শ্ৰেণীকোঠাৰ চাৰিবেৰৰ শিক্ষা আৰু বাস্তৱত ব্যৱহাৰ
লেখক- নৱ ওজা
(১)
এদিন ৰাস্তাত এজন অভিভাৱকে মোক লগ পাই সুধিলে, “নৱ, তুমি কি পাঠ পঢ়ালা? মোৰ ছোৱালীজনীয়ে দেখোন মানিমুনিৰ ৰস খাবলৈ একেবাৰে মন নকৰে। তাই কয়, মানিমুনিৰ ৰস খালে পেলু হয়। স্কুলত নৱ ছাৰে কৈছে বোলে।”
কথাটো শুনি মই আচৰিত হ’লোঁ যদিও অভিভাৱকজনক কথাখিনি বুজাই ক’লোঁ।
এতিয়া প্ৰশ্ন হ’ল— মানিমুনিৰ ৰস খালে সঁচাকৈয়ে পেলু হয় নেকি?
মানিমুনি এবিধ পৰম উপকাৰী ঔষধি উদ্ভিদ। অতি পুৰণি কালৰে পৰা আমাৰ সমাজত মানিমুনিৰ ৰস ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ উপৰি মানিমুনি শাকৰ বিভিন্ন ব্যঞ্জন অসমীয়াৰ পাতত অপৰিহাৰ্য। গতিকে “মানিমুনি খালে পেলু হয়” বুলি ক’লে হিতে বিপৰীত হ’ব।
আচলতে মই শ্ৰেণীকোঠাত কোৱা কথাটো আছিল এনেধৰণৰ— সাধাৰণতে ধান কটাৰ পাছত পথাৰত মানিমুনি গজে। সেই সময়ত পথাৰবোৰ কুকুৰ, মেকুৰী, গৰু, ছাগলীৰ বাবে মুক্ত বিচৰণভূমি হৈ পৰে। সিহঁতে য’তে-ত’তে মল-মূত্ৰ ত্যাগ কৰে। এই মলৰ লগত পেলুৰ কণী গোটেই পথাৰত বিয়পি পৰে। এনে ঠাইৰ পৰা মানিমুনি আনি যদি ভালকৈ নুধুই, পৰিষ্কাৰ নকৰাকৈ পিহি ৰস খোৱা হয়, তেন্তে পেলুৰ কণী পেটলৈ যোৱাৰ সম্ভাৱনা থাকে।
সেইবাবেই মানিমুনি হওক বা আন যিকোনো শাক-পাচলি হওক, খোৱাৰ আগতে ভালদৰে ধুই পৰিষ্কাৰ কৰি লোৱাটো অতি প্ৰয়োজনীয়।
এতিয়া কথা হ’ল, ছাত্ৰীগৰাকীয়ে আচল কথাটোৰ আধাখিনিহে শুনিলে নেকি? নে মানিমুনিৰ ৰস খাবলৈ ভাল নোপোৱা বাবেই তাই কথাটো বেলেগকৈ ক’লে? তাই হয়তো অস্বস্তি অনুভৱ কৰিছিল, কিন্তু “ইতিঃ গজ”ৰ দৰে পাছৰ গুৰুত্বপূৰ্ণ কথাখিনি নুশুনিলে।
শ্ৰেণীকোঠাত দিয়া শিক্ষা বাস্তৱ জীৱনত সম্পূৰ্ণকৈ বুজি ব্যৱহাৰ কৰিব লাগে। মানিমুনি আমাৰ বাবে আশীৰ্বাদ, অভিশাপ নহয়— মাথোঁ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি খাব লাগে।
(2)
সন্ধিয়া প্ৰায় সাত বাজিছিল। মোৰ ফোনটো হঠাতে বাজি উঠিল। স্ক্ৰীণত এজন অতি চিনাকি অভিভাৱকৰ নাম ভাহি উঠিল।
“হেল্ল’ নৱ, তুমি এতিয়াই এবাৰ আমাৰ ঘৰলৈ আহিব পাৰিবানে?” কণ্ঠত অলপ ব্যস্ততা।
“পাৰিম বাৰু,” মই উত্তৰ দিলোঁ।
“আহাচোন, জৰুৰী কথা আছে।”
মই আৰু দেৰি নকৰি ওলাই গ’লোঁ।
অভিভাৱকজনে হাঁহিমুখে মোক আদৰি ভিতৰলৈ লৈ গ’ল। “আহা, তোমাক এটা বস্তু দেখুৱাওঁ,” কৈ তেওঁ মোক পোনে পোনে ভিতৰৰ শোৱনি কোঠালৈ লৈ গ’ল।
কোঠাটোত ফেন চলি আছে। কম্বল এখন গাত লৈ এজনী ছোৱালী গভীৰ টোপনিত।
মই আচৰিত হৈ সুধিলোঁ, “কথাটো কি?”
অভিভাৱকজনে মিচিকিয়াই ক’লে, “আমি যি কওঁ তাই নুশুনে, কিন্তু তোমাৰ কথা হ’লে তাই বেদবাক্য বুলি মানে। তুমি কি কৈছিলা নাজানো, কিন্তু তাই স্কুলৰ পৰা আহি চাৰি বজাত টিউচনলৈ যায়। প্ৰাই পাঁচ-ছয় বজাত ঘৰ সোমায়েই চিধা বিচনাত। কয়— ‘নৱ ছাৰে কৈছে, টোপনি আহিলে শুই দিব লাগে। নহ’লে শৰীৰে কষ্ট পায় আৰু পঢ়া মনত নাথাকে।’ এতিয়া তাই শুল, কাইলৈ ৰাতিপুৱাহে উঠিব। স্কুল বন্ধ থাকিলেতো কথাই নাই— গোটেই দিনটো শুইয়েই থাকে। এতিয়া কি দৰব দিবা, তুমিয়েই দিয়া। কাৰণ ছাৰ-বাইদেউৰ কথা তাই শুনে।” এইকেইদিনত স্কুল আৰু টিউচনৰ বাদে নিজাকৈ একোৱেই পঢ়া নাই। এনেকৈ হ’লে পৰীক্ষা কি হ’ব। মোৰ চিন্তা লাগিছে। গতিকে তোমাক দায়িত্ব দিলোঁ।
মই কথাখিনি শুনি প্ৰথমে হাঁহিম নে কান্দিম ঠিক কৰিব নোৱাৰিলোঁ। পিছত তেওঁৰ লগত বহি কথাটোৰ গুৰিলৈ গ’লোঁ। চাহ একাপ খাই কথা পাতি মই ঘৰলৈ উভতিলোঁ।
আচলতে ঘটনাটো এনেকুৱা আছিল—
সেইদিনা শ্ৰেণীকোঠাত মই বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ পাঠ বুজাই আছিলোঁ— ‘পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ’। মই কৈ আছিলোঁ, “পোহৰ সদায় সৰল ৰৈখিক পথেৰে গতি কৰে। কিন্তু বাটত যদি ধূলি কণা বা বায়ু কণা থাকে, তেন্তে পোহৰ সেইবোৰত ঠেকা খাই অলপ বেঁকা হৈ পৰে। ইয়াকেই পোহৰৰ অপবৰ্তন বোলে…”
কথাখিনি কৈ থাকোঁতেই মোৰ চকুত পৰিল— পিছৰ বেঞ্চত এজনী ছাত্ৰীয়ে বেগৰ ওপৰত মূৰ থৈ আৰামত শুই আছে।
মই তাইক মাতি উঠালোঁ। ছোৱালীজনী শাৰীৰিকভাৱে কিছু দুৰ্বল। আজিকালি বেছিভাগ ল’ৰা-ছোৱালীয়ে সেউজীয়া শাক-পাচলি খাবলৈ নিবিচাৰে। ফাষ্ট ফুড খাই পেট ভৰায়, কিন্তু শৰীৰে প্ৰয়োজনীয় পুষ্টি নাপায়।
মই তাইক সুধিলোঁ, “টোপনি কিয় আহে?”
তাই মন মাৰি ক’লে, “ছাৰ, স্কুলৰ পৰা গৈয়েই টিউচনলৈ যাওঁ। ঘৰ পাওঁতে সন্ধিয়া হয়। হাত-ভৰি ধুই পঢ়া মেজত বহোঁতেই টোপনি ধৰে। মায়ে তেতিয়া গালি পাৰে।”
কথাখিনি শুনি বৰ বেয়া লাগিল। সকলো ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক সহন ক্ষমতা একে নহয়। মই গোটেই শ্ৰেণীটোকে উদ্দেশ্যি ক’লোঁ— “শুনা, টোপনি আহিলে জোৰকৈ পঢ়ি লাভ নাই। মগজুৱে গ্ৰহণ নকৰে। তাতকৈ দুঘণ্টা এলার্ম দি শুই ল’বা। সাৰ পাই ভালদৰে মুখ-হাত ধুই মনযোগেৰে পঢ়িবা। কিন্তু মনত ৰাখিবা— সাৰ পোৱাৰ পিছত এলাহ কৰি আকৌ শুই নাথাকিবা। উঠিব লাগিব, পঢ়িব লাগিব। এখন ৰুটিন বনাই লোৱা। সময়মতে খাবা, শুবা, পঢ়িবা। তেতিয়া মা-দেউতাৰ গালিও নিজে নিজে নোহোৱা হ’ব।”
মই কথাখিনি তাইক আৰু সকলোকে বুজাবলৈহে কৈছিলোঁ। কিন্তু ছোৱালীজনীয়ে ঘৰত গৈ আধাহে পালন কৰিলে— ‘ছাৰে কৈছে টোপনি আহিলে শুব লাগে’ কথাষাৰ মনত ৰাখিলে, কিন্তু ‘সাৰ পালে এলাহ নকৰি উঠিব লাগে’ কথাষাৰ পাহৰি গ’ল।
শেষত কথাটো গৈ সেই অৱস্থাই পালেগৈ— ‘‘য’ত দোষ নন্দ ঘোষ।’’
শিক্ষা এটাই— শ্ৰেণীকোঠাৰ কথা বাস্তৱত প্ৰয়োগ কৰোঁতে সম্পূৰ্ণ কথাষাৰ বুজি লোৱা দৰকাৰ। নহ’লে হিত কৰিবলৈ যোৱা কথাই বিপৰীত ফল দিব পাৰে।
(৩)
দুপৰীয়া ভাত খাই অলপ জিৰণি লোৱাটো মোৰ সৰুৰে পৰা অভ্যাস। সেই সময়ত ফোন আহিলে বিৰক্তি লাগে। কেতিয়াবা ফোনটো চুইচ অফ কৰিও থওঁ। সিদিনাও অভ্যাস মতে বিচনাত পৰিছোঁ। চিলমিলকৈ টোপনি আহিছিল হে ,তেনেতে ফোনটো বাজি উঠিল।
“নৱ, ঘৰতে আছা নেকি?”
“হয় , কওকচোন।”
“এপাক আমাৰ ঘৰলৈ আহিবা নেকি? ল’ৰাটোৰ কাণ্ড চোৱা।”
“কি হ’ল আকৌ?”
“নাজানো তুমি কি প্ৰজেক্ট দিলা! সি এতিয়া দামি মোবাইল এটা লাগে বুলি জেদ ধৰিছে। কিনি নিদিলে ভাতকে নাখায়। আমি জানো বিচাৰিলেই মোবাইল কিনি দিব পাৰোঁ?”
মোৰ বুকুখন ধানবানকৈ উঠিল। মাতৃগৰাকীক সান্তনা দি ক’লো, “আপুনি চিন্তা নকৰিব। মই সন্ধিয়া আপোনালোকৰ ঘৰলৈ যাম। এতিয়া ফোনটো তাক দিয়কচোন, মই অকণমান বুজাই চাওঁ।”
মোৰ লগত কথা পাতি ল’ৰাটোৱে সেই সাঁজ ভাত খালে। মোবাইলৰ জেদটোও এৰিলে।
আচলতে ঘটনাটো এনেকুৱা আছিল।
মোৰ মোবাইলত নিলাজী বনৰ এখন ফটো আছিল। মই তোলা ফটোবোৰৰ ভিতৰত সেইখনেই আটাইতকৈ নিখুঁত। সেইখন ছাত্ৰ ছাত্ৰীক দেখুৱাই নিলাজী বনৰ বিষয়ে পাঠ দিছিলোঁ। পাতটো চুলে কিয় জাপ খায়, জাপ খাবলৈ যিমান সময় লাগে মেল খাবলৈ তাতকৈ কিয় বেছি সময় লাগে, এইবোৰ কথা বুজাইছিলোঁ। লগতে এইটোও কৈছিলোঁ যে আমি পাত জাপ খোৱা চাওঁ, কিন্তু মেল খোৱা চাবলৈ আমাৰ ধৈৰ্য নাথাকে।
কথাৰ শেষত মই ছাত্ৰ ছাত্ৰীক কৈছিলোঁ, “তোমালোকেও ঘৰৰ চাৰিওফালে থকা গছ, বন, পোক পৰুৱাৰ জীৱন চাবা। কিবা আচহুৱা লাগিলে ফটো তুলি মোক দেখুৱাবা। ভাল হ’লে প্ৰেক্টিকেলত বেছি নম্বৰ দিম।”
মোৰ কথাষাৰেই আছিল বিপদৰ মূল। ল’ৰাটোৱে ভাবিলে ফটো তুলিবলৈ দামি কেমেৰা থকা মোবাইল লাগিবই। সেয়ে ঘৰত হুলস্থুল লগালে।
সন্ধিয়া মই ছাত্ৰজনৰ ঘৰ পালোঁগৈ। সুধিলোঁ, “তুমি কি কি আচৰিত বস্তু দেখিলা? মোক দেখুৱাই দিয়া, মই ফটো তুলি দিম।”
সি একো দেখুৱাব নোৱাৰিলে।
তেতিয়া মই অভিভাৱকৰ আগত তাক বুজালোঁ, “চোৱা, শিক্ষা মানে দামি সঁজুলি নহয়। প্ৰথমে চাৰিওকাষৰ বস্তুবোৰ সুক্ষ্মভাৱে চাবলৈ শিকা।মনত ৰাখিবা এই কাম সদায় আজৰি সময়ত হে কৰিব লাগে। দেখা বস্তুবোৰৰ বিষয়ে অধ্যয়ন কৰা । ফটো এখন তুলিবলৈ গাঁৱৰ কোনোবা এজনৰ মোবাইল এটাও ব্যৱহাৰ কৰিব পাৰা। নিলাজী বনৰ পাত জাপ খোৱা চাবলৈ মোবাইল নালাগে, মনৰ কৌতুহল লাগে। তুমি প্ৰথমে চাবলৈ শিকা। যিদিনা সঁচাকৈয়ে এনেকুৱা কিবা দেখিবা যিটোৰ ফটো তোলা দৰকাৰ, সেইদিনা মই নিজেই আহি তুলি দিম। নম্বৰৰ বাবে নহয়, জানিবৰ বাবেহে চোৱা।”
মোৰ কথাত ল’ৰাটোৱে সন্মতি জনালে। মোবাইল কিনাৰ কথাও তাতে শেষ হ’ল।
ধৈৰ্য আৰু পৰ্যবেক্ষণেই প্ৰকৃত শিক্ষা। নিলাজী বনৰ পাত মেল খোৱালৈ বাট চাব পৰা ধৈৰ্যইহে এজনক প্ৰকৃত ছাত্ৰ গঢ়ি তুলিব পাৰে।
