অণুগল্পঃ – ভাস্কৰজ্যোতি বৰা


(১)অভিনয়

জীৱনৰ মধুৰতম সময়বোৰ মদাহী গিৰিয়েকটোৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ মাজেৰে পাৰ কৰা সত্বেও আনৰ সন্মুখত সদায় সুখী হোৱাৰ অভিনয় কৰি অহা ৰূপহীয়ে আজিও অকালতে মৃত্যু ঘটা গিৰিয়েকৰ মৃতদেহটো আগতলৈ সকলোৰে সন্মুখত অভিনয় কৰিলে।।

                   (২)পৰিচয়

     সুঠাম সুগঢ়ী ডেকা নিৰলাৰ পুতেকটোক দেখি বহুদিনৰ মূৰত সিহঁতৰ ঘৰলৈ ফুৰিবলৈ বুলি অহা দূৰ সম্পৰ্কীয় কথা চহকী খুড়ীয়েকজনীয়ে ক'লে,"এই খীন মীন মানুহজনীৰ ল'ৰা এইটো বুলি কোনেও নকয় দেই।"

         নিৰলাই একো ক’বলৈ নাপাওঁতেই পুতেকে মাত লগালে,”আপোনাৰ নিচিনা বোৰে নকয় খুড়ী।।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!