অনন্য এক কাহিনী, ফুটবলৰ… (আগকথা) (আব্দুছ চাজিদ)
বৰ্ণনা : অচ্যুত বৰা ( পুতুলদা)
অনুলেখন তথা কাহিনীৰ সুত্ৰধাৰ : আব্দুছ চাজিদ ।

মানুহজনৰ বহুলভাৱে প্ৰচলিত, জনপ্ৰিয় নামটো পুতুল৷ পোছাকী নামো সেইটোৱেই বুলিব পাৰি৷ আচল নাম অচ্যুত বৰা৷ নিশ্চিতভাৱেই কওঁ যে বহুতেই এইটো আজিও নাজানে৷ জন্মাৱধি কাৰবি আংলঙৰ সদৰ ঠাই ডিফু চহৰৰ বাসিন্দা তেওঁ৷ আগতে বেছিক এল.পি. স্কুলৰ সমীপত আছিল৷ সম্প্ৰতি পুলিচ ৰিজাৰ্ভ এলেকাত বাস কৰে৷ পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী৷ আপোনাৰ-মোৰ, আন বহুতৰ দৰেই তেওঁৰো প্ৰিয় খেল ফুটবল৷ আপোনাৰ-মোৰ দৰেই তেৱোঁ শৈশৱ-কৈশোৰৰ দিনবোৰৰ এজন নিয়মীয়া ফুটবল খেলুৱৈ৷ এতিয়াও এজন ফুটবলপ্ৰেমী, আপোনাৰ-মোৰ দৰেই৷
আপোনাৰ-মোৰ দৰেই ফুটবলপ্ৰেমী৷ তেনেহ’লে কি বিশেষত্ব এইজন লোকৰ? জানিবলৈ যদি আপুনি ইচ্ছা কৰে, তেন্তে পঢ়িব লাগিব এই সত্য কাহিনী৷ এই কাহিনীয়ে কৈ দিব সাধাৰণ মানুহ এজনে কিমান অসাধাৰণভাৱে ভাল পাব পাৰে ফুটবলক, কিমান অন্তঃকৰণেৰে সৈতে সমৰ্থন আগ বঢ়াব পাৰে নিজৰ প্ৰিয় দলটোক৷
সমাগত ব্ৰাজিল বিশ্বকাপকলৈ বিশ্বৰ চুকে-কোণে জল্পনা-কল্পনা চলাৰ সময়তে, ফুটবলে বিশ্ববাসীৰ তন-মন-ধন অধিকাৰ কৰি লোৱাৰ আসন্ন পৰতে, আমি দেখিছোঁ, সাহিত্য ডট অৰ্গৰ মূল আধাৰ ফেচবুকৰ “অসমীয়া কথা-বতৰা” গোটতো ফুটবলক লৈ চৰ্চা হোৱাটো বিভিন্নজনে একান্তভাৱে বিচাৰিছে৷ কেইগৰাকীমান মাননীয় সদস্যই মনোগ্ৰাহী লেখা ইতিমধ্যে প’ষ্টো কৰিছে৷ সেইসমূহ পঢ়িছোঁ৷ তাৰ প্ৰভাৱতে নেকি জানো, ভুৰুকাত হাতী ভৰোৱাৰ দৰে কাণ্ড এটা সংঘটিত কৰিবলৈ মোৰোচোন গা উঠিল৷ গতিকে ভাবিছোঁ… কল্পনাও নহয়, সমালোচনাও নহয়, নিজৰ স্মৃতি ৰোমন্থনো নহওক, ভৱিষ্যৎ-বাণীও নহওক, এক সত্য কাহিনীকে আগ বঢ়োৱা যাওক, আমাৰ মাননীয় সদস্যবৃন্দলৈ৷ ফুটবল আলোচনাৰ বিষয় হওক বুলি তাকে ক’বলৈ ওলাইছোঁ৷

এজন ফুটবলপ্ৰেমী, যাৰ প্ৰিয় দল জাৰ্মানী, ফুটবলৰ কাৰণে, জাৰ্মানী দলৰ কাৰণে যি এক কথাত ক’বলৈ গ’লে বলিয়া, আগতে কৈ অহা পুতুল বৰা নামৰ সেই মানুহজনৰে জীৱনৰ সঁচা কাহিনী এয়া৷ চুটিকৈ কেইটামান মাত্ৰ খণ্ডত শেষ কৰিব বিচৰা এই ঘটনাক্রম আৰম্ভ হ’ব ১৯৮৬চনত মেক্সিকো চিটীৰ Estadio Azteca Stadiumত অনুষ্ঠিত আৰ্জেণ্টিনা আৰু পশ্চিম জাৰ্মানীৰ মাজৰ বিশ্বকাপ ফুটবলৰ ফাইনেলৰ মুহূৰ্তটোৰ পৰা৷ কাৰণ, উক্ত দিনটোতে সূচনা হৈছিল অনন্য এক যাত্ৰা, যি যাত্ৰাৰ অন্তৰালত কেৱল ফুটবলেই নহয়, আন বহুতো কথাই লুকাই আছে৷ যিবোৰ কথা শুনাৰ, জনাৰ, বুজাৰ প্ৰয়োজন আছে বুলি ভাবিছোঁ, আমাৰ সকলোৰে৷
বহুতেই হয়তো এই মানুহজনৰ খবৰ ৰাখিছে৷ বহুতইে হয়তো নাজানিবও পাৰে৷ কোনো কথা নাই৷ ফিফা ৱৰ্ল্ডকাপ আহিলেই প্ৰাণ পাই উঠা পুতুলদাক সাহিত্য ডট অৰ্গৰ পাঠকে সোনকালেই মুখামুখিকৈ লগ পাব৷ এই মুহূৰ্তত এইটো ভাল খবৰ যে কালি ব্ৰাজিল বিশ্বকাপ ২০১৪ৰ কাম-কাজ সংক্রান্তত মোৰ ওচৰলৈ আহোঁতে মই তেওঁৰ আগত মোৰ ইচ্ছাৰ প্ৰসংগটো উত্থাপন কৰিলত তৎমুহূৰ্ততে মানুহজন সৈমান হ’ল আৰু ক’লে ‘হ’ব, ভাল কথা’৷ গতিকে প্ৰথমবাৰৰ বাবে তেওঁ নিজ মুখেৰেই কৈ যাব নিজৰ কাহিনী, তেতিয়াৰ পৰা এতিয়ালৈ৷ মাইক্রফোনটো মই তেওঁলৈ আগ বঢ়ায়ে থৈছোঁ৷ মই টাচ্ছ লাইনৰ বাহিৰতে থাকি পানী, গ্লুক’জ, চিউৱিংগাম আদি যোগাই যাম৷ আৰু আমি সকলোৱে শুনিম, তেওঁৰ কথা৷ এজন ফুটবল-পাগলৰ মনৰ কথা৷
সদ্যহতে, তেওঁ দক্ষিণ আফ্ৰিকাত হৈ যোৱা বিশ্বকাপ ২০১০ৰ সময়ত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিকেইটামান আগ বঢ়াইছে৷ ৱাৰ্ম-আপৰ উদ্দেশ্যে৷
কাৰ্টেন ৰাইজাৰ :
পৰ্দা আঁতৰি যোৱাৰ পিছত প্ৰতি মাহে ক্ৰীড়াভিত্তিক এই সত্যালাপ চলি থাকিব কাহিনী শেষ নোহোৱা পৰ্যন্ত৷মই ইয়াত অনুলেখকহে মাত্ৰ৷ গতিকে অকণো সময় নষ্ট নকৰি মাইক্রফোনটো আগ বঢ়াই দিছোঁ আচল মানুহজনলৈ, যাৰ বাবে সকলো অপেক্ষাৰত৷
………………………………………………..
নমস্কাৰ৷
পোনপ্ৰথমেই আপোনালোকলৈ মোৰ আন্তৰিক সম্ভাষণ জনাইছোঁ৷
মোৰ নাম পুতুল বৰা৷ ওৰফে অচ্যুত বৰা৷ মই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসম প্ৰদেশৰ কাৰবি আংলং নামৰ সেউজ পাহাৰীয়া অঞ্চল তথা অসমৰ সৰ্ববৃহৎ জিলাখনৰ নিবাসী৷ এজন সাধাৰণ মানুহ৷ এই জিলাৰে সদৰ ঠাই ডিফু চহৰত ২৮.১১.১৯৬১ তাৰিখে মই জন্ম গ্ৰহণ কৰিছিলোঁ৷ শিক্ষাৰ ফালৰ পৰা বৰ কম, মুঠেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ৷ বৰ্তমান মোৰ পত্নী আৰু ১০ বছৰীয়া একমাত্ৰ কন্যা সন্তানেৰে সৰু সংসাৰ এখন আছে৷ পেছাত মই এজন ক্ষুদ্ৰ ব্যৱসায়ী৷ মোৰ পত্নী তৃতীয় বৰ্গৰ এগৰাকী চৰকাৰী চাকৰিয়াল৷
আপোনালোকৰ দৰেই ময়ো সৰুৰে পৰাই ফুটবল খেলিছিলোঁ৷ আমাৰ দিনত মুখ্য খেল হিচাপে ফুটবলেই চৌপাশ জিনি আছিল৷ ক্রিকেট নিচেই তাকৰ আছিল৷ হকী আদিতো নাছিলেই৷ সেই দেখি সৰুতেই ফুটবলক ভাল পাই পেলালোঁ৷ আৰু সেয়ে নেকি জানো, এৰিব নোৱাৰাও হৈ থাকিলোঁ, এতিয়াও৷ এতিয়া নিজে নেখেলিলেও সাংগঠনিক কাম-কাজ কৰি বা খেলা চাই আনন্দ লভোঁ৷ লগতে আন দুজনকো দেখুৱাবৰ বাবে দুৱাৰ মুকলি ৰাখোঁ৷ বন্ধু-বান্ধৱ আৰু ফুটবলপ্ৰেমীৰ সৈতে একেলগে বহি খেলবোৰ চাই বেলেগ ধৰণৰ তৃপ্তি এটা পাওঁ৷ বিশেষকৈ বিশ্বকাপ ফুটবল৷ ফিফা ৱৰ্ল্ডকাপৰ মাহটো মই উৎসৱ হিচাপে পালন কৰোঁ৷ইচ্ছুকজনে ইয়াত স্বতঃস্ফূৰ্তভাৱে যোগদান কৰেহি৷ কাৰণ ফুটবলযে আমি ভাল পাওঁ৷ বন্ধুত্ব, ভ্ৰাতৃত্ব, একতা ইত্যাদি এই খেলবিধৰ মাজতে আন দহজনৰ দৰে ময়ো বিচাৰি পাওঁ৷
মোৰ মনত খুন্দ খাই থকা কথাবিলাক ই-দুনীয়াৰ জনপ্ৰিয় আলোচনী সাহিত্য ডট অৰ্গৰ মাধ্যমেৰে বিশ্ববাসীৰ আগত কৈ পেলাবলৈ সুবিধা পোৱাটো মোৰ বাবে নিশ্চয়কৈ গৌৰৱৰে কথা৷ সেয়ে সাহিত্য ডট অৰ্গৰ প্ৰতি মই পোনতেই ঋণ স্বীকাৰ কৰিছোঁ৷ পুৰণি দিনৰ স্মৃতি সুঁৱৰি মেক্সিকোত বিগত ১৯৮৬চনত অনুষ্ঠিত হৈ যোৱা ফিফা ৱৰ্ল্ড কাপৰ কথাৰেই আগ বঢ়াই নিম জীৱনৰ এই সত্য কাহিনী৷ এয়া দৰাচলতে পুৰণি দিনৰ কথা৷ মনৰ গভীৰ তলিৰ পৰা কুৰুকি কুৰুকি উলিয়াইছোঁ, আপোনালোকলৈ বুলি, বৰ হেঁপাহেৰে৷
আপোনালোকে মোক আপোনালোকৰ মাজৰে এজন বুলি আদৰি ল’লে মই নিজকে সৌভাগ্যৱান বুলি ভাবিম৷ মোৰ মনৰ কথাবোৰ সজাই-পৰাই পঢ়িব পৰা কৰি দিছে মোৰ অনুজ ভ্ৰাতৃপ্ৰতিম আব্দুছ ছাজিদে৷
আগতীয়াকৈ কৈ থওঁ, ক’ৰবাত কিবা ভুল-ভ্ৰান্তি হ’লে নিজগুণে মাফ কৰে যেন৷ মোৰ লেখা-মেলাৰ, আনকি কথা কোৱাৰো তেনেকৈ অভ্যাস নাই৷ তথ্যৰ কিবা বিসংগতি দেখা পালেও অনুগ্ৰহ কৰি উনুকিয়াবলৈ নাপাহৰিব৷ আলোচনা-বিলোচনাৰ জৰিয়তে শুধৰণি নিশ্চয় সম্ভৱ৷

এইখিনিতে ক’ব খোজোঁ, প্ৰত্যেকজন সফল ব্যক্তিৰ জীৱন-যাত্ৰাৰ পথত এগৰাকী নাৰীৰ সহায়ৰ হাত থাকে৷ বিশ্বকাপ ফুটবলৰ খেলবোৰ ৰাজহুৱাভাৱে উপভোগ কৰাৰ বাবে চলাই অহা মোৰ এই সমগ্ৰ প্ৰচেষ্টাটোত আৰম্ভণিৰে পৰা বৰ্তমান পৰ্যন্ত মোৰ পত্নী গ্ৰেছী মালস্বামীয়ে এশ শতাংশ সহায়-সহযোগিতা আগ বঢ়াই আহিছে, যাৰ বাবে আহি আহি আগন্তুক ব্ৰাজিল ২০১৪ৰ আয়োজনত ব্ৰতী হ’ব পাৰিছোঁ৷ আনহাতে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সংবাদ মাধ্যমত বিগত বছৰত আয়োজন সম্পৰ্কে প্ৰচাৰ হোৱাটো মোৰ বাবে এটা যোগাত্মক দিশ৷ সেই বাতৰি আৰু ছবিবোৰৰ কেইখনমান আপোনালোকে ইতিমধ্যে পঢ়িবলৈ বা চাবলৈ পাইছে৷ পিচে, মই ভাবোঁ, জাৰ্মান দেশৰ কোনো ব্যক্তিয়েই হয়তো এই বিষয়ে সিমানখিনি জ্ঞাত নহয়৷ কিন্তু মই যে জাৰ্মান ফুটবল দলৰ এজন Die Hard Blind Supporter, তাত কোনো সন্দেহ নাই৷ মোৰ আশা, জাৰ্মানসকল যথাসময়ত এই বিষয়ে নিশ্চয় অৱগত হ’ব৷ তাৰ বাবে মই মোৰ কৰ্তব্য নিশ্চয় কৰি যাব লাগিব, যিটো মই আজি ২৪বছৰে একাদিক্রমে কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম বুলি দৃঢ়প্ৰতিজ্ঞ হৈ লাগি আছোঁ৷
আপোনালোকৰ পৰা অধিক সময় মই নলওঁ৷ এতিয়া মই জনাও, মই জাৰ্মান দলৰ সমৰ্থক হৈ পৰিলোঁ… কিয় আৰু কেনেকৈ?
ভালকৈ মনত আছে, মোৰ বয়স তেতিয়া ২৫ বছৰ৷ ফুটবল তেতিয়াও মোৰ প্ৰিয় খেল৷ আৰু ভালকৈ মনত আছে, ১৯৮৬চনত যেতিয়া আমাৰ দেশলৈ টিভিৰ আগমন ঘটিছিল, তেতিয়া দুখৰ কথা, আমি বাস কৰা নাতিবৃহৎ ডিফু চহৰখনলৈ টিভি অহাই নাছিল৷ টেলিভিচনৰ স্ক্ৰীণত খেল চোৱাৰ প্ৰবল ইচ্ছা জাগিছিল যদিও সম্ভৱ হোৱা নাছিল৷ ইফালে অবুজন মনটোৱে উচপিচাই আছিল৷ কাৰণ এটাই, ফুটবলৰ প্ৰতি থকা চিৰন্তন ভালপোৱা৷

মোৰ নগা বন্ধু তুতু ৰংমায়ে টিভি এটা লোৱা বুলি এদিন কৈছিল, সিহঁতৰ ডিমাপুৰৰ ঘৰত৷ তাৰ মানে, সিহঁতৰ তাত টিভি চলিছে৷ আমি আকৌ জিলাৰ সদৰ ঠাইত থাকিও ছাঁটোকে দেখিবলৈ পোৱা নাই৷ তাকে লৈ মনে মনে খং এটা নুঠা নহয় অৱশ্যে৷ সেয়ে নেকি জানো, ইচ্ছাক দমাব নোৱাৰি সিদ্ধান্ত কৰিলোঁ, তাৰ তালৈকে যাম নহ’লে৷ অন্ততঃ ফাইনেলখনকে চাবলৈ৷ ইফালে বিশ্বকাপৰ খবৰবোৰ ৰেডিঅ’, নিউজ পেপাৰত নিতৌ পাই আছোঁ৷ ২৪খন দেশৰ মাজৰ পৰা খেলি খেলি আৰ্জেণ্টিনা আৰু পশ্চিম জাৰ্মানী 13th FIFA World Cup Footballৰ ফাইনেল পাইছেগৈ৷ ২৯জুন ১৯৮৬ত হ’ব ফুটবলৰ মহাৰণ৷ যাক লৈ পৃথিৱীজুৰি উৎকণ্ঠা৷ নিশ্চয় উপভোগ্য হ’ব খেলখন৷ গতিকে নিৰ্দিষ্ট দিনটোত ডিফুৰ পৰা প্ৰায় ৪৮কিল’মিটাৰ পূবে অৱস্থিত ডিমাপুৰলৈ বুলি উজনিমুৱা পেচেঞ্জাৰ ৰে’লত উঠি পুৱাতে যাত্ৰা আৰম্ভ কৰি দিলোঁ৷ লগত গ’ল মোৰ বাল্যবন্ধু প্ৰদীপ সিংহ আৰু প্ৰশান্ত দাস৷ সঁচাকৈ এটা স্মৰণীয় দিন, যিটো দিনৰ স্মৃতিচাৰণ কৰিবলৈ পাই, আপোনালোককো অকৃত্ৰিমভাৱে আজি তাৰ ভাগ দিবলৈ পাই এতিয়া মই নথৈ আনন্দিত হৈছোঁ৷
ৰে’লখনে আমাক ডিমাপুৰ ঠিকে-ঠাকে পোৱালেগৈ হয়, কিন্তু দুৰ্ভাগ্যইয়ে তাতো অপেক্ষা কৰি আছিল! বন্ধুটোক লগ নাপালোঁ৷ ক’হিমা নে ক’ৰবালৈ গ’ল সি৷ মনটো শুকাই থাকিল৷ কি কৰা যায় এতিয়া? ১৯৮৬ৰ কথা এয়া৷ গতিকে বুজিছেই নহয়, তেতিয়াৰ যোগাযোগ ব্যৱস্থা আজিৰ দৰে খৰতকীয়া নাছিল যে ম’বাইলত নম্বৰ টিপিয়েই তাক পাই যাম৷
বিশ্বকাপৰ সময়তে আমাৰ ঘৰত এদিন ঘুনুক-ঘানাককৈ শুনা পাইছিলোঁ বোলে বোকাজানত থকা মোৰ খুড়া যজ্ঞেশ্বৰ বৰাৰ ঘৰত হেনো টিভি এটা কিনিছে৷ অৰ্থাৎ, তেওঁলোকেও টিভিত বিশ্বকাপ ফুটবলৰ খেলা চাবলৈ পাইছে৷ কথাটো মূৰত খেলোৱাত ডিমাপুৰ ত্যাগ কৰাৰ সিদ্ধান্ত ল’লোঁ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা ট্ৰাক এখন ৰখাই তাতে উঠি আমি তিনিওটা বোকাজান পালোঁগৈ৷ যি হ’লেও মুঠতে খেলা চাবই লাগিব আজি৷
এসময়ত খুড়াৰ ঘৰত পদাৰ্পণ কৰিলোঁগৈ৷ আগমনৰ উদ্দেশ্য বেকত কৰিলোঁ আৰু সময়লৈ খাপ পাতি ৰ’লোঁ৷ ভাত-পানীও তাতে খোৱা হ’ল৷
যথাসময়ত জীৱনত পোনপ্ৰথমবাৰৰ বাবে টিভিৰ সন্মুখত বহি ফুটবল খেল এখনৰ পোনপটীয়া সম্প্ৰচাৰ চাবলৈ বহিলোঁ৷ মুখৰ আগত এটা সৰু টিভি৷ ব্লেক এণ্ড হোৱাইট৷ ছবিবোৰো বৰ স্পষ্ট নহয়৷ তথাপি মনোকামনা এটা পূৰণ কৰিবলৈ বহিছোঁ, ডিফুৰ পৰা সবান্ধৱে গৈ৷ মনত খুদুৱনি, কেনেকুৱা বা দেখিম! তেনেকুৱাতে আচম্বিতে কথা এটা মনত খেলালে৷ কথাটো হ’ল মই কাক সমৰ্থন দিম? এনেয়ে চাই কিনো মজা লাগিব? মুহূৰ্ততে মই নিজস্ব সিদ্ধান্ত এটা লৈ ললোঁ৷ বন্ধু দুজনক স্পষ্টভাৱেই ক’লোঁ যে যিখন দেশে প্ৰথমে গ’ল খাব, সেইখন দেশেই মোৰ টীম হ’ব৷ সেইখন দেশকেই মই সমৰ্থন কৰিম৷

Mexico Cityৰ Estadio Aztecaত আৰ্জেণ্টিনা আৰু পশ্চিম জাৰ্মানীৰ মাজত অনুষ্ঠিত উক্ত ফাইনেল খেলৰ কিক্-অফ্ হৈ হ’ল৷ মাৰাডোনা, ভালদানো, বুৰুচাগা, ৰুগাৰী, বেটিষ্টা আদি ষ্টাৰ প্লেয়াৰেৰে সমৃদ্ধ দল আৰ্জেণ্টিনা৷ আনফালে পশ্চিম জাৰ্মানী৷ দলত আছে ৰুমানিগ, মেথিয়াচ, ভলেৰ আদি বিচক্ষণ ফুটবলাৰ৷ টিভিৰ পৰ্দাত খেলুৱৈবিলাকৰ চেহেৰা যেনেকৈয়ে নহওক, দেখা পাইছোঁ৷ ডিফুমুৱা হোৱাহেঁতেন কেতিয়াও নাপাওঁ৷ বিশ্ব খিতাপৰ বাবে দুয়ো পক্ষৰে মাজত তুমুল প্ৰতিদ্বন্দ্বিতা৷
সময় বাগৰি গৈ আছে৷ প্ৰথমাৰ্ধৰ ২৩মিনিটত আৰ্জেণ্টিনাৰ সুযোগসন্ধানী ডিফেণ্ডাৰ, ৫নং জাৰ্চি পৰিহিত, জ’চ লুই ব্ৰাউনে দলৰ হৈ খেলখনৰ প্ৰথম গ’লটো স্ক’ৰ কৰিলে৷ নিজ মুখৰ পৰা ওলাই যোৱা কথা ৰাখি তাৰ লগে লগে ময়ো জীৱনকালৰ বাবে এখন দেশৰ এটা ফুটবল দলৰ সমৰ্থক হৈ পৰিলোঁ৷

তৎমুহূৰ্তৰ পৰাই ৱৰ্ল্ড কাপ ফুটবলত মোৰ সমৰ্থিত দেশ হৈ পৰিল পশ্চিম জাৰ্মানী (পিছলৈ জাৰ্মানী) ৷ হাৰিলেও জাৰ্মানী, জিকিলেও জাৰ্মানী৷ আজিও মোৰ টীম জাৰ্মানী৷ কথাটো আপোনালোকে ইতিমধ্যে জানিছেই৷
সমৰ্থন অব্যাহত ৰাখি খেলখনৰ পিছৰছোৱা উপভোগ কৰি গ’লোঁ৷ এটা সময়ত দুয়োটা দল ২-২ গ’লত উপনীত হ’ল৷ ভাবিলোঁ, প্ৰথমে গ’ল খালেও মোৰ দল জাৰ্মানীয়েই কাপটো জিকিব৷ পিছে খেলৰ শেষৰ ফালে ৮৪ মিনিটত বুৰুচাগাৰ জৰিয়তে আৰ্জেণ্টিনাই বিজয়সূচক গ’লটো দি Mexico 1986 World Cup Footballৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন (বিশ্বকাপৰ বুৰঞ্জীত দ্বিতীয়বাৰৰ বাবে) কৰিলে৷যুঁজ দিও মোৰ দলটো হাৰিল৷
মনটো আকৌ এবাৰলৈ বেয়া লাগিল৷ সেয়ে হ’লেও জীৱনত প্ৰথমবাৰ টিভিৰ আগত বহি খেলা চাই অভূতপূৰ্ব আনন্দ লভিলোঁ৷ বহুতৰে হয়তো সেই সৌভাগ্য হোৱা নাই৷ মোৰ হ’ল৷ মনে মনে ভাবিলোঁ, নিজাববীয়াকৈ টেলিভিচন এটা থকাহেঁতেন… যেতিয়াই তেতিয়াই খেলা চাব পাৰিলোঁ হয়৷
আৰু সেইদিনাই মই এটা প্ৰতিজ্ঞা কৰি পেলালোঁ৷ ইটালীত ১৯৯০চনত হ’বলগীয়া পৰৱৰ্তী বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখন মোৰ ঘৰত নিজৰ ৰঙীণ টিভিতহে চাম৷ বেলেগত নহয়৷
বোকাজানত ৰাতিটো কটাই পিছদিনা ঘূৰি আহি ঘৰ পালোঁহি৷ FIFA World Cup 1990 অহালৈ মাজত চাৰিটা বছৰ৷ সেই বছৰকেইটা অধীৰ আগ্ৰহেৰে ৰৈ থাকিলোঁ আৰু নিজৰ প্ৰতিজ্ঞা পূৰণাৰ্থে কৰণীয় কৰ্মত ৰত হৈ গ’লোঁ৷
আজিলৈ কথা ইমানতে সামৰোঁ৷সকলোৰে সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ৷ অহা মাহত আকৌ লগ পাম৷ সেইদিনা জনাম, বিশ্বকাপ ফুটবল কেনেদৰে মোৰ জীৱনৰ মহোৎসৱ হৈ পৰিল৷
( ক্ৰমশঃ)