অনুতাপ (মূল উত্স-Akramulla Syed অনুবাদ- অঞ্জল বৰা)

অনুতাপ

এদিন এজন ধাৰ্মিক মানুহে আন এজন মানুহক ক’লে -“যোৱা ৩০ বছৰৰ পৰা মই এটা পাপ কৰাৰ কাৰণে অনুতপ্ত হৈ আছোঁ আৰু ভগৱানে আজিলৈকে মোক কিয় সেই পাপৰ কাৰণে শাস্তি দিয়া নাই বুজিব পৰা নাই।”

আনজন মানুহে তেতিয়া প্ৰশ্ন কৰিলে- “তুমি কি পাপ কৰিছিলা?”

ধাৰ্মিক মানুহজনে ক’লে: “মই এখন বজাৰত দোকান দিছিলোঁ। এদিন মই শুনিলোঁ যে, গোটেই বজাৰখন জুইয়ে পুৰি ধ্বংস কৰিলে। লগে লগে মই দৌৰি বজাৰ পালোগৈ। বজাৰ পোৱাৰ পিছ্ত দেখিলোঁ, কেৱল মোৰ দোকানখনৰ বাহিৰে সকলো দোকান জুইয়ে পুৰি নিঃশেষ কৰিলে। মই ইয়াৰ বাবে ভগৱানক অশেষ ধন্যবাদ দিলোঁ। কিন্তু লগে লগে মই মোৰ ভুলটোৰ বাবে অনুশোচনাত দগ্ধ হ’লোঁ। কেনেকৈ মই নিজকে এজন মানুহ বুলি ক’ব পাৰোঁ !! য’ত নেকি মই মোৰ বন্ধুসকলৰ হেৰুৱাখিনিকলৈ একোৱেই অনুভৱ কৰিব পৰা নাই? সেয়ে সেই দিনাৰ পৰাই মই মোৰ এই পাপৰ বাবে অনুতপ্ত হৈ ভগৱানৰ শাস্তিৰ বাবে অপেক্ষা কৰি আছোঁ।”
…………………………​…………………………
মূল উত্স-Akramulla Syed
অনুবাদ- অঞ্জল বৰা

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!