অণু গল্পৰ কুঁকিঃ জুলাই ২০১৭ সংখ্যা
এক) বিশেষণ
আব্দুল ৰাকিব
“এটা গধুৰ বিশেষণে তাৰ বুকুখন সদায় ভাৰাক্ৰান্ত কৰি ৰাখিছিল৷
কলেজত পঢ়োতেও, মনবোৰ সেউজীয়া হোৱা বয়সতো।
লগৰবোৰে তাৰ আত্মবিশ্বাসক বিশেষণটোৰে গচকি খচকি দিওতে সি সপোনটো ভবা নাছিল, অভিশাপেই আশীৰ্বাদৰ ৰূপ লৈ জীৱনত হাঁহি বিৰিঙাব৷
সিহঁতৰ সৰু নগৰখনৰ চৰকাৰী বিভাগ এটাত ওলোৱা একমাত্ৰ চাকৰিটো দিব্যাংগৰ বাবে সংৰক্ষিত হৈ আহিছিল৷
তাৰ চাকৰিত সোমোৱাৰ ৬ -৭ বছৰ পিচলৈকে মাক দেউতাকৰ পইচাৰে পান চিগাৰেটৰ খৰচ উলিওৱা তাৰ লগৰ বোৰে আজিকালি তাক দেখি নিচিঞঁৰে ……
“ ঐ লেঙেৰা…৷”
☆ ☆
দুই) দেৱতা
নিত কাশ্যপ
ওখোৰা-মোখোৰা ৰাস্তাটোৰে ঢলং-পলঙকৈ আগবাঢ়ি গৈ থকা টেম্পোখনত বাৰে বাৰে তাই তাৰ গাত ঠেকা খাইছে৷ শিৱ মন্দিৰটো পোৱা ঠাইডোখৰত লাহেকৈ বোৰ্খাৰ আঁৰেৰে মুখখন উলিয়াই তাই তাৰ পিনে চালে৷ কোমলকৈ চকুহাল মুদি সি মিচিকিয়ালে৷ মূৰ দোঁওৱাই এবাৰ কপালত আৰু এবাৰ বুকুত লগাই সোঁহাতখন কোনেও নেদেখাকৈ লাহেকৈ তাই তাৰ হাতত গুজি দিলে।
☆ ☆
তিনি) ধূমপান
সুনীল দত্ত
প্ৰতিবেশী পাঠকদাক চেইনস্ম’কাৰ বুলি সকলোৱে জানে৷ অৱশেষত আজিৰ পৰা পাঠকদাই চিগাৰেট বাদ দিলে৷
ৰাতি এঘাৰ বজাত কলৰ পাৰত বাল্টিৰে গাত পানী ঢালি ঢালি পাঠকদাৰ বৌৰ কান্দোন শুনি আছোঁ৷
শ্মশানত জ্বলি থকা পাঠকদাৰ চিতাৰ জুইকুৰা এতিয়াও চাগে’ নুমুওৱা নাই৷
☆ ☆
চাৰি) দুৰত্ব
হিৰন্ময়ী দাস
ৰাতিপুৱাই আহিল নীতাৰ ফোন-
: আজি ৰাতি তোমালোকে সপৰিয়ালে আমাৰ ঘৰত ’ডিনাৰ’ কৰিবা৷
এসময়ত হোষ্টেলত আমি ’ৱাল্ মেট’ আছিলো৷ আজিকালি আমি একেটা বিল্ডিঙৰ, একেখন ’ফ্লোৰ’ৰ, একেখন বেৰৰ ইফালে সিফালে থাকো …
☆ ☆
পাঁচ) “গতি”
প্ৰিয়ংকা হাজৰিকা
“মা, চাবি কিন্তু! এইবাৰ যদি বাইকখন লৈ নিদিয়; মই ঘৰ এৰি গুচি যাম৷ পিছত কান্দি-কাটি লাভ নাই৷ তোৰ এটাই ল’ৰা, কথাটো মনত ৰাখিবি৷
ৰাস্তাৰে পাৰ হৈ যোৱা মানুহবোৰক পাগলীজনীয়ে চিঞৰি চিঞৰি সোধে…“সি বাৰু বাইকখন লৈ দিয়াৰ পিছতো কিয় গুচি গ’ল?”
☆ ☆
ছয়) নৈ
উৎপল জোনাক হাজৰিকা
‘মোৰ কথাখা ওলোটাই ললোং অ বাপু৷ গছ থাকিলে গুটি এনেয়ো পাম৷’ সি অনুভৱ কৰিলে ফোনটো ধৰিব নজনা আয়েকৰ কঁপা মাতৰ আঁৰৰ কঁপনিবোৰ৷ ফোনটো থৈ সি ডাক্টৰৰ চেম্বাৰলৈ আগুৱাই গ’ল৷ ‘ডাক্টৰ, মোক বেবীটো নালাগে৷ মাককে বচাওক৷’■■