সংগীত সূৰ্যৰ কালজয়ী গীতত সমাজ সচেতনতাৰ মূৰ্ত প্ৰকাশ
লেখক- বসন্ত বৰুৱা
আমাৰ সমাজত এনে বহু ব্যক্তি আছে যি নিশা টোপনি নাহিলে কিতাপ এখন হাতত তুলি লৈ কিতাপ পঢ়িবলৈ আৰম্ভ কৰে। কেইটামান পৃষ্ঠা পঢ়াৰ পিছতে তেওঁ টোপনিৰ কোলাত সোমাই পৰে। অৰ্থাৎ তেওঁ টোপনি যাবলৈকে কিতাপ পঢ়ে। বহুজনৰ আকৌ টোপনি নাহিলে গান শুনাৰ অভ্যাস। গানৰ বোকোচাত উঠি টোপনিৰ বাগিছাত বিচৰণ কৰে। টোপনিৰ মহৌষধ হিচাপেহে বহুজনে কিতাপ পঢ়া, গান শুনা আদি কামবোৰ কৰে। পিছে কিছুমান গান শুনি টোপনি যাব নোৱাৰি। বৰং টোপনি যোৱা জনকো এনে গানে জগাই তোলে। ভূপেন হাজৰিকাদেৱৰ গান শুনিও টোপনি যাব নোৱাৰি। এনেবোৰ গানে চিন্তাশীলজনৰ চেতনাৰ সুঁতিত নতুনৰ তৰংগ আনে।
বিশ্বশিল্পী, জনতাৰ শিল্পী ভূপেন হাজৰিকাৰ গীতত আছিল প্ৰখৰ সমাজ চেতনাৰ মূৰ্ত অভিব্যক্তি। স্বদেশ প্ৰীতিৰ লগতে বিশ্ব ভাতৃত্ববোধ, উচ্চ-নীচৰ প্ৰাচীৰ ভঙাৰ প্ৰয়াস, খাটি খোৱা মেহনতী জনতাৰ প্ৰতি সীমাহীন দৰদ, জাতি-ধৰ্মৰ দম্ভ অহংকাৰ মষিমূৰ কৰি শোষণ মুক্ত সমাজ গঢ়াৰ পণ তেখেতৰ গীতত ভাস্বৰ হৈ জিলিকি উঠিছিল। বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে আটি আটি বন্ধাৰো তেখেতৰ গীতৰ পণ আছিল। সামাজিক চেতনাৰ তীব্ৰতা তেখেতৰ শিল্পী জীৱনৰ আৰম্ভণিতে লিখা গীত-
“অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম
সৰ্বহাৰৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম
নতুন ভাৰত গঢ়িম।”
অগ্নিযুগৰ ফিৰিঙতি হৈ নতুন অসম গঢ়াৰ পণ লোৱা শিল্পীজনাই সৰ্বহাৰাৰ প্ৰতিও দৰদী মন লৈ সৰ্বস্ব ওভতাই দি নতুন ভাৰত গঢ়াৰ অভিস্পা গীতৰ মাজেৰেই ব্যক্ত কৰি থৈ গৈছে। শ্ৰোতাৰ হৃদয়তন্ত্ৰীত ঝংকাৰ তোলা বিশ্বশিল্পী জনাৰ “মনিৰাম দেৱান” কথা ছবিত ব্যৱহৃত
‘‘বুকু হম হম কৰে
মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হৈ মই কিমতে তৰোঁ?
আই, তোৰে হৈ মৰোঁ।”
গীতটোত স্বদেশ প্ৰেমৰ গভীৰ স্বাক্ষৰ দেখিবলৈ পোৱা যায়। এই গীতটোত থকা আইগৰাকী যে দেশ মাতৃ গৰাকীয়েই সেয়া বুজি পোৱাত শ্ৰোতাৰ অকনো অসুবিধা নহয়।
আই অসমীৰ ৰূপ সুধাৰ মূৰ্ত প্ৰকাশ ঘটিছে শিল্পী গৰাকীৰ—
“অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশত সূৰ্য্য উঠা দেশ।” –
এই দেশৰ ৰসাল মাটিয়ে শিল্পীক নতুন নতুন সৃষ্টিৰ প্ৰেৰণা দিছে। সাৰুৱা উৰ্বৰা এই দেশৰ মাটিত গুটি পৰিলেই শইচ গজি যিদৰে লহ-পহাই বাঢ়ে সেইদৰে শিল্পীজনাই কলমৰ সাঁফৰ খুলিলেই নতুন নতুন সৃষ্টিৰ অন্বেষণ ঘটে। গীতেৰেই সমাজ বিৰ্বতন কৰিব খোজা শিল্পী জনাই সেয়ে আক্ষেপ কৰি বুঢ়া লুইতক প্ৰশ্ন কৰিছিল—
‘‘ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয়?”
সোণতকৈ মানুহৰ দাম থকা সমাজ গঢ়াৰ তেখেতৰ পণ আছিল। সেয়ে সুধাকণ্ঠই মুক্তকণ্ঠে গাইছিল—
‘‘জীয়াই থাকি এখন সমাজ গঢ়াৰ মন আছে
য’ত সোণতকৈ মানুহৰ দাম আছে
অলপ হ’লেও বেছি দাম আছে।”
ঘৰৰ লুইতখনিৰ মৰম বুজি পোৱা শিল্পী জনাই লুইতক লৈ যিমান গীত ৰচনা কৰিছিল আন আন অসমীয়া গীতিকাৰে লুইত তথা ব্ৰহ্মপুত্ৰক লৈ সিমানখিনি গীত ৰচনা কৰা দেখিবলৈ পোৱা নাযায়। বহু কেইটা গীতত তেখেতে লুইত তথা ব্ৰহ্মপুত্ৰক প্ৰতিকী ৰূপতো উপস্থাপন কৰিছিল। ঈৰ্ষনীয় প্ৰতিভাৰ গৰাকী ড০ ভূপেন হাজৰিকাৰ সমন্বয় প্ৰয়াসী মনে সম্প্ৰীতিৰ নিদৰ্শনো প্ৰত্যক্ষ কৰিছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ বৈ যোৱা উচ্ছল জলতৰংগত। তেখেতৰ ভাষাৰে—
“মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
ক’ত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ।”
মানুহ আৰু মানৱতা আছিল শিল্পীজনৰ প্ৰিয় বিষয়। নিপীড়িত জনতাৰ কথা, মানুহৰ মুকুতিৰ কথা তেওঁৰ গীতত বাৰে বাৰে উচ্চাৰিত হৈছিল। সেয়ে আফ্ৰিকা ভ্ৰমণৰ সময়ত কাইৰোৰ নীল নদীৰ পাৰত তেওঁ লিখি উলিয়াইছিল ঘৰৰ লুইতখনিক লৈ মানুহৰ মুকুতিৰ কথা কৈ—
“লুইতৰে পাৰৰে গাঁৱৰে মৰিশালিত
ৰংমনে নিতৌ চিঞৰে কৈ বোঁৱতী মনৰে কথা
পাহৰি পেলালোঁ বুৰঞ্জীয়ে গোৱা
সামন্ত যুগৰে কথা
সময়ৰ সাহেৰে
লিখি যাম আজি মই
মানুহৰ মুকুতিৰ কথা।”
ড০ হাজৰিকাদেৱৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মানৱতাবাদী গীতটো হ’ল-
‘‘মানুহে মানুহৰ বাবে
যদিহে অকনো নাভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া?” –
এই গীতটোত গভীৰ মানৱ প্ৰেম গীতিকাৰে যি ভাবে প্ৰতিফলিত কৰিছে সেয়াই এই গীতটোক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে সময়ৰ সোঁতে মচি দিব নোৱাৰা এটি কালজয়ী গীতলৈ উত্তৰণ ঘটাইছে।
ভূপেন দাই নিজেই কৈ থৈ গৈছে— ‘‘একোটাহঁত গীতে একো একোটা জাতিক ভবাই তুলিব পাৰে, জগাই তুলিব পাৰে, বহ্নিমান কৰিব পাৰে।” ১৯৭৩ চনৰ বাৰ্লিনৰ আন্তজাৰ্তিক ছেমিনাৰত তেওঁ কৈছিল— “গান সামাজিক পৰিৱৰ্তনৰ সুনিশ্চিত আহিলা। গান লিখিবলৈ বা গাবলৈ সমাজ সচেতনতাৰ খুব প্ৰয়োজন। মই কিন্তু সমাজ সচেতনতা লৈয়েই জন্ম গ্ৰহণ কৰিছোঁ। সেই সমাজ সচেতনতা লৈ সৃষ্টি কৰি আছোঁ, সৃষ্টি কৰি যাম আৰু চকুও মুদিম সমাজ সচেতনতা লৈয়েই। মোৰ দৃঢ় বিশ্বাস সমাজ সচেতনতা হ’ল ইন্ধন, সামাজিক জাগৰণ হ’ল অগ্নি। এই অগ্নিয়ে দুষ্কৃতিক পুৰি ছাই কৰি মাটিৰ সংস্কৃতিক ন গজালি মেলাত সহায় কৰে।” – (মই এটি যাযাবৰ খুব ইচ্ছা আছিল সাহিত্যিক হোৱাৰ)
এই সমাজ সচেতনতা লৈয়েই তেওঁ ১৯৬৮ চনত লিখি উলিয়াইছিল এটি কালজয়ী গীত—
‘‘আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ’ব
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব।”
১৯৬৮ চনতে লিখা এই গীতটো আজিও কিমান প্ৰাসঙ্গিক ভাবিলে আচৰিত লাগে। তেখেতৰ সামাজিক অন্তদৃষ্টি কিমান দূৰদৰ্শী আছিল তাৰেই প্ৰমাণ এই গীতটো।
যুগ যুগ ধৰি বৰ বৰ মানুহে সৰু সৰু মানুহক নিজৰ স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰি আহিছে। সৰু সৰু মানুহেই বোজা কঢ়িয়াই দেহৰ ঘাম সৰাব লাগে। শাসকেও শাসনৰ চলেৰে শোষণৰ টোপোলা মেলে। তাৰ বাবে তেওঁ নিৰ্ভীক প্ৰতিবাদ গীতেৰেই কৰিছিল
“যুগ যুগ ধৰি এচাম লোকে
শোষণ কিমাননো কৰিব?
নতুন সূৰ্য্যক ক’লা ডাৱৰে
আৰুনো কিমান ঢাকিব?”
একেই উপলব্ধিৰে লিখা অন্য এটি গীত-
“দোলা হে দোলা দোলা
…. বৰ বৰ মানুহৰ দোলা।” –
সংগীত সাম্ৰাজ্যৰ মুকুট বিহীন সম্ৰাটজনে মানুহেই দেৱ, মানুহেই সেৱ— এই কথা অন্তঃকৰণৰে বিশ্বাস কৰিছিল বাবেই মানুহৰ মাজত অন্তৰায় হ’ব পৰা খ্যাতিকো জলাঞ্জলি দিয়াৰ পোষকতা কৰিছিল। সেয়ে সুধাকণ্ঠই গাইছিল—
“জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়
বহু ধনৰ লোভে যদি মানুহ পাহৰায়
মানুহ যদি মানুহৰে হয় অন্তৰায়
(তেনে) দূৰতে থাওক খ্যাতি আৰু মিছা ব্যৱসায়।”
আজীৱন ধৰাৰ দিহিঙে দিপাঙে লৱৰি ফুৰা যাযাবৰ শিল্পী জনাৰ গীতৰ মাজত প্ৰতিফলিত হৈছে সৰ্বসাধাৰণ মানুহৰ হা-হুমুনিয়াহ, নোপোৱাৰ বেদনা, যাতনা পিস্ত জীৱনৰ দুখ-দুৰ্দশাৰ জীৱন্ত ছবি। কোমল শব্দ চয়ন, যথাৰ্থ-শব্দোচ্চাৰণ, অনুভূতিৰ তীব্ৰতম প্ৰকাশ আৰু ওপজা মাটিৰ মৌ-মিঠা গোন্ধ তেওঁৰ গীতৰ অন্যতম বৈশিষ্ট্য। সেয়ে তেওঁৰ প্ৰতিটো গীতেই চিৰসেউজ, কালোতীৰ্ণ, যুগোত্তীৰ্ণ গীত। তেওঁৰ গীত শুনিলে শ্ৰোতাৰ মন দাপোনত ছবি এখন ভাহি উঠে। – “শীতৰে সেমেকা ৰাতি
বস্ত্ৰ বিহীন কোনো খেতিয়কৰ
ভাগি পৰা পজাঁটিৰ
তুঁহ জুই একুৰাৰ উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ”-
ইয়াত শীতত ঠেৰেঙা লগা জাৰত উমাল কাপোৰ অবিহনে কঁপি থকা খেতিয়কজনৰ ছবি স্বতস্ফুটভাৱে ভাহি উঠাই নহয়, সেই নিঃস্ব, কাঙাল খেতিয়কজনৰ প্ৰতি অকৃত্ৰিম দৰদো ওপজে। গায়কৰ দৰেই শ্ৰোতাৰো খেতিয়কজনৰ প্ৰতি কিবা এটা কৰাৰ, কিবা এটা দিয়াৰ হেঁপাহ জাগি উঠে।
জ্যাতিভিমান, মিছা-দম্ভ-অহংকাৰ, উচ্চ-নীচৰ ভেদা-ভেদে সমাজৰ কৌটিকলীয়া সম্প্ৰীতিৰ এনাজৰীডাল বাৰে বাৰে চিঙিব খোজে। জাতি-ধৰ্মৰ ভেদা-ভেদে প্ৰগতিৰ অন্তৰায় হৈ থিয় দিয়ে। এচামে এইবোৰকে লৈ ধৰ্মৰ বেপাৰী হৈ বৰঘৰৰ বৰপেৰাত ধনৰ টোপোলা সাচে। সঁচা শিল্পী এইবোৰ দেখি প্ৰতিবাদী হৈ উঠে। ঐক্যৰ এনাজৰী কুটিব খোজা, সম্প্ৰীতিৰ এনাজৰী কুটিব খোজা সমাজৰ এই নিগনি সদৃশ ব্যক্তিবোৰক ৰঙা চকু দেখুৱাই প্ৰতিবাদ কৰে। সেই প্ৰতিবাদ কথাৰে, কামেৰে, গীতেৰে, কবিতাৰেও হ’ব পাৰে। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গাই শ্ৰোতাৰ হৃদয় সিংহাসনত আৰোহণ কৰা ভূপেনদাই যুৱক প্ৰশান্ত দাস আৰু যুৱতী অনামিকা গোস্বামীক প্ৰতিকী অৰ্থত উপস্থাপন কৰি তেওঁলোকৰ প্ৰেমক স্বীকৃতি দি জাতি ভেদৰ প্ৰাচীৰ ভঙাৰ প্ৰয়াস কৰিছিল এনেদৰে
‘‘একৈশ শতিকাৰ প্ৰথম পুৱাৰ জিলিকনি
চাবলৈ আছোঁ বাট চাই
উনবিংশ শতিকাৰ ধ্যান ধাৰণাই বিংশ শতিকাত শোভা নাপায়।”
সংঘাতে অনা প্ৰগতিৰ নতুন দিগন্তৰ নতুন উত্তাপ লৈ অফুৰন্ত আশাৰে আৰু সাহস ভৰা কণ্ঠেৰে সুত খোৰ মহাজনৰ বিপৰীতে থিয় দি তেওঁ আৰ্ত, নিঃস্ব খেতিয়ক জনৰ পক্ষত থিয় দি গাইছে—
‘‘ধান নিদিওঁ ঋনো নলওঁ
সুদ নিদিওঁ আৰু
মহাজনৰ নিঠুৰ বুধি
সহোঁ কেলেই বাৰু?
বহুতো যে ঘাম সৰালোঁ
তেজো বুকুৰ বহুত দিলোঁ
কাচিখনত শাল দিলোঁ
সাহস ভৰি পৰে।” –
এই সাহসৰ বীজ মন্ত্ৰই বহু দিশহাৰা কৃষকক পথ দেখুৱাই। এই সাহসৰ বীজ মন্ত্ৰক গুপুতে আলিংগন কৰি জীয়াই থকাৰ সংগ্ৰামখনিত আগুৱাই যাবলৈ প্ৰেৰণা পায়।
ভূপেনদাৰ এনে অজস্ৰ সৃষ্টি আছে য’ত সহস্ৰ জীৱন দায়িনী শক্তি আছে। আত্মমনোবল হেৰুৱাই জীৱনটোৰ প্ৰতি মোহ ভঙ্গ হোৱাজনকো তেখেতৰ গীতে পুনৰায় প্ৰবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি তুলিব পাৰে। তেওঁৰ লক্ষ্যই আছিল এখনি ধৰা যি মাথোঁ জ্যোতিষ্মান। আজীৱন উৰণীয়া মৌ হৈ ধৰাৰ দিহিঙে দিপাঙে লৱৰি ফুৰা যাযাবৰ শিল্পীজন যে লক্ষ্যবিহীন নাছিল মানৱ সাগৰত সাঁতুৰি নাদুৰি সঁচা মুকুতাহে বুটলি ফুৰিছিল সেয়া তেওঁ নম্ৰতাৰে অকপটে স্বীকাৰোক্তি দিছে এনেদৰে -‘‘আন এবিধ যাত্ৰীয়ে আকৌ মানৱ সাগৰৰ পাৰে পাৰে চিকমিকাই থকা অৰ্থহীন শামুকৰ খোলা আৰু ভগা-ছিগা চিচাৰ টুকুৰাবোৰেৰে মোনাখনি নভৰাই সাগৰত নামি সাঁতুৰি-নাদুৰি সঁচা মুকুতা বিচৰাৰ নম্ৰ প্ৰয়াস কৰে— নম্ৰ প্ৰয়াস। তাকে হয়তো আজীৱন ময়ো কৰি যোৱাৰ চেষ্টাত আজিও ধাৱমান-মোৰ লক্ষ্যঃ এখনি ধৰা যি মাথোঁ জ্যোতিষ্মান।” (দিহিঙে দিপাঙে- সাগৰ সংগমত কতনা সাঁতুৰিলোঁ)
পৰিধি নমনা তেখেতৰ চিন্তাই অকল যে গৃহভূমিৰ নিপীড়িত, নিঃস্ব সকলৰ বাবেই হাহাকাৰ কৰি উঠিছিল তেনে নহয় বহু বিদেশৰ বনুৱা দেখি, ক্ৰীতদাস দেখি তেওঁ চিন্তিত হৈ পৰিছিল। গীতেৰেই তেওঁ কৈ গৈছে-
‘‘বহু দেশে দেশে গৃহদাস দেখি চিন্তিত হওঁ বৰ
মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ।”
মুঠৰ ওপৰত তেওঁৰ গীতত মানুহৰ কল্যাণ সাধনৰ চেষ্টা সদায় অবিৰত। তেখেতৰ গনমুখী চিন্তা চেতনাৰ বাবেই জীৱন কালতেই কিংবদন্তী পুৰুষলৈ উত্তৰণ ঘটিছিল। আমাৰ এই চমু আলোচনাত হাজৰিকাদেৱৰ থাউকতে পোৱা মাত্ৰ কেইটিমান গীতহে তুলি ধৰা হৈছে। ইয়াৰ বাহিৰেও তেখেতৰ প্ৰতিটো গীতেই সমাজখনক একো একোটা বাৰ্তা দি যায়। সেয়ে লুইত থাকে মানে, অসমীয়া ভাষা থাকে মানে, অসমীয়া জাতি থাকে মানে ভূপেন হাজৰিকাও অসমীয়াৰ হিয়াৰ আমঠু হৈ জ্যোতিষ্মান হৈ থাকিব। তেখেতৰ সুৰৰ পানচৈত উঠিয়েই নতুন গীতিকাৰে ন-কৈএডৰা গানৰ বীজ গজাব। যি গানে অসমীয়া জাতিক জগাব। চেতনাৰ স্ৰোতত নতুনৰ লহৰ তুলিব।
—————-**———