অণুগল্পৰ সৰ্ন্দভত মোৰ কিছু ক’ব লগা (ৰক্তিম গোস্বামী)
অণু গল্প সৰ্ন্দভত বহুতো আলোচনা-বিলোচনা হ’ল বা হৈ আছে। কোনোৱে ক’লে নিৰ্দিষ্ট কিছু বৈশিষ্ট থাকিলেহে এটা গল্প হয় আৰু এই নিয়ম অণু গল্পৰ ক্ষেত্রটো প্রযোজ্য। কথাটো হ’ল বাকী সমসাময়িক সাহিত্যৰ কথা যদি বাদ দিওঁ, অসমীয়াত অণু গল্পৰ চৰ্চা বা সৰল ভাষাত অণু গল্পৰ চৰ্চাৰ ধুমুহা প্রথম বা প্রকটভাবে এই অকব-ৰ মঞ্চতে হৈছে আৰু ইয়াৰ প্রবণতা ক্রমাৎ তীব্রতৰ হৈছে। মোৰ যদি ভুল হোৱা নাই এই প্রচেষ্টাৰ আভাষ মই প্রথম ৰণজিৎ কুমাৰ বৰা অণুগল্প আৰু লাকী আহমেদৰ ২ মিনিটৰ গল্পত দেখিছিলো।হয়তো প্রায় ৬ মাহ বা তাতোধিক সময় হ’ল এই পৰম্পৰাৰ আৰম্ভণি হোৱা। অকব ৰাইজে এই ধাৰাক সন্মতি দি উৎসাহেৰে আকোৱালি লোৱাই নহয়, যি যেনেকৈ পাৰা অণু গল্প বিপ্লবৰ অংশীদাৰ হ’বলৈ আগবাঢ়ি আহিল।এতিয়া অণুগল্পৰ প্রতি ৰাইজৰ আসক্তিৰ তীব্রতা সকলোৱে বুজিছে। অকবৰ এইটো এটা ‘অতি-বিশাল’ সফলতা।
এতিয়া নিয়মৰ কথালৈ আহো। আন আন বহু যুগান্তকাৰি সাহিত্য ধাৰাৰ দৰেই অসমীয়া অণুগল্পই অকব-ৰ মজিয়াতে হওঁক লাগে কোনো নিদিৰ্ষ্ট নিয়মৰ তাগিদা অবিহনে এক নিজা ৰূপত গঢ় লৈ উঠিছে। বহু সংখ্যক অণুগল্পই অতি কম শব্দত আৰু সাধাৰণ গল্পৰ থাকিব লগা বৈশিষ্ট বৰ্হিভূতভাবে একোটা অতি তত্বগধূৰ বাৰ্তা দিবলৈ সক্ষম হৈছে। এই খিনিতেই অণুগল্পৰ সাৰ্থকতা নহয় জানো? মোৰ ব্যক্তিগত চিন্তা ধাৰাৰে যিখিনি বুজি পাইছো তাৰ পৰা এইখিনিকে কব বিচাৰো যে ছুটি গল্প আৰু অণুগল্প ৰ মাজত ‘গল্প’ শব্দটো যদিও উমৈহতয়া তথাপিও দুয়োৰে প্রকাশ ধৰ্মীতা আৰু চৰিত্রৰ মাজত বৃহৎ পাৰ্থক্য আছে আৰু সেয়ে ছুটি গল্পৰ বৈশিষ্টসমূহ অণুগল্পত থাকিব লাগিব বুলি বা জাপি দিব বিচৰা কথাষাৰ যুক্তিসংগত বুলি নাভাবো।
অসমীয়া অণুগল্পৰ স্থিতি এইসময়ত তেনেই থুনুকা যদিও ই সৰহ সংখ্যক সাহিত্যৰসিকৰ সদৰ্থক সুৱাদৰ বাবে লাহে লাহে হ’লেও এটি স্বাস্থ্যবান ৰূপত গঢ়লৈ উঠা সকলোৰে দৃষ্টিগোচৰ হৈছে। ই আমাৰ বাবে, অকবৰ বাবে আৰু অসমীয়া সাহিত্যৰ বাবে সুখবৰ। মোৰ বোধেৰে অযথা চাৰিত্রিক বৈশিষ্টৰে অণুগল্পবোৰক উপচাব চেষ্টা কৰিলে অণু গল্পৰ স্বাভাবিক ধাৰা নষ্ট হ’ব লগতে এই ধাৰা স্তব্ধ হোৱাৰ সম্ভাবনাো নুই কৰিব নোৱাৰি। আমি এই কথা সদায় মন ৰখা উচিত যে প্রাকৃতিক সৃষ্টি সময়ৰ তাগিদাতেই নহওক কিয় সদায় উত্তম আৰু চিৰন্তন।
অণু গল্প নিজৰ স্বাভাবিক গতিত ধাৱমান হৈ নিজৰ চৰিত্র স্বাধীনভাবে নিজেই নিৰ্ধাৰণ কৰিলেহে অসমীয়া সাহিত্যত এক নতুন আৰু সবল ধাৰা আশা কৰিব পৰা যাব। স্বভাবিকতেই অণুগল্পকাৰসকলৰ সচেতন আৰু সুসংগঠিত প্রচেষ্টাই অণুগল্পৰ মাৰ্গ নিদৰ্শন কৰিব।
মন্তব্যসমূহ:
স্নেহাঙ্কৰ চক্ৰবৰ্ত্তী: এচাম সমালোচক ওলালে ভাল। মোৰ বোধেৰে লেখকে লেখি যাওঁতে নিয়ম সীমা এইবোৰত ব্যস্ত নোহোৱাই ভাল। সমালোচক নাথাকিলে কাৰ মূৰৰ ওপৰত নাচিবনো লেখকে? পাঠকৰ বাবে লেখকে স্বেচ্ছাই ধৰা দিয়াৰ মানসিকতা-বিশিষ্ট-বস্তু। সমালোচকৰ মূৰ ঘোলা কৰি নাকত ধৰি চাকত ঘূৰাবলৈ পালে লেখকৰ মূৰত লম্ভা কীটটোৰ অলস অৱশ নীৰৱতাৰ সিপাৰে কি থাকে?
ৰক্তিম গোস্বামী: “সমালোচকৰ মূৰ ঘোলা কৰি নাকত ধৰি চাকত ঘূৰাবলৈ পালে লেখকৰ মূৰত লম্ভা কীটটোৰ অলস অৱশ নীৰৱতাৰ সিপাৰে কি থাকে?”- হাঃহাঃহাঃ…এইটো নিশ্চিতই এটা অণুগল্প লেখকসকলৰ বাবেখূহুটিয়া আৰু আত্মতুষ্টিদায়ক দৃষ্টিকোণ…….
স্নেহাঙ্কৰ চক্ৰবৰ্ত্তী: হুঁ! (ন’ কমেন্ট)
মৃণাল কুমাৰ বৰা: ৰক্তিমদাৰ বিশ্লেষণটো ভাল লাগিল।
অনুপমা বৰগোহাঁই: “ছুটি গল্প আৰু অণুগল্প ৰ মাজত ‘গল্প’ শব্দটো যদিও উমৈহতিয়া তথাপিও দুয়োৰে প্রকাশ ধৰ্মীতা আৰু চৰিত্রৰ মাজত বৃহৎ পাৰ্থক্য আছে আৰু সেয়ে ছুটি গল্পৰ বৈশিষ্টসমূহ অণুগল্পত থাকিব লাগিব বুলি বা জাপি দিব বিচৰা কথাষাৰ যুক্তিসংগত বুলি নাভাবো। “-সম্পূৰ্ণ সমৰ্থন কৰো । সমাজ জীৱনৰ পৰিবৰ্তনৰ লগে লগে চিন্তা চৰ্চাৰো পৰিবৰ্তন হয় গতিকে সাহিত্যৰো লিখন কৌশল সলনি হ’ব – এই নতুন লিখন কৌশল পৰিক্ষণ নিৰিক্ষণ চলিয়েই থাকিব..নহলে সাহিত্য সীমিত ধাৰাৰ মাজত স্থবিৰ হৈ ৰব । সুসংসহত কল্পনা ,সুসংযত শব্দৰে অতি কম সময়ৰ ভিতৰত পাঠকৰ মন চুই যোৱা লিখনি এটা সৃষ্টি কৰিবৰ বাবে সাধনা লাগে । .. কিছুদিন আগতে অকব ত পঢ়া মৃণাল কুমাৰ বৰা, সিদ্ধাৰ্থ শৰ্মা ….এওঁলোকৰ অনুগল্প কিছুমানে মোৰ মনত গভীৰ ভাবে স্পৰ্শ কৰি গৈছে ….
সিদ্ধাৰ্থ শৰ্মা: মই একমত। বর্তমান ব্যস্ততাপূর্ণ সময়ত চুটি হলে পাঠকৰ পঢ়াৰ আগ্ৰহ থাকে। কেৱল এটি সুস্থ সর্বসন্মত ধাৰাৰ প্ৰয়োজন।
মনোৰঞ্জন মজুমদাৰ: ৰক্তিম গোস্বামী দা, ছমাহ নহয়, প্ৰায় দুবছৰেই হ’বৰ হ’ল অকবত চুটি গল্পৰ (চুটি গল্প নহয়) ধাৰা আৰম্ভ কৰা ৷ পৰীক্ষা-নিৰীক্ষা তেতিয়াৰ পৰাই তলি আছে৷
‘অণুগল্প(?)’ত যদি গল্পৰ উপাদান নাথাকে তেন্তে সেইটোক গল্প বুলি ক’ব জানো? তেতিয়া কথা কবিতা আৰু গল্পৰ মাজত পাৰ্থক্যই নাথাকিবচোন৷ সেইবাবেই কৈছোঁ যে সম্পৰীক্ষা সদায়েই আদৰণীয় কিন্তু তাৰ সূদৃঢ় ভেটী এটা থাকিব লাগিব। বিশেষকৈ সাহিত্যত৷| গল্পকাৰসকলে (নবীনসকলে) পোন প্ৰথমে অধ্যয়ন কৰি অভ্যাস কৰক। Facebook ৰ page হ’ল বুলিয়েই নিজৰ মতে এটা ধাৰা সৃষ্টি কৰি তাক জোৰ জবৰদস্তি গল্পটো সজাব নোৱাৰে৷ আপুনি ঠিকেই কৈছে, অযথা চাৰিত্ৰিক বৈশিষ্টৰ দৰকাৰ নাই৷ পেনস্কেটছৰ বৈশিষ্ট সেইটো নহয় ও৷
ৰক্তিম গোস্বামী: মনোৰঞ্জন মজুমদাৰ ডাঙৰীয়া, অলপ দীঘল হ’ল আপোনাৰ কথাখিনিৰ প্রসংগত যি পাৰো তাকে লিখিলো সীমিত জ্ঞানেৰে-
১)”ৰক্তিম গোস্বামী দা, ছমাহ নহয়, প্ৰায় দুবছৰেই হ’বৰ হ’ল অকবত চুটি গল্পৰ(ছুটি গল্প নহয়) ধাৰা আৰম্ভ কৰা ৷ পৰীক্ষা-নিৰীক্ষা তেতিয়াৰ পৰাই চলি আছে৷ ”
= অকব-ত অণুগল্পৰ প্ৰায় দুবছৰেই হ’ল বুলি জানি আচৰিত হোৱাৰ লগতে লাজোঁ পালো। অকবত সক্রিয়ভাবে থকাৰ পিছতো প্রায় দুবছৰ আগয়ে আৰম্ভ হোৱা ধাৰাটোৰ বিষয়ে আচৰিতভাবে অজ্ঞ হৈ ৰ’লো। (ধৰি লৈছো ইয়াত ছুটি গল্প বুলি অণুগল্পকে বুজাইছে)
২) ‘অণুগল্প(?)’ত যদি গল্পৰ উপাদান নাথাকে তেন্তে সেইটোক গল্প বুলি ক’ব জানো?
= গল্পৰ উপাদান থাকিব লাগিব। কিন্তু চুটিগল্পৰ চাৰিত্রিক বৈশৈষ্টসমূহেৰে অণুগল্পক সামৰি লোৱাৰ কথাটো যুক্তিসংগত নহয়।
৩) তেতিয়া কথা কবিতা আৰু গল্পৰ মাজত পাৰ্থক্যই নাথাকিবচোন৷|
= অণুগল্প আৰু কথা কবিতাৰ কথাটো ইয়াত খাপ খোৱা নাই যেন লাগিছে।
৪) “সেইবাবেই কৈছোঁ যে সম্পৰীক্ষা সদায়েই আদৰণীয় কিন্তু তাৰ সূদৃঢ় ভেটী এটা থাকিব লাগিব| বিশেষকৈ সাহিত্যত৷| গল্পকাৰসকলে (নবীনসকলে) পোন প্ৰথমে অধ্যয়ন কৰি অভ্যাস কৰক|”
=সজ কথা। লিখাৰ আগ্রহে নিশ্চিতই অধ্যয়ণৰ ফালেও অণুগল্পকাৰসকলক আকৃষ্ট কৰিব বুলি মোৰ বিশ্বাস।
৫) “Facebook ৰ page হ’ল বুলিয়েই নিজৰ মতে এটা ধাৰা সৃষ্টি কৰি তাক জোৰ জবৰদস্তি গল্পটো সজাব নোৱাৰে৷ ”
= অকব-ৰ মজিয়া এতিয়া কেৱল এক Facebook ৰ page হৈ থকা নাই। পৰীক্ষা নিৰীক্ষা চলি আছে ন ন লেখকৰদ্বাৰা, আলোচনা হৈ আছে। ৰাইজে মতামত দি আছে। এই সকলোবোৰ স্বতঃস্ফূৰ্টভাবে হৈ আছে আৰু এই প্রক্রিয়াই যদি এটা নতুন ধাৰাৰ জন্ময়ো দিয়ে তাত অসন্তুষ্টি প্রকাশৰ থল ক’ত আছে। অকবৰ অণুগল্পৰ ধাৰা এতিয়ায়ো সাহিত্যৰ বা সাহিত্যানুৰাগীৰ চোকা সমালোচনা সহিব পৰাকৈ কঠিন হোৱা নাই। আৰু অলপ সময়ৰ প্রয়োজন…
৬) “আপুনি ঠিকেই কৈছে, অযথা চাৰিত্ৰিক বৈশিষ্টৰ দৰকাৰ নাই৷| পেনস্কেটছৰ বৈশিষ্ট সেইটো নহয়ও৷”
= সহমত।
সিদ্ধাৰ্থ শৰ্মা: চেহ। বৰ লাজ পাইছো দেই। পৰীক্ষা নিৰীক্ষা চলি আছে। আমি ফুটকে নেপাওঁ। মোৰ দৃষ্টিত ৪৫টা অণুগল্পত এটাও শিকনিমূলক মন্তব্য নাছিল।
ৰক্তিম গোস্বামী: সিদ্ধাৰ্থ শৰ্মা, অলপ বুজোতে খেলি মেলি লাগিছে। আপুনি এইটো ক’ব বিচাৰিছে নেকি যে আপুনি পঢ়া ৪৫টা অণুগল্পই অৰ্ন্তসাৰ শূণ্য বা নিম্ন মানদণ্ডৰ?
সিদ্ধাৰ্থ শৰ্মা: মই আপোনাক উদ্দেশ্য কৰি কথাষাৰ কোৱা নাই। পৰীক্ষা সত্যতাৰ ওপৰতহে
কৈছো। ভূল নুবুজিব। ৰক্তিম ডাঙৰীয়া। মোৰ আপোনাৰ লগত সহমত আছে।
অনুপমা বৰগোহাঁই: সৌৰভ কুমাৰ চলিহাৰ এটা গল্প ( হয়তো বাৰ্ কাৰ’ল”)ত এজনী মাতৃৰ উপলব্ধি লিখি থৈছিলো বহী এখনত ..”অনু গল্প” লিখকসকলে পঢ়ি প্রেৰণা পাব পাৰে বুলি উদ্ধৃতি দিলো ..” চিন্তা কৰা, সৃষ্টি কৰা, জন্ম দিয়া সকলো বস্তু কোমল, মানুহৰ মন কোমল, প্রতিমা সজা মাটি কোমল, মাতৃগৰ্ভ কোমল । ..সৃষ্টি কৰিবলৈ হ’লে তাৰ লগত কষ্টও পাব লাগিব ।”..গঠণমূলক সমালোচনাক আদৰি লৈ সাহিত্যৰ এই নতুন ধাৰা- নতুন সৃষ্টি কৰি যাওঁক । চোকা সমালোচনাবোৰ নতুন সৃষ্টিৰ জন্ম যন্ত্রণা বুলি ধৰি লওক !!..সময়ে ইয়াক সাহিত্য হয নে নহয় স্বীকৃত দিব ..কিন্তু বৰ্তমান আমাৰ দৰে পাঠকে ইয়াক আদৰি ল’ব । পাঠকৰ বাবে লিখনি সৃষ্টি হয় –কেৱল প্রশংসা বা সমালোচনাৰ বাবে নহয় ।
ৰক্তিম গোস্বামী: (অনুপমা বৰগোহাঁইক উদ্দেশ্যি) হয় বাইদেউ, ১ মিনিট বা অণুগল্পৰ চৰ্চা দুই এটা ঠাইত আছিল বা আজিও আছে কিন্তু জনপ্রিয়তা বা সু-সংগিতভাবে সবল আত্মপ্রকাশৰ ক্ষেত্রত নিশ্চিতভাবেই এক আশাব্যঞ্জক সহাঁৰি হয়তো আজিও সাহিত্যৰসিকসকলৰ কম্য।
মৃণাল কুমাৰ বৰা: কেন্দ্ৰাভিমুখ নেকি বাৰু ? অনুপমা বাইদেউ।
ৰক্তিম গোস্বামী: প্রসংগক্রমে এই ৱেবচাইটোৰ লিংকো দিলো http://www.sauravkumarchaliha.org/
লাকী আহমেদ: ৰক্তিমদাৰ সৈতে একমত..মোৰ মতেও গল্প আৰু অনুগল্পৰ মাজত পাৰ্থক্য আছে,সেয়ে গল্পৰ সকলো বৈশিষ্ঠ অনুগল্পত থকিব লগিবই বুলি কোনো কথা নাই l গল্পত এটা ‘পূৰ্ণাংগ কাহিনী’ উপস্থাপন কৰা হয় আনহাতে অনুগল্পত ‘কম সময়সীমাৰ ভিতৰত সম্পৰ্ণ হোৱা এটা ঘটনা বা দৃ্শ্য’ ক পাঠকসকলৰ আগত দাঙি ধৰিবলৈ প্ৰ্য়াস কৰা হয়…কম শব্দৰ সহায়তে গভীৰ অৰ্থ প্ৰ্কাশ কৰিব পৰাটোয়ে অনুগল্প লেখকৰ সফলতা…!
মৃণাল কুমাৰ বৰা: ধন্যবাদ ৰক্তিম দা। মই সৌৰভ কুমাৰ চলিহ্মাৰ গল্প কেইটামানেই পঢ়ি আছিলোঁ আচলতে। বাৰকাৰল আৰু আৱাজ এই দুটা পঢ়ি কেন্দ্ৰাভিমুখটো চাওঁতে তাত টুকুৰা-টুকুৰ কাহিনীৰ দৰে দেখা যেন লাগিল।
মৃণাল কুমাৰ বৰা: অনুপমা বৰগোহাঁই বাইদেউ। আপোনাৰ কমেন্ট টো সম্পূৰ্নকৈ এতিয়াহে দেখা পালোঁ। সেয়ে খেলি-মেলি লাগিল আচলতে।
সিদ্ধাৰ্থ শৰ্মা: মিতব্যয়ী [এটা অণুগল্প]
সিদ্ধার্থই পুণৰ সমালোচনাৰ বাট মুকলি কৰাৰ উদ্দেশ্যেৰে চুটি গল্পটো চুটিকৈ আৰম্ভ কৰিলে।
নাম এটা কি দিম কি দিম বুলি ভাবোতেই শব্দ কৃপন বুলি সমালোচকে কোৱা কথাষাৰে মনটোক জোকাঁৰি গল।
মুখত মিচিকীয়া হাঁহি এটাৰে সি ‘মিতব্যয়ী’ নামৰ অনু গল্পটো ব্যস্ততাৰ মাজতো লিখি শেষ কৰিলে।
মনোৰঞ্জন মজুমদাৰ: মাজতে বহু মন্তব্য আহি গ’ল| যি কি নহওক, ৰক্তিম দাৰ লগত আলোচনাটো আগবঢ়াই নিওঁ| ১) অকবত বহু আগেয়েই চুটি গল্পৰ ধাৰা আৰম্ভ হৈছিল৷| সাহিত্য. অৰ্গৰ প্ৰথম সংখ্যাটো চাব পাৰে| ২) নিশ্চয়, কিন্তু এটা পেনস্কেটছত চাৰিটা বা ততোধিক চৰিত্ৰই যদি কথা কয়৷| (মানে মই তেনেকুৱা ধৰণৰ পেনস্কেটছ পঢ়িছোঁ, সেয়ে….)গতিকে ভিন্ন চৰিত্ৰৰ চাৰিত্ৰিক বৈশিষ্ট হয়তো কেতিয়াবা পেনস্কেটছত প্ৰয়োজনীয় হৈ পৰে| ৩) কখা কবিতাৰ প্ৰসংগটো এই কাৰণেই আনিছোঁ যে বহুকেইটা ‘অণুগল্প(?)’ পঢ়ি মোৰ কথা কবিতা পঢ়াৰ নিচিনা লাগিছে৷ | গদ্যৰ ব্যঞ্জনা কম অনুভৱ হৈছে৷| (মোৰ ব্যক্তিগত ধাৰণা) ৪) পোনপ্ৰথমে অধ্যয়ন, তাৰ পিছতহে অভ্যাস৷| নপঢ়াকৈ পৰীক্ষা দিবলৈ গ’লে সি নিৰ্ঘাত ফেইল হে মাৰিব| (পিছলৈ অৱশ্যে ষাণ্মাষিক পদ্ধতিত আমিও নপঢ়াকৈ পৰীক্ষা দিবলৈ গৈছিলোঁ) ৫) ঠিকেই, এইটো মাত্ৰ এটা গোট নহয়, আনকি কিতাপ এখনো প্ৰকাশ হৈ গৈছে৷| (অমুকা নিজেই কিতাপখনৰ প্ৰকাশৰ প্ৰস্তুতিৰ প্ৰথম অধ্যায়ত উপস্থিত আছিলোঁ, হাতে লিখা কাগজসমূহ এতিয়াও মোৰ ওচৰত জমা আছে)৷ সেইবাবেই অধ্যয়ন নকৰাকৈ অভ্যাস কৰিলে সমালোচকৰ সন্মুখীন হোৱাটো স্বাভাৱিক৷| ইয়াৰ ফলত লেখাৰ মান বৃদ্ধি হ’ব| ৬) ‘সহমত’ গতিকে মন্তব্য নিষ্প্ৰয়োজন || অনুপমা বাইদেই, নিঃসন্দেহে এয়া সাহিত্য| মাথোঁ অকবত ইয়াৰ ইতিহাস পুৰণি৷| নতুন নামেৰে নতুন লেখাৰ ধাৰা এটা ওলাইছে৷| গতিকে অকণমান অধ্যয়ন কৰি পাঠকৰ আগত মেলি দিলে পাঠকে আকোৱালি ল’ব| পঢ়িও ৰস পাব৷ চিন্তাৰ খোৰাক বিচাৰি পাব|
ৰক্তিম গোস্বামী: মনোৰঞ্জন মজুমদাৰ ডাঙৰীয়া গুৰুত্বপূৰ্ণ কথাখিনিৰ বাবে ধন্যবাদ জনালো। হয়, গোটেইখিনি কথা গ্রহণযোগ্য লগতে যুক্তি সংগতও গতিকে দ্বিমত নাই। আমি দুয়ো একে উদ্দেশ্যেৰেই কথা পাতি আছো মাথো ভবাৰ ধৰণটো অলপ বেলেগ বেলেগ।স্বভাবিক। মই স্বতঃস্ফূৰ্ট এটা ধাৰাৰ কথা কৈছো আৰু আপুনি সমধৰ্মীয় সাহিত্যৰ উপযুক্ত অধ্যয়ণৰ অন্তত অণুগল্পত সবল মনোনিবেশ কৰাৰ কথা কৈছে। এটা Inductive আৰু আনটো Deductive চিন্তা প্রক্রিয়া। এই দুয়োতাই আমাৰ ব্যক্তিগত বিচাৰ বা মতামত কিবা এটা ভালৰ বা নতুনৰ তাগিদাত। অণুগল্পৰ ধাৰা গঠনমূলক আলোচনা-বিলোচনাৰ মাজেৰে আৰু সৱল হওঁক।
অনুপমা বৰগোহাঁই: মনোৰঞ্জন ,কেৱল অনুগল্পই কিয় যিকোনো লিখনি ( সৃষ্টিতে ) সাধনা অৰ্থাৎ অধ্যয়ণৰ দৰকাৰ ..সকলো লিখকৰ চুটিগল্পত আমি চুটিগল্পৰ বৈশিষ্ট নাপাওঁ ,তাৰ অৰ্থ এয়া নহয় যে “চুটিগল্প”ক আমি চোকা সমালোচনাৰে থকা সৰকা কৰিম !! ( ইয়াত মই চুটিগল্পক অনুগল্পৰ শাৰীত ধৰি কোৱা নাই )..অধ্যয়ন নকৰাকৈ লিখা সৃষ্টি এটাক নিঃশ্চয় পাঠকে আদৰি নল’ব !! মোৰ মতে “ৱাক্যেং ৰসাত্মকং কাৱ্যং”- এই কাব্য সাহিত্যৰ ভিতৰত কবিতা,নাটক,উপন্যাস ,গল্প সকলো পৰে .. ‘অনুগল্প’ও পৰিব যদিহে ৰস সৃষ্টি কৰিব পাৰে আৰু এটা কথা মই বিশ্বাস কৰো “Brevity is the soul of wit” !
দেৱব্ৰত বৰা: এসময়ত বিষ্ময়, ৰহস্য আদি আলোচনীত প্ৰকাশ হোৱা এক মিনিটৰ গল্পবোৰ পঢ়িছিলো। আৰু পঢ়িছিলো চাদাত হাচান মান্টোৰ অতি চুটি গল্পবোৰ। প্ৰেমচন্দৰ কেতবোৰ গল্পও খুব চুটি আছিল। এক মিনিটৰ গল্পৰ এখন কিতাপো এসময়ত অসমীয়া ভাষাত প্ৰকাশ পাইছিল। পিছে কিতাপখন হেৰোৱা বাবে সেইখনৰ সম্পূৰ্ণ তথ্য মোৰ হাতত নাই। অসমীয়া সাহিত্যত অণুগল্পৰ ধাৰণাটো নতুন যেনেই মোৰ ভাৱ হয়। আগেয়ে লিখা এক মিনিটৰ গল্পৰ সৈতে অণুগল্প(মই আধামিনিটৰ গল্প নামটোহে পচন্দ কৰো)ৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত পাৰ্থক্য আছে। যিহেতু এই ধাৰণাটো নতুন সেয়ে অণুগল্পৰ বিষয়ে অসমীয়া ভাষাত কোনো সমালোচনাও চকুত পৰা নাই। ফে’চবুকৰ পাতত এনে লেখা দেখাৰ পাছত ময়ো কেইটামান এনে গল্প লিখাৰ চেষ্টা কৰিছো।এই ক্ষেত্ৰত ৰণজিৎ কুমাৰ বৰা ডাঙৰীয়াই উৎসাহ দিছিল। মই লিখা এনেধৰণৰ গল্পবোৰৰ প্ৰকৃততে কিবা সাহিত্যিক মূল্য আছেনে নাই মই নিজেও নাজানো। কিন্তু মই এইটোকে আশা কৰো যে মোৰ প্ৰিয় অণুগল্পই (মই নিজে লিখা গল্পৰ কথা কোৱা নাই।) অসমীয়া সাহিত্যত এক স্থান দখল কৰক। লগতে কোনো সদাশয় ব্যক্তিয়ে অণুগল্পৰ বিষয়ে যদি তথ্য দাঙি ধৰে আৰু অকব বা সাহিত্য ডট অৰ্গত প্ৰকাশ পোৱা অণুগল্পসমূহৰ এক সমালোচনা আগবঢ়ায়, তেনেহ’লে বেচ ভাল হয়।
ৰক্তিম গোস্বামী: দেৱব্ৰত বৰা ডাঙৰীয়া, বাংলা সাহিত্যৰ বৰ্তমান প্রচলিত ব্লগ বা ৱেবচাইটসমূহত যিবোৰ অণুগল্প চকুত পৰিছে সেইবোৰ আমাৰ ১ মিনিট বা ২ মিনিটৰ গল্পৰ লেখীয়া দীঘল । সেইফালৰ পৰা যদি চোৱা হয় অকব চলি থকা অণুগল্পৰ ধাৰাটোৰ (৫০-৭৫ শব্দৰ ) এক নিজস্ব বৈশিষ্ট আছে । মোৰ বোধেৰে সেয়েহে আমি বিচৰা ধৰণে অণুগল্পই অসমীয়া (ই) সাহিত্যত এক বিশেষ স্থান দখল কৰিবলৈ হ’লে কথাবোৰ স্বাধীনভাবে আৰু প্রচলিত এক নিৰ্দিষ্ট গণ্ডীৰ উৰ্দ্ধত চিন্তা কৰিবই লাগিব। এতিয়া প্রচলিত ‘অণুগল্প’ৰ লগত চাৰিত্রিকভাবে গাঢ় সামঞ্জস্য থকা এটি সঠিক নাম গণতান্ত্রিকভাবে নিৰ্বাচন কৰাটোও এক বিচাৰ্য্য বিষয়। অঞ্জলে এই ক্ষেত্রত আগভাগ ল’ব বুলি ধৰিলো যিহেতু ইতিমধ্যেই এই কথাক লৈ অঞ্জলে এটা পষ্ট দিছে।
মনোৰঞ্জন মজুমদাৰ অনুপমা বৰগোহাঁই বাইদেউ, সমালোচনাটো কৰিব লাগিবই, কাৰণ শিশু এটাই ‘ক’ আখৰটো লিখোতে ওলোটা পাকেৰে লিখিব পাৰে৷ জ্যেষ্ঠই দেখুৱাই নিদিলে সি ডাঙৰ হোৱালৈ তেনেকৈয়ে লিখি থাকিব৷ ঠিক তেনেকৈ অকবৰ গল্পকাৰসকলকো জ্যেষ্ঠসকলে চকু ফুৰাই দিলে তেওঁলোক উপকৃত হ’ব৷ আৰু ৰক্তিম দা, ধন্যবাদ সহমত পোষণ কৰাৰ বাবে৷ মোৰ কথা হ’ল , নতুন কিবা এটা যদি সৃষ্টি কৰিবই খুজিছা তেন্তে পূৰ্ণ প্ৰস্তুতিৰে কৰা৷ নহ’লে বাটত কৰ্ফাল খাই পৰাৰ সম্ভাৱনা থাকিব পাৰে৷ দেৱব্ৰত বৰা ডাঙৰীয়া, আপোনাৰ আধামিনিটৰ গল্পৰ সাহিত্যিক মূল্য আছে নে নাই সেই কথাত সন্দেহ প্ৰকাশ নকৰিবই৷ কাৰণ আপুনি নিজে বহু আগৰে পৰা তেনেধৰণৰ সাহিত্যৰ বিষয়ে অৱগত, যিহেতু আপুনি ক’লে যে আগতে এক মিনিটৰ গল্প আপুনি পঢ়িছিল৷ শুদ্ধ সমালোচনা গ্ৰহণ কৰাৰ মানসিকতাৰে লিখি যাওক৷ পাঠকৰ ধনাত্মক মন্তব্যই লিখকৰ মনোবল বৃদ্ধি কৰে লগতে কমাৰশালৰ হাতুৰীৰ কোব সদৃশ সমালোচনাই লিখনীৰ মান উন্নত কৰে৷
দেৱব্ৰত বৰা: মনোৰঞ্জন মজুমদাৰ ডাঙৰীয়া, মই সমালোচনাৰ দ্বাৰা এতিয়ালৈকে লিখা আধামিনিটৰ গল্পবোৰৰ সাহিত্যিক মূল্য আছে নে নাই সেইটোহে জানিব বিছাৰিছিলো। মই লিখোহে। তাৰ মূল্য নিৰ্ণয় কৰিব পৰা ক্ষমতা মোৰ নাই। ময়ো বিশ্বাস কৰো যে সমালোচনাই লিখনীৰ মান উন্নত কৰে৷
উৎপল জোনাক হাজৰিকা: ২০ কি ২২ বছৰ আগৰ কথা। যেতিয়াৰ পৰা বিস্ময় নামৰ আলেচনীখন পঢ়িব (লুকাই-চুৰকৈ) পৰা হলো গোপী তামূলী বোলা এজন লেখকৰ এক মিনিটৰ গল্প পঢ়া মনত পৰে। তেখেতে অবশ্যে ৰহস্য গল্পহে বেছিকৈ লিখিছিল। এক মিনিটৰ গল্পৰ চৰ্চাটো মোৰ বোধেৰে চেগা-চোৰোকাকৈ চলি আছে যদিও এতিয়াও পূৰ্ণতাপ্ৰাপ্ত হোৱা নাই। যদি অণুগল্পৰ ধাৰণাটো একমিনিটৰ গল্পৰ পৰবৰ্তী পয্যায় হয় আৰু কিছু নতুনত্বৰে আগুৰা হয় নিশ্বয়কৈ ধাৰাটোৱে এটা নতুন গতি পাব বুলি আশা কৰো। ইয়াত সমালোচকৰ চুৰি কটাৰীতকৈ গঠনমূলক সমালোচনা আৰু মাৰ্গদৰ্শনে লেখকতকৈ ধাৰাটোকহে বেছি দৃঢ় কৰিব বুলি মনে ধৰে।
কৌশিক হাজৰিকা: বিতৰ্ক জনাসকললৈ এ্ৰৰি এটাই কব খুজিছো নতুন সকলক উৎসাহ দিয়াটো জৰুৰী। মনোৰঞ্জন মজুমদাৰ ডাঙৰীয়াই কোৱা দৰে জনাসকলে দৰকাৰি উপদেশেৰে নবিনক আগুৱাওক। কেতিয়াবা লেখাবোৰত সাধাৰন কথাবতৰাত ব্যৱহাৰ হোৱা নিম্ন মানৰ শব্দ প্ৰয়োগ হোৱাদেখা যায়।সেয়া আতৰাই অলপ সংযত শব্দাৱলীৰে লিখিলে সুথময় হব।
দেৱব্ৰত গগৈ: ” অণুগল্প আৰু অসমীয়াত কথা-বতৰাত ইয়াৰ বিকাশ” —
আজিৰ পৰা 30 বছৰৰ পাছত এই বিষয়টোক লৈ যে কোনোবাই গৱেষণা কৰি ডক্টৰেট লব মই নিশ্চিত ।
( বিঃদ্ৰঃ —– ” অণুগল্প” শব্দটোৰ ঠাইত বেলেগ কিবা শব্দও সোমাব পাৰে )