অতীত – মিণ্টুল হাজৰিকা
ধোৱা চাঙত ওলমি থকা থেকেৰাৰ চুঙা
বেলি আৰু ৰ’দ
সেউজীয়া মানুহৰ সপোন
চান্দ সদাগৰৰ ডিঙাত বিষহৰিৰ ত্ৰিনয়ন
হাতো নেমেলিবি ফুলো নিচিঙিবি
বতাহত কলৰ পাত লৰিলে
চিলনী আই আহিলে
শাহটো কাঢ়ি নাকী লগালো হয়
আকাশত শগুন
পথাৰত শিয়াল
ৰজাৰ ভেটিত দূবৰি মৰিল
ডংকা বজাই জীয়াও আহা!!
■■■