অণু-গল্প সংগ্ৰহ
(১)
দুচকুতে কাজল ল‘লে
#অজয় লাল দত্ত
ভিৰৰ মাজতে হঠাৎ চকুজুৰি থৰ লাগি ৰৈ গ’ল৷ তাইৰ দু-চকুৰ কাজলসনা চাৱনিটোত হঠাৎ যেন বিজুলীৰ চমক৷ চাৰি চকুৰ মিলনত পুলকিত শিহৰিত মনে তাইৰ মুখনিৰ মিচিকীয়া হাঁহিটি চাবৰ বাবে উক্-মুকাই উঠিল৷ দুচকুৰে হাঁহিৰ জিলিকনি বুলোৱা সেই কণ্যাৰ ৰঙচুৱা গালৰ তিৰবিৰণি অথবা ভাঁজ লগা টোল চাবৰ বাবে দুচকু অধিক আকলুৱা হৈ পৰিল ৷ লগে লগে তাইৰ মুখনিৰ আৱৰণে অবতৰতে কলীয়া কৰি আনিলে ৰঙাই অহা মনটো৷ —- কিয়নো – বোৰ্খাত জিলিকি আছে সেয়া মৰমসনা দুচকু!!!!!
(২)
ট্ৰেজেডী
#অজয় লাল দত্ত
সি চুলিখিনি ঠিক কৰি ল’লে, যেন এটা শেষ স্পৰ্শ৷ বাইক খন বন্ধ কৰি, হেলমেটটো হেণ্ডেলত ৰাখিলে৷ সেই বেঁকা ৰাষ্টাটোৰে তাই আহিব, ইষৎ হাঁহিব৷ হয় ঠিক সেই সময়কনতে বুকুৰ সমস্ত দুৰু-দুৰু কম্পনক নেওচি সি তুলি দিব তাইক তাৰ ভালপোৱাৰ ৰঙা গোলাপ পাহি৷ লগত এখন তাৰ অনুভূতিৰে সিক্ত এখন নীলা আখৰত তাইৰ নাম জিলিকা কাৰ্ড৷ হয় ঠিক এই সময়কনতেই তাই পাৰ হৈ যায়, কঁপাই থৈ যায় তাৰ পৃথিৱী, তাক সেই ইষৎ মিচিকি হাঁহিৰে…..
হঠাৎ জোৰেৰে মটৰ চাইকেল এখন পাৰ হৈ গ’ল৷ তাৰ মূৰটো আচন্দ্ৰাই ধৰিলে, সেয়া নীলা চুৰিদাৰযোৰ পিন্ধি তাইয়েইতো আছিল৷ ঠিক তাৰ ওচৰ পোৱাৰ লগে লগেই চালক যুৱকজনক কিবা এটা ইংগিত দিছিল তাই৷ “তাৰ মানে মোৰ বাবে সদায় বাটচোৱা মক্কেলটো এইটোৱেই বুলি” তাক দেখুৱাই উপহাস কৰি যোৱা নাইতো৷ তাৰ বুকুখন মোচৰ খাই আহিল, তাইৰ চুৰিদাৰৰ নীলা ৰঙটোৱে তাৰ বুকুলৈ যেন এবুকু নীলাভ বেদনাহে ছটিয়াই থৈ গ’ল৷ বুকুখনে কৈ উঠিল, এইয়াইটো তোৰ ট্ৰেজেডী! সি আৰু অকনো বাট নাচালে, দলিয়াই পেলালে ৰঙা গোলাপ, ভৰিৰে মোহাৰিলে পাহি, টুকুৰা টুকুৰ কৰি বাটৰ দাঁতিলৈ দলিয়াই পেলালে সেই আলফুলীয়া কাৰ্ড…..সকলো শেষ৷ দেৱদাস হৈ মদ খোৱাৰ বাহিৰে আৰু কি উপায় আছে ক! সি নিজকে প্ৰবোধ দি, বাইকখন ষ্টাৰ্ট কৰিলে, তাৰ বুকুখনৰ সমস্ত বিৰক্তি ক্ষোভ প্ৰকাশ কৰি বাইকখন গৰজি উঠিল৷
মাত্ৰ দহটা মিনিটৰ ব্যৱ্ধান!
তাইৰ দুহাতে সেয়া তাকেই ৰবলৈ কোৱা নাইনে? বাৰখনৰ নাতিদূৰৈত অকলে লৈ উচপিচাই থকা তাইৰ ৰূপটো দেখি তাৰ খং, বিৰক্তি, ঘৃণা পুনৰ সকলো থূপ খাই আহিছিলেই৷ তথাপি সি ব্ৰেক মাৰিলে, তাইৰ কাষত ৰ’ল৷ হেলমেটটো আঁতৰাই লওঁতেই তাই কৈ উঠিল- “কি কম একোৱেই ধৰিব পৰা নাই, পেহীৰ ল’ৰাটোৰ আজি বিৰাট ট্ৰেজেডী; সি মোক ইয়াতে নমাই, দিন-দুপৰতে বাৰত সোমাইছেগৈ৷ আপোনাক তাত ৰৈ থকা দেখি ৰ’বলৈ ইমান ক’লোঁ সি নামানিলে”৷ সি পলক নমৰাকৈ তাইলৈ চাই ৰ’ল, সেয়া তাৰ দুচকুত চকু ৰাখি, তাইৰ দুচকুৱে হাঁহিছে, তাই লাজ লাজকৈ বুকুত সাবটি অনা কিতাপখনৰ মাজৰ পৰা ৰঙা গোলাপ পাহি উলিয়াই তালৈ আগুৱাই দিলে, “বি মাই ভেলেণ্টাইন!”
লগে লগে তাইৰ দুগালৰ মিঠা ৰঙে যেন তাৰ জীৱনলৈ ছটিয়াই দিলে ভালপোৱাৰ বহুৰঙী ফাকু! তাৰ বুকুখন মোচৰ খাই আহিল, তাৰ যে দুহাত উকা! তাইক দিবলৈ তাৰ হাতত মাথো মোহাৰি পেলোৱা গোলাপৰ, ফালি পেলোৱা কাৰ্ডৰ টুকুৰাৰে ভৰা ঘৃণাৰ স্মৃতিৰ পাপৰি…চেহ এতিয়াটো তাৰ ভীষণ ট্ৰেজেডী!!!!!
(৩)
প্ৰদাহ
#উৎপল জোনাক হাজৰিকা
কাৰোবাৰ খোজৰ উমান পাই অন্ধ মগনীয়াজনে খুচুৰা পইছাৰ বাটিটো জোকাৰি দিলে। শব্দটো শুনি মানুহজন এক মুহূৰ্তৰ বাবে থমকি ৰ’ল। হঠাৎ তেওঁ বাটিটোৰ পৰা পইচা কেইটা থাপ মাৰি লৈ ৰাষ্টাৰ সিপাৰলে দৌৰিলে। মগনীয়াজনে চিঞৰি উঠিল। ঘটনাটো দেখা মানুহবোৰে মানুহজনক খেদি গ’ল। এটা সময়ত মানুহজনক ধৰি পেলোৱা হ’ল। সমূহীয়া চৰ-লাঠি-গোৰ খাই মানুহজন কেঁকাই উঠিল। কাষতে থকা পুলিচজনো দৌৰি আহিল। তেওঁ মানুহবোৰক আঁতৰাই মানুহজনক সুধিলে, “তই তাৰ পইচা কেইটাহে চুৰ কৰিব পালিনে? তাকো ৰাষ্টাৰ ভিক্ষাৰীৰ। লাজ নাই তোৰ?” কেঁকাই কেঁকাই মানুহজনে কলে, “খাব বিচাৰিলে নাপাওঁ, কাম বিচাৰিলেও নাপাওঁ, তিনিদিনতকৈ বেছি মানুহ লঘোণে থাকিব পাৰেনেকি?” উৎসুকতাৰে মানুহজনক চাই থকা মানুহবোৰৰ মাতবোৰ হেৰাই নোহোৱা হ’ল।
(৪)
সহায়
#মৃণাল কুমাৰ বৰা
“তেলৰ দাম দেখিছাই নহয় কেনেকৈ বাঢ়িছে। দৰমহাৰ টকাৰে ঘৰ চলাম নে তেল ভৰাম ? তোমালোকে নচলালে আমাৰ গাড়ী কেনেকৈ আগবাঢ়িব আৰু গাড়ী আগনাবাঢ়িলে গন্তব্যস্হান কেনেকৈ পাবা ?”
দুশ টকা উলিয়াই দিলে ল’ৰাজনে।
“দুশ টকাৰ তেলেৰে নাপাবগৈ নহয়। ৫০০ টকাৰ তেল লাগিব।”
চিন্তাত পৰিল ল’ৰাজন। হাতখন জেপটোৰ ওচৰে-পাঁজৰে ঘূৰি আছে। মোৰ লোলুপ দৃষ্টি। ল’ৰাজন নিম্ন মধ্যবিত্ত বা দুখীয়া ঘৰৰে হব যেন বোধ হয়। কিন্তু এইবোৰে মোৰ মনটো তলাব নোৱাৰে অকণো। সৌখন চকীত বহা বৰাই তিনিহাজাৰমান সৰকালেই আজি এতিয়ালৈকে। আৰু তিনিখন এশ টকীয়া নোট মোৰ হাতত তুলি দিলে ল’ৰাজনে।
“হৈ যাব কামটো। চিন্তাই নকৰিবা।তুমি সোমবাৰে আহা।”
বৰাৰ টেবুলখনৰপৰা পাঁচশ টকাৰ নোটখন কেনেবাকৈ আহি মোৰ ভৰিৰ ওচৰত পৰিলহি। বৰাই গম পোৱা নাই।
“এইখন তোমাৰ জেপৰপৰা পৰিল। ল’ৰাজনে কিবা ক’বলৈ লোৱাৰ আগতেই মই প্ৰায় জোৰকৈয়ে নোটখন তেওঁৰ হাতত গুঁজি দিলোঁ।”
(৫)
যাত্ৰা
#ত্ৰিদীপ বাৰুকিয়াল
ৰেলেৰে গৈ আছোঁ। কণমানি লৰা-ছোৱালী দুটামানে হাত জোকাৰি বিদায় জনাইছে কোনো এক অচিন ষ্টেচনত। সিহঁতে বাৰু কেনেকে গম পালে মই চিৰদিনৰ বাবেই ঘৰ এৰি অহাৰ কথা…