পাচলিৰ চুপ আৰু কলপিঠা
লেখক- মনীষা এছ. বৰা
পাচলিৰ চুপ
উপকৰণ:
১৷বিন-৬ ডাল
২৷গাজৰ-১টা
৩৷বন্ধাকবি-এটুকুৰা
৪৷আদা-এটুকুৰা
৫৷নহৰু-৩ফুটা
৬৷পিঁয়াজ-১ টা
৭৷নিমখ-আন্দাজমতে
৮৷কৰ্ণফ্লৰ-২চামুচ
৯৷জালুক-১চামুচ
১০৷বাটাৰ-১চামুচ
প্ৰণালী: গোটেই পাচলিখিনি সৰু সৰুকৈ কাটি কুকাৰত ভৰাই আন্দাজমতে পানী দি নিমখ দি কেইবাটাও হুইচেল মাৰিবলৈ দিব৷ পাছত কুকাৰটো খুলি উতলিবলৈ দি কৰ্ণফ্লৰ পানীত গুলি মিলাই দিব৷ কৰ্ণফ্লৰ নাথাকিলে নিদিলেও হয়৷ জালুকৰ গুৰি চটিয়াই দিব৷ পৰিবেশনৰ সময়ত অকণমান বাটাৰ দিব৷ যিহেতু এতিয়া ঠাণ্ডাদিন চুপ খালে গাটো গৰম লাগে আৰু পাচলিৰ চুপ স্বাস্থ্যৰ বাবেও উপকাৰী।
কলপিঠা
উপকৰণ:
১৷কল-৩ কাপ
২৷পিঠাগুৰি- ২কাপ
প্ৰণালী: কেতিয়াবা কলবোৰ বেছিকৈ পকি যায়৷ বিশেষকৈ গৰমৰ দিনত৷ কল দুটা ভালকৈ পিটিকি লব৷ তাতে পিঠাগুৰিখিনি দি ভালকৈ সানি ল’ব৷ এতিয়া এখন কলপাতত সানি লোৱা পিঠাগুৰিখিনি দি হাতেৰে হেঁচি দিব৷ ধুনীয়া সাঁচ এটা বহিব পিঠাখিনিত৷ গেছত তাৱা এখন গৰম কৰি তাতে পিঠাগুৰি দিয়া কলপাতখন দি ঢাকি দিব৷ কলপাতখন পোৰা নিচিনা হ’লে লুটিয়াই দিব৷ কম সময়তে কলপিঠা প্ৰস্তুত হৈ যাব৷ এতিয়া চাহৰ লগত পৰিবেশন কৰিব৷
