই পানীৰ লগত গিলিও অতদিনে লোকলৈ বুলি গালি এষাৰ নুলিওৱাৰ কিবা গুণ তৰিলে হ’ব পায়। সাংবাদিক ছোৱালীজনীয়ে আগভাগ লৈছিল। পিছত পুলিচে শুনিবলৈ বাধ্য হোৱাদি হ’ল। বাকীবোৰ দিহা-পৰামৰ্শৰ নিচিনা সাংবাদিক ছোৱালী আইমণিয়েই এইটো খবৰো দিলে, টপুৰ গাত দোষ নাই প্ৰমাণ হ’ল। তাক ঘৰলৈ আনিব পাৰিব। কাগজ-পত্ৰ কামৰ লেঠা ছিঙি মাহৰ মূৰত টপুক মুক্ত কৰিলে।
সি খোজবোৰ মাকৰ সৈতে মিলাব নোৱাৰে। সোঁহাতৰ ঠাৰিত ধৰি মাকে চোচৰাই অনাদি আনিলে। সি তলমূৰকৈ আঁঠু দাঙি খোজবোৰ দিয়ে। জে’লত কোনোবাই তাৰ চুলিখিনি খুৰাই পেলালে। ঘৰত বহি বহি খাই এলেহুৱা হোৱা, জে’লৰ হাৱা-পানীত হাড় ওলোৱাটো হৈ পৰিল। সেউতীয়ে ইচ্ছা কৰিয়েই বেটাৰী ৰিক্সাত নুঠি খোজেৰে আহিল।
মূল বেমাৰৰ উপশমৰ পাছত পাৰ্শ্বক্ৰিয়াবোৰে গা কৰি উঠাৰ দৰে এতিয়া সেউতীৰ খংটো পুতেক টপুলৈ গতি কৰিছে।
এনে ল’ৰা? মূৰটো, মনটো বয়সৰ লগত পূৰঠ হোৱাহেঁতেন দুবছৰমানৰ পাছত বিয়া পাতিব পাৰিলেহেঁতেন?
মগজুটোহে সৰু, হাত ভৰি গোটেইবোৰতো ভালেই আছে। ধোদ খাৱন দি বঢ়োৱা গা। ওলাই আহিব নোৱাৰিলে? চোৰৰ নিচিনা আন্ধাৰ কোঠাটোত সোমাই কি ফালিছিলে সি? অসুৰৰ লীলা চালে!
গধূলিলৈ খংটো জামৰিল। ভাতসাঁজ আতোলতোলকৈ ৰান্ধিলে। মাক পুতেকে বহুতদিনৰ মূৰত সঁচাকৈ ভাতকেইটা খালে। চৰুৰ তলৰকেইটা তুঁহগুড়িৰ লগত সানি গাহৰিটোক দিলে। মূৰ জোকাৰি কনকনাই খোৱা চাই সেউতীয়ে হিচাপ এটা কৰিলে।
ল’কডাউনত ধা ধা মানুহখনৰ মূৰত আকাশ খহি পৰাৰ সময়ত মূৰত ভঙা আকাশখনৰ টুকুৰা লৈ টপুৰ বাপেকটোও ঘৰতে বহি আছিল। আগলৈ পাছলৈ বুলিবলৈ এটায়ে অঁকৰা অজলা টপুক লৈ তিনিজনীয়া সংসাৰ। ভাল ল’ৰাটোক নতুন ঘাইপথত গাড়ীয়ে মহতিয়াই মৰা বছৰটো ঘূৰিছিলেহে। ৰাতিপুৱা দৌৰিবলৈ গৈছিল। পুলিচ হোৱাৰ সপোনে সদায় ঢলপুৱাতে জগাইছিল তাক। বাপেকে টাউনৰ লাইন হোটেলত ৰান্ধনি কৰে। খেতিৰ মহঙা দিন। কৰিবলৈ যিমান কষ্ট, তাৰ তিল এটাও নকৰাকৈ চলিব পৰাকৈ চৰকাৰী চাউল আহে। বেয়া দেখি কাৰণে দেখাক দেখি দুহাল বায়েই কঠীয়া ৰোৱে। হাজিৰা হাজিৰাই লগতে বৰভোজ নিদিলে ৰোৱনীয়ে খাতিৰো নকৰে। চাহ শুকান বিস্কুটৰ লগত নিগিলে। চানা, বাদাম, ফুলৰি। চিঙৰা, জেলেপি — চৰৈৱেতি চৰৈৱেতি। কৰ্দৈ, ৰবাবটেঙা, জলফাই, ডেকেৰুৱা হাঁহৰ তেলীয়া জোল দাৱনীৰ দিহা আবদাৰ। পথাৰৰপৰা চিধাই চৰুত নিসিজে। ভাতে পেটলৈ একঠা একডজন বাব বাইহে যায়। নখোৱালৈ নামাতিলেও যতীনৰ পুতেকহঁতে মুখ ফুলায়। মাতি মদে মাংসই সন্তুষ্ট নকৰিলেও মদনহঁতক জগৰ লগোৱা হয়।
মাটিও সেই বছৰটো কোনোমতে পেট ভৰা দুডৰামানহে। তথাপিও টপুৰ বাপেকে বছৰি খেতি কৰিছিল। এতিয়া সেইবোৰ সাধু। সেউতীয়ে টানিবকে নোৱাৰে। আধি লোৱা মাষ্টৰে যি দিয়ে তাতে সন্তুষ্ট।
বাট-পথ, হোটেল, কামবন বন্ধৰ নামত ঘৰত বহি থাকিলে পেটৰ খালবোৰ নভৰে, সংসাৰ নচলে। হোটেলৰ পাকঘৰত গাহৰি মাংস সেকোঁতে চকুৱে ৰঙা-নীলা দেখি গৈছিল। মানুহে আদৰ কৰে। দুহেজাৰ টকাকৈ দুটা বিলাতী পোৱালি পুহিবলৈ আনিছিলেহে। কোনটো চৰিয়াত সিহঁতক দানা দিব সেউতীৰ লগত থোতামোজা লাগি সিদ্ধান্তলৈ আহিবই পৰা নাছিল। ধুতি কোঁচাই বোকা বাট গচকি এদল লোকে পদূলিত তৰ্জন-গৰ্জন কৰিছিলহি। উৱাদিহ নৌপাওঁতে সিহঁত এঘৰীয়া হৈ থাকিল। গাহৰি পুহাৰ ঘৰৰ লগত কোনেও উঠাবহা বাদেই মাতবোল কৰিব নোৱাৰে।
দলপতি হৈ অহা মেধিৰ বেকত ধৰাজন বিনন। জীয়েকে তাতকৈ দহবছৰমানহে সৰু টাউনৰ পৰকিতি লৰা ঠিকাদাৰটোৰ লগত বিয়েৰ আৰু স্মোক পৰ্ক খাবলৈ প্ৰায়ে যোৱা লাইন হোটেলখনত কোন কোন ৰান্ধনি তেখেতসকলে হ’বলা নাজানে।
এইখনক খাতিৰ কৰে নে? নবহোঁ তহঁতৰ লগত, নামাতোঁ তহঁতক। এনেও কোন মিতিৰ? অপুক মাৰি পেলাই থৈ যাওঁতে সিহঁতৰ হৈ মাত এষাৰ মতা মানুহ ওলোৱা নাছিল। ৰাতিপুৱা বতাহ খাবলৈ যোৱাকেইটাই দেখা নাছিল অপুক কি গাড়ীয়ে খুন্দিয়াইছিল? মৰি যোৱা ল’ৰাটোৱে কিবা এটা ন্যায় পাওক বুলিও সজ উপদেশ দিবলৈ তেতিয়া সিহঁতৰ আহৰি নাছিল – মূৰ পোলোকা দিয়াহঁত! অঁকৰা টপুক জোকাই ৰং নাচালে সিহঁতৰ পবিত্ৰ পেটলৈ ভাতেই নাযায়। কথাই প্ৰতি টপুক লৈ সিহঁতৰহে চিন্তা। একেবাৰে আগৰ জনমৰ দায়দোষৰ ওকালতি কৰেহি। — টপুৰ বাপেকটোৱে কেৰেপকে নকৰিলে। কাওবাও কৰি ভৰিত পৰিবহি ভাবি গৰ্জন কৰি থকা সকলোৱে ফেঁচাটো হৈ উভতি গ’ল। কোনে কি কৰে চাই ল’ব ডেমাকত আৰু এহাল গাহৰি পোৱালি আনি আটোমটোকাৰি গঁৰাল এটা বান্ধিলে।
ভালটো গাড়ীৰ চেপাত মৰিল, থকা বোবাটোৰ মূৰেই বেয়া। তথাপি লোভ নুগুচে। গাহৰি পুহি পৰিৱেশ অশুচি কৰিছে। হাতেহাতে পাব ফল। শাওবোৰ, ৰটনাবোৰ টপুৰ বাপেকে নুশুনিলে। নুশুনিলে মেধিৰ বিদেশত থকা নাতিয়েকে দুপৰীয়াসাঁজত খোৱা কাৰ্লি ফ্ৰাইছ আৰু হেমবাৰ্গাৰৰ বিষয়েও। টপুৰ বাপেকৰ ফোনটো ক’লা-বগা নকিয়া ফোন। ল’ৰাটোক মাৰি নে মৰাৰ পাছত কোনোবাই তাৰ স্মাৰ্টফোনটো নিলে আজিলৈকে নাজানিলে। নাজানিলে কোনে তাক খুন্দিয়াই মাৰিলে।
একোৱে টলাব নোৱাৰা টপুৰ বাপেকটোৱে পঁয়ত্ৰিশ কেজি গাহৰিটো বধি মাংস বেচিবৰ সময়তহে আচল বিপদত পৰিলে। খোৱাকেইঘৰৰো কোনেও কিনিবলৈ নাহিলেতো নাহিলেই, চাৰি আলিতো বেচিবলৈ নিদিলে। বিশিষ্ট গুৰি ধৰোঁতাসকলে চাৰিআলিটো পৈতৃক ভেটি ৰখীয়া কৰাদি ৰাতিপুৱাৰ পৰা থিয় হৈ থাকিল। ওচৰ-পাজৰ গাঁৱৰ দুই এঘৰে খবৰ পাই আহি যি কিনিলে সেইখিনি তিনিভাগৰ এভাগো নহয়। টাউনলৈকে লৈ যোৱা ভাল হ’ব বিচাৰ কৰি চাইকেলত ভালদৰে বান্ধি ওলাই আহিছিল। টপুৰ ভায়েক অপুক মৰাখিনিতে কলেজীয়া ল’ৰাই গাড়ীৰে খুন্দিয়াইছিল। মদ খাই গাড়ী চলোৱাটো আৰু উঠি অহা তিনিটা ঠাইতে মৰিল। আধামৰাটো জীৱনলৈ পংগু হ’ল। চৌপাশে বলিলে তিনিটা আঢ্যৱন্ত ঘৰৰ, নামী মহাবিদ্যালয়ত পঢ়ি থকা মেধাৱী ল’ৰা অকালতে হেৰাই যোৱা বেজাৰৰ হা-হুমুনিয়াহ। উঠি অহা তিনি মেধাৱী নৱপ্ৰজন্মৰ মৃত্যুত ৰাজ্য শোকত বুৰ গ’ল।
অন্যহাতে টপু আৰু অপুৰ বাপেকটোতকৈ ঘাই পথত পৰি থকা গাহৰি মাংসৰ চপৰাবোৰে বেছি আৱেগৰ ঢৌ তুলিলে। বাটৰ ভটুৱা দুটামানে টনাটনি কৰি থকা তেল বিৰিঙা মাংস কেইচপৰালৈ চাই দায়িত্বত থকা মানুহে কৰা আক্ষেপ টপু আৰু অপুৰ মাকজনীয়ে নুশুনিলে। বিপৰীতে ব’লা আৱেগৰ দেখ নেদেখ দুই তিনি টোপাল সন্তাপৰ বাণীৰো উমঘাম নাপালে। মানুহটো মাথোঁ মৰিল। বৰ বেছিখিনি মানুহৰ আৱেগ কাঢ়িব নোৱাৰিলে।
মানুহটোৱে বাট পাওক বুলিয়েই ৰাইজৰ আগত আঁঠু ল’লে সেউতীয়ে। ৰাইজেও সৎকাৰ, দহা-কৰ্ম কৰি সেউতীক উদ্ধাৰি দিলে। ৰাইজক সেৱা-শুশ্ৰূষা কৰি লাওলোৱা হোৱা সেউতীয়ে অঁকৰা ল’ৰাটোক লৈ দিনতে তৰা গণিলে। গাহৰিৰ লগত লাগি হোটেললৈ যোৱাত অনিয়মীয়া কৰা মানুহটোৰ টকা-পইচা অলপহে পালে। মাষ্টৰৰপৰা পোৱা ধানকেইটা মাষ্টৰকে বেচি তেল নিমখ আনে। পেটৰ খালটো পূৰাই জীৱন হোৱাহেঁতেন…কিহৰ এই জীৱন বিলাস?
নহয়।
সিপাৰে এঘৰত আধি দিয়া গাহৰি পোৱালি এটা সেউতীয়ে ওভতাই আনিলে। তাই নিজেই পুহিব। বিহুত টাউনৰ বেপাৰীক গোটে বেচি ঘুণে খোৱা মূল দুৱাৰখন সলাব। ৰাহি হ’লে বাকীকেইটা পোৱালিও ঘূৰাই আনিব। টপুলৈ গাখীৰ আধাপোৱাকৈ ল’ব।
ধুতি পিন্ধা লোকসকলৰ আকৌ অহাযোৱা চলিল। তায়ো টপুৰ বাপেকৰ ঘৈণীয়েকহে। গাহৰিৰ দানা সিজালে, গঁৰাল চফা কৰিলে। অজলা টপুকে তেওঁবিলাকে জ্ঞান বিলালে। সি মূৰ জোকাৰি শুনিলে। তেওঁলোক যোৱাৰ পাছত মাকে কোৱাৰ মতে দমকল মাৰি পানী এবাল্টি আনি দিলে। মাকে চোতালৰপৰা বাটলৈকে পৰাকৈ চাটি মাৰি ছটিয়ালে। ধূলিময় বাটটোত পানী আৰু মাটি লদালদে বান্ধিলে।
নোৱাৰাত পৰিহে টপুক দোকানলৈ পঠিয়াইছিল। দুপৰীয়াৰপৰা উমঘাম নোহোৱা উমনিত বহা কুকুৰাজনী সেউতীয়ে বিচাৰি আছিল। সন্ধিয়া ভাগি ৰাতি হোৱালৈকে কুকুৰাজনী নাপালেই, টপুৰো দেখাদেখি নাছিল। বেঙা মেলি মেলি বাটলৈ ওলাই দোকান পালেহি। টপু নাই। নাই যি নায়েই। ইজনক সিজনক সুধি বহুদূৰলৈকে পালেগৈ। ৰাতিয়ে আগত দীঘল দিলে। পথাৰত ঢাপে ঢাপে বিচাৰিলে, জানোচা তাতেই টোপনি গ’ল। অঁকৰা অজলা ল’ৰা, ক’বতো নোৱাৰি। কিন্তু নাপালে। ঘৰলৈ আহি মহৰ কোবত ঘুণে খাই খবলা-খবল কৰা দুৱাৰখন এনেই জপাই মাটিত বহি আছিল। কোনোবা বিচলিত টলকত চকু জাপ খালে। চাইকেলৰ টিলিঙা, মানুহৰ কিৰিলিত সেউতী খপজপকৈ উঠি ওলাই আহে। টোপনিয়ে আপদীয়া ৰাতিটো কাটিলে তেতিয়াহে চেতন আহে। চেতনা পাই বুকুখন হাহাকাৰ লাগে – টপু। বেলিটো ওলাইছেহে যদিও গেলেপা গৰম বতাহ এজাকে তৎক্ষণাৎ মেৰিয়াবলৈ ধৰে।
“অঁকৰাই লীলা কৰিলে!”
“গৰু ধোৱন পাব আজি সি।”
“কৰিবলৈ ক’ত শিকিলে জধলাই, মোক সেইটোহে লাগে।”
“কেতিয়া মতা হ’ল সি?”
সেউতীয়ে টপু টপুকৈ বতাহজাকক খেদি প্ৰেক্ষাগৃহৰ মুকলিডৰাৰ ভিৰটোত সোমাই পৰিছিল। তেতিয়ালৈকে বোকাত লুতুৰ-পুতুৰ টপু অজস্ৰ মাৰৰ কোবত বোকাতে পৰি আছিল। প্ৰেক্ষাগৃহত ছোৱালী এজনীক ধৰ্ষণ কৰিলে। এবাৰ নহয় দুবাৰ নহয়…কেইবাবাৰো। উপস্থিত ৰাইজে কোৱাকে ক’লে। সেউতীয়ে শুনাকে শুনিলে। কুকুৰা ডাকতে জাল চাবলৈ অহা ননীক অৰ্ধনগ্ন ছোৱালীজনীয়ে হাত বাউল দিয়েই ঢলি পৰিলে। তেতিয়াই প্ৰেক্ষাগৃহৰ ভিতৰৰপৰা টপুৱে চুচুক-চামাককৈ ওলাই দৌৰিব লওঁতে ননীয়ে গবা মাৰি ধৰে।
দোকানৰপৰা অহা বাটত প্ৰেক্ষাগৃহৰ ভঙা খিৰিকীখনৰ চুকত চেপা খাই ওলাবলৈ নোৱাৰা বোন্দাটোক উলিয়াবলৈ গৈছিল। খাপ খাই লাগি ধৰা বোন্দাটোক লাহে লাহে মুকলি কৰি থাকোঁতে ক’লা গাড়ীখন আহিছিল। ছোৱালী এজনীক দাংকোলা কৰি অনা এজন আৰু পিছে পিছে অহা এজন প্ৰেক্ষাগৃহৰ মঞ্চৰ কাষৰ দ্বিতীয়খন দুৱাৰে সোমাইছিল। টপুৱে বোন্দাটোক মুকলি কৰি নিজে ছোঁ-ঘৰটোত বন্দী হৈ পৰে। সি একো নেদেখিলে, একো নাজানিলে। মাত্ৰ শুনিলে বন্ধ ছোঁ-ঘৰৰ বাহিৰত হোৱা টনা-আঁজোৰা, মৰামৰি, বেয়া কথা। দুহাতে দুকাণ ঢাকি জোৰত চকু মুদিছিল। যেন জোৰত চকু জপালেই সেই মাতবোৰ নুশুনা হৈ যাব। যেতিয়া সাৰ পালে তেতিয়া মাতবোৰ নাছিল, ভঙা খিৰিকীৰে পোহৰ সোমাই আহিছিল। দুৱাৰখনো খোলা আছিল। মাকলৈ মনত পৰি সি চিধাই লৰ মাৰিছিল।
“সিহঁতক দেখিয়েই কেলে ওলাই নাহিলি টপু?” — থানাত সেউতীয়ে খন্তেক তাক আছুতীয়াকৈ পাই চৰৰ কোবত উখহা তাৰ গালত হাত থৈ সুধিলে। অঁকৰা, অজলা বোবা টপুৱে মাকক বুজালে, তাক দেখিয়েই সিহঁতে ছোঁ-ঘৰৰ দুৱাৰখন বাহিৰৰপৰা বন্ধ কৰি দিছিল। সি কেনেকৈ ওলাই আহে? সি সিহঁতক দেখিছে। সিহঁতে বিহু ফাংচন পাতে, বাপেক মৰোঁতে সিহঁত আহিছিল।
সেউতীয়ে বুজিলে। টপুৰ বাপেক মৰোঁতে চিলাই-কল এটা উলিয়াই দিবলৈ কৈছিল। অপুৱে মেট্ৰিক পাছ কৰোঁতে দুখীয়া ঘৰৰ ল’ৰা বুলি ওচৰৰ কলেজখনৰ ফ্ৰী কোটাৰ আসন এখন দিব বচন দিয়াদি দি পিছত মণ্ডল অফিচৰ বৰকেৰাণী জীয়েকজনীক দিছিল। গাহৰিৰ লগত লাগি থকা হাতদুখনে চিলাই কৰিব নাজানে। বেজীত সূতা ভৰাবলৈও চকু জলক-তবক। পাৰে যদি টকাকেইটাকে দিবলৈ সেউতীয়ে অনুৰোধ কৰিছিল। পুতেকৰ লগৰ পুতেক নহ’লেও ভতিজা, ভাগিন বয়সৰ এজনে সেউতীৰ খোপাটোৰ তলৰ ব্লাউজৰ ওলাই থকাখিনিতহে হাতখন ফুৰাই কথাটো ভাবি চোৱাৰ কথা দিছিল। চকু আছিল ব্লাউজৰ সন্মুখৰ প্ৰদেশত।
খেকাৰ এলেপা উগাৰি সংগঠনৰ অফিচ বাৰাণ্ডাত থুৱাই থৈ আহিছিল সেউতীয়ে।
চিকিৎসালয়ত গা টঙাই ছোৱালীজনীয়ে নিজমুখে ক’লে, টপুক তাই চিনিয়েই নাপায়। সেইদিনা দেখাও নাছিল। প্ৰসন্নৰ লগত স্ব-ইচ্ছাই গৈছিল। কিন্তু টকা-পইচাৰ হিচাপত তৰ্কাতৰ্কি হোৱাত চয়তানে তাইক সংজ্ঞাহীন কৰি লগৰটোকো মাতি অপহৰণ কৰিহে তাইৰ লগত জোৰ-জবৰদস্তি কৰিলে। বোবা বুৰ্বকটোক হেনো তাই ক’ৰ্টত প্ৰথম দেখিছে। তাৰ লগত তাইৰ কোনো লেনদেন নাই। তাইক সি কিডাল কৰিব, তাইহে ওলোটাই বগৰাই তাৰ গা গৰম কৰি দিব। প্ৰসন্নক তাই সুদাই নেৰে, ত্ৰিশ লাখ টকা ক্ষতিপূৰণ নিদিলে তাক ইয়াতকৈও বৰবাদ কৰি দিব। সি কি ভাবিছে, হীৰাৰ আঙঠি এটা, দুটামান ব্ৰেণ্ডেদ বেগ দিলেই তাই সন্তুষ্ট হ’ব? ইমান সস্তীয়া ভাবিছে? স্বায়ত্তশাসন দাবীৰ সলনি কিমান ডাঙৰ চৰকাৰী টোপ অকলেই গিলিলে তাই কি নাজানে?
টপু শোৱাৰ পাছত সেউতীয়ে বাকী থকা কাপোৰকেইটা বান্ধিলে। লাম-লাকটুবোৰ থৈ অতি দৰকাৰী আচবাবকেইটা গাঁৱৰ লোক ভাওনাত উবুৰি খাই পৰোঁতেই পাৰ কৰোঁৱালে। কোনোবাইহে দেখিলে, যিয়ে বাটৰ ধূলি বুলি ডেও দিলে। তাই সিদ্ধান্ত লৈ পেলাইছে। এই গাঁও এৰিব। তাইক নামাৰে ইয়াৰ মানুহসকলে। কিন্তু সদায় মাৰিব, সদায় উচটাব। তাইৰ জীৱনৰ মহাপ্ৰলয়বোৰ এইসকল লোকে গুৰিলৈকে দেখিছে।
টপুৰ বাপেকৰ চাইকেলৰ কেৰিয়াৰত কুকুৰাৰ খাংটো বহোৱালে। আগফালে বেগ দুটা ওলমালে। বহুতদিনৰ মূৰত ঘৰত নিজৰ বিছনাত নিচিন্তে শুই থকা টপুক হেচুকি হেচুকি উঠোৱাই পৰিষ্কাৰ চোলা কাপোৰ এযোৰ পিন্ধিবলৈ দি নিজেও সাজু হ’ল। ঘৰৰ ভিতৰৰপৰা চাইকেলখন টপুক ঠেলিবলৈ লগোৱাই নিজেও সমানে আগবাঢ়িলে। দুৱাৰ, বাৰাণ্ডাৰ জপনা একোৱেই নামাৰিলে। ধোবাং-বাং ঘৰটোৰ পদূলিত ৰৈ জেওৰাত ডাঠ কাগজখন ওলমাই দিলে। আওভাও নুবুজি আচৰিত হৈ মুখলৈ চাই থকা টপুলৈ আৰু এবাৰ মাজ-চোতাললৈ চাই ক’লে,
“নমৰোঁ। জীয়াই থাকিম। সোনকালে ব’ল, গাঁওখন উঠাৰ আগতে।”
তিনিৰাতি তিনিখন ভাওনা চাই টোপনিত লালকাল গাঁওখনৰ মাজেৰে দুটা প্ৰাণী আগবাঢ়িল। পূবে ধলফাট দিছেহে। এৰি যোৱা ঘৰটোৰ মাজ চোতালত এৰালত থকা গাহৰিটোৱে নকনকাই থাকিল। জেওৰাত ওলমাই থৈ যোৱা ডাঠকাগজত চূণেৰে লিখা কথাষাৰ ছাঁ আৰু আন্ধাৰতো টটকৈ জিলিকি থাকিল — এই মৰিশালি তহঁতক দানত দিলোঁ। ওৱক থুই।