বিশ্বায়নৰ প্ৰভাৱত হেৰাই গৈছে নেকি বিহুৰ লৌকিকতা?
লেখক- ৰশ্মিতা শইকীয়া
বিহু – আমাৰ প্ৰাণৰ, অতিকৈ চেনেহৰ, আমাৰ চিনাকি। অথচ এই প্ৰানৰ বিহুয়েই হেৰুৱাই পেলাইছে নেকি শিপা? বিশ্বায়নৰ প্ৰভাৱত বিহুয়ে প্ৰসাৰতা লাভ কৰিছে সঁচা কিন্তু লগে লগে এইটোও স্বীকাৰ কৰিব লাগিব যে ইয়াৰ অস্তিত্ব আৰু স্বকীয়তাও গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
বিহু এসময়ত চহা কৃষিজীৱি সমাজৰ জীৱনৰ দলিল স্বৰূপ আছিল সেয়ে ইয়াৰ প্ৰতি কৃষিজীৱি ৰাইজৰ সঁহাৰি আছিল স্বত: স্ফূৰ্ত। কিন্তু বিংশ শতাব্দীৰ মাজভাগৰ পৰা মধ্য শ্ৰেণীৰ পৃষ্ঠপোষকতাত বিহু মঞ্চলৈ আহিল আৰু তাৰ নগৰীকৰন আৰম্ভ হ’ল। পুঁজিবাদী বিশ্বায়নৰ প্ৰভাৱ পৰিল বিহুৰ ওপৰত। কলা সংস্কৃতিৰ মূল উদ্দেশ্য বিনোদন বুলি ধৰিলেহে লাভজনক হ’ব বুলি নতুনকৈ বিহুত সাংস্কৃতিক মিলনৰ সলনি সাংস্কৃতিক মিশ্ৰণ ঘটোৱা হ’ল।
প্ৰতিটো বিহুৰ সুকীয়া সুকীয়া তাৎপৰ্য আৰু পালনৰ ৰীতি-নীতি পৰম্পৰা আছিল। এতিয়া সেইবোৰ ক্ৰমশ হেৰাই যোৱাৰ পথত।
বিহুৰ লগত জড়িত লোক কলা-কৃষ্টিৰ চৰ্চা বাঢ়িছে একমাত্ৰ গ্লেমাৰ আৰু আয়ৰ বাবে। গাঁৱৰ চহা লোককলাৰ সাধক তথা শিল্পীসকলক অৱহেলা কৰা দেখা গৈছে। লোক কলা-কৃষ্টিৰ লোকধৰ্ম, বৈশিষ্ট্য আৰু পৰম্পৰা অটুট থাকিলেহে লোককলা হৈ থাকিব। ইয়াৰ অন্যথা হ’লে ই নিজাতা হেৰুৱাই পেলাব। আমাৰ অনুৰোধ আৰু আহ্বান, বিহুৰ আনন্দ সকলোৱে লওক। কিন্তু স্বকীয়তা ধৰি নাৰাখিলে বিহুৱে লৌকিকতা হেৰুৱাই বিজতৰীয়া হৈ পৰিব। বিহু সুৰক্ষিত হৈ থাকক। এচাম জন-জীৱনৰ প্ৰতি সমৰ্পিত শিল্পী, সংগঠক, কৰ্মী বা বুদ্ধিজীৱীৰ আন্তৰিক প্ৰচেষ্টাই হয়তো বিহুৰ সৰ্বজনীনতা, ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু সুস্থ পৰম্পৰা সম্পৰ্কে শিক্ষিত উঠি অহা প্ৰজন্মক সচেতন কৰি বিহুৰ স্বকীয়তা ৰক্ষা কৰাত কিছু ভূমিকা ল’ব।
এই সংখ্যাটোৰ আঁৰত-
এই সংখ্যাৰ আঁৰত
সম্পাদক- ৰশ্মিতা শইকীয়া
বেটুপাত – ডা: হিতেশ্বৰ শৰ্মা
সাক্ষাৎকাৰ গ্ৰহণ- ৰশ্মিতা শইকীয়া
বৰ্ণাশুদ্ধি- অভিজিত দত্ত, উজ্জ্বল দিপ্লু গগৈ, চিত্তৰঞ্জন ওজা, জুপিতৰা ফুকন, উৎপলা কৌৰ
কাৰিকৰী সহায়- ডা: হিতেশ্বৰ শৰ্মা
বিশেষ কৃতজ্ঞতা – ড° পৰিমিতা শইকীয়া, ডা: দিপাংকৰ নাথ, সমূহ লেখক আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সমূহ সদস্যবৃন্দ।