মাইক্ৰ’প্লাষ্টিক্চ: এক অদৃশ্য বিপদ
লেখক- প্ৰাঞ্জল চক্ৰৱৰ্তী
আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিক অতি সাধাৰণ। কিন্তু আমি জানো নে এই প্লাষ্টিকে সৃষ্টি কৰিছে এটা অদৃশ্য বিপদ – যাৰ নাম ‘মাইক্ৰ’প্লাষ্টিক্চ’?
মাইক্ৰ’প্লাষ্টিক্চ কি?
মাইক্ৰ’প্লাষ্টিক্চ হ’ল ক্ষুদ্ৰ প্লাষ্টিক কণা। ইংৰাজী শব্দ মাইক্ৰ’ৰ অৰ্থ হ’ল একেবাৰে সৰু। কিছুমান মাইক্ৰ’প্লাষ্টিক আমি খালি চকুৰে দেখা নাপাওঁ, আন কিছুমান কোনোমতেহে অস্পষ্টকৈ দেখা পাওঁ।
এইবোৰৰ আকাৰ সাধাৰণতে ১ মাইক্ৰ’ণৰ পৰা ৫ মিলিমিটাৰ পৰ্য্যন্ত হয়।
মাইক্ৰ’প্লাষ্টিক্চ প্ৰকাৰ
সহজভাৱে ক’বলৈ হ’লে মাইক্ৰ’প্লাষ্টিক্চ তলত দিয়া দুই ধৰণৰ-
১) প্ৰাথমিক মাইক্ৰ’প্লাষ্টিক্চ (primary microplastics)
এইবোৰ বিভিন্ন দৈনন্দিন প্ৰয়োজনত সৃষ্টি কৰা হয়। আমি ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰী কিছুমানত মাইক্ৰ’প্লাষ্টিক্চ থাকে৷
২) গৌণ বা দ্বৈতিয়ক মাইক্ৰ’প্লাষ্টিক্চ (secondary microplastics)
এইবোৰ সাধাৰণতে ডাঙৰ প্লাষ্টিক সামগ্ৰী ভাঙি যোৱাৰ ফলত সৃষ্টি হয়। উদ্যোগিক ক্ষেত্ৰতেই হওক নাইবা অন্যান্য কাৰণতেই হওক এনে ধৰণৰ মাইক্ৰ’প্লাষ্টিকচৰ সৃষ্টি হয়।
ক’ত পোৱা যায় এই মাইক্ৰ’প্লাষ্টিক্চ?
এই কণাবোৰ আমি কল্পনাও নকৰাকৈ আমাৰ খাদ্য, পানী, আৰু বতাহৰ মাজতো পোৱা যায়। সাংশ্লেষিক কাপোৰ, পথত (ৰাস্তা)ত মাৰ্কিঙৰ বাবে ব্যৱহাৰ কৰা ৰং, ঘৰত ব্যৱহাৰ কৰা কচমেটিকচ, যান-বাহনৰ চকা, চহৰৰ ধূলি, প্লাষ্টিক প্ৰস্তুত আৰু পুন: নৱীকৰণ কৰা উদ্যোগ আৰু সামুদ্ৰিক প্ৰাণীৰ দেহতো এইবোৰ পোৱা গৈছে। মাইক্ৰ’প্লাষ্টিকচ আমাৰ কোষ আৰু কলাতো পোৱা যায়।
মানৱ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱ
মাইক্ৰ’প্লাষ্টিক মাছ আৰু অন্যান্য প্ৰাণীয়ে গিলি লয়। আমি সেই মাছ খালে এই কণাবোৰ আমাৰ শৰীৰতো সোমায়। এইবোৰৰ পৰা হৰ্ম’নেল ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। আনকি লিভাৰ, মগজু, কিডনী ইত্যাদি শৰীৰৰ অংগতো সমস্যা হ’ব পাৰে বুলি গৱেষণাত পোৱা গৈছে৷ মাইক্ৰ’প্লাষ্টিক কাৰ্চিনোজেনিক অৰ্থাৎ ই কেঞ্চাৰ(কৰ্কট) ৰোগ সৃষ্টি কৰিব পাৰে। মাইক্ৰ’প্লাষ্টিকে পুৰুষৰ ক্ষেত্ৰত শুক্ৰাণু সৃষ্টি আৰু স্ত্ৰীৰ ক্ষেত্ৰত গৰ্ভাৱস্থাত শিশুৰ বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়াও প্ৰভাৱান্বিত কৰে।
মাইক্ৰ’প্লাষ্টিকে মানুহৰ নিচিনাকৈ সকলো ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ সাধাৰণ জীৱন প্ৰক্ৰিয়াত অত্যন্ত নেতিবাচক প্ৰভাৱ পেলায়। ই পৰিৱেশ প্ৰদূষণ কৰাৰ উপৰিও পৰিস্থিতিতন্ত্ৰত ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে।
এই বিপদ ৰোধ কৰিবৰ বাবে আমাৰ দায়িত্বসমূহ-
🔹 প্লাষ্টিকৰ ব্যৱহাৰ কমাওঁ।
🔹 পুনঃব্যৱহাৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰোঁ।
🔹 প্লাষ্টিকৰ পুন: নৱীকৰণৰ ব্যৱস্থা লওঁ।
🔹 সচেতনতা বৃদ্ধি কৰোঁ।
🔹পৰিৱেশ আৰু ইয়াৰ প্ৰদূষণৰ প্ৰতি অধিক সজাগ হওঁ।
সামৰণি
মাইক্ৰ’প্লাষ্টিকচ অতি সৰু হ’লেও ইয়াৰ প্ৰভাৱ অতি ডাঙৰ।
আহক আজিয়েই আমি সংকল্প লওঁ – ‘আমাৰ পৃথিৱী, আমাৰ স্বাস্থ্য, আৰু আগন্তুক প্ৰজন্মৰ বাবে মাইক্ৰ’প্লাষ্টিকৰ বিৰুদ্ধে সচেতন হ’লোঁ’।”
“প্ৰকৃতিৰ ৰক্ষা আমাৰ হাতত”