অজয় কুমাৰ ৰায়ৰ ’বাসন্তী বজাৰ’

গ্ৰন্থ সমালোচক — দেৱজিত নাথ৷

শিল্প-সাহিত্যৰ উদ্দেশ্য ? কি কৰিব বিছাৰে লিখি ? কিহৰ সন্ধান, কি অন্নেষণ, কি বিশ্লেষণ ? মানৱতাবাদীৰ বাবে সেয়া মানুহ। মানুহৰ স্বৰূপ, বিভিন্ন  কাঠামোৰ ওপৰত বিভিন্ন ৰূপত গঢ়ি উঠা একোটা সৌধস্বৰূপ মানুহৰ ৰূপ। পুঁজিবাদী সমাজৰ সৃষ্টি বিকৃত, ক্ষয়প্ৰাপ্ত, লয়প্ৰাপ্ত মানুহ। আৰু এই বিকৃতিৰ খাদৰ পৰা উঠাই মানুহক উদ্ধাৰৰ অন্নেষণ শিল্প-সাহিত্য ??!!!

 

অজয় কুমাৰ ৰায় নিশ্চিতভাৱেই সমসাময়িক মানুহৰ এই বিকৃতিত বিব্ৰত আৰু বিক্ষুব্ধ। আৰু সেয়ে চাৰিওফালৰ বিভিন্ন ঘটনাই তেওঁৰ চেতনাত নিৰন্তৰ আঘাত কৰে আৰু তাৰেই প্ৰাবল্যই কেতিয়াবা সেই কাহিনীবিলাক নিৰ্মাণ আৰু কথনৰ বাবে তেওঁক প্ৰৰোচিত কৰে। ‘বাসন্তী বজাৰ’ তেনেকুৱা তেৰটা কাহিনীৰ থুপ। 

 

অজয়ে নিজৰ ওচৰৰ মানুহবিলাকৰ কাহিনীকে কয়। চিনাকি চৰিত্ৰবোৰ যিসকল স্তৰীকৃত সমাজৰ তলৰফালে বা প্ৰান্তত থাকে, সামাজিক-ৰাজনৈতিক-আৰ্থিক পীড়নত ছন্দহীন যাৰ জীৱন সেইসকলৰ দুখ-ক্লেশ তেওঁৰ. অতি পৰিচিত আৰু তাৰ সমভাগী।

আৰু এই নৈকট্যৰ বাবেই গল্পসমূহ এজন omniscient কথকে প্ৰত্যক্ষভাৱে কৈ গৈছে। কথক বা লেখক নিজেই কেতিয়াবা কাহিনীৰ চৰিত্ৰ হৈও হাজিৰ হৈছে। 

 

’বাসন্তী বজাৰ’ আৰম্ভ হৈছে সৰু এটা দুৰ্ঘটনাৰ আঁত ধৰি। নজৰুল ড্ৰাইভাৰৰ অটোত খুন্দা খাই বংশী কলিতা চাইকেলেৰে স’তে বাগৰি পৰে। ফাৰ্মাচীৰ মানুহে একো বিশেষ নোহোৱা বুলি কোৱা দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি চৰিত্ৰসমূহৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ মাজেৰে সমসাময়িক সমাজত প্ৰবল হৈ পৰা অসূয়া-আক্ৰোশ, পুঁজিবাদ আৰু তাৰ অন্যতম অস্ত্ৰ সাম্প্ৰদায়িকতাই যি বিকৃত মানুহ আমাক উপহাৰ দিছে তাৰ সুক্ষ্ম বৰ্ণনা দিছে। আৰু কিম্ভূত-কিমাকাৰ মানুহৰ মুক্তিৰ পথ দেখুৱাব বিছাৰিছে বংশী কলিতা আৰু নজৰুলে ৰেৱতী বুঢ়ীৰ দোকানত চাহ খাবলৈ যোৱা দৃশ্যৰে। বাসন্তী বুঢ়ীৰ একমাত্ৰ সৰু চাহ দোকানখনেৰে আৰম্ভ হোৱা আজিৰ এই ডাঙৰ বজাৰখনৰ দৰেই হয়তো বংশী-নজৰুলৰ gestureএই এদিন ভাল সময় আনিব।

 

কিতাপখনৰ প্ৰথমটো গল্প ’যতীন দাসক আমি পাহৰি যোৱা উচিত’। চৰম হতাশাত আত্মহননৰ পথ লোৱা ভেঞ্চাৰ স্কুলৰ শিক্ষক এজনৰ কাহিনী। কাহিনী পঢ়ি আমিও অনুভৱ কৰিম যে যতীন দাসক কিয় পাহৰি যোৱা উচিত? কাৰণ যতীন দাসক জীয়াই থাকিবলৈ তেওঁৰ মানুহখিনিয়ে কিবাধৰণেও প্ৰেৰণা দিছেনে? কাহিনীটো পঢ়িলেই আমি পাওঁ সেই সমাজ বা তাৰ চৰিত্ৰসমূহৰ কোনেও যতীন দাসক কোনেও সাহস দিব পৰা নাই, জীৱনৰ বাবে উজ্জীৱিত কৰা নাই। এয়া হোৱাৰ আঁৰৰ সত্য হ’ল পুঁজিবাদী সমাজ ব্যৱস্থাৰ চৰম আত্মকেন্দ্ৰিক পৰিৱেশত মানুহে আনক প্ৰেৰণা দিয়াৰ, আনৰ জীৱন উজ্জীৱিত কৰাৰ সামৰ্থ হেৰুৱাই পেলায়। সেয়ে আমি দেখিছোঁ-  প্ৰচলিত ব্যৱস্থাই যতীন দাসক নবচালে, জনপ্ৰতিনিধিৰ চৰম নিৰ্লিপ্তি , ডিম্বে ঠিকাদাৰৰ শগুন চকু স্কুলৰ মাটিখিনিত, এসময়ত মহান উদ্দেশ্যৰে স্কুললৈ মাটি দান কৰা মাটিৰ মালিক মহত্ত্বৰ উদ্দেশ্যৰ পৰা খহি পৰিছে, এসময়ত একেলগে আন্দোলন কৰা নৰহৰি মাস্তৰে নিজৰ চাকৰিটো হোৱাৰ পাছত চৰম সংবেদনহীনতাৰে হতাশ কৰে যতীন দাসক। গতিকে যতীন দাসক পাহৰি যোৱাই উচিত বুলি এই শ্লেষ !!! 

 

আন এটা পঢ়ি সিয়ৰি উঠিবলগীয়া গল্প হ’ল ’দুটা ভূতৰ গল্প’। পুঁজিবাদৰ তপত ৰ’দত ক্ৰমশঃ শুকান হৈ পৰিছেে সমাজ। এয়া চহৰ-গ্ৰাম সকলোতে বিয়পিছে। মনুষ্যত্ব নিৰ্বাসিত এই পৰিৱেশত আনক জীৱনৰ উম দিয়াৰ সামৰ্থ মানুহে হেৰুৱাই পেলাইছে। পেট্ৰলে পোৰা শৰীৰেৰে এক সুন্দৰ মনৰ মহিলা ভানু পেহী অনাদৰ-অৱহেলাত সংকুচিত হৈ পৰিছে। লেখকক প্ৰেমৰ গল্প লিখিবলৈ দাবী কৰা পেহীৰ জীৱন বৰ্ণহীন হৈ পৰিছে। হয়তো এই গুলুম মাৰি ধৰা হতাশা, বৰ্ণহীন জীৱনটোক ৰঙীন কৰাৰ অৱদমিত বাসনাকে বিকৃত ৰূপত সাকাৰ দিছে পেহীয়ে ছিলিং   ফেনত ওলমি।

 

’মই উধাতু খাই ভানু পেহীৰ কোঠালৈ লৰ দিলোঁ বুঢ়ীক ঠেলা মাৰি। খোলা দৰ্জাৰে যি দেখিলোঁ সেয়া আছিল এক ভয়ংকৰ দৃশ্য। 

 

এটা নাঙঠ শৰীৰ। গোটেই শৰীৰৰটো বিচিত্ৰ ৰঙা নীলা ফাকুৱা আৰু ছবি আঁকিবলৈ ব্যৱহাৰ কৰা ৰঙৰ প্ৰলেপ। মুখ, ডিঙি, বুকুৰ শুকান স্তন, কঁকালৰ নিম্নাংশ- এক বিচিত্ৰ ৰঙৰ সমাহাৰ। ফেনত ৰচী লগাই ওলমি থকা এটা ৰঙীন ভূত। ভূতটো জ্বলি যোৱা ভানু পেহীৰ বুলি চিনিব পৰা নেযায়। জুমনেও ভয় নেখাব কিজানি।

মই চাই থাকিলোঁ ৰঙীন ভূতটোলৈ।”

 

গল্পটো এনেদৰে শেষ কৰিছে। পঢ়ি থাকোতে, ঠিক ৰাজহাড়ৰ পৰাই হ’ব কিজানি কিবা এটা যেন ৰি ৰি কৈ  ওপৰলৈ উঠি আহিছিল, মোক মৃদুকৈ কঁপাই  !!!

 

সুবিধা পালে কিতাপখনৰ এটা পূৰ্ণ পৰ্যায়ৰ আলোচনাৰ চেষ্টা কৰিম।

বন্ধুসকলে কিতাপখন কিনি পঢ়িব বুলি আশা এটা ৰাখিলোঁ ।।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!