পট্টচিত্ৰ: শিল্পগ্ৰাম ৰঘুৰাজপুৰ
লেখক- মৰমী ওজা ৰয়
(বিশেষ পদ্ধতিৰ চিত্ৰসমূহৰ অংকন প্ৰত্যক্ষ কৰাৰ মানসেৰে, আমাৰ পৰিয়ালটি উৰিষ্যা ৰাজ্যৰ ঐতিহ্যবাহী শিল্পগ্ৰাম ৰঘুৰাজপুৰত উপস্থিত হৈছিলোঁগৈ (২৮-১২-২০২৫)। সেই গাঁওখনৰ সৌন্দৰ্য্য আৰু শিল্পকৰ্মসমূহ চাই আপ্লুত হৈছিলোঁ। ভ্ৰমণ, দৰ্শন, আৰু তাৰে কেইগৰাকীমান শিল্পীৰ লগত হোৱা আলাপৰ সংগতিৰে, এই লেখা যুগুত কৰা হৈছে।)
উৰিষ্যাৰ পুৰী জিলাৰ বিখ্যাত ‘ঐতিহ্যবাহী কাৰুশিল্প গ্ৰাম’ (Heritage Crafts Village) ৰঘুৰাজপুৰ—
শিল্পগ্ৰাম ৰঘুৰাজপুৰৰ বিষয়ে বহুদিনৰপৰাই শুনি আছিলোঁ। ওচৰৰ পৰা চাবলৈ ইচ্ছা আছিল, তেওঁলোকৰ ঐতিহ্যবাহী শিল্পকলাৰ লগতে সেই গাঁওখন। ঐতিহ্যবাহী শিল্প হৈছে কোনো নিৰ্দিষ্ট অঞ্চল, গোষ্ঠী বা জাতিৰ শত শত বছৰৰ পুৰণি সাংস্কৃতিক ঐতিহ্য, বিশ্বাস আৰু কাৰিকৰী কৌশল বহনকাৰী লোককলা। এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰিত হৈ আহে, স্থানীয় উপকৰণেৰে, হাতেৰে বা হস্তনিৰ্মিত সাধাৰণ সামগ্ৰী ব্যৱহাৰ কৰি তৈয়াৰ কৰা শিল্প—যিয়ে তেওঁলোকৰ সামাজিক পৰিচয় প্ৰতিফলিত কৰে।
পুৰীৰ জগন্নাথ মন্দিৰৰপৰা চৈধ্য কিলোমিটাৰ নিলগত, ভাৰ্গৱী নদীৰ তীৰত অৱস্থিত এখন গাঁও, যিখনে এবিধ বিশেষ চিত্ৰশিল্প, ‘পট্টচিত্ৰ’ (Pattachitra)ৰ পৰিচয়েৰে গৌৰৱৰ ধ্বজা বহন কৰিছে; সেই গ্ৰামখনৰে নাম ৰঘুৰাজপুৰ। গাঁওখনৰ প্ৰত্যেক পৰিয়ালৰ সদস্যই শিল্পকলাৰ লগত জড়িত আৰু সুসংগঠিত। পট্টচিত্ৰ তেওঁলোকৰ প্ৰধান শিল্প যদিও, তাত তালপাতত খোদিত, পাথৰ আৰু কাঠেৰে কাম কৰা ‘গোটিপুয়া’ নৃত্যৰ চিত্ৰৰ চৰ্চা হয়। এতিয়া প্ৰশ্ন হৈছে, গোটিপুয়া নৃত্য কি?
গোটিপুয়া নৃত্য হৈছে ভাৰতৰ উৰিষ্যা ৰাজ্যৰ প্ৰাচীন লোকনৃত্য। উৰিয়া ভাষাত ‘গোটি’ মানে একক, ‘পুয়া’ মানে ল’ৰা। এই নৃত্যৰ বিশেষত্ব এই যে, ল’ৰাই (কিশোৰ অৱস্থাপ্ৰাপ্ত) নাৰীবেশে ৰাধা-কৃষ্ণৰ প্ৰেমকাহিনী, জগন্নাথৰ প্ৰতি ভক্তিভাৱেৰে, দলবদ্ধ হৈ পৰিবেশন কৰে।
ওডিচী নৃত্যৰ পূৰ্বসূৰী, ঐতিহ্য বহনকাৰী এই নৃত্যশৈলী, বহু শতাব্দী ধৰি উৰিষ্যাৰ পুৰী জিলাৰ ৰঘুৰাজপুৰসহ বিভিন্ন অঞ্চলত নিয়মিত চৰ্চা হৈ আহিছে।
উল্লেখ কৰা প্ৰয়োজন—সংগীত নাটক অকাডেমী, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ বঁটাৰে সন্মানিত বিখ্যাত ভাৰতীয় ওডিচী নৃত্যশিল্পী, গুৰু কেলুচৰণ মহাপাত্ৰৰ জন্মস্থান হিচাপেও এই স্থানে বিশেষ মৰ্য্যাদা লাভ কৰিছে। এই ধ্ৰুপদী তথা শাস্ত্ৰীয় নৃত্যাচাৰ্যগৰাকীক অসম চৰকাৰেও শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে ১৯৯৭ চনত সন্মানিত কৰিছিল। ৰঘুৰাজপুৰ গ্ৰামৰ প্ৰধান আকৰ্ষণ হৈছে পট্টচিত্ৰ শিল্প। গাঁওখনত প্ৰায় ডেৰশখন ঘৰ আছে আৰু প্ৰতিখন ঘৰেই যেন একোটা কৰ্মশালা, য’ত প্ৰজন্মৰ পাছত প্ৰজন্মই পট্টচিত্ৰ বা কাপোৰৰ ওপৰত সুন্দৰ চিত্ৰ নিৰ্মাণ কৰি আহিছে। ইয়াৰে এজন শিল্পীয়ে ২০০০ চনত তালপাতত খোদিত চিত্ৰ প্ৰদৰ্শন কৰিছিল। তেওঁৰ সেই প্ৰতিভাৰ উৎস বিচাৰি, INTACH (Indian National Trust for Art and Cultural Heritage)এ দুবছৰ কৰা গৱেষণাৰ অন্তত, গাঁওখনক উৰিষ্যাৰ প্ৰথম ঐতিহ্যবাহী গাঁও হিচাপে গঢ়ি তোলাৰ বাবে বাছনি কৰে আৰু সেইমতে ৰূপ দিয়া হয়। ঐতিহ্যবাহী গ্ৰাম হিচাপে বিকশিত কৰাৰ পাছৰে পৰাই এই স্থান উৰিষ্যা ৰাজ্যৰ প্ৰধান গ্ৰামীণ পৰ্যটন কেন্দ্ৰত পৰিণত হয়। ফলত, দেশী-বিদেশী সকলো ধৰণৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ স্থলী হৈ পৰে।
UNESCO-ৰ দ্বাৰা স্বীকৃত, এই হেৰীটেজ গ্ৰামখনৰ ঘৰবিলাকৰ দেৱালসমূহো আকৰ্ষণীয় চিত্ৰৰে অংকিত। পৰ্যটকৰ সুবিধাৰ্থে গাঁৱত এটা ব্যাখ্যা কেন্দ্ৰ আৰু জিৰণি গৃহ নিৰ্মাণ কৰা হৈছে।
এই অঞ্চলৰ চিত্ৰকলাক তিনিটা ভাগত ভগাব পাৰি—(১)পট্টচিত্ৰ: কাপোৰৰ ওপৰত কৰা অংকন, (২) ভিত্তি চিত্ৰ: দেৱালত কৰা অংকন আৰু (৩) পট্টা চিত্ৰ: তাল পাতত খোদিত চিত্ৰ।
পট্টচিত্ৰ: চিত্ৰকৰ্ম—পট্টচিত্ৰ (Pattachitra) শিল্পকলা ভাৰতৰ এবিধ বিশেষ ঐতিহ্য বহনকাৰী শিল্পকলা। এই নামটো সংস্কৃত ভাষাৰ পৰা আহিছে বুলি ধাৰণা কৰিব পাৰি। কাৰণ, সংস্কৃত ভাষাত পট্ট—কাপোৰ, চিত্ৰ—ছবি।
সাধাৰণতে পৌৰাণিক আখ্যান, লোককাহিনীক কেন্দ্ৰ কৰি ছবিসমূহ অংকন কৰা হয়।
বোকা-গোবৰৰ প্ৰলেপ দি বা তেঁতেলীৰ গুটিৰ আঠা, চকৰ গুৰি মিহলাই কাপোৰৰ ওপৰত প্ৰলেপ দি লয়। ঘৰুৱাভাবে প্ৰস্তুত কৰা এই প্ৰলেপ শুকুৱাৰ পাছত বিশেষ ধৰণৰ পাথৰেৰে ‘পলিচ’ কৰি তাৰ ওপৰত চিত্ৰসমূহ অংকন কৰে।
চিত্ৰসমূহত সাধাৰণতে বগা, ক’লা, ৰঙা, হালধীয়া আৰু নীলা ৰঙৰ ব্যৱহাৰ দেখা যায়। এই ৰংবোৰ প্ৰাকৃতিকভাৱে তৈয়াৰী। বগা ৰঙৰ বাবে শংখৰ গুৰা, কাজলৰ পৰা ক’লা, সেন্দূৰৰ পৰা ৰঙা, বাকী ৰঙৰ বাবে শিল-ইটাৰ গুৰা, হালধি আৰু শাক-পাচলিৰ ৰস ব্যৱহাৰ কৰে। পট্টচিত্ৰত ব্যৱহাৰ কৰা ব্ৰাছ পশুৰ (বিশেষকৈ ছাগলী পোৱালিৰ) নোমেৰে তৈয়াৰ কৰে।
চিত্ৰত ব্যৱহাৰ কৰিবলৈ লোৱা তালপাতবোৰ নিম আৰু হালধিৰ পানীত ডুবাই শুকুৱাই লয়। ফলত পোকে নধৰে, ছবিসমূহ দীৰ্ঘস্থায়ী হয়।
ৰঘুৰাজপুৰৰ পৰম্পৰাগত এই প্ৰাচীন শিল্পকৰ্মসমূহৰ অংশ মূলতঃ আচাৰ-অনুষ্ঠানত ব্যৱহাৰৰ বাবে আৰু পুৰীৰ লগতে উৰিষ্যাৰ অন্যান্য মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে স্মৃতিগ্ৰন্থ বা স্মৰণিকা হিচাপে সৃষ্টি কৰা হৈছিল। ক্ৰমে প্ৰচাৰ আৰু প্ৰসাৰ হৈ বৰ্তমান উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে।
পট্টচিত্ৰৰ উপৰিও, গাঁওবাসীয়ে বিভিন্ন পাত্ৰত কৰা অংকন শৈলী, তামোল-নাৰিকলৰ বাকলিৰে গঢ়া বিভিন্ন পুতলা আৰু তৈয়াৰ কৰা ৰঙীন মুখাবোৰো আকৰ্ষণীয়।
মূলতঃ এই শিল্পকলা উৰিষ্যা আৰু পশ্চিমবংগত পৰিচিত তথা চৰ্চিত হ’লেও, বাংলাদেশৰ কিছু অঞ্চল, কেৰেলা, ৰাজস্থান আৰু অসমতো বিভিন্ন ৰূপত ইয়াৰ চৰ্চা হৈছে।
(অসমৰ প্ৰধান ঐতিহ্যবাহী শিল্পসমূহ —
তাঁত আৰু ৰেচম শিল্প: চাদৰ, গামোচা, ৰিহা, মেখেলা, বিশ্ববিখ্যাত মুগা, এৰি আৰু পাটৰ বস্ত্ৰ।
বাঁহ-বেতৰ শিল্প: জাপি (ঐতিহ্যবাহী টুপি), ডলা, খৰাহি, পাচি আদি বিভিন্ন বাঁহৰ সঁজুলি।
কাঁহ-পিতল শিল্প: পিতলৰ বাঁহী, কাঁহৰ থাল, বাটি, শৰাই, ভোগজৰা আদি।
মুখা শিল্প: ভাওনা বা সত্ৰীয়া সংস্কৃতিত ব্যৱহৃত মাটি, বাঁহ আৰু কাপোৰেৰে নিৰ্মিত বিভিন্ন চৰিত্ৰৰ মুখা।
মৃৎশিল্প: মাজুলীৰ চামগুৰি সত্ৰ আৰু গৌৰীপুৰৰ পোৰামাটিৰ শিল্প (Terracotta)।
পৰম্পৰাগত গহনা: ডুগডুগি, গামখাৰু, জোনবিৰি, ঢোলবিৰি আদি।
এই শিল্পসমূহৰ উপৰিও, সত্ৰীয়া সংস্কৃতিৰ অংগ হিচাপে পাৰম্পৰিক চিত্ৰকলা (যেনে: হস্তীবিদ্যৰ্ণৱ) আৰু খোল-তাল নিৰ্মাণো অসমৰ গৌৰৱময় শিল্পৰ অন্তৰ্ভুক্ত।)
উৰিয়াসকলে শিল্প আৰু চিত্ৰকলাৰ পৰম্পৰা কঢ়িয়াই লৈ ফুৰে। উৰিয়া চিত্ৰকলাত জগন্নাথ আৰু বৈষ্ণৱ পন্থাক প্ৰতিফলিত কৰা দেখা যায়। পট্টাচিত্ৰ সংস্কৃতিৰ আৰম্ভণিৰে পৰা ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ হিচাপে পৰিগণিত, প্ৰভু জগন্নাথ প্ৰধান উৎস হৈ আহিছে। চিত্ৰসমূহ সাধাৰণতে পৌৰাণিক, ধৰ্মীয় কাহিনী আৰু লোককথাৰ ওপৰত আধাৰিত কাহিনীচিত্ৰ। সৰহ সংখ্যকেই ৰাধা-কৃষ্ণ, শ্ৰী জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ। মন্দিৰৰ কাৰ্যকলাপ, জয়দেৱৰ ‘গীতা গোবিন্দ’, কাম কুজাৰা নৱগুঞ্জৰা, ৰামায়ণ, মহাভাৰতৰ ‘গীতা গোবিন্দ’ৰ ওপৰত আধাৰিত বিষ্ণুৰ দহটা অৱতাৰৰ চিত্ৰও যথেষ্ট। অৱশ্যে কিছুপৰিমাণে হ’লেও জনজীৱনৰ ছবি, ৰজা-ৰাণী, দেৱ-দেৱী, ফুল, গছ, জন্তুৰ ৰঙীন চিত্ৰ দেখিবলৈ পোৱা যায়।
পট্টাচিত্ৰ শৈলী, লোক আৰু ধ্ৰুপদী উভয় উপাদানৰ মিশ্ৰণ। পোছাকশৈলীত মোগলৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। বেছিভাগ চিত্ৰ ৰঙা ৰঙত অংকিত। এই কাহিনী-চিত্ৰসমূহক স্পষ্ট ৰূপত, নিৰ্দিষ্ট কেনভাছত চিত্ৰকৰে যেনেদৰে আৱদ্ধ কৰে, সেয়া সঁচাকৈয়ে আকৰ্ষণীয় আৰু প্ৰশংসনীয়।
তেওঁলোকৰ এই চৰ্চা অব্যাহত থাকিলে বিশ্বত অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব।
দৃষ্টিনন্দন এই চিত্ৰসমূহৰ লগতে ৰঘুৰাজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যও মনোমোহা। ভাৰ্গৱী নদীৰ নিৰ্মল বতাহ, শান্ত পৰিৱেশ, চাৰিওফালে নাৰিকল, তামোল, আম, কঁঠালৰ বাগিচাৰে আগুৰা সেউজ সুন্দৰ স্থান, ক’ব পাৰি—প্ৰকৃতি আৰু কলাৰ সুন্দৰ মিশ্ৰণ।
ৰঘুৰাজপুৰ!
দেখি ভাব হ’ল—
সকলোৱেই দেখোন শিল্পী
দেৱালবোৰো যেন
একোখন কেনভাছ!
সুনিপুণ হাতৰ ৰঙৰ খেলা,
জীৱন্ত হয়
শ্ৰীকৃষ্ণৰ জীৱনগাথা।
চিত্ৰই কাহিনী কয়
পশু-পক্ষী বনৰ
ৰজা-ৰাণী, দেৱ-দেৱী
জনজীৱনৰ!
