পাবলো নেৰুদাৰ স্মৃতিকথা
লেখক- দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা

কিছুমান কিতাপৰ কেইপৃষ্ঠামান পঢ়িয়েই আফ্চোচ হয়, প্ৰাক্-যৌৱনৰ জোনালী-সোণালী দিনবোৰত এই কিতাপখন কিয় হাতত নপৰিল ! তেতিয়া আছিল কিতাপ পঢ়াৰ বাবে আগ্ৰাসী সময়, অন্ততঃ এতিয়াতকৈ ।
তেনে এখন কিতাপ হ’ল কবি পাব্লো নেৰুদাৰ এই আত্মজীৱনীখন । কিতাপখনত অংকিত দৃশ্যপটসমূহে এই কথা সোঁৱৰাই দিয়ে যে নেৰুদা অকল চিলিৰেই জাতীয় কবি নহয়, তেওঁ সমগ্ৰ পৃথিৱীৰ সকলো ভূখণ্ডৰ আটাইবোৰ নিপীড়িত, শোষিত জাতি-জনগোষ্ঠীৰ কবি । দেশ-কাল অতিক্ৰমী যেন নিনাদিত হৈছে পাব্লো নেৰুদাৰ শ্বাশ্বত কাব্যিক বাণী । তেওঁৰ কবিতাত অকল প্ৰেমৰ অমৃত বাণী আৰু বিদ্ৰোহৰ স্ফুলিংগই নাই আছে জাগতিক পৃথিৱীৰ সকলো স্বপ্ন আৰু স্বপ্নভংগৰ কাহিনী ।
ড০ হীৰেন গোহাঁইদেৱে এইগৰাকী নোবেল বঁটা বিজয়ী কবিৰ বিষয়ে কৈছে – পেব্ল’ নেৰুদা হ’ল হুইটমেনৰ দৰে সকলো অভিজ্ঞতা, সকলো অনুভূতি আঁকোৱালি লোৱা কবি- প্রত্যাখ্যান বা বিসর্জন তেওঁৰ স্বভাৱবিৰুদ্ধ। সেয়ে প্রতীকবাদ আৰু আধুনিক কাব্যৰ বিৰুদ্ধে প্রচণ্ড ধিক্কাৰ জনাই উঠিও তেওঁ স্বচ্ছন্দে তেওঁৰ কবিতাত এনে বাক্য, শব্দ, কল্পচিত্ৰ ব্যৱহাৰ কৰিছে যিবোৰত সেই ধিক্কৃত ধাৰাবোৰৰে অনুৰণন স্পষ্ট! আংগিকৰ বিষয়ে এইখিনি কৈ গোহাঁই ছাৰে আৰু কৈছে – এই বিষয়ে সন্দেহ নাই যে নেৰুদা জনসাধাৰণৰ কবি, মানুহৰ কবি। পার্থিব জীৱনৰ সকলো গ্লানি আৰু গৰিমা অকাতৰে তেওঁ নিজৰ কাব্যৰ অর্ন্তভুক্ত কৰি লৈছে। সেয়ে যৌন ক্ষুধাৰ পৰা ভোকাতুৰৰ পেটৰ জ্বালালৈকে, নিবনুৱাৰ গ্লানিৰ পৰা দালাল বেশ্যাৰ জীৱন বেহালৈ কোনো অপ্রিয় দিশলৈ তেওঁ চকু নিদিয়াকৈ থকা নাই। আকৌ সেইবাবেই প্ৰেমৰ অলৌকিক তৃপ্তি, সৃষ্টিশীল শ্ৰমৰ অপূর্ব বিস্ময়, মানুহৰ প্ৰতি মানুহৰ দৰদৰ চিৰন্তন ৰহস্য তেওঁৰ কাব্যত ক্ষোদিত হৈছে অবিস্মৰণীয়ভাৱে আৰু মানুহৰ এই প্রেম, সৃষ্টি আৰু আনন্দ মষিমূৰ কৰিব খোজা পুঁজিবাদী দানব সভ্যতাৰ বিৰুদ্ধে তেওঁৰ অভিশাপ আগ্নেয়গিৰিৰ উত্তাপৰে উদ্দ্গীর্ণ হৈছে। পৃথিৱীত মানুহৰ বাবে মানুহৰ শাসন প্রতিষ্ঠা কৰিব খোজা সমাজবাদৰ সংগ্ৰামত তেওঁ সেয়ে জড়িত হৈছিল কায়মনোবাক্যে। আজিও সংগ্রামী মানুহৰ জীৱনত নেৰুদা এখন নিছান। অথচ অকাতৰে এই সংগ্রামত লিপ্ত হৈও কবি নেৰুদাই তেওঁৰ কাব্যজীবন অবহেলা কৰা নাই। ৰাজনীতিৰ সাগৰত ওপৰে ওপৰে সাঁতুৰি নুফুৰি তেওঁ যেন সত্তাৰ অতল সাগৰত বুৰ মাৰিছে আৰু সংগ্রামী মানুহৰ জীৱনৰ চূড়ান্ত সত্য উদ্ধাৰ কৰি আনিছে। এই বাবেই বিশ্বকবি নেৰুদা নিবিড়ভাৱে দক্ষিণ আমেৰিকাৰ কবি, চিলিৰ কবি। তাৰ মৰুভূমি আৰু অৰণ্য, সাগৰ আৰু পাহাৰ, তাৰ আদিম জনজাতি আৰু নাগৰিক জীৱন, পৰিশ্ৰমী কৃষক আৰু পৰিশ্ৰান্ত খনিৰ বনুৱা তেওঁৰ কবিতাৰ ৰক্তস্পন্দনত মিহলি হৈ আছে।
এই আত্মজীৱনীখনৰ কথা গোহাঁই ছাৰে বখানিছে এইদৰে – হাঁহি আৰু চকুলো, আনন্দ আৰু বেদনা, প্রেম আৰু বিস্ময়, কটাক্ষ আৰু সহানুভূতি, ৰামধেনুৰ দৰে জিলিকি আছে ইয়াৰ পাতে পাতে।
আশাকৰোঁ সূচীপত্ৰখন দিলে ইচ্ছুক পঢ়ুৱৈয়ে কিতাপখনৰ বিষয়ে এটা ধাৰণা কৰি ল’ব পাৰিব ।
সূচীপত্র
■ প্রথম অধ্যায়ঃ গাঁৱৰ ল’ৰা
চিলিৰ হাবি
ল’ৰালি কাল আৰু কবিতা
শিল্পকলা আৰু বৰষুণ
মোৰ প্ৰথম কবিতা
তিনিগৰাকী বিধৱাৰ গল্প
মৰণাথলীত অভিসাৰ
■ দ্বিতীয় অধ্যায়: চহৰত নিৰুদ্দেশ
অৱসৰ গৃহ
লাজ
ছাত্র ফেডাৰেচন
এলবার্টো ৰোজা গিমেনেজ
শীতৰ দিনৰ বলিয়া
বৃহৎ ব্যৱসায়
মোৰ প্ৰথম কিতাপকেইখন
শব্দ
■ তৃতীয় অধ্যায়ঃ বিশ্বৰ বাটে-ঘাটে
ভেলপাৰাইজোত অনাই-বনাই ঘূৰি
এটি বিন্দুত চিলিৰ বাণিজ্যদূত
মাঁপাবনাছ
পূবলৈ সমুদ্রযাত্রা
এলভেবো
■ চতুর্থ অধ্যায়ঃ উজ্জ্বল একাকিত্ব
হাবিৰ প্ৰতিবিম্ববোৰ
ভাৰতবৰ্ষৰ এখন অধিৱেশন
বিশ্রান্ত দেৱতাসকল
নিঠৰুৱা মানুহৰ সংসাৰ
বৰলাৰ নৃত্য
কানি
সিংহল
কলম্বোৰ জীৱন
কলম্বো আৰু ছিংগাপুৰ
বাটাভিয়া
■ পঞ্চম অধ্যায়: স্পেইন মোৰ হৃদয়ত
ফেডেৰিকো কেনেকুৱা আছিল?
মিগুৱেল হার্ণাণ্ডেজ
সেউজী ঘোঁৰা
গ্রানাডাত ঘটা অপৰাধ
স্পেইনৰ ওপৰত মোৰ ৰচনা
যুদ্ধ আৰু পেৰিছ
নেঞ্চি কুনার্ড
মাদ্রিদৰ এখন মহাসম্মিলন
মুখা আৰু যুদ্ধ
■ ষষ্ঠ অধ্যায়ঃ মই নিপাতিতসকলক বিচাৰি গৈছিলোঁ
মই নির্ণয় কৰিছিলোঁ মোৰ পথ
ৰাফেল এল্বার্টি
চিলিত নাজীবাহিনী
ইচলা নেগ্রা
স্পেইনৰ মানুহবোৰ মোক ওভতাই দিয়া যায়
এক নাৰকী চৰিত্ৰ
এজন সেনাধ্যক্ষ আৰু এজন কবি
উইনিপেগ্
■ সপ্তম অধ্যায়: মেক্সিকো পুষ্পিত আৰু কণ্টকাকীর্ণ
মেক্সিকো পুষ্পিত আৰু কণ্টকাকীর্ণ
মেক্সিকোৰ চিত্রশিল্পীসকল
নেপোলিয়ন ইউবিকো
পিষ্টলৰ সংকলন
নেৰুডা কিয়
পার্ল হাৰ্বাৰৰ পূৰ্বক্ষণ
শম্বুকবিশাৰদ মই
আৰাউকেনিয়া
যাদু আৰু ৰহস্য
■ অষ্টম অধ্যায়: অন্ধকাৰাচ্ছন্ন মোৰ দেশ
মাচ্চু পিচ্ছু
নাইট্রেটৰ বিশাল প্ৰান্তৰ
গঞ্জালেছ ভিডেলা
দ্বিধাবিভক্ত শৰীৰ
জংঘলৰ এটি ৰাস্তা
এণ্ডিজ পর্বতমালা
ছেন মার্টিন্ দা লছ এণ্ডিজ
পাৰপত্ৰসহ পেৰিছত
শিপা
■ নবম অধ্যায়ঃ নির্বাসনৰ আৰম্ভণি আৰু অন্ত
ছোভিয়েট ইউনিয়নত
ভাৰতলৈ পুনৰাগমন
মোৰ প্ৰথম চীন ভ্রমণ
কেপ্টেইনৰ পদ্যাৱলী
নির্বাসনৰ অন্ত
নির্বিচাৰ সমুদ্রতত্ত্ব
∎ দশম অধ্যায়: সমুদ্রযাত্ৰা আৰু স্বদেশলৈ প্রত্যাবর্তন
মোৰ ঘৰত ভেঁড়া
আগষ্ট ১৯৫২-এপ্রিল ১৯৫৭
বুৱেনছ আয়াৰছত কাৰাবন্দী
কবিতা আৰু পুলিচ
শ্রীলংকালৈ পুনৰাগমন
দ্বিতীয়বাৰ চীন ভ্রমণ
চুখুমিৰ বান্দৰবোৰ
আর্মেনিয়া
সুৰা আৰু যুদ্ধ
পুনর্দখলীকৃত প্রাসাদবোৰ
নভোচৰসকলৰ যুগ
■ একাদশ অধ্যায়: কবিতা এক অভিৰুচিৰ বিষয়
কবিতা এটি পেছা
কবিতা
ভাষাৰ স’তে সহবাস
নিন্দুকসকলে যন্ত্রণা ভোগা উচিত
চুটি আৰু দীঘল ৰেখাবোৰ
মৌলিকতা
বটল আৰু লেখত-ল’বলগীয়া পুতলাবোৰ
কিতাপ আৰু সাগৰীয় শামুকৰ খোলা
ভঙা কাঁচ
মোৰ পত্নী, মেটিল্ডা উৰুটিয়া
তৰাৰ উদ্ভাৱক
মহান ইলুৱার্ড
পিয়েৰি ৰিভেদি
জেৰ্জি বৰেজা
গীয়র্জি চোমলিও
কোৱাচিমোড়ো
ভেলেজো জীয়াই আছে
গেব্রিয়েলা মিষ্ট্রেল
ভিচেন্টি হুইদোব্রো
সাহিত্যিক শত্রুসকল
সমালোচনা আৰু আত্মসমালোচনা
আন এটি বছৰ আৰম্ভ হ’ল
নোবেল বঁটা
ছেপ্টেম্বৰৰ পতাকা
প্রেছ্তিছ্
ক’ৰভিল্লা
স্টেলিন
সৰলতাৰ এটি পাঠ
ফিডেল কেস্ট্রো
কিউবাবাসীৰ পৰা অহা চিঠি
■ দ্বাদশ অধ্যায়: যন্ত্রণাকাতৰ মোৰ প্ৰিয় স্বদেশ
চৰমপন্থী আৰু গুপ্তচৰ
কমিউনিষ্ট
কবিতা আৰু ৰাজনীতি
ৰাষ্ট্ৰপতি পদপ্রার্থী
এলেন্দিৰ প্ৰচাৰাভিযান
পেৰিছত ৰাষ্ট্ৰদূত হিচাপে
চিলিলৈ উভতি
ফ্রে’ই
ট’মিক
এলেন্দি
(পৰৱৰ্তী এটা টোকাত এই অধ্যায়কেইটাৰ বিষয়ে লিখিম । )
……………………………………………………………………
তিনিটা কথাৰে এই ক্ষুদ্ৰ লেখাটো সামৰিব খুজিছোঁ । মই জনাত পাবলো নেৰুদাৰ এই আত্মজীৱনীখনৰ আৰু এটা অসমীয়া অনুবাদ আছে । অনুবাদকগৰাকী হ’ল ড০ হীৰেন গোহাঁই ছাৰৰ ডাঙৰ বাইদেৱেক ডা০ কমলা সেনগুপ্ত, যিখনৰ আগকথা লিখিছে স্বয়ং গোহাঁই ছাৰে । পাবলো নেৰুদা আৰু এই আত্মজীৱনীখনৰ বিষয়ে গোহাঁই ছাৰে কোৱা কথাখিনি এই আগকথাৰ পৰা লোৱা হৈছে ।
দ্বিতীয়তে, মই হাতত লোৱাখনৰ অনুবাদকগৰাকী হ’ল অৰুণ কুমাৰ শৰ্মা । অৰণ কুমাৰ শৰ্মা এগৰাকী কবি । আনহাতে নেৰুদাও এগৰাকী কবি হোৱা বাবে এই আত্মজীৱনীখনৰ ভাষাও ঠায়ে ঠায়ে কাব্যিক ব্যঞ্জনাযুক্ত আৰু অৰ্থঘন । দুয়োখন অনুবাদ হাতত লৈ দেখিলোঁ যে সেই কাব্যিক বাক্যবোৰ অসমীয়ালৈ অনুবাদ কৰাত অৰুণ কুমাৰ শৰ্মাই অধিক দক্ষতা দেখুৱাইছে । অৰ্থাৎ শৰ্মাদেৱৰ অনুবাদটো মূলৰ অধিক ওচৰ চপা । কিন্তু যিসকলে কাব্যিক ভাষাতকৈ চাধা-চিধা ভাষা বেছি ভাল পায়, তেখেতসকলে সেনগুপ্ত বাইদেউৰ অনুবাদটো পঢ়ি চাব পাৰে ।
তৃতীয়তে, আন এটা কথাইহে মোক বিষ্ময়-বিমূঢ় কৰিছে । শ্ৰীযুত অৰুণ কুমাৰ শৰ্মাদেৱে অৱসৰ পোৱা কেইবাবছৰো হ’ল । সাধাৰণতে এনে বয়সত মানুহে ইহকালৰ কথা বাদ দি পৰকালৰ কথা চিন্তা কৰে । আলস্য, জড়তা আৰু বেমাৰ-আজাৰে মানুহক কাবু কৰি পেলায় । কিন্তু এইবোৰ নেওচি শৰ্মাদেৱে ইখনৰ পাছত সিখন গ্ৰন্থ ৰচনা কৰি গৈছে পৃথিৱীখন আগতকৈ সহনীয় আৰু মোহনীয় কৰাৰ সপোন বুকুত বান্ধি । তেখেতৰ এই দৃঢ়চেতা মন আৰু সমজ-দায়বদ্ধ জীৱনে আমাক অনুপ্ৰাণিত কৰে ।
