‘‘পথাৰত যদিহে উঠিছে ঢল হেৰুৱাই নিদিবি মনৰে বল....”অসমীয়া কাব্যৰ পৰা গীতলৈ বৰ্ষাৰ অনুৰণন
লেখক- ধীৰেন শইকীয়া
বৰ্ষা কেৱল এটা ঋতু নহয়, ই অসমৰ চহা জীৱনৰ এক আশাবাদ। যদিওবা বৰ্ষাকালত মৌচুমীৰ তাণ্ডব নৃত্যত ঘনে ঘনে বিভিন্ন আকাৰৰ বৰষুণ আহে। যদিওবা এই বৰ্ষাতেই দোকালটকা বান আহি কৃষকৰ আশাৰ খেতিপথাৰখন বুৰাই পেলাই, তথাপি বহু কবি তথা গীতিকাৰে এই বৰ্ষাতেই দেখা পাই এফালে ধ্বংস আনফালে এক অনন্য সম্ভাৱনা। বৰষুণৰো নাম দিয়ে বহুতো যেনে – কিনকিনীয়া বৰষুণ, দবা-পিটা বৰষুণ, ছাগলী খেদা বৰষুণ আদি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰা সাম্প্ৰতিক অসমীয়া কবি-গীতিকাৰে বহু সাহিত্য সৃষ্টি কৰিছে বৰ্ষাক লৈ। সেয়া কপিলীপৰীয়া কবি নৱকান্ত বৰুৱাৰ ‘বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী’ৰ পৰা নিৰ্মলপ্ৰভা বৰদলৈৰ ‘বৰ্ষাৰ ঋতু ভাল পাও মই প্ৰতিশ্ৰুতি আছে তাত’— বোলা জনপ্ৰিয় গীতলৈকে বহু উদাহৰণ দিব পাৰি। আনহাতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাটো বৰ্ষাৰ সুন্দৰ বৰ্ণনা আছে। অপ্ৰমাদী কবি মাধৱ কন্দলিৰ ৰামায়ণতো আছে ইয়াৰ বহু কাব্যিক বৰ্ণনা। ভাগৱতৰ দশম স্কন্ধৰ ৭৭৬ নং পদৰ পৰা ৮২১ নং পদলৈ বৰ্ষা ঋতুৰ বৰ্ণনা সাৱলীল ৰূপত পাও। ভাগৱতত পাও জগতৰ অধিপতি ভগৱান শ্ৰীকৃষ্ণৰ জীৱনো আছিল বৰ্ষা সমৃদ্ধ। কবি, লেখক অজয় বৰুৱাৰ এটা লেখাত তেওঁ প্ৰকাশ কৰিছে যেঃ‘‘কৃষ্ণৰ জীৱন ধাৰণ সৰুৰ পৰাই কৃষক, গো-ধন কিম্বা গাঁৱৰ নান্দনিক পৰিৱেশৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। গো-ধন ভাৰতীয় জীৱনৰ পৰম সম্পদ আৰু ইয়াৰ সৈতে উৎপাদন ও ব্যৱসায়ৰ সম্পৰ্ক গুৰুত্বপূৰ্ণ। ভগবান শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰামে ব্যৱহাৰ কৰা নাঙলে আমাক কৃষিৰ কথা, কৃষি কৰ্মৰ কথা সোঁৱৰাই দিয়ে। এনেদৰে তেতিয়াৰ পৰা কৃষি কৰ্ম কৰি অহা নিদৰ্শন বিদ্যমান।… …বৰ্ষাকালত প্ৰৱল বেগেৰে নামি অহা বৰষুণৰ পানীয়ে পৃথিৱী পৰিষ্কাৰ কৰাৰ দৰে জল-স্থলবাসী মনোহৰ হৈ উঠাৰ দৰে হৰি ভক্তিয়ে মানুহৰ মন পৰিশুদ্ধ কৰে। সহজ সৰল গাঁৱলীয়া জন-সমাজক হৰি ভক্তিৰ মাহাত্ম্য বুজাবলৈ বেছি কথাৰ প্ৰয়োজন নাই, মাথোঁ অন্তৰ শুদ্ধ হলে মানসিক দিগন্ত প্ৰসাৰিত হয়, চিন্তাৰ পৰিধি বিশাল হয়। মানুহৰ মনৰ দৃঢ়তা অটুট ৰাখিবলৈ আৱশ্যক হয় এক অৱলম্বন। গুৰুজনাই ভগৱান কৃষ্ণক সেই অৱলম্বন হিচাপে লৈছে। মানসিক দৃঢ়তাৰ ওচৰত সকলো অশুভ শক্তি, সমস্ত বাধা-বিঘিনি পৰাভূত হয়।’’( প্ৰবন্ধঃ বৰ্ষা বৰ্ণন: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত অসমীয়াৰ জনজীৱনঃ’আমাৰ সময়’)
‘‘অসমীয়া কবিতাত বৰ্ষা বৰ্ণন’ প্ৰবন্ধত বিশিষ্ট লেখিকা ড° কৰৱী ডেকা হাজৰিকাই লিখিছে— ‘‘কবিৰ বাবে সবাটোকৈ আমেজভৰা ঋতু হ’ল বৰ্ষা। বৰষুণৰ ৰিমঝিম শব্দ শুনি, ধুমুহাত হালি জালি থকা বিৰিখৰ নাচোন চাই, ক’লা মেঘৰ গাত জিলিকি থকা বগলিৰ ৰেখা চাই অ-কবিৰ প্ৰানতো কবিতাই পোখা মেলিব খোজে… …মেঘৰ ক’লা বুকুত কবিসকলে যুগে যুগে বিচাৰি পায় অন্তহীন ৰহস্য আৰু প্ৰেৰণাৰ উৎস।… …মেঘৰ দুখতো কাতৰ হোৱা কবিৰ মনৰ কথা ফুটি উঠাৰ লগে লগে কিছুমান কবিতাত মেঘৰ মাতত ময়ূৰৰ দৰে নাচি উঠা মনৰ বতৰা আছে। ‘(অসমীয়া কবিতাঃ ড°কৰৱী ডেকা হাজৰিকা)। আনহাতে অতীতৰ ভগৱান কৃষ্ণ আৰু ব্ৰজবাসীৰ কথা আলোচনা কৰিবলৈ আমি যাব লাগিব পূৰাণ সূৰ্য ভাগৱতৰ দশম স্কন্ধলৈ, যত আছে গ্ৰীষ্মত ৰ’দৰ তাপত শুকাই যোৱা ভূমি বাৰিষাৰ বানে দুগুন উৎসাহেৰে সৃষ্টি সম্ভৱা কৰা দেখি ব্ৰজবাসী আনন্দিত হয়। পৰম তাপিত গৃহবাসীসকলে অমিয়া সুখভাণ্ডাৰ হৰি ভকতিক পাই শান্ত হোৱাৰ দৰে বাৰিষাৰ এই বৰষুণেও সমগ্ৰ প্ৰকৃতিক প্ৰতিবছৰেই আপ্লুত কৰে, শান্ত কৰে। মেঘৰ বিজুলী সংবাদ পাই বনৰ চৰাই-চিৰিকতিৰো মন উতলা হয় তেতিয়া। বৰষুণত গোপ বালকসকলে মহানন্দ পাই নাচি নাচি কৃষ্ণ ৰসত মত্ত হয়। তাৰ মাজতে ভগৱান কৃষ্ণৰ মোহন বেণুৰ ধ্বনিত পশু পক্ষীয়েও যেন উলাহতে নাচি বাগি ৰোমাঞ্চিত অনুভৱ কৰে। এনে বৰষুণৰ দিনতে গোপ বালকসকলে ফল মূল দধি দুগ্ধৰ ভাণ্ড লৈ গৰু চৰাবলৈ যাওঁতে হঠাৎ বৰষুণ আহিলে পৰ্বতৰ গুহাত সোমাই কৃষ্ণক মাজত লৈ নাচি বাগি ভোজন কৰিছিল। ইফালে তৃষ্ণাতুৰ গৰু, গাই, দামুৰি আদিয়ে বৰষুণৰ পানী তৃপ্তিৰে পিছিল, তাকে দেখি কৃষ্ণই চিঞৰি চিঞৰি গোপবালকসকলক ৰংগ কৰিবলৈ দি কৈছিল হেনোঃ ‘বৰ্ষাতকৈ উপকাৰী ঋতু একো নাই’ বুলি। ’’ নাচি নাচি বিবিধ গীত বনৰ পৰা ঘৰলৈ ওভতা গোপবালকসকলৰ লগত সিহঁতৰ মাতৃসকলেও আনন্দ কৰি গধূলিলৈ কৃষ্ণবন্দনাৰ গীত মাত গাবলৈ ধৰে। চাওঁতে চাওঁতে ব্ৰজবাসী পৰমানন্দ লভে। তেতিয়াই ব্ৰজবাসীয়ে স্বীকাৰ কৰিলে কৃষ্ণৰ বাবেহে প্ৰকৃতিয়ে আজি মহা অনুপম এই বৰ্ষাৰ সৌন্দৰ্য দেখা পালে। শংকৰদেৱ গুৰুজনাই ভগৱান কৃষ্ণক বৰ্ষাৰ যোগেদিও ভক্তিৰ এক অৱলম্বন হিচাপেই ভাগৱতত প্ৰকাশ কৰিছে। তেওঁ বাৰে বাৰে কৃষ্ণশক্তিৰ ওচৰত সকলো অশুভ শক্তি, সমস্ত বাধা-বিঘিনি পৰাভূত হয় বুলি কৈছে এইদৰে-
‘‘যি জনৰ ভৈল মন কৃষ্ণত প্ৰৱেশ।
তাক যেন লংঘিবে নুৱাৰৈ দুখ ক্লেশ। ।”
একেদৰে অসম ৰত্ন ভূপেন হাজৰিকাৰ গীততো আছে—
‘‘স্নেহে আমাৰ শত শ্ৰাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
যৌৱন বাসনাৰ ৰিক্তোপকুল পূৰ্ণ কৰে উন্মত্ত বানে
নিৰ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি উচ্ছল জীৱনৰ জোৱাৰ আনে অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে নাচে নৱ সৃষ্টিৰ গানে’’
আনহাতে প্ৰেম আৰু ৰ’দালিৰ কবি হীৰেণ ভট্টাচাৰ্যয়ো লিখিছিল—
‘‘আকাশ ভাঙি হুৰহুৰকৈ বৰষুণ আহক
আৰম্ভ হওক শস্যমালাৰ ধান-সোণোৱালী ভ্ৰমণ…’’ (শস্যমালাৰ ভ্ৰমণঃ হীৰেন ভট্টাচাৰ্য)
অন্যহাতেদি কেশৱ মহন্তৰ গীততো(গীতটো গাইছিল প্ৰয়াত খগেন মহন্তই)আছে বৰ্ষাৰ ছৱিঃ ‘‘পথাৰত যদিহে উঠিছে ঢল
হেৰুৱাই নিদিবি মনৰে বল
কোমল ধানৰ কঠীয়া পৰালিনে নাই
বকুল বৰাৰ গোজ ললিনে নাই…’’আদি।
ৰুদ্ৰ বৰুৱাৰ গীততো আছে বৰ্ষাৰ বহু চিত্ৰ। তেওঁ লিখিছে—
‘‘জুপ জুপ বৰষুণ কিনকিনীয়া
মাজে মাজে ঝিলিয়ে গাই গীত ধুনীয়া
বৰ ডেকাই হাতত হালে কোৰ
আহাৰৰ পথাৰখনি সোণ ভৰপুৰ। ’’
আন এটা গীতৰ পংক্তিত আকৌ লিখিছে ৰুদ্ৰ বৰুৱাই
‘‘বৰষাৰ আকাশখনি বেদনা বিধুৰ
নিজে জহি পমি কৰে ধৰণী মধুৰ
আকাশ মাটিৰ এই প্ৰীতিয়ে
বৰষাৰ যত গান ৰচিলে।’’
বাৰিষাৰ কথা কলেই মোৰ তাহানিৰ এটি জনপ্ৰিয় গীতৰ কথা মনত পৰে। গীতটি..
‘‘ক’ৰ এজাক সপোন যেন বৰষুণ
ধূলিৰ ওৰণি ঠেলি ভাহি আহে, ভাহি আহে
কোমল মাটিৰ গান গুণ গুণ গুণ গুণ
এজাক সপোন যেন বৰষুণ..’’
বাৰিষাৰ বাঢ়নি পানীয়ে পথাৰৰ ন কঠীয়া ধান উটুৱাই নিলেও অপৰূপ সৌন্দৰ্যকে দেখিছিল পাৰ্বতিপ্ৰসাদেও, তেওঁৰ “সোণালী বৰষা” কবিতাটিতো আছিল বৰ্ষাৰ সুন্দৰ চিত্ৰন। বৰ্ষা ঋতুতেই ফুলে কৃষ্ণচূড়া, ৰাধাচূড়া, নাহৰ, সোনাৰু আদি অলেখ ফুল। কবিয়েও কয় – বাৰিষাৰ বতৰৰো মহিমা অপাৰ—‘‘এই আহে ঠেঁহ পাতি. ফটকৰে গুচি যায় হাঁহি মাৰি।” মেঘাচ্ছন্ন বতৰেও তিলিকতে ৰ’দ দিব পাৰে। নতুবা আগবেলা ৰ’দ দিয়া বতৰো সন্ধিয়ালৈ কলহৰ কানে ঢলা দি বৰষুণ দিব পাৰে। কবিয়ে সেয়েহে লিখিছে—
‘‘এইকেইদিন তোক বিশ্বাসতে ল’ব নোৱাৰি যাম বুলি নাযাৱ তই খাম বুলিও নাখাৱ যেন নলতলিৰ যখিনী ছোৱালী কেৱল যেন চকুত নাছে তোৰ বিজুলী ৰ’দ দি থাকিও কিনকিনিয়াকৈ পেলাৱ বৰষুণৰ চিটিকনি।”
বৰষুণৰ বতৰত শুকান হাবি বননিলৈ আহে গভীৰ প্ৰশান্তি। নতুন গছ-লতিকাই প্ৰাণ পাই লহ-পহকৈ বাঢ়ি আহে। লঠঙা পাহাৰখনো সেউজীয়াৰে ভৰি পৰে। সেউজীয়া চাদৰ এখনৰ দৰে যেন বিয়পি পৰে চৌদিশে। নদী, হ্ৰদ, পুখুৰী, বান্ধ আদিত ন পানী পাই মাছ-কাছৰো উজান উঠে, সগৰ্ভা হয় মাছ-কাছ, কনী পাৰি বংশ বৃদ্ধি কৰে। আনহাতে বনৰ জন্তুবোৰেও সেউজীয়া ঘাঁহ খাবলৈ দূৰ-দূৰনিলৈ যায়। মুঠতে বৰষুণ বতৰৰ আগমনত পৃথিৱীৰ সকলো জীৱলৈ সুখ আহে। কৃষকসকলো বাৰিষা সময়ৰ সৈতে বহুত সুখী হৈ পথাৰত ব্যস্ত হয়। হয়তো সেইবাবেই নিৰ্মল প্ৰভাৰ বিখ্যাত গীতটি গাইছিল জয়ন্ত হাজৰিকাই— ‘‘বৰ্ষা ঋতু ভাল পাওঁ মই/ প্ৰতিশ্ৰুতি আছে তাত/ সেউজী ৰহণ সিয়ে./সানে মাথোঁ শুকান. গছৰে পাত / ধুমুহাই দিয়ে অজান পুলক/ ভাল পাওঁ তাৰ গতি..
বাৰিষাৰ অৰুন্ধতীক লৈ কবিতা লিখিছিল নৱকান্ত বৰুৱায়ো। তেওঁ লিখিছে–
‘‘বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে
অৰুন্ধতী,
সেমেকা পোহৰে পাহৰাই দিয়া
তোমাৰ খোপাৰ আবেলি-আবেলি গোন্ধ
মনত পৰেনে
অৰন্ধতী?
জোনাকে ডাৱৰে, মৰমে বিষাদে, নুবুজা কবিতা
আমাৰ মাজত ভগা সপোনৰ অতনু বাধা
মনত পৰেনে
অৰুন্ধতী?
মনত পৰেনে অৰুন্ধতী,
দূবৰি বনত মুকুতাৰ মণি
চুলিৰ মেঘত লাহী আঙুলিৰ বহুতো জোন,
(জোৱাৰৰ বাবে সাগৰ নাছিল! )
বৰফৰ দৰে চেঁচা পৰশতো
সি যে কি শান্তি!
অৰুন্ধতী!
অৰুন্ধতী,
বহুতো আকাশ পাৰ হৈ অহা
ধুমুহা পাখীৰ এটি লহমাৰ নীড়
বহুতো সপোন পাৰ হৈ অহা
কেঁচা টোপনিৰ ভীৰৰ মাজত
সেই এটা মাথোঁ জাগৰ ৰাতি–
মনত পৰেনে
অৰুন্ধতী?
বাৰিষাৰ ৰাতি মনত পৰেনে
অৰুন্ধতী?”
———**——