পৰম্পৰাৰ মাজেৰে পৰিপুষ্টি
লেখক- শিৱানী বৰা
ভাৰতবৰ্ষৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনৰ উন্নয়নৰ ক্ষেত্ৰত পুষ্টিহীনতা এক অন্যতম প্ৰধান হেঙাৰ। আমাৰ দেশ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ। কৃষিজীৱি দেশখনৰ গ্লোবেল হাংগাৰ ইণ্ডেস্কত স্থান ১২৭খন দেশৰ ভিতৰত ১০৫ তম স্থানত আছে। ভাৰতৰ শিশু, মহিলাসকলে পুষ্টিহীনতাৰ চিকাৰ হৈ আহিছে। শেহতীয়া তথ্য অনুসৰি ১৫-৪৯ বছৰ বয়সৰ ১৮.৭% মহিলা পুষ্টিহীনতাত ভুগি আছে। ৩২% শিশুৰ বয়স অনুসৰি ওজন কম, ৩৫.৫% শিশু বয়স অনুসৰি ওখ হ’ব পৰা নাই। আনহাতে ১৯.৩% শিশু নিশকতীয়া হৈ আছে। এখন সমাজ শক্তিশালী হ’বলৈ হ’লে স্বাস্থ্যবান হ’বই লাগিব। সামাজিক পৰম্পৰাসমূহে বহুক্ষেত্ৰত স্বাস্থ্য গঠনত অৰিহণা যোগায় আহিছে।
সমাজ এখন সামাজিক পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰ মাজেৰে বৰ্তি থাকে। বৰ্তমান আধুনিক সমাজ ব্যৱস্থাত কিছু সংখ্যক পৰম্পৰাৰ ওপৰত প্ৰশ্ন উত্থাপিত হ’লেও সকলো পৰম্পৰা ওফৰাই পেলোৱা বিধৰ নহয়। এই পৰম্পৰাসমূহে আমি নজনাকৈয়েই আমাৰ উপকাৰ সাধন কৰি আহিছে।
এখন সুস্থ সমাজ গঠনৰ বাবে সমাজখনৰ প্ৰতিজন ব্যক্তি সুস্বাস্থ্যৰ অধিকাৰী হ’ব লাগিব। তাৰ বাবে প্ৰতিজন শিশুৱে সুস্থভাৱে জন্ম লাভ কৰিব লাগিব। আকৌ সুস্বাস্থ্যৰ অধিকাৰী মাতৃয়েহে এটি সুস্থ শিশুৰ জন্ম দিব পাৰে। গতিকে এগৰাকী নাৰী সুস্থ সবল হ’বই লাগিব। চিকিৎসা বিজ্ঞানৰ মতে, এটি কন্যা সন্তানে মাকৰ গৰ্ভত থাকোঁতেই মাতৃ হোৱাৰ ক্ষমতা লাভ কৰে। অৰ্থাৎ মাকৰ গৰ্ভত থকা কন্যা শিশুটিৰ গৰ্ভত ডিম্বানুৰ বিকাশ সাধন হয়। গতিকে ভৱিষ্যতৰ মাতৃ গৰাকীৰ স্বাস্থ্য ভ্ৰুণ হিচাপে গৰ্ভত স্থিতি লাভ কৰাৰে পৰা বিকশিত হয়।
আমাৰ চহা অসমীয়া সমাজত এজনী ছোৱালীৰ বিয়াৰ দিন ধাৰ্য্য হোৱাৰ পিছতেই অৰ্থাৎ তামোল-পাণ পেলোৱা পৰ্বটিৰ পিছতেই হ’বলগীয়া কইনা গৰাকীক আত্মীয় স্বজন, ওচৰ চুবুৰীয়াৰ ঘৰলৈ এসাঁজ ভাতৰ বাবে অৰ্থাৎ “কইনা ভাত’’ৰ বাবে আমন্ত্ৰণ জনায়। কইনা গৰাকীৰ ছোৱালী জীৱনৰ শেষৰ ভাত সাঁজ বুলি তৰহ তৰহৰ আঞ্জাৰে কাঁহীখন সজাই পৰাই আপ্যায়ন কৰা হয়। এই ভাতৰ কাঁহীখনত মৰম আৰু হেঁপাহৰ উপৰি কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, আইৰণ, মিনাৰেল আদিও থাকে যি ছোৱালীজনীৰ শৰীৰত প্ৰয়োজনীয় উপাদানসমূহ যোগান ধৰি মাতৃত্বৰ দিশত আগবঢ়া শৰীৰটো সবল কৰি তোলাত সহায় কৰে।
ঠিক তেনেদৰেই বিবাহৰ পিছতেই এসাঁজ ভাতৰ বাবে দৰা কইনাক দুই পক্ষৰ ফালৰ পৰা নিমন্ত্ৰণ জনোৱা হয়। দৰিদ্ৰ পৰিয়াল এটাত প্ৰতিদিনে সুষম আহাৰৰ যোগাৰ নাথাকে। ইয়াৰ উপৰি ধনবান লোকেও নিতৌ গ্ৰহণ কৰা আহাৰৰ তালিকাখনত পৰিপুষ্টিৰ দিশটো সদায় আওকাণ কৰা দেখা যায়। কিন্তু নতুন আলহীক ভাত খুৱাবলৈ যাওঁতে পূৰ্ণাংগ কাঁহী এখন তৈয়াৰ কৰাত কেতিয়াও হেলা কৰা দেখা নাযায়।
বিবাহ ব্যৱস্থাৰ এটা প্ৰধান উদ্দেশ্য হৈছে সন্তান জন্ম দিয়া আৰু প্ৰতিপালন কৰা। সন্তান এটি গৰ্ভত ধাৰণ কৰা মাতৃ গৰাকীও সুস্থ আৰু সবল হ’ব লাগিব। সাধাৰণতে ছোৱালী ৰক্তহীনতাৰ চিকাৰ হয়। বিবাহৰ পূৰ্বৰ আৰু বিবাহৰ পিছৰ এই পৰম্পৰাগত ভাত সাঁজে গৰ্ভধাৰণ কৰিবলগীয়া নাৰী গৰাকীৰ ৰক্তহীনতা দূৰ কৰাত বা পৰিপুষ্টিৰ ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও অৰিহণা যোগায়। বৰ্তমান স্বাস্থ্য বিভাগে গৰ্ভধাৰণৰ পূৰ্বে এগৰাকী নাৰীয়ে ১৮০টা আইৰণ আৰু ফলিক এচিডৰ টেবলেট গ্ৰহণ কৰিবলৈ উদগণি জনাইছে। “কইনা ভাত”ৰ থালিখনত এনে খাদ্যৰ সমাহাৰে সম্প্ৰীতিৰ লগতে কইনা গৰাকী সুস্বাস্থ্যৰ অধিকাৰী হোৱাত সহায়ক হ’ব।
ইয়াৰ উপৰি গৰ্ভধাৰণৰ পাঁচ মাহত গৰ্ভৱতী মহিলা গৰাকীক পঞ্চামৃত খুওৱাৰ এক নিয়ম আছে। গাখীৰ, দৈ, মৌ, ঘিউ আৰু চেনিৰ দ্বাৰা তৈয়াৰ কৰা পঞ্চামৃতত কাৰ্বহাইড্ৰেট, প্ৰটিন, আইৰণ, ভিটামিন বি, বি 6, চৰ্বি, ভিটামিন C, পটাছিয়াম, ছ’ডিয়াম, কেলছিয়াম, মেগনেছিয়াম আদি গৰ্ভৱতী মহিলা গৰাকীৰ পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলো উপাদান আছে। পঞ্চামৃত নিয়ম পালনৰ জৰিয়তে আওপকীয়াকৈ গৰ্ভৱতী মহিলা গৰাকীক যাৱতীয় পুষ্টিৰ যোগান ধৰা হয়। নামনি অসমত গৰ্ভাৱস্থাৰ শেষৰ ফালে গৰ্ভৱতী মহিলা গৰাকীক আত্মীয়সকলে এসাঁজকৈ খাদ্য খুওৱাৰ এক নিয়ম আছে। কেতিয়াবা দৰিদ্ৰতা, অজ্ঞতা বা সচেতনতাৰ অভাৱত বহু সময়ত এগৰাকী গৰ্ভৱতী মহিলা প্ৰয়োজনীয় পৰিপুষ্টিৰ পৰা বঞ্চিত হয়। যাৰ বাবে গৰ্ভজাত শিশুটি তথা গৰ্ভৱতী মহিলা গৰাকীৰ স্বাস্থ্যৰ ক্ষতি হৈ মৃত্যুৰ মুখত পৰাও দেখা যায়। গৰ্ভাৱস্থাত খাদ্যৰ যোগান ধৰা নিয়মে গৰ্ভৱতী গৰাকীক প্ৰয়োজনীয় পুষ্টি পোৱাত সহায় কৰে।
ঠিক তেনেদৰে শিশুটিৰ ছমাহ পূৰ্ণ হোৱাৰ লগে লগে অন্নপ্ৰাশন খুওৱাৰ নিয়মৰ প্ৰাসংগিকতা আছে। কেৱল মাতৃদুগ্ধই শিশুটিক ছমাহৰ পিছত পৰিপুষ্টি পূৰণ কৰিব নোৱাৰে। তাৰ বাবে পৰিপূৰক আহাৰৰ প্ৰয়োজন হয়।
সমাজৰ পৰম্পৰাসমূহে স্বাস্থ্য তথা পৰিপুষ্টিত উদগণি যোগাই আহিছে। পিছে এই পৰম্পৰাসমূহ কেতিয়াবা ক্ষতিকাৰক হৈ পৰাও দেখা যায়। উদাহৰণস্বৰূপে, অন্নপ্ৰাশন কেতিয়াবা দিন বাৰ মিলাই পালন কৰিলৈ যাওঁতে সময়তকৈ বহু পূৰ্বে বা বহু পলমকৈ শিশুক প্ৰথমবাৰৰ বাবে ভাত মুখত দিয়া হয়। চাৰি মাহৰ শিশুটিক মাকৰ গাখীৰৰ বাহিৰে অন্য আহাৰ খুৱাব নালাগে। ঠিক তেনেদৰেই শিশুটিক যিহেতু ছমাহৰ পৰাই অতিৰিক্ত পুষ্টিৰ প্ৰয়োজন হয়, নীতি-নিয়মৰ নামত অন্নপ্ৰাশন দেৰিকৈ পতা কাৰ্যই শিশুৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। যাৰ বাবে ওজন কমি যোৱা, অনবৰতে কান্দি থকা, জ্বৰ উঠা, পানী লগা আদি সঘনাই হৈ থকা দেখা যায়। কেতিয়াবা জটিল অৱস্থাত উপনীত হৈ শিশু মৃত্যুৰ মুখতো পৰে। ঠিক তেনেদৰে শিশু এটিৰ জন্মৰ লগে লগে মৌ, ঘিউ আদি চেলেকিবলৈ দিয়াৰ দৰে কু-পৰম্পৰাই শিশুটিৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়। মাতৃৰ প্ৰথম ডাঠ হালধীয়া গাখীৰ, কল’ষ্টাম যাক শিশুৰ প্ৰথম প্ৰতিষেধক বুলি কোৱা হয়, লোক বিশ্বাস অনুসৰি বহু ঠাইত শিশুটিক খাবলৈ নিদি পেলাই দিয়া হয়। ই শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰে। লগতে মাতৃৰ স্বাস্থ্যটো প্ৰভাৱ পেলায়। ৰক্তক্ষৰণ আদি অধিক হয়।
সমাজ আৰু সামাজিক পৰম্পৰা এটা আনটোৰ পৰিপূৰক। সামাজিক পৰম্পৰাই সামাজিক মৰ্যাদা, প্ৰস্থিতিৰ লগতে স্বাস্থ্যটো প্ৰভাৱ পেলায়। পুৰুষতান্ত্ৰিক সমাজত মহিলাই পুৰুষৰ সৈতে একেলগে বহি আহাৰ গ্ৰহণ কৰাৰ নিয়ম নাই। সকলোৱে আহাৰ গ্ৰহণ কৰাৰ শেষত খাদ্য গ্ৰহণ কৰাৰ বাবে প্ৰায়েই খাদ্যৰ যাৱতীয় পৰিমাণ তথা গুণাগুণসমূহ লাভ নকৰে। গৰ্ভৱতী মহিলাসকলক ই বিস্তৰ ক্ষতি কৰে। আকৌ নতুন মাতৃ গৰাকীক কেচুঁৱাৰ গা বেয়া হ’ব বুলি মাছ, মাংস, কণী, গাখীৰ আদি খাবলৈ দিয়া নহয়। যাৰ ফলত মাতৃ গৰাকীৰ স্বাস্থ্য দুৰ্বল হৈ ৰক্তহীনতাত ভোগে। ইয়াৰ ফলত পিছৰ শিশুটিৰ জন্মৰ সময়ত বেয়া প্ৰভাৱ পৰে।
সমাজত প্ৰচলিত সুপৰম্পৰাসমূহে আমাক সু স্বাস্থ্যৰ অধিকাৰী হোৱাত সহায় কৰিব। এনে ধনাত্মক পৰম্পৰাসমূহক আঁকোৱালি লৈ পালন কৰি স্বাস্থ্যকৰ সমাজ গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা উচিত। লগতে কু-পৰম্পৰাসমূহৰ বিৰুদ্ধে সজাগতা অনাৰ লগতে মানুহৰ জীৱনৰ পৰা এনে বিশ্বাসসমূহ আঁতৰ কৰিবলৈ এই সন্দৰ্ভত আলোচনা হোৱাৰ প্ৰয়োজনীয়তা আছে।