মাৰ বগা চাদৰখন

লেখক- ডা° ভগৱান দেৱ মিশ্ৰ

 

 আমাৰ মাৰ বগা চাদৰখন আমাৰ শৈশৱৰ উম আছিল। ভাত খাই উঠি হালধি-তেল লাগি থকা মুখখন মাৰ বগা চাদৰখনৰ আঁচলত মচি মাৰ দুটামান মৰমসূচক কোমল গালি নুশুনিলে মনটো শাঁত নপৰিছিল। কেতিয়াবা মাৰ তেল-হালধি লগা চাদৰখনকেই লেংটি মাৰি পিন্ধি চুবুৰিটোত পাক এটা মাৰি আহি মাৰ মিঠা ‘কাণমলা’ এটা খাওঁ, মনটো শাঁত পৰে। কৈশোৰ উৰ্তীৰ্ণ হৈ যৌৱনত প্ৰৱেশ কৰি ভূপেন হাজৰিকাৰ বিমূৰ্ত নিশাটিৰ নীলা চাদৰখনৰ কথা শুনি মাৰ বগা চাদৰখনৰ কথা পাহৰি গ’লোঁ। যৌৱনটো অফুৰন্ত বুলি ধৰি ল’লোঁ। অত‍্যুৎসাহ আৰু যৌৱনৰ দুৰ্বাৰ উদ্দীপনাৰ তাড়নাত এছালি-এমালিবোৰ কৰি নিজকেই বৰ বুধিয়ক সাজিবলৈ লওঁ। সময় বৰ নিষ্ঠুৰ। সময় আগলৈ গৈ থাকে। লাহে লাহে হাত-ভৰি নচুৱাই ঘূৰি ফুৰাত অসুবিধা হ’বলৈ আৰম্ভ হয়। এদিন হঠাতে আয়নাত গোফ আৰু কুমৰ চুলিৰ অ’ত ত’ত বগা ৰং আৱিষ্কাৰ কৰোঁ। নাপিতৰ ওচৰলৈ গৈ সেইখিনি নোহোৱা কৰি লওঁ। সময় আগবাঢ়ে। মূৰ ফণিয়াওঁতে ফণিত চুলিবোৰ লাগি আহিবলৈ ধৰে। ‘তোৰ তালুখন পাতল হ’ল দেই’ বুলি কোৱা মানুহবোৰৰ ওপৰত খং উঠে। দাঢ়ি-চুলিত বগা ৰঙৰ ৰাজত্ব আৰম্ভ হয়। নাপিতে ৰ‌ং কৰি দিবলৈ খোজে। তালুখনত ৰংবোৰ লাগি থাকিব বুলি নাপিতৰ হতুৱাই ৰং কৰিবলৈ ভয় লাগে, ঘৰত শ্ৰীমতীৰ হতুৱাই ৰং লগাওঁ। এদিন শ্ৰীমতীৰ মূৰৰ চুলিতো বগা ৰ‌ং আৱিষ্কাৰ কৰোঁ, মনটোত বিকৃত আনন্দ এটা অনুভৱ কৰোঁ। ‘দাদা’ বুলি মাতিব বুলি আশা কৰা মানুহবোৰেও ‘খুড়া’ বুলি সম্বোধন কৰা আৰম্ভ কৰে। সময় আগবাঢ়ে। ‘দাদা’, ‘খুড়া’ সম্বোধনবোৰ কমি আহে, ‘ককা’ সম্বোধন কৰা মানুহৰ সংখ্যা বাঢ়ি আহে। ঘৰত নানা সমস্যা থাকে। সমস্যাবোৰৰ অধিকাংশৰেই সৃষ্টিকৰ্তা নিজে বুলি জানিও পলাবলৈ পৰিয়ালত অন্য কিছুমান সমস্যাৰ সৃষ্টি কৰি লওঁ। আচল সমস্যাবোৰ আনে পাহৰিব বুলি ভাবি লওঁ। কথাবোৰ মই ভবাধৰণে নহয়গৈ। কোনোবাই মাত মাতিলে চোলাৰ হাত কোচাই চোঁচা লওঁ। এই কথাটো পাহৰি যাওঁ যে হাত কোচাই চোঁচা ল’বলৈ আনৰো দুখন হাত আছে। তাতোকৈ ডাঙৰ কথাটো হ’ল যে হাত কোচাবলৈ প্ৰয়োজন হোৱা শক্তিকণ যে সময়ে এদিন মোৰ হাতৰ পৰা কাঢ়ি লৈ যাব সেই কথাটো মনলৈ আনিবলৈ মই ইচ্ছা নকৰোঁ। 

 

 আজি মালৈ বৰকৈ মনত পৰিছে, মাৰ বগা চাদৰখনলৈ বৰকৈ মনত পৰিছে, আটোম-টোকাৰিকৈ ৰখা মাৰ পাকঘৰটোলৈ বৰকৈ মনত পৰিছে এই অধম কৃতঘ্ন পুত্ৰৰ। মাৰ বাবে পাকঘৰটো আছিল বৰ পবিত্ৰ। কাপোৰযোৰ লেতেৰা হোৱাৰ ভয়ত আমাৰ মাই গেৰুৱা মেখেলা-চাদৰ পিন্ধি পাকঘৰত সোমোৱা নাছিল, বগা মেখেলা-চাদৰ পিন্ধিহে সোমাইছিল। মাৰ বগা চাদৰখন বগা হৈ থাকক মোৰ অন্তৰত চিৰদিন চিৰকাল। এতিয়া আৰু মই সৰু ল’ৰা হৈ থকা নাই মাৰ বগা চাদৰখনত তেল-হালধিৰ ৰং মচিবলৈ। মাৰ বগা চাদৰখন এতিয়াও আমাৰ বাবে উম হৈ আছে, আগলৈও থাকিব। 



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!