বিষয় : দিল্লীত ৰাজধানী আৰু গুৱাহাটীয়া বগৰী (ইমৰাণ হুছেইন আল আমীন)

বিষয় : দিল্লীত ৰাজধানী আৰু গুৱাহাটীয়া বগৰী

  • ইমৰাণ হুছেইন আল আমীন


(
১)
গুৱাহাটীয়া বগৰী………
আৰু দিল্লীৰ বজাৰ ।
থোপাথোপে লাগি আছে ডাল ভৰি ভৰি
পাতৰ তলত……
কিহৰ কিৰিলি ?
প্ৰয়োজন মাথোঁ নিক’টিনবিহীন এটি চুৰট ।
এয়া দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী ।
(
২)
আবেগৰ বিক্ৰী হয়
মানৱতা ক্ৰয় হয় ।
বেচিব নিব পাৰি বহু দিনৰ পুৰণি লাওখোলাও …
হেৰা…. ভয় কিহৰ ?
এয়া দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী ।
(
৩)
বিবেক ক্ষয় যায়
নিগনিৰ পাখি গজে
শিমলুত পলাশ ফুলে
গ্ৰহবোৰো কক্ষচ্যুত হয়
ইয়াতেই …এই মাত্ৰ
এয়া দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী ।
(
৪)
সাধুকথা শুনিছা ?
পৰীৰ দেশৰ সাধু ।
আহে আৰু যায়
আলাদিনৰ চাকিৰ সাধু ।
পূৰ্বত জ্বলিছে
পশ্চিমত নুমায় ।
ৰৈ যায় হিমশীতল এটি জ্বালামুখী ।
আৰু শুনিবা ?
এয়া দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী ।
(
৫)
আকাশ ফুটিব
তৰাও খহিব ।
কিন্তু চলি থাকিব
অবিৰাম গতিত
দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *