পেকেজত স্বাস্থ্য

লেখক- দেৱজিৎ শৰ্মা

একমাত্ৰ ১৪ বছৰীয়া ছোৱালীজনী লৈ, মোৰ ওচৰলৈ ছোৱালীজনীৰ পিতৃ আৰু মাতৃ আহিছিল ছোৱালীজনীৰ “হ’ল বডী চেক আপ“কৰি দিব লাগে। 

আচলতে তেওঁলোকে ৩০০ কিলোমিটাৰ দূৰৰ এখন চহৰৰ পৰা ছোৱালীজনীক লৈ আহিছে কেৱল ‘হ’ল বডী চেক আপৰ বাবে’। ছোৱালীজনীৰ সম্বন্ধীয় এজন ডাক্তৰ খুৰাকেহে মোৰ ওচৰত পঠিয়াই দিলে এনে চেক আপ কৰাৰ আগতে এবাৰ ডা° শৰ্মাক দেখুৱাই লওক বুলি। 

মই সুধিলোঁ কিয় এনেধৰণৰ ছেক আপ কৰিব খুজিছে? তেওঁলোকে উত্তৰত ক’লে ছোৱালীজনীৰ বহুত অসুখ হৈ থাকে। সুধিলোঁ কেনেধৰণৰ অসুখ হৈ থাকে। উত্তৰত কিছুমান এনে বয়সৰ সকলো ল’ৰা ছোৱালীৰ হৈ থকা অতি অস্পষ্ট লক্ষণৰ কথাহে মাথোঁ কলে। মই ক’লো চাওক এই ‘হ’ল বডী চেকআপ’ত যিবোৰ টেষ্ট কৰিব যেনে শৰীৰত শৰ্কৰাৰ পৰিমাণ ( blood sugar), যকৃতৰ স্বাস্থ্য ( liver function), বৃক্কৰ স্বাস্থ্য ( kidney function), তেজত হিমগ্ল’বিনৰ পৰিমাণ, থায়ৰ’য়ড গ্লেণ্ডৰ স্বাস্থ্য সকলো আপোনাৰ ছোৱালীৰ স্বাভাৱিকেই হব, কাৰণ তাইৰ এনেধৰণৰ কোনো লক্ষণ নাই, আৰু তাইৰ বয়সো কম। আৰু এই হ’ল বডী চেক আপত সকলো পৰীক্ষাৰ মান স্বাভাৱিক আহিলেইযে তাইৰ এতিয়া কোনো অসুখ নাই আৰু অদুৰ ভৱিষ্যতে একো অসুখ নহব তাৰ কোনো নিশ্চয়তা নাই। তাতকৈ আপুনি যি সৰু সুৰা লক্ষণৰ কথা কৈছে তাৰ লগত মিলাকৈ দুই এটা পৰীক্ষা কৰি লওক নিশ্চিত হ’বৰ বাবে, যদিও ছোৱালীজনীক পৰীক্ষা কৰি মোৰ লাগিছে সেইবোৰো স্বাভাৱিকেই আহিব। তেওঁলোকে মোৰ কথা মতে সেই দুই এটা পৰীক্ষা কৰিলে আৰু ভবামতেই ৰিপোৰ্টবোৰ স্বাভাৱিকেই হল। 

আজিকালি দৈনিক বৰ্দ্ধিত লেবৰেটৰীবোৰে দৈনন্দিন বিজ্ঞাপন দিয়া দেখা যায় ‘হ’ল বডী চেক আপ’ৰ বিভিন্ন পেকেজ, ঠিক আপোনাৰ বিলাস ভ্ৰমণৰ দৰেই নৰ্মেল, ডিলাক্স, এক্সিকিউটিভ আদি। কিন্ত এজন মানুহৰ স্বাস্থ্য জানো কেৱল এটা পেকেজত সীমাৱদ্ধ কৰিব পাৰি? এনেধৰণৰ পেকেজ এটা এটাকৈ সকলো পৰীক্ষা কৰাতকৈ বহু কম খৰচৰ হয়, আৰু গ্ৰাহক সেয়ে তাৰ প্ৰতি আকৰ্ষিত হয়। আচলতে সমূহীয়াকৈ বহু পৰীক্ষা একেলগে কৰিলে লেবৰেটৰী বোৰৰ খৰচ বহু কম হয় আৰু সেয়ে কম খৰচত দিব পাৰে। তদুপৰি আৰু বহু কথা আছে। 

স্বাস্থ্য কেৱল কিছুমান অংগৰ সমূহীয়া সুস্থতা নহয়। স্বাস্থ্য হল মানুহৰ শাৰীৰিক, মানসিক আৰু সামাজিক ভাৰসাম্য। কেৱল ৰোগ নথকাকে সুস্বাস্থ্য নুবুজায়। এটা পূৰ্ব নিৰ্দ্ধাৰিত পেকেজে সকলো মানুহৰ সম্পূৰ্ণ সুস্বাস্থ্য নিশ্চিশত নকৰে। এজন মানুহৰ লিংগ, বয়স, পৰিয়ালৰ মানুহৰ ৰোগৰ বুৰঞ্জী, জীৱন শৈলী অনুসৰি বেলেগ বেলেগ ৰোগৰ সম্ভাৱনা থাকিব পাৰে। সকলোৰে বাবে বান্ধি দিয়া এটা পেকেজে সকলো ৰোগ চিনাক্ত কৰিব নোৱাৰিব পাৰে। উদাহৰণস্বৰূপে চোৱা যাওক এটা সকলোতকৈ দামী এক্সিকিউটিভ পেকেজ। এনে এটা পেকেজত এজন মানুহৰ শৰীৰৰ ৰক্তত বিভিন্ন কোষৰ সংখ্যা ( Hemoglobulin, red cell, white cell, platelet), শৰীৰত শৰ্কৰাৰ পৰিমাণ, থায়ৰড গ্লেণ্ডৰ স্বাস্থ্য, যকৃতৰ স্বাস্থ্য, বৃক্কৰ স্বাস্থ্য, এখন পেটৰ আল্ট্ৰাচাউণ্ড, এখন ইচিজি, এখন বুকুৰ এক্সৰে, শৰীৰত কলেষ্টৰল, ট্ৰায়গ্লিচাইৰয়ডৰ পৰিমাণ, প্ৰস্ৰাৱৰ পৰীক্ষা, হয়তো এটা ইকোকাৰ্ডিয়গ্ৰাফী, আৰু এটা বা দুটামান টেষ্ট থাকিব। কিন্তু এই সকলো টেষ্টে শৰীৰৰ মাত্ৰ বাৰটা মান অংগৰ সাম্প্ৰতিক স্বাস্থ্যৰ কথা কব পাৰিব। গতিকে এই বিশাল শৰীৰৰ সামূহিক সুস্বাস্থ্যৰ নিশ্চয়তা কেনেকৈ দিব? ইচিজি স্বাভাৱিক হোৱাৰ পাছতো মানুহ এজন কেইদিন মানৰ পিছতে হৃদৰোগত আক্ৰান্ত হব পাৰে, শৰীৰৰ কোনো অংগত কৰ্কট ৰোগ ধৰা পৰিব পাৰে। বুকুৰ এক্সৰে স্বাভাৱিক বাবে এজন মানুহে নিচিন্ত মনে ধূম্ৰপান কৰি থাকি তাৰ এমাহ মান পিছতে তেওঁৰ হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰিব পাৰে। যকৃতৰ পৰীক্ষাত সকলো মান স্বাভাৱিক ওলোৱাৰ পিছত এজন মদপী মানুহে মদ্যপ্ৰাণৰ পৰিমাণ বঢ়াই দি কেইমাহ মান পিছতে যকৃতৰ ৰোগত ভুগিব পাৰে। 

অৱশ্যে এনেধৰণৰ হ’ল বডী চেক আপৰ পিছত বহু লক্ষণ নথকা মানুহৰ মধুমেহ ৰোগ, বৃক্কৰ ৰোগ আদি ধৰা পৰে। এনে পৰীক্ষা একেবাৰে নকৰিবলৈ মই কোৱা নাই। কিন্ত এই পৰীক্ষাবোৰ বয়স, লিংগ আদিৰ সমানুপাতিক হব লাগে। আমি ৰোগীৰ চিকিৎসা কৰো, লেবৰেটৰীৰ নহয়। বহুবাৰ লেবৰেটৰীত অস্বাভাৱিক ৰিপোৰ্ট অহাৰ পিছত আমি ৰোগী পৰীক্ষা কৰি, একো নেপালে চিকিৎসা নকৰো বা পুনৰ পৰীক্ষা কৰাওঁ। 

সেয়ে আচলতে স্বাস্থ্য পৰীক্ষা সমূহ আগতীয়া লক্ষণ, জীৱন শৈলী, পৰিয়ালৰ মানুহৰ স্বাস্থ্য বুৰঞ্জী, শৰীৰৰ গঠন, আগৰ কোনো ৰোগ আদিৰ ভিত্তিতহে হোৱা উচিত। কোনো লক্ষণ থাকিলে চিকিৎসকৰ হতুৱা পৰীক্ষা কৰিহে, যদি পৰীক্ষা কৰিব লাগে কি নিৰ্দিষ্ট পৰীক্ষা কৰিব লাগে তাক থিৰাং কৰিব লাগে, পেকেজ পৰীক্ষা নহয়। প্ৰতিষেধক আগতীয়া পৰীক্ষাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। বহু দেশত সেই দেশৰ মানুহৰ ৰোগৰ সম্ভাৱনাৰ ভিত্তিত কিছুমান পৰীক্ষা ৪০ বা ৫০ বছৰৰ পাছত নিয়মিত কৰিবলৈ কোৱা হয়। যেনে আমেৰিকান ডায়েবেটিছ এছোচিয়েছনে ৪৫ বছৰৰ ওপৰৰ সকলোৰে নিয়মিত শৰীৰৰ শৰ্কৰাৰ পৰিমাণ চাবলৈ পৰামৰ্শ দিছে। সেইদৰে সকলো মহিলাই গৰ্ভধাৰণ কৰিব পৰা বয়সত প্ৰতি তিনি বছৰৰ মূৰে মূৰে গৰ্ভমুখৰ কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলাবৰ বাবে পেপ স্মিয়েৰ পৰীক্ষা কৰিব লাগে ( আজিকালি এই কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে ভেকচিন আছে), ৫০ বছৰৰ উৰ্দ্ধৰ সকলো মানুহে বৃহদান্ত্ৰৰ কৰ্কট ৰোগৰ বাবে নিয়মিত স্ক্ৰিনিং আৰু ৪৫ বছৰৰ ওপৰৰ সকলো মহিলাই স্তনৰ কৰ্কটৰোগ আগতীয়াকৈ ধৰা পেলাবৰ বাবে নিয়মিত মেমোগ্ৰাম কৰিব লাগে। এই পৰীক্ষাবোৰ কিন্তু বেছিভাগ হ’ল বডী চেক আপ পেকেজত নেথাকে। 

সকলোতকৈ গুৰুত্বপুৰ্ণ কথা হ’ল এই পৰীক্ষাবোৰে ৰোগ আগতীয়াকৈ ধৰাহে পেলাব পাৰে, প্ৰতিৰোধ কৰিব নোৱাৰে। পৰিমিত সুষম খাদ্য, নিয়মিত শাৰীৰিক কছৰৎ, ভেকচিন, পৰিমিত টোপনি, ধূম্ৰপ্ৰান বৰ্জন, সুৰা বৰ্জন বা সীমিতকৰণ আদিৰ বিকল্প একো নায়। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!