বনমন্ত্ৰী ডাঙৰীয়ালৈ মুকলি চিঠি (– ধীৰাজ কলিতা)

বনমন্ত্ৰী ডাঙৰীয়ালৈ মুকলি চিঠি

 

ধীৰাজ কলিতা


বনমন্ত্ৰী ডাঙৰীয়া,
এইবোৰ কি চলিছে?
“অন্ধ এজনে হেনো লগৰ এজনক সুধিছিল গাখীৰ কেনেকুৱা? লগৰজনে ক’লে গাখীৰ বগা। অন্ধ বন্ধুজনে বগা কি বস্তু নাজানে,বগা কেনেকুৱা বুলি সোধাত লগৰজনে কলে বগলীৰ দৰে। অন্ধ বন্ধুজনক বুজাবলৈ লগৰ জনে সোঁহাত খন বেকা কৰি বগলীৰ ডিঙিৰ আকৄতিৰ দৰে কৰিলে আৰু অন্ধ বন্ধুজনে হাত খন চুই চাই অনুমান কৰিব পাৰিলে “অ’ আচলতে গাখীৰ(বগলী)এনেকুৱাহে।”
আপুনি ৰাইজক অন্ধ বুলি ধৰি অকলে চকু থকা মানুহজন হৈ আমাক গাখীৰৰ কথা সুধিলে বগলীৰ কথা কৈ ঠগাই আছে। সিদিনাখন এখন সংবাদ মেলত আপুনি ক’লে আপুনি হেনো কৰ্মহীন মন্ত্ৰী বুলি প্ৰমান কৰিবলৈ দুষ্ট চক্ৰ এটাই উঠি পৰি লাগিছে। হেৰো, পৰীক্ষাত ফেইল পৰাৰ পিছত আকৌ ৰিজাল্ট ভাল বুলি ক’লে মানি লম নে? যোৱা ৯ মাহত অসম ঐতিহ্য ১৪ টাকৈ এশিঙিয়া গঁড় হত্যা কৰা হল। বাতৰি কাকতত মৄত্যুৰ সতে যুঁজি থকা গঁড়বোৰৰ ফটোবোৰ আমি দেখি থাকো তাৰ পিছতো আপুনি অকৰ্মন্য বুলি বদনাম জাপি দিবলৈ কু চক্ৰান্তৰ প্ৰয়োজন হয় জানো? আপুনি নিজেই গৈ ৰাইজৰ আগত ক্ষমা খুজি নিজৰ অনৰ্থক কামৰ পৰা অব্যাহতি লব লাগিছিল। মোৰ বোধেৰে বন মন্ত্ৰী এজন হবলৈ অকল এজন ভাল ৰাজনীতিবিদ হলেই নহয় তেওঁ হাড়ে হিমজুৱে এজন প্ৰকৄতিপ্ৰেমী হোৱাটোৱো দৰকাৰ যাতে য্ন্ত্ৰনাত ছট-ফটাই থকা তেজেৰে লুটুৰি পুটুৰি গড় এটা দেখিলে তেওঁ দুখতে ১০ দিন ভাত খাব নোৱাৰে।হা বি জংগল কাটি ঠহিলং হল,দুদিন পিছত মিউজিয়ামত ৰাখিব লাগিব জংগলৰ প্ৰটোটাইপ। ৰকিবুল ডাঙৰীয়া, আপোনালৈ এটা অনুৰোধ, আপুনি নতুনকৈ একো গঢ়িব নালাগে, থকা খিনিকে সযতনে ৰাখক, দেখিব সেউজীয়া চাবলৈ গোটেই বিশ্বৰ মানুহে অসম ভিৰ কৰিছে।সিদিনাখন আপুনি সংবাদ মেলত গড় হত্যা কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ আপুনি এনেকে দিলে ,”ঘটনাটো বৰ দুখ লগা, দুৰ্বৄত্তই বানপানীৰ সুবিধা লৈছে”। গোটেই কাজিৰঙা অভয়াৰন্যখনটো চকীদাৰী কৰিবতো নোৱাৰেয়ে, বানপানীয়ে এতিয়া ডুবাই পেলাইছে কাজিৰঙাৰ অধিকাংশ অঞ্চল তেনেক্ষেত্ৰত অকল ওখ ঠাই খিনিতহে জীৱ-জন্তু খিনি আহি নিজৰ প্ৰাণ বছাইছে। আৰু আশ্ৰয় লোৱা অসহায় গঁড় বোৰক নিৰাপত্তাহীনতাৰ সুযোগ লৈ দুৰ্বৄত্তই হত্যা কৰিছে। মই ক’ব খোজো বানপানীৰ কাৰনে প্ৰহৰা দিব লগা অঞ্চল আগতকৈ বহুগুনে কমি গৈছে, অকল ওখ ঠাইখিনি প্ৰহৰা দিলেই হয় তেনেক্ষেত্ৰত আপুনি “দুৰ্বৄত্তই বানপানীৰ সুবিধা লৈছে” বুলি দিয়া তুলুঙা যুক্তিটো আমি কেনেকে মানিম? তাৰোপৰি চাৰিওফালে বানপানী, গাড়ী-মটৰ নচলে দুৰ্বৄত্ত কোনফালেৰে পলাই যায়? ৰাতি আকৌ আপোনাৰ ডাইনিং টেবুলতে বহি একেলগে ফ্ৰেচ হৰিনাৰ মাংসৰে পাৰ্টী নকৰেতো? ৰাইজৰ মাজত আকৌ বু-বা ওলাইছে “আপোনাক মন্ত্ৰীৰ চাকৰিটো দিয়া জনৰ জীয়েকৰ হেনো বিয়া। বিয়াৰ তাৰিখটো পিছুৱাব নোৱাৰে আৰু আ-অলংকাৰ(মেড ইন আচাম)ৰ দায়িত্বত হেনো আপুনি, গতিকে ৯ মাহত ১৪টা কিয় দৰকাৰ হলে ১মাহতেই ১৪টাৰ প্ৰয়োজন হ’ব পাৰে। অসমত সকলো উভৈনদী বুলি আগতে ফিতাহি মাৰি থৈছিল এতিয়া সময়ত গহনা দিব নোৱাৰিলে আপোনাৰ নাক কান কটা নাযাবনে?”
ডাঙৰীয়া, এইবোৰ কু-চক্ৰান্ত। এইবোৰৰ কথা শুনি নিজকে দুৰ্বল নকৰিব।আজিয়েই আপুনি আপোনাৰ পত্নী-সন্তানৰ কচম খাই লওক -“মোৰ জ্ঞাতে অসমৰ প্ৰকৃতিৰ এক অনাই ধংস হ’বলৈ নিদিও আৰু অজ্ঞাতে কোনো ক্ষতি নহবলৈ মই মনে-প্ৰাণে লাগিম”। কেইদিনমান পিছত দেখিব আপুনি অসমৰ আটাইতকৈ কৰ্মবীৰ মন্ত্ৰী। আপোনালৈ শুভেচ্ছা থাকিল!
ধন্যবাদ,
ধীৰাজ কলিতা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!