ব’হাগ ২০১৫ (বিশাল দেৱ ৰায়)

হালধীয়াৰ বিনিময়ত সেউজীয়া

মেঘৰ বিনিময়ত বৰষুণ

ব‘হাগ,

হৃদয়ৰ বিনিময়ত হৃদয়

মৃত্যুৰ বিনিময়ত জীৱন !

সৌ সিদিনালৈ,

কপৌফুলে কুঁহিপাত মেলিলেই

ব‘হাগ আহে,

কুলিয়ে মাতে !

এখন সহজ ছবি, অসহজ ভাৱনাৰ !

মনত ৰং, আপদীয়া খং !

 

এতিয়া বিশ্বায়নৰ বতাহ

ব‘হাগতো খৰাং পথাৰ, তৰাং নদী !

আৰ্তনাদ ! এয়াই ব‘হাগ !

আধুনিকতাৰ ব’হাগ, এতিয়া মৃত !

গুলিৰ শব্দত আহিব পাৰে ব’হাগ !

আসন্ন মৃত্যুই মাতিব পাৰে ব’হাগ !

তেজ আৰু ধোঁৱাই কঢ়িয়াব পাৰে ব’হাগ !

ব’হাগ মানেই বিনিময় প্ৰথা !

তেতিয়া

“মেঘৰ বিনিময়ত বৰষুণ…!”

এতিয়া

“… … … …”

বিনিময়হীন ! মাথোঁ আৰ্তনাদ !

 

One thought on “ব’হাগ ২০১৫ (বিশাল দেৱ ৰায়)”

  • April 20, 2015 at 10:06 am
    Permalink

    সুন্দৰ প্ৰকাশ পঢ়ি ভাল পালো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *