বাশ পূজা

লেখক- ৰীতাঞ্জলি ৰাজবংশী

  বাশ শব্দৰ অৰ্থ হ’ল বাঁহ। গোৱালপাৰা জিলাৰ পশ্চিম অঞ্চলত ‘শ’ আৰু ‘স’ৰ উচ্চাৰণ সংস্কৃত উচ্চাৰণ মতে হয়। সেইবাবে বাঁহ বুলি নকৈ বাশ বুলি কয়। এই পূজাৰ নাম ‘বাশ পূজা’ যদিও বাঁহক কিন্তু পূজা কৰা নহয়। কোনো কোনো অঞ্চলত কালিগোসাঁনীক পূজা কৰে আৰু কোনো কোনো অঞ্চলত মদন কামদেৱক পূজা কৰে। 

  বাশ পূজা নামেৰে শক্তি পূজা হয় ব’হাগ মাহৰ আউসীৰ দিনা। এসময়ত বৰ ধুমধামেৰে বাশ পূজা কৰা হৈছিল। কোচবিহাৰ আৰু জলপাইগুৰিতো বাশ পূজা প্ৰচলন আছে। কথাতে কয় — 

  কোচবিহাৰৰ ৰাস 

  জলপাইগুৰিৰ বাশ। । 

অৰ্থাৎ, কোচবিহাৰৰ ৰাস পূজা আৰু বল্লমপূৰৰ ( জলপাইগুৰি জিলাত) বাশ পূজা অতি বিখ্যাত। 

পূজাৰ দুসপ্তাহমান আগৰে পৰা পূজাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। দুসপ্তাহ আগতে এদিনাখন মালী (খনিকৰ) আহি পূজাৰ থানত মন্দিৰৰ ( স্থায়ী হ’ক বা অস্থায়ীয়ে হ’ক ) ভিতৰত মণ্ডপ সাজে। তাৰ পিছত সেই মণ্ডপত ‘শক্তি পোতা’ নামেৰে এটি অনুষ্ঠান সম্পন্ন কৰা হয়। মণ্ডপত প্ৰতিমা থিয় কৰাই ৰাখিবৰ বাবে মণ্ডপৰ ওপৰত দুখন কাঠৰ তক্তা ৰখা হয়। তক্তা দুখন যাতে লৰচৰ কৰিব নোৱাৰে তাৰ বাবে তক্তাৰ দুয়োকাষে বাঁহৰ খুটি পুতি দিয়া হয়। মালীয়ে মন্ত্ৰ মাতি পূজা কৰি এই কামটো কৰে। এই কামটোক ‘শক্তিপোতা’ বুলি কোৱা হয়। শক্তি পোতাৰ আগৰ ৰাতি মালীয়ে ‘হবিষ’ খাব লাগে। তাৰ পিছত মণ্ডপৰ ওপৰত যি দুখন তক্তা স্থাপন কৰা হয় তাৰ ওপৰত মালীয়ে কালিমূৰ্তি নিৰ্মাণ কৰে। মূৰ্তি বা প্ৰতিমা মাটিৰে নিৰ্মাণ কৰা হয়। 

মূৰ্তি আৰু প্ৰতিমা এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। মালীয়ে মূৰ্তি সাজি ৰং দিয়াৰ পিছত যেতিয়া  মূৰ্তিটোক মন্ত্ৰ মাতি ‘জীউ দান’ অৰ্থাৎ ‘জীৱন দান’ কৰে তেতিয়া ই প্ৰতিমা হৈ যায় আৰু তেতিয়াহে তেখেতক পূজা কৰা হয়। জীউ দান নকৰালৈকে সেয়া মূৰ্তি বা পুতলা; জীউদান কৰা পিছত তেখেত দেৱী বা দেৱতা। 

পূজাৰ কেইদিনমান আগতে (নিদিষ্ট দিন নাই) দেউৰীয়ে গাঁৱৰ গোটেই ৰাইজৰ হৈ চৌধ্য-পোন্ধৰ হাতমান দীঘল আৰু পোন বাঁহ দুডাল কাটে। বাঁহ কটাৰ আগৰ ৰাতি দেউৰীয়ে হবিষ খাব লাগে। বাঁহ কটাৰ আগতে দেউৰীয়ে পূজা কৰি লৈ হে বাঁহ কাটে। পিছত, ৰাইজৰ হৈ দেউৰীয়ে সেই বাঁহ দুডালক কালী গোসাঁনীৰ নামত আগবঢ়ায়। পিছত গাঁৱৰ প্ৰত্যেক পৰিয়ালে একোডালকৈ বাঁহ কাটে। এই বাঁহবোৰ আগৰ বাঁহ দুডালতকৈ চুটি হ’ব লাগিব। সকলোবোৰ বাঁহেই কালি গোসানীৰ নামত আগবঢ়োৱা হয়। 

পূজাৰ দিনাখন এই গোটেইবোৰ বাঁহ কাপোৰেৰে মেৰিওৱা হয়। বাঁহত মেৰিয়াবলৈ প্ৰত্যেক পৰিয়ালৰ তিৰোতাসকলে এবেগেত বহল আৰু বিশ একৈশ হাতমান দীঘল একোডোখৰ কাপোৰ তাতশালত বৈ উলিয়ায়। এই কাপোৰসমূহেৰে বাঁহবোৰ মেৰিওৱা হয়। কাপোৰ মেৰিওৱাৰ পিছত প্ৰত্যেক ডাল বাঁহৰ মূৰত একোটাকৈ চোঁৱৰ বান্ধি দিয়া হয়। 

পূজাৰ দিনা বামুণ পুৰোহিতৰ দ্বাৰা পূজা কৰা হয়। ডেকাবোৰে চোঁৱৰ লগোৱা বাঁহবোৰ থিয়কৈ দুহাতেৰে ধৰি গাঁৱে গাঁৱে মাগি ফুৰে। হাতত তৰোৱাল লৈ আগে আগে এজন ডেকা আৰু পিছে পিছে বাঁহবোৰ নচুৱাই নছুৱাই ডেকাবোৰ যাবলৈ ধৰে। গৃহস্থৰ চোতালত গৈ কালী গোসাঁনীৰ নামত জয়ধ্বনি দি ডেকাবোৰে ঘূৰি ঘূৰি নাচিবলৈ ধৰে। ইয়াত কোনো গীত গোৱা নহয়। নৃত্যৰ তালে তালে ডেকাবোৰে কালী গোসাঁনীৰ নামত উচ্চ স্বৰত জয়ধ্বনি দিয়ে মাথোন। বিশ একৈশ হাতদীঘল বাঁহ দুডাল দুজন শক্তিশালী ডেকাই থিয়কৈ ধৰি নাচে। ইতিমধ্যে তৰোৱাল হাতত লোৱা ডেকাজনে গৃহস্থৰ বাৰীৰ কলৰ থোক হওক বা আন ফলমূল কাটি আনে। গৃহস্থই বাধা নিদিয়ে। বাধা দিলে কালি গোসাঁনীৰ কোপদৃষ্টিত পৰিব লাগে বুলি জনবিশ্বাস। 

এইদৰে গাঁৱত মাগি ফুৰা শেষ হ’লে ডেকাসকল পূজাথলীলৈ ঘূৰি যায়। ইতিমধ্যে পূজাথলীত এজন দেওধা সাজু হৈ থাকে। দেওধা শব্দটো দেওধনী শব্দৰ বিপৰীত লিংগ। উজনি অসমত দেওধা নাই দেওধনী হে আছে। কিন্তু নামনি অসমত দেওধা আৰু দেওধনী দুয়োটাই আছে। 

বাশ পূজা উপলক্ষে যি কালী পূজা কৰা হয় তাত দেওধাহে থাকে। কাৰণ, দেওধাক কালি গোসাঁনীৰ ঘোঁৰা বুলি কোৱা হয়। কালি গোসাঁনীৰ আগত আগলতি কলপাত এখন আসনৰূপে ৰখা হয়। সেই আসনখনত বহি দেওধা গৰাকী ধ্যানস্থ হৈ বহি থাকে। দেউৰীয়ে মন্ত্ৰপূত পানী দেওধাৰ গাত ছটিয়াই থাকে। ঢোল-নাগৰা বজোৱা হয় আৰু ডেকাবোৰে বাঁহবোৰ লৈ নাচিবলৈ ধৰে। নৃত্যৰ তালে তালে সিহঁতে মূহু মূহু জয়ধ্বনি দিবলৈ ধৰে। মুঠতে এনে পৰিৱেশ যেন যুদ্ধযাত্ৰাৰ প্ৰস্তুতি। 

দেওধাগৰাকীয়ে তেতিয়া গা-মূৰ জোকাৰি জোকাৰি এসময়ত থিয় হৈ তাণ্ডৱ নৃত্য কৰা আৰম্ভ কৰে। তেওঁৰ দুয়োখন হাতত দুডাল ঘোঁৰাক কোবোৱা চাবুক থাকে। নৃত্যৰ লগে দুয়োখন হাতেৰে চাবুকেৰে সৰৌপ সৰৌপ কৈ কোবাবলৈ ধৰে। কালি গোসাঁনীয়ে কোবায় হেনো। তেতিয়া ডেকাবোৰে সিহঁতৰ চোঁৱৰ লগোৱা বাঁহবোৰ দেওধাৰ পিঠিৰ ওপৰত ধৰে যাতে বেতৰ কোব পিঠিৰ ওপৰত নালাগে। তথাপি কেতিয়াবা বেতৰ কোব পৰি দেওধাৰ পিঠি ফাটি তেজ ওলায়। তেজ ওলালেও দেওধাৰ ভ্ৰূক্ষেপ নাই। দেওধাই হেনো সেই সময়ত গমেই নাপায় যে তেওঁৰ পিঠি ফালি তেজ ওলাইছে। 

এই অৱস্থাত দেওধাই ভৱিষ্যৎ বাণী ক’বলৈ আৰম্ভ কৰে। ভৱিষ্যৎ বাণীবোৰ সেই স্থানৰ বা সামগ্ৰিক ৰাজ্যৰ ভৱিষ্যৎ সম্পৰ্কীয় কথা। পিঠিত কোবাবলৈ এৰি দেওধাই কবলৈ আৰম্ভ কৰে – 

“এই, ভাল নহবৰে 

   ভাল নহব।” 

ৰাইজৰ পৰা প্ৰশ্ন হয় – 

  “কি ভাল নহব প্ৰভু?” 

উত্তৰ – “এইবাৰ বানপানী হৈ শস্য নষ্ট হব।” 

এই ধৰণৰ প্ৰশ্ন উত্তৰ কিছু সময় চলাৰ পিছত দেওধা গৰাকী আকৌ আসনত বহি ধ্যানস্থ হয়। কেতিয়াবা দেওধা গৰাকী পূজাথলীৰ পৰা লৰমাৰি কিছুদূৰ গৈ অচেতন হৈ পৰি যায়। তেতিয়া তেওঁক ধৰাধৰি কৰি আনি কালী গোসাঁনীৰ সম্মুখত ৰখা মন্ত্ৰপূত পানী ছটিয়াই ছটিয়াই স্বাভাৱিক অৱস্থালৈ অনা হয়। তেনেকৈ দৌৰি নগৈ আসনত ধ্যানস্থ হৈ বহিলেও মন্ত্ৰপূত পানী ছটিয়াই দেওধাক তেওঁৰ স্বভাৱিক অৱস্থালৈ আনিব লাগে। 

 

বাশ পূজা নে কালী পূজা:

বাশ পূজা হয় বহাগ মাহৰ অমাৱস্যা তিথিত। পূজা কৰা হয় কালী গোসাঁনীৰ। তেন্তে পূজাটোক কালী পূজা বুলি নকৈ বাশ পূজা বুলি কোৱা হয় কিয়? কালী পূজা হয় লক্ষ্মী পূৰ্ণিমাৰ পিছৰ অমৱস্যা তিথিত। অৱশ্যে কালী গোসাঁনী আছে দহ প্ৰকাৰৰ আৰু ইয়াক বিভিন্ন মাহত পূজা কৰা হয়। কিন্তু বহাগ মাহৰ অমৱস্যা তিথিত কোনো কালিৰে পূজা নহয়। 

এতেকে আমি ধৰি ল’ব পাৰোঁ যে, বাশ পূজা আচলতে বাঁহ পূজাই। অসমৰ জনজীৱনত বাঁহৰ প্ৰাধন্য অতি গুৰুত্বপূৰ্ণ। আগৰ দিনত এটা ঘৰ সাজোতে ঘৰৰ খুটি, চালৰ ৰুৱা, কামি আৰু ৰুৱাৰ লগত বান্ধিবলৈ যি তমাল ব্যৱহাৰ কৰা হৈছিল এই আটাইবোৰ বস্তুৱেই হৈছিল বাঁহৰ পৰা। তাৰ পিছত দৈনন্দিন প্ৰয়োজনীয় দোন, কুলা, পাচি, চালনি, চেৰেকী আদি তৈয়াৰ কৰা হয় বাঁহৰ পৰা। মাছ মৰা যতন যেনে— চেপা, জাকৈ, খালৈ আদিও বাঁহেৰে তৈয়াৰ কৰা হয়। হাল বাবলৈ এচাৰি ডাল, লগত লৈ ফুৰিবলৈ লাখুটি, আত্মৰক্ষাৰ বাবে লাঠি, জোং, ধেনু-কাড়, আৰু কৃষি কৰ্মৰ লগত জড়িত কিমান যে বস্তু বাঁহেৰে তৈয়াৰ কৰা হয়। 

সেয়ে ধানক যেনেকৈ লখিমী বুলি মানে ঠিক একেদৰে বাঁহক মানিছিল শক্তিৰূপে। আত্মৰক্ষাৰ বাবে যিহেতু সকলো সঁজুলি বাঁহেৰে তৈয়াৰ হৈছিল সেয়ে বাঁহক শক্তিৰ প্ৰতিক বুলি ধৰা হৈছিল। বাশ পূজাৰ প্ৰথম অনুষ্ঠান টোৰ নাম “শক্তি পোতা।” 

  শক্তি পোতা অনুষ্ঠানত বাঁহৰ খুটি পুতে। অতীজতে হয়তো বাঁহৰ খুটিটোক পূজিছিল ‘শক্তি’ ৰূপে। পৰৱৰ্তী কালত ৰাইজে যেতিয়া জানিলে যে, কালী পূজাক শক্তি পূজা বুলি কোৱা হয় তেতিয়া বাশ পূজাত কালি প্ৰতিমা স্থাপন কৰি পূজা কৰা নিয়ম হ’ল। তেতিয়াৰে পৰা পূজাৰ নামটো বাশ পূজা বুলি থাকিলেও আৰু বাঁহৰ ব্যৱহাৰ থাকিলেও বাশ পূজাত বাঁহ হৈ গ’ল গৌণ আৰু মুখ্য হ’ল কালী গোসাঁনী। 

এই প্ৰসঙ্গত এটা কথা কোৱা প্ৰয়োজন যে, সকলো অঞ্চলতে একেধৰণেৰে পূজা নহয়। অঞ্চলভেদে পূজাৰ পদ্ধতি বেলেগ বেলেগ হয়। ধৰ্মেশ্বৰ বৰুৱাই লিখা “গোৱালপৰীয়া সংস্কৃতিত বাশ পূজা আৰু বাশ নৃত্য” শীৰ্ষক প্ৰবন্ধত পূজাৰ পদ্ধতি বেলেগ ধৰণে লিখিছে। প্ৰবন্ধটোত তেওঁ শক্তি পূজাৰ বিষয়েই লিখিছে। 

বাশ পূজা হয় ব’হাগৰ অমাৱস্যা তিথিত। কিন্তু বৰুৱাদেৱে লিখা মতে ব’হাগ মাহতেই পূজা হ’লেও নিদিষ্ট তাৰিখ বা তিথি নাই। গাঁৱৰ ৰাইজে একেলগে বহি পূজাৰ দিন ধাৰ্য কৰে পূজা একেৰাহে তিনিদিন ধৰি চলে। এই তিনিদিন ধৰি গাঁৱৰ মানুহে নিৰামিষ খাব লাগে। এই তিনিদিনীয়া প্ৰক্ৰিয়াৰ আগদিনাখন সন্ধিয়া তামোল-পান আৰু পাৰ চৰাই উছৰ্গা কৰি দেৱতাসকলক পূজালৈ আমন্ত্ৰণ জনোৱা হয়। অনুষ্ঠানৰ এই পৰ্বটোক “জাগোনী” বুলি কোৱা হয় 

জাগোনীৰ পিছদিনা পুৱাৰ ভাগতে বাঁহ কটা পৰ্ব আৰম্ভ হয়। একোজন দেৱতাৰ প্ৰতিক হিচাপে একোডালকৈ বাঁহ কটা হয়। এই দেৱতাসকল হ’ল ভগৱতী(শক্তি), কেচাইখাইতি, কাজলমতী, শীতলা, শ্যামা কালী, বামা কালী, অষ্টকালী, জগন্নাথ, পাগলা ঠাকুৰ, ঠাকুৰাণী আৰু খুদিখাই। 

  প্ৰথম দিনা এপৰ নিশাত বাশ পূজাৰ প্ৰথমটো ‘ধামাল’ তোলা হয়। দেওধাৰ গাত দেৱতা বা দেৱীয়ে ভৰ কৰিলে যেতিয়া সি নৃত্য আৰম্ভ কৰে আৰু মানুহৰ ভূত ভৱিষ্যৎ কয় আৰু আদেশ উপদেশ দিয়ে সেই পৰ্বটোকে ধামাল বুলি কোৱা হয়। 

মন কৰিবলগীয়া কথা যে, যি ডাল বাঁহ যি দেৱতাৰ নামত কটা হৈছে, মূৰত চোঁৱৰ লগোৱা আৰু কাপোৰেৰে মেৰিওৱা সেই বাঁহডালত যেতিয়া ‘ঝক’ (জোকাৰণি) উঠে তেতিয়া দেওধাই সেই দেৱতা বা দেৱীৰ অংগী ভংগী কৰি দেখুৱায়। দেওধা গৰাকী ভাগৰি নপৰালৈকে অনিদিষ্ট সময়লৈ ‘ধামাল’ চলি থাকে। বৰুৱাদেৱে কোৱা মতে ‘দেউৰী’য়েই হ’ল মুখ্য পূজাৰী। হোম-যজ্ঞ আৰু বলি বিধান বামুণ পুৰোহিতে মন্ত্ৰ মাতি কৰে। 

  পূজাত যিসকলে বাঁহ লৈ নাচে তেওঁলোকক বাশুৱা বুলি কোৱা হয়। ধামালৰ পূৰ্বে ঢুলিয়াই ঢোল বজায় আৰু বাশুৱাই গান গায় – 

অ’ চল যাইৰে প্ৰাণেৰ ভাইৰে

চায়া দেখুং সাহেবেৰ মহিমা চল যাইৰে। 

দুই ভাই যাত্ৰা কৰে শাল গাছ ভাঙিয়া পৰে, 

ডাল গাছ অন্তৰে পলায় অ’চল যাইৰে

হালোৱাও হাল বোৱায়, জালুৱাও জাল মাৰে 

লাখলে যায়া গৰুৰে, অ’ চল যাইৰে। 

  ইয়াৰ উপৰিও ‘জাগেৰ গান’ নামেৰে এবিধ গান গোৱা হয়। 

 

বাশ পূজা ৰূপে মদন কামদেৱৰ পূজা: – 

কোনো কোনো ঠাইত বাশ পূজাৰ সময়ত কালী গোসাঁনীৰ পূজা নকৰি মদনকাম দেৱৰ পূজা কৰে। এই পূজা ব’হাগ আৰু আঘোণ মাহত কৰা হয়। ব’হাগ মাহৰ মদন চতুদ্দৰ্শীত মদনকাম পূজা কৰা হয়। আঘোণ মাহত মদন চতুদ্দৰ্শী নাই। গতিকে আঘোণ মাহৰ শুক্লপক্ষৰ চতুদ্দৰ্শী তিথিত পূজা কৰা হয়। পূজা দুই প্ৰকাৰে হয়— গোটা পূজা আৰু শুকুলা পূজা। বাঁহ কাটি তাত চোঁৱৰ বান্ধি নাচ-গান কৰি গাঁৱত মাগি ফুৰিলে তাক গোটা পূজা আৰু তাকে নকৰি মাথোঁ পূজা ভাগ কৰি থলে তাক শুকুলা পূজা বুলি কোৱা হয়। 

গোটা পূজাৰ বাবে বাঁহ কাটে মদনকামৰ গাউনীয়া অৰ্থাৎ গায়কসকলে। বাঁহ কটাৰ আগদিনা ৰাতি গাউনীয়াসকলে হবিষ খাব লাগে। পিছত বাঁহবোৰত কাপোৰ মেৰিয়াই বাঁহৰ মূৰত চোঁৱৰ বান্ধি দিয়ে। এই পূজাত দুটা শিৱলিঙ্গ স্থাপন কৰা হয়। শিৱলিঙ্গ দুটা কদম গছৰ ডালেৰ। ইয়াক থিয়কৈ নাৰাখি ফেৰেঙনিৰ ওপৰত দীঘলকৈ শুৱাই ৰখা হয়। চোঁৱৰেৰে সৈতে এজোৰ বাঁহ মন্দিৰৰ সন্মুখৰ দুৱাৰ মুখত দুফালে দুডাল পুতি ৰখা হয়। ওচৰতে বাঁহৰ জখলা এখন পুতি ৰখা হয়। সেই জখলাখনত নাঙল, যুৱাল, মৈ, জাকৈ, খালৈ, চালনি, কুলা আদি যাবতীয় কৃষি সঁজুলি ৰখা আৰু বাঁহেৰে বনোৱা সঁজুলি ওলোমাই ৰখা হয়। 

মদনকাম পূজা কৰে দেউৰীয়ে। দেউৰীৰ লগত সহযোগিতা কৰে পাটিয়ালে। গাঁৱলীয়া সমাজত দেউৰী আৰু পাটিৱালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। দেউৰীয়ে পুৰোহিতৰ কাম কৰে। সকলোৱে এই কাম কৰিব নোৱাৰে। কোনো এজন নিষ্ঠাবান ধৰ্মপ্ৰাণ ব্যক্তিক ৰাইজে দেউৰী পাতে। দেউৰীয়ে দৈনন্দিন জীৱনত কিছুমান নীতি-নিয়ম মানি চলিব লাগে। দেউৰীয়ে পূজা পদ্ধতি ভালদৰে শিকিব লাগে আৰু বিশেষ এবিধ মন্ত্ৰ শিকিব লাগে। দেউৰী হ’ব খোজা ব্যক্তিজনে আন এগৰাকী অভিজ্ঞ দেউৰীক গুৰু ৰূপে মানি তেওঁৰ পৰা মন্ত্ৰ শিকিব লাগে। গাঁৱৰ ৰাজহুৱা পূজাবোৰ দেউৰীয়ে কৰে। কোনো ব্যক্তিয়ে নিজাববীয়াকৈ ঘৰত কিবা পূজা পাতি দেউৰীক মাতিলে দেউৰীয়ে সেই পূজাও কৰি দিব লাগে। সেইকাৰণে গাঁৱলীয়া ৰাইজে বছৰত ঘৰে প্ৰতি এদোন বা দুদোন কৈ ধান দেউৰীক দিয়ে। পাটিয়াল যি কোনো মানুহেই হ’ব পাৰে। বেলেগ বেলেগ পূজাত বেলেগ বেলেগ পাটিয়াল হয়। এওঁলোকে পূজাৰ সময়ত দেউৰীয়ে যেতিয়াই যিটো বস্তু প্ৰয়োজন হয় তেতিয়াই সিটো বস্তু দেউৰীক আগবঢ়াই দিয়ে। পূজাৰ শেষত পাটিয়ালে প্ৰসাদ বিতৰণ কৰে। এওঁলোকে পূজাৰ আগদিনা হবিষ খাব লাগে। পূজাৰ দিনাখন দেউৰী আৰু পাটিয়ালে পূজা শেষ নোহোৱালৈকে একো খাব নোৱাৰে। পূজাৰ আগদিনা হবিষ খোৱা আৰু পিছদিনা পূজা শেষ নোহোৱালৈকে লঘোণে থকাটো দেউৰী আৰু পাটিয়ালৰ পালনীয় কৰ্তব্য। পাটিৱালে ৰাইজৰ পৰা কোনো পৰিশ্ৰমিক নাপায়। সেইবাবে ৰাইজে পাল পাতি পাটিৱালৰ কাম কৰে। 

তিৰোতাসকলৰ যেনেকুৱা কাতিকা পূজা, পুৰুষসকলৰ তেনেকুৱা মদনকাম পূজা। কাতিকা পূজাত থকাৰ দৰে মদন কাম পূজাতো যৌনধৰ্মী গান আছে। পাৰ্থক্যটো হ’ল এয়ে যে, কাতিকা পূজা ৰাতি হয় কিন্তু মদনকাম পূজা দিনত হয়। মদন কাম দেৱ পূজাত পুৰুষ-নাৰী, ল’ৰা-ছোৱালী আটায়ে উপস্থিত থাকিব পাৰে। মদন কামদেৱৰ গান: – 

   সৃষ্টি – সৃজন 

বড়াই, আজি কেনেৰে, ওৰে আজি কেনে 

কমলাৰ মন ঝৰে, বড়াই আজি কেনেৰে। 

আগতে আছিল বিশ্ব অন্ধকাৰ ময় আছিল এক ব্ৰহ্ম সনাতন নাম জ্যোতিৰ্ময়। । 

তাৰ পাছে পৰমব্ৰহ্ম নাভি মূলতে 

বসুমতী পৃথিৱী জন্মিল আচম্বিতে, 

সেই শক্তি হন্তে জন্মিল তিনিজন 

ব্ৰহ্মা বিষ্ণু শিৱ নাম সৃষ্টিৰ কাৰণ 

অনন্তৰ শ্ৰীবিষ্ণুৰ ৰসনা হন্তে 

বেদমাতা সাবিত্ৰী জন্মিল তাহান্তে। 

হৰিৰ মানস ক্ষেত্ৰ হন্তে অনল কামদেৱ 

জন্ম হইল, সুন্দৰ কলেৱৰ। 

———–*———-

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!