“মায়াময় চিফুঙৰ ধ্বনি” বা Illusive tune of sifung
লেখক- ৰিজুৱানা শইকীয়া
অসমৰ কাব্যজগতত নতুনকৈ সংযোজিত এখনি দ্বিভাষীক কবিতাপুথি। কবিতাপুথিখনিত ৰফিক হুছেইনদেৱৰ দুকুৰি অসমীয়াৰ কবিতা আৰু একুৰি দহটা কবিতা ইংৰাজী ভাষালৈ অনুবাদ কৰিছে যোৰহাট ৰজাবাৰীৰ বিশিষ্ট অনুবাদক নুৰুল হুছেইনদেৱে। ৰফিক হুছেইনদেৱৰ এই কাব্যগ্ৰন্থখনি সৃষ্টিত তেখেতৰ সহধৰ্মিনী বিজুলী শৰ্মাই বিজুলী মাৰি মাৰি চৌদিশ পোহৰাই তেখেতক বাট দেখুৱাই যোৱাৰ কথা অকপটে স্বীকাৰ কৰিছে। ড° নগেন শইকীয়াদেৱৰ অনুপ্ৰেৰণা কবিতাপুথিখনি সৃষ্টিৰ মূল উৎস বুলি ক’ব পাৰি।
ড° নগেন শইকীয়াদেৱৰ মতে গভীৰ মানৱিক চেতনা আৰু মানৱতাৰ স্খলন দেখিলে অন্তৰত গভীৰ দুখ পোৱা মানুহ এজন যিদৰে আছে ঠিক তেনেদৰে দুখ সহ্য কৰিও জীৱনৰ কোমল আৰু কঠোৰ দুয়োটা দিশ নিজাভাৱে অনুভৱ কৰিব পৰা এটি সক্ৰিয় কবিমনো যেন জাগ্ৰত হৈ আছে। ৰফিক হুছেইনদৱৰ কবিতাৰ মাজত তেখেতে এটা শক্তিশালী কবিকণ্ঠৰ স্থিতি অনুভৱ কৰিব পাৰিছে।
“মায়াময় চিফুঙৰ ধ্বনি” কাব্যগ্ৰন্থখনিত কবিৰ অন্তৰৰ নিভৃত কোণৰ পৰা ওলাই অহা অনুভৱবোৰক কেঁচা সামগ্ৰী হিচাপে লৈ নিৰ্মাণ কৰা হৈছে। নিৰ্মাণশৈলীত সহজসৰল তথা নিমজ ভাষাৰ ব্যৱহাৰৰ যোগেদি পঢ়ুৱৈৰ মন আজুৰি অনাত এশ শতাংশই সফল হ’ব পাৰিছে বুলি মোৰ বিশ্বাস। ৰফিক হুছেইনদেৱে তেখেতৰ কবিতাৰ মাজেৰে বৰ্তমান পৰিস্থিতিত দেশৰ কিছুমান জ্বলন্ত সমস্যা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে যিবোৰ সমস্যা চকুৰ আগত দেখিও আজিৰ দেশৰ নাগৰিকে অন্ধৰ দৰে চকুত কাপোৰ বান্ধি জীয়াই থাকিবলৈ বাধ্য হৈছে। মানুহৰ প্ৰতি মানুহৰ কোনো দয়া নাই, সকলো দৌৰিছে কেৱল টিআৰপিৰ পিছত। সকলোকে লাগে কেৱল সস্তীয়া জনপ্ৰিয়তা। কবিতা পুথিখনিত সংলগ্ন কৰা হৈছে প্ৰেমৰ ৰোমাঞ্চকৰ যাত্ৰাৰ লগতে জীৱনৰ দুখ-যন্ত্ৰণা, পৰাধীনতাৰ কবিতাও। মনুষ্যৰ জীৱনত উপলব্ধি কৰা প্ৰতিটো ক্ষণ, বৰ্তমানৰ সমাজব্যৱস্থা তথা দেশৰ সামগ্ৰিক পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই চলিবলৈ যাওঁতে এজন ব্যক্তিয়ে কিদৰে নিজা সত্ত্বা, পৰিচয়, মানসিকতা, স্বাধীনতাক বিসৰ্জন দি অন্তৰৰ নিভৃত কোণত সমস্তজীৱন এটি গধুৰ শিল কঢ়িয়াই লৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সেই প্ৰতিচ্ছবিখন এক সুন্দৰ ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ লগতে সেউজীয়া পৃথিৱীখন ইয়াৰ গছ-লতিকা, পৰ্বত-পাহাৰ, নদ-নদী, চৰাই-চিৰিকটি, জীৱজন্তুও প্ৰাণ পাই উঠিছে কবিতাকেইটিৰ জৰিয়তে।
“পৰিক্ৰমা”
অতিকায় দীঘল মোৰ
দুখ-যন্ত্ৰণা।
এই ধৰাত মই ধূলিকণা
একেবাৰে চুটি জীৱন পৰিক্ৰমা।
কবিতা পুথিখনিৰ ৪০ পৃষ্ঠাত উপলব্ধ “পৰিক্ৰমা” নামৰ এই চাৰিশাৰীৰ চুটি কবিতাটিৰে কবিয়ে মানুহৰ জীৱনৰ এটি বাস্তৱ সত্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। ঠিক চন্দ্ৰধৰ বৰুৱাদেৱৰ “ধূলিকণা মই” কবিতাটিৰ দৰে। জীৱন বাটৰ খলাবমাৰে আগুৱাই আগুৱাই এদিন প্ৰত্যেকেই মিলি যাব লাগিব ধূলিকণা মই কবিতাটিৰ দৰে এটি সাধাৰণ ধূলিকণা হৈ বালিৰ মাজত। চ’ছিয়েল মিডিয়া, ফেচবুক, ইণ্ষ্টাগ্ৰাম, লাইক, কমেণ্টৰ এই সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰা এই দৌৰখনত দৌৰি থাকোঁতে এইবোৰৰ ঠাইত এদিন স্থান পাব RIP শব্দটোৱে, ভৰি পৰিব RIP শব্দটোৱে টাইমলাইন। তাৰপিছত লাহে লাহে পাহৰি যাব সকলোৱে। এয়েতো মানৱ জীৱন, জীৱনৰ বাস্তৱ সত্য, যি সত্য আমি প্ৰত্যেকেই মানি ল’বই লাগিব। সেয়েহে নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে এটি গানত গাইছিল-
“অভিশপ্ত এই জীৱন মোৰ
কোননো জনমৰে ভুল
যুঁজি যুঁজি ভাগৰ লাগিছে
নিয়তিৰ সতে আজি মোৰ
কিনো সাধিবলে, কিবা নুবুজা সাঁথৰ”
শেষত কবিতাপুথিখনিৰ ইংৰাজীৰ অনুবাদক শ্ৰদ্ধাৰ নুৰুল হুছেইনদেৱে জীৱনক লৈ লিখা এটি সুন্দৰ ইংৰাজী কবিতাৰে লিখনিটোৰ সামৰণি মাৰিলোঁ।
“Journey”
My sorrow and sufferings
have not bound-boundless
I am just a particle of dust
Very short span of life.