বসন্তৰ প্রথমজাক বৰষুণ (বনদীপা গগৈ)

বসন্তৰ প্রথমজাক বৰষুণ আহিল

তিতিবলৈ বৰকৈ মন গৈছিল……

আইয়ে ক’লে নিতিতিবি
পিতায়েৰৰে দুদিনকৈ জ্বৰ
চাউল–পাতৰে যোগাৰ নাই
দৰব আনিম ক’ৰ পৰা মই।

মোক সাৱধান বাণী শুনাই

আই কিন্তু ওলাই গ‘ল পথাৰলৈ…
লৰালৰিকৈ!

পথাৰত হেনো সপোন গজিছে
আই–পিতাই দুয়োৰে…!

সেই সপোন যদি ভাঙি যায় কেনেবাকৈ…!!!

মহাজনৰ ধাৰ….
উৰুখা চালৰ ফুটাবোৰৰ দৰে বাঢ়ি আহিব…..!!

আৰু এইবাৰ 
আমোচোন বৰকৈ ফুলিছে…….!!!!

 

বাৰিষাৰ প্রথমজাক বৰষুণত 
কোনো প্রেমিক কবিয়ে 
হয়তো কবিতা লিখিছে….

“তোমাৰ ছন্দত নামক হাজাৰ কবিতা

ধাৰাসাৰ বৰষুণৰ চেহনাই বাজক ৰাতি,
ন–কইনাৰ দৰে ফুলি উঠক
মেটেকা ফুলবোৰ….. 
তোমাৰ প্রতি টোপালতে 
কবিতানামক….!!”

 

কিন্তু সেই একে সময়তে
উৰুখি যোৱা চালৰ ফুটাবোৰ বন্ধ কৰাত ব্যস্ত হৈ পৰোঁ
আই, পিতাই আৰু মই ……..।

 

Leave a Reply

Your email address will not be published. Required fields are marked *