অণু গল্প
চাৰণ – উৎপল জোনাক বৰুৱা
‘বিয়া হৈ যোৱাৰ পাছতো মাই মোক মৰমৰ আঁচলেৰে আবুৰত ৰাখিছিল৷ ’ শকুন্তলাই মাহীমাকৰ শ্ৰাদ্ধত উন্মোচন কৰা স্মৰণিকাখনত নিজৰ লেখাটো পঢ়ি ভাবি থাকিল, ‘তোমাৰ ইচ্ছাতেই বয়সতকৈ বহু ডাঙৰ এজনৰ সতে বিয়া হৈ যোৱাৰ পাছতো তুমি চোন মোক বোজা বুলি ভাবিবলৈ নেৰিলা মা৷ ’
##########################
মুখা — জয়ন্ত আকাশ বৰ্মন
নিখুঁতকৈ মুখাখন সাঁজি তাত ৰং বোলাই সম্পূৰ্ণ কৰিবলৈ বৃদ্ধ শিল্পীজনৰ প্ৰায় এমাহেই লাগিল৷
নেতাজনৰ তীব্ৰ খং উঠিল-এখন সামান্য মুখা সাজিবলৈ আপোনাক ইমান দিন লাগে? ময়েই এনেকুৱা মুখা এখন এদিনতেই সাঁজিব পাৰিম!
বৃদ্ধ শিল্পীজনে ক’লে-চাৰ, সময় অলপ লাগিবই, আমি যে দৃশ্যমান সঁচা মুখা সাঁজো! আপোনাৰ মুখাবোৰ অদৃশ্য যে! !