পোলেণ্ডৰ বৰদিনৰ বিস্কুট (ৰান্ধনী আৰু লেখিকা: আলেকজেণ্ড্ৰা মাৰিয়া ক’ঝলাক অনুবাদক: ধনজিৎ কুমাৰ শৰ্ম্মা)
পোলেণ্ডৰ বৰদিনৰ বিস্কুট
_________________

উপকৰণ:
৬০০ গ্ৰাম আটা
৩০০ গ্ৰাম মাখন (বাটাৰ)
৪ টা কণী কুহুম
১০০ গ্ৰাম চেনী
১ চামুছ ভেনিলা চুগাৰ (vanilla sugar)
আইছিং(Icing):
কাষ্টাৰ চুগাৰ ২৫০ গ্ৰাম (caster sugar)
কণী – বগা খিনি (৩ টা)
ফুড কালাৰ (food dyes/colorants)
ফুড ডেক’ৰেশ্বন (food decorations-নাৰিকল চুৰুকাও হ’ব পাৰে)
প্ৰণালী:
মধ্যমীয়া পাত্ৰ এটাত মাখন আৰু চেনীখিনি লৈ কণী কুহুমকেইটা ভালদৰে মিহলাই লওঁক, তাত আটাখিনি যোগ দি ভালদৰে সানি লওক (মিক্সিও ব্যৱহাৰ কৰিব পাৰে)। এতিয়া পেষ্টখিনি ৩ মিঃমিঃ মান ডাঠ হোৱালৈ বেলি লওঁক। তাৰ পিছত চিত্ৰত থকা বা আন বিভিন্ন আকাৰত কাটি লওঁক। এতিয়া গোটেইখিনি সোণালী বৰণীয়া হোৱালৈকে অ’ভেনত প্ৰায় ২০০ ডিগ্ৰীলৈ গৰম হ’বলৈ দিয়ক।
আইছিংখিনি বনাওক: কণীৰ বগাখিনি কাষ্টাৰ চুগাৰৰ সৈতে ডাঠ আৰু বগা হোৱালৈকে ভালদৰে মিহলাওঁক- প্ৰয়োজন হ’লে আৰু অলপ চেনী দিব। আইছিংখিনি ভাল হ’বলৈ কেইটোপালমান নেমুটেঙাৰ ৰসো দিব পাৰে। এতিয়া আইছিংখিনি বেলেগ বেলেগ পাত্ৰত লৈ বেলেগ বেলেগ ফুড কালাৰ দিয়ক।
বিস্কুটখিনি ঠাণ্ডা হোৱাৰ পিছত (বেলেগ বেলেগ ৰঙৰ) আইছিংৰ প্ৰলেপ দি ফুড ডেক’ৰেশ্বনেৰ নানা প্ৰকাৰে সঁজাওক।
আকৌ ঘূৰণীয়াকৈ কটা বিস্কুট এফালত অলপ Jam ঢালি আনটো ফাল লগ লগাই আইছিং আৰু ফুড ডেক’ৰেশ্বন দি সঁজালে অলপ বেলেগ ধৰণৰ বিস্কুট হ’ব।
এয়াই আৰু; হৈ গ’ল- খাবলৈ আমাকো মাতিব পিছে।
