শীতৰ দৃষ্টিনন্দন সৌন্দৰ্য
লেখক- বৰ্ণালী হাজৰিকা শইকীয়া
শীতৰ সেমেকা পুৱা। কুঁৱলীৰ বৰষুণ পৰিছে। বাহিৰলৈ ওলাই গ’লো। কুঁৱলীয়ে গালখন সেমেকাই তুলিলে। এছাটি শীতল বতাহে চুই থৈ গ’ল। মনটোত কিবা এটা ভাল লাগিল। এইয়াইটো শীতৰ মাদকতা। কুঁৱলী আৰু নিয়ৰ হৈছে শীতৰ অলংকাৰ। দুবৰিৰ আগত পৰি ৰোৱা, গছৰ পাতে পাতে জিলিকি থকা নিয়ৰৰ ৰূপালী ৰূপে এক অনিৰ্বচনীয় আনন্দ প্ৰদান কৰে। খালী ভৰিৰে নিয়ৰসিক্ত দুবৰিত খোজ কঢ়া, হাতেৰে নিয়ৰ চুই সেই হাতেৰে গাল স্পৰ্শ কৰিলে যি অনুভৱ হয়, সেই অভিজ্ঞতা যাৰ হৈছে, তেওঁৱেই উপলব্ধি কৰিব পাৰে যে শীতৰো আছে এক নিজস্ব সৌন্দৰ্য। নিয়ৰৰ লগত শীতৰ প্ৰাকৃতিক পৰিৱেশ, আঘোনৰ সোণালী ধাননিৰ ছবি জড়িত হৈ আছে। মাঘৰ বিহুৰ সময়তো নিয়ৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
অসমীয়া লোকসাহিত্য আৰু আধুনিক সাহিত্যত নিয়ৰ আৰু কুঁৱলীৰ চিত্ৰ অংকিত হৈ আহিছে। লোকসাহিত্যত নিয়ৰ আৰু কুঁৱলীৰ যি ক্ষণভংগুৰতা তাৰ লগত মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, একাকীত্ব, বিৰহৰ গভীৰ চেতনাবোধক প্ৰতীকৰূপে উপস্থাপন কৰিছে। আধুনিক সাহিত্যত কবিতা বিষয়ত এই প্ৰসংগত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ “নিয়ৰ” কবিতাটোৰ কথাই প্ৰথমতে মনলৈ আহে। এই কবিতাটোত কবিয়ে অতি সূক্ষ্ম দাৰ্শনিক দৃষ্টিৰে নিয়ৰক বৰ্ণনা কৰিছে। শীতৰ সৌন্দৰ্য কুঁৱলীৰ প্ৰসংগ আহিলেই মনত জিলিকি উঠে কেশৱ মহন্তদেৱৰ এফাঁকি কবিতা “আঘোনৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি”। পৰৱৰ্তী সময়ত বহু কবিৰ সৃষ্টিত কুঁৱলী আৰু নিয়ৰে ভিন ভিন ৰূপত ধৰা দিছে। য’ত এটা কথাই স্পষ্ট হয় যে ক্ষন্তেকৰ বাবে থাকিলেও, নিয়ৰ-কুঁৱলীয়ে সৃষ্টি কৰা অতীব সুন্দৰ ৰূপ ছবি মানুহৰ মানসপটত সজীৱ হৈ ৰৈ যায়। কাৰোবাৰ বাবে ই নিশাৰ আকাশৰ চকুলো, বিৰহ আৰু বেদনাৰ সাক্ষী। আধুনিক কবিতাত ইয়াক কেতিয়াবা বিষন্নতা, নিসংগতাৰ প্ৰতীক হিচাপে অংকন কৰিলেও নিয়ৰে আশাৰ বতৰা কঢ়িয়াই আনে।
অসমীয়া গীতি সাহিত্যতো “নিয়ৰে” বিশেষ ভূমিকা পালন কৰি আহিছে। নিয়ৰৰ গীত বুলি ক’লেই মনলৈ আহে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘দুবৰি বনৰ পাতৰ আগত নিয়ৰে মুকুতা আঁৰে’, নৱকান্ত বৰুৱাৰ “নিয়ৰৰে ফুল এপাহ ফুলিল,এপাহ সৰিল কেনি” আদি গীতৰ কথা। বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ “টোপ টোপ ৰভাতলীত পুৱাৰ নিয়ৰ সৰে” গীতটোৱে বহুতৰে চকুলো বোৱাই দিয়ে। অংগৰাগ পাপন মহন্তৰ কণ্ঠত “নিয়ৰ সনা সন্ধিয়া”, “নিয়ৰ সেমেকা মনৰে পদূলিত নুফুলে শৰতৰ শেৱালি” আদি গীতত নিয়ৰ এক ৰোমাণ্টিক আৰু স্নিগ্ধ অনুভৱৰ ভাৱত বৰ্ণিত হৈছে। জুবিন গাৰ্গৰ কণ্ঠৰ বহুতো গীতত “নিয়ৰ” এক অনন্য ৰূপত ধৰা দিছে। “নিয়ৰৰ টোপাল শেৱালি পাহি, জোনৰো জোনাকী মেলা”, “নিয়ৰ টোপাটোপে মাথো সৰে, খিৰিকীৰ সিপাৰে” আদি গীতত নিয়ৰে কঢ়িয়াই আবেগৰ কোমলতা, প্ৰকৃতি আৰু হৃদয়ৰ গভীৰতা, স্মৃতি আৰু বেদনাৰ মধুৰতা আৰু নিবিড় ৰোমাণ্টিকতা। প্ৰকৃতিৰ অনুপম সৃষ্টি “নিয়ৰে” সদায়ে সৌন্দৰ্য পিয়াসীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। সেই বাবে এই বিষয় লৈ হোৱা ন ন সৃষ্টিয়ে প্ৰতিটো প্ৰজন্মৰ পাঠক-শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰাখিব।
