সিদিনাৰ আকাশ

লেখক- নূপুৰ হাজৰিকা

সিদিনাৰ আকাশখন 

আজি নাই ইয়াত।

তৰাৰে ফুটফুটিয়া আকাশখন 

আমাক আবৰি ধৰা আকাশখন সেইদিনা !

 

কেইবাৰাতি 

তৰাবোৰ খহি পৰা শুনিছোঁ 

ওখ ওখ সৰলৰ শুকান গুটি সৰি পৰা টুং টাং শব্দ  !

সৰলৰ পাতে দ’ম বন্ধা ৰঙামাটিৰ এঢলীয়াত তৰাবোৰ যেন বুটলি থাকিমগৈ 

আকৌ সন্ধিয়া আকাশত বুটা বাচিম  !

 

যেতিয়া কিন্ কিনকৈ বৰষুণজাক পৰিব 

বতাহৰ সোঁ সোৱণিত মেঘে মেঘে কঁপিব মনৰ একান্ত নিজা আকাশ !

 

তুমি চাবাচোন,

পাহাৰৰ এঢলীয়াইদি 

মই পিচলি গৈ থাকিম 

গৈ থাকিম  !!

 

আৰু এদিন শুনিবা …

 

সৰল গছবোৰে আকাশক কন্দুৱাই আছে 

কন্দুৱাই আছে 

 

ৰেপনি তুলি  তুলি তুমুল বৰষুণ 

পাহাৰৰ পৰা কেৱল ৰঙামাটিৰ ঢল !!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!