দেওলগা পুখুৰী

লেখক- ৰীতাঞ্জলী ৰাজবংশী

 কাকলিয়ে দুপৰীয়া ভাতকেইটা খাই থালখন ধুই তামোলটো কাটি বাকলিখিনি খিড়িকীৰে দলিয়াই দিলে। ঘৰৰ সকলোৱে ভাত খাই বিছনাত বাগৰ দিছে। তাইৰহে আজি অকণমান দেৰি হ’ল। গামোছাৰ ফুল কেইপাহ তুলি একেবাৰে শেষ কৰিহে তাই খাবলৈ গৈছিল। পেহীয়েকে যে দিনতে নাক বজাই শুই আছে। তাই দুপৰীয়া শুব নোৱাৰে। হয় কিতাপ পঢ়ে নহলে কাপোৰত ফুল তোলে। তামোল এখন মুখত ভৰাই তাই কিতাপ এখন লওঁতেই কিতাপৰ ৰেকখনত সজাই থোৱা মাকৰ ফটোখনলৈ চকু গ’ল। পাঁচটা বছৰ কম কষ্ট পাই মাক ঢুকাল নে! কি বেমাৰ হৈছিল ভালকৈ গমেই নাপালে। হঠাৎ গাৰ বিষ আৰম্ভ হৈ মানুহজনী একেবাৰে যি বিছনাত পৰিল পৰিলেই উঠিব আৰু নোৱাৰিলে। তাই তেতিয়া ক্লাছ এইটত। মাক বিছনাত পৰাৰ পৰাই দেউতাকৰ আন এটা ৰূপ তাইৰ চকুত পৰিছিল। সিহঁতৰ ঘৰত কাম কৰিব অহা মিনতি খুড়ীৰ লগত দেউতাক কোঠাত বহুপৰ সোমাই থকা হ’ল। মাকক চোৱাচিতা কৰিবলৈ অনা মিনতি খুড়ী দেউতাকৰ লগতহে বেছি লাগি থকা হ’ল। তাৰ পিছত বিভা খুড়ী আৰু জেউতীও আহিছিল কাম কৰিবলৈ আৰু সেই একেই পুনৰাবৃত্তি। লাহে লাহে তাই বুজি উঠিছিল মিনতি খুড়ীহঁত দেউতাকৰ কোঠাত সোমাই থকাৰ ৰহস্য। খং, দুখ, ঘৃণাত তাই দেউতাকৰ মুখামুখি হ’লেই আঁতৰি গৈছিল। তাই মাকৰ কাষত বেছিকৈ থকা হৈছিল। এনে সময়ত তাই মাকক গল্প পঢ়ি শুনাইছিল। তাইৰ গল্প শুনি শুনি মাক টোপনি গৈছিল। মাকে তাইৰ কাপোৰত তোলা ফুল চাই চকুপানী টুকিছিল। মাকৰ চকুৰ কোণৰ পানী মচি তাই মাথোঁ নিজকেই কৈছিল -দেউতা তোমাক মই ঘৃণা কৰোঁ। 

 

   সৰুৰে পৰা মাক আৰু পেহীয়েকে তাইক সিহঁতৰ বাৰীখনলৈ যাবলৈ দিয়া নাছিল। বাৰীৰ শেষত থকা ভেট ফুলেৰে ভৰা পুখুৰীটো বোলে দেওলগা। দাদাকহঁত কিন্তু ঠিকেই গৈছিল। তাইৰ নিজৰো ভয় নলগা নহয়। প্ৰকাণ্ড বাৰীখনত কি গছ নাই! আম কঠাল, জাম, মধুৰী, ঔ-টেঙা, জলফাই, 

থেকেৰা, নেমু, পনীয়ল, লিচু, বগৰীৰ পৰা শাল, চেগুন, গমাৰী, তামোল, পাণ আদিলৈকে। ককায়েকেতো কৈছেই দিনতে বোলে আন্ধাৰ হৈ থাকে বাৰীখন। ঘৰৰ হালোৱা মঙলুয়ে বতৰৰ ফল বাৰীৰ পৰা পাৰি আনি দিছিল। এদিন পিছে তাই গৈছিল সৰু দাদাকৰ লগত। তাইৰ কম্পাছটো একেবাৰে তাক দিয়াৰ বিনিময়ত সি তাইক লৈ গৈছিল। গছবোৰৰ মাজেদি লুঙলুঙীয়া বাটটোৰে দাদাকৰ হাতত ধৰি পুখুৰী পাৰ পাইছিল গৈ। আশ্চৰ্যত তাইৰ চকু ডাঙৰ হৈ গৈছিল। গোটেই পুখুৰীটো ভেটফুলেৰে ভৰা। পাৰে পাৰে বনৰীয়া ফুল কিছুমানো ফুলি আছে। তাই চিঞৰি উঠিছিল – 

 

 : সৰু দা ইমান ধুনীয়া পুখুৰী। ইয়াত দেও থাকিবই নোৱাৰে। 

 

: চু …নকবি দেওয়ে শুনা পাব। তাইৰ মুখত আঙুলি দি সি কৈ উঠিছিল। 

 

: দেওটোৱে হেনো ছোৱালী মানুহৰহে তেজ শুহি খায়। 

 

: নাজানো মাহঁতে কয়। ব’ল এতিয়া ঘৰলৈ। দেউতাই গম পালে দুয়োটাকে পিটিব। 

 

: মোক আৰু এদিন লৈ আহিবি হা। তোক মোৰ পইচাৰ টেমাটো দি দিম একেবাৰে। 

 

  আকৌ তাই পুখুৰী পাৰলৈ যাব নাপালে। সিহঁত পুখুৰীৰ পাৰলৈ যোৱাৰ দুদিন পিছতেই গাঁৱৰে কেতেকী হেৰাইছিল। দুপৰীয়া পথাৰত বাপেকক ভাত দিবলৈ গৈ তাই আৰু ঘূৰি অহাই নাছিল। কেইদিন পাছত তাইৰ শৱটো পুখুৰীৰ ভেটফুলৰ মাজত ভাহি উঠিছিল। কেতেকীৰ মাকে সিহঁতৰ চোতালতে হিয়ালি জিয়ালিকৈ কান্দিছিল। তাইৰ খুউব দুখ লাগিছিল সেইদিনা। কিয় জানো তাইৰ দেউতাকলৈ সন্দেহ হৈছিল। কেতেকী নোহোৱা হোৱাৰ দিনা দেউতাকক তাই দেখিছিল বাৰীৰ পৰা আহি গা -ধোৱা ঘৰত সোমোৱা। কিন্তু কি কব! দেউতাকতো কেতিয়াবা যায়েই বাৰীলৈ। হঠাৎ খটকৈ উঠা শব্দত তাই বাহিৰলৈ চালে। কোনোবা এজনীক সিহঁতৰ বাৰীলৈ সোমাই যোৱা দেখা পালে। তাই বাহিৰলৈ ওলাই আহিল –

 

 কোন অ’ এইজনী! ভৰ দুপৰীয়াখন এনেকৈ পিটপিটাই ফুৰিছ। 

 

: মইহে কাকলি বাইদেউ। 

 

: আইমণি! তই এই ভৰদুপৰীয়া কি কৰিছ ইয়াত? 

 

: নহয় মানে মই! 

 

: চাওঁ এইফালে আহচোন। তোৰ ভয় নালাগে? এই দুপৰীয়া এই ফালে আহিব। এই সময়ত দেও ভূত ওলায়। 

 

: ইস আমাৰ স্কুলৰ বাইদেৱে কৈছে নহয় কোনো দেও, ভূত নাই। আমাৰ মনৰ ভয়েই বোলে ভূত। 

 

: বাহ তই চোন বৰ কথা জান অ’ই। আঁহচোন তোৰ লগত কথাই পাতো অকণমান। 

 

 কাকলিৰ পিছে পিছে আইমণি আহি বাৰাণ্ডাৰ পকাতে পিন্ধি থকা ফ্ৰকটো দাঙি বহিল। তাই তেনেকৈ বহা দেখিয়েই কাকলিৰ হাঁহি উঠি গ’ল। আগতে সিহঁতেও নতুন পেন ( পেণ্টি) পিন্ধা দিনা কিবাকৈ দেখাব খুজিছিল। 

 

: কি অই তই যে ফ্ৰকটো দাঙি বহিছ। মাৰে নতুন পেন আনি দিছে হবলা। 

 

: অ’ বুলি আইমণিয়ে লাজ লাজকৈ তাইলৈ চালে। 

 

: পিছে তইতো বৰ কথা জান। আজি কিয় স্কুল নগ’লি? 

 

: গৈছিলো। আমাৰ স্কুলত পঢ়া ছোৱালী এজনী মৰিল নহয় পানীত পৰি। সেয়ে প্ৰাৰ্থনা সভাৰ পিছতেই ছুটি দিলে। 

 

: পানীত পৰি মৰিল! তাই সাঁতুৰিব জনা নাছিল নেকি? 

 

: নাজানো বাইদেউ ঘৰৰ পুখুৰীতে পৰি মৰিল বোলে। 

 

: হুমম। বাৰু কচোন তই কোন শ্ৰেণীত পঢ়ি আছ। 

 

: এইবাৰ পঞ্চম শ্ৰেণীত। স্কুল যোৱাতকৈ ঘৰৰ কাম কৰিয়েই মোৰ ভাল লাগে বাইদেউ। ইংৰাজী ইমান টান। জানে নে মই ভাত বনাবও পাৰোঁ। মাই নোৱাৰা হলে ময়েই ভাত বনাও। 

 

: কিয়… স্কুল গলেহে ডাঙৰ মানুহ হ’বি। পঢ়ি শুনি স্কুলৰ বাইদেউ হ’ব পাৰিবি। পিছে তই ডাঙৰ হলি নে নাই? 

 

: নাই কিন্তু সোনকালেই হ’ম বোলে মায়ে কৈছে। মোৰ বিয়াত লুচি ভাজি আৰু বুন্দিয়া- ভূজিয়া খুৱাব বুলি দেতাই কৈ থৈছে। 

 

: বাহ হয় নেকি? কইনা হ’লে তোক বৰ ধুনীয়া লাগিব দেই। আজি ভাত কিহেৰে খালি? 

 

: আজি আমি ঠাণ্ডা ভাত খালো গৰৈ মাছ পুৰি। 

 আমাৰ ঘৰত মাছ থাকেই দেতা আৰু মাই পথাৰৰ পৰা ধৰি আনে। ময়ো পাৰোঁ জাকৈ মাৰিব। 

 

: পিছে মাৰে গম পাই নে তই যে এনেকৈ পিটপিটাই ঘূৰি ফুৰ বাৰীয়ে বাৰীয়ে। 

 

: নাজানে। গম পালে কোবাই ছাল ছিগিব। 

 

: তেন্তে কিয় ফুৰিছ? 

 

: ইমান ধুনীয়া মিঠা আম, মধুৰী, কলাজামু আছে আপোনালোকৰ বাৰীত। কোনেও নিবলৈ নাহে ভয়ত। স্কুলত কৈছে নহয় কোনো দেওঁ ভূত নাই বুলি। মোক বৰদেউতাই দুদিন আম দি কৈছে -যেতিয়াই মন যায় বাৰীত সোমাই বস্তু নিব। 

 

: কি …তই আমাৰ বাৰীৰ আম আনিবও গৈছ। পুখুৰী পাৰলৈ গৈছিলি নেকি জাম আনিব? দেউতাই তোক কেতিয়া আম দিলে? কাকলি চিঞৰি উঠিল অজান আশংকাত। 

 

: পুখুৰী পাৰলৈ যোৱা নাই। জাম আনিব আজিহে বৰদেউতাই মাতিছিল কিন্তু যোৱা আগতে আপুনি মাতিলে। মই যাওঁ বৰদেউতা ৰৈ আছে চাগে জাম লৈ। 

 

  একেকোবে উঠি দৌৰিব ধৰা আইমণিৰ হাতখনত তাই থাপমাৰি ধৰিলে। 

 

: ৰহ আইমণি তালৈ নাযাবি। তই জাননে আমাৰ বাৰীত দেও আছে। বহুদিন আগতে পুখুৰী পাৰত তোৰ বয়সৰ ছোৱালী এজনীক দেওৱে মাৰি পেলাইছিল। আমাৰ মা যে ঢুকাল মাকো পুখুৰী পাৰতে খৰি দিছিল। সেইটো দেওলগা পুখুৰী নাযাবি তালৈ। তোকো মাৰি পেলাৱ। আমি ঘৰৰ মানুহযে দেওটোৱে একো নকৰে। 

 

: সঁচা কাকলি বাইদেউ? 

 

: অ’তো। তই তোৰ মাকো সুধি চাবি আৰু ময়ো লগাই দিম তই এনেকৈ পিটপিটাই ঘূৰি ফুৰ আমাৰ বাৰীত। 

 

: নাই নাই মই আৰু নাহো। মাক নকব। মই কেতিয়াও দেওলগা বাৰীখনলৈ নাহো। বৰদেউতাই মিছা কথা কৈছে। মই বেলেগৰ মানুহ যে। 

আইমণি ঘৰলৈ দৌৰ দিলে। 

 

  কাকলি বহাতেই বহি থাকিল। আজি আইমণি আৰু বা কোন কোন আছে দেওটোৱে মাতা। নাই..এনেদৰে নচলিব। পুখুৰীৰ দেওটোৰ কিবা এটা ব্যৱস্থা কৰিব পৰা হ’লে। ঠিক সেই সময়তে তাই দেখিলে বাপেক বাৰীৰ পৰা ওলাই আহিছে! 



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!