অনুত্তৰা (শ্ৰীমন্ত বৰদলৈ)
অনুত্তৰা
তুমি মোৰ কাষলৈ আহা অজস্র বৌদ্ধভিক্ষুৰ প্রাতঃবন্দনাৰে
এজাক কিনকিন বৰষুণৰ মাজেৰে ৰাতিপুৱাৰ স্নিগ্ধতাৰে পৰিপুষ্ট
বনৰীয়া ফুলৰ সুগন্ধ হৈ ।
মুক্তি আৰু আধ্যাত্মিকতাৰ সন্ধানৰত মানুহৰ
পূজাৰ নৈবদ্যৰ পবিত্রতাৰে আহা তুমি।
তুমি আহা সদ্য ভূমিষ্ঠ সূৰ্য্যৰ এচেৰেঙা কোমল পোহৰ হৈ
পাহাৰৰ বুকু ফালি পুৱাৰ নৈসৰ্গিকতাত তুমি উদ্ভাসিত হোৱা ।
তুমি ৰাতিপুৱাৰ নিহালি এৰিব নোৱাৰা এলাহৰ বুকুত শুই থকা
কোনো চৰাইৰ ডেউকা কোবাই এঙামুৰি দিয়াৰ প্রস্তুতিত মোৰ কাষলৈ আহা
মোৰ ৰাতিপুৱাৰ উৎসাহ আৰু উত্তেজনাৰে তুমি আহা।
মই যে প্রতি ৰাতিপুৱা খোজ কাঢ়োঁ , ব্যায়াম কৰোঁ,
মোৰ শৰীৰৰ ঘাম আৰু চিনাকি গোন্ধে তোমাৰ খবৰ লয়।
তুমি এহাল মৈথুনৰত পতঙ্গৰ সন্তুষ্টিৰে আহা,
শিশুৰ দৃষ্টিৰ চঞ্চলতাৰে
মৰমে বৰ্ণিল কৰি তোলা ৰামধেনুৰ সাতৰঙৰ ৰূপেৰে
তুমি সুবিশাল পথাৰৰ বিস্তীৰ্ণতাত মোক শস্যৰ সেউজীয়া প্রেমিক কৰি তোলা ।
কোনো সাগৰৰ অচিনাকি শিলত বহি
ভাবত বিভোৰ হোৱা মোৰ নিসংগতাত তোমাৰ স্পৰ্শ থাকে।
মৰি জহি যোৱা শামুকৰ খোলা বালিৰ বুকুত বিচাৰোঁতে
শতাব্দীৰ পৰা শুই থকা মোৰ বুকুৰ অস্থিৰতা সাৰ পাই উঠে,
এমুঠি স্মৃতি বালিৰ বুকুৰ পৰা বুটলি আনি
তোমাৰ বুকুত স্থাপন কৰিবলৈ মই যত্ন কৰোঁ
তুমি মোৰ বিগলিত যৌৱনত প্রেমৰ কঠীয়া সিঁচি দিয়া,
তুমিয়েই নাঙল ধৰা, তুমিয়েই ৰোৱনী হোৱা
মোৰ হৃদয় চাহি ৰুই দিয়া তোমাৰ কম্পিত কলিজাৰ বীজ
পথাৰৰ সীমাহীন বিস্তীৰ্ণতাৰ বুকুত ভোগালি হৈ আহিব
মোৰ প্রেমৰ উতনুৱা এজাক বলিয়া ঘোঁৰা ।
অনুত্তৰা,
মই ৰৈ আছোঁ প্রত্নপ্রস্তৰ যুগৰ পৰা
তোমাৰ হাঁহি আৰু কান্দোনৰ অবিৰত যুদ্ধৰ সমভাগী হৈ।
মৰুৰ বুকুত দিকভ্রষ্ট অচিনাকি বেদুইনৰ
ক্লান্তিবিহীন পদচিহ্নত মই শতিকাজুৰি বিচাৰি আছোঁ মোৰ ঠিকনা ।
এইযে মই তোমাৰ অনুভৱে অনুভৱে জহিছোঁ আৰু খহিছোঁ
তোমাৰ দৃষ্টিৰে আকাশৰ নীলাত হৃদয়ৰ দলিচা পাৰিছোঁ,
কলমক ক্লান্তিবিহীন কৰিছোঁ আৰু তোমাক বুজাইছোঁ,
আচলতে তোমাৰ অবৰ্তমানত হৃদয়ৰ বজাৰ তেনেই মন্দা
মুদ্রাস্ফীতি ঘটে জীৱনৰ মূল্যৰ
সৃষ্টি হয় উৎসাহবিহীন ক্রেতা–বিক্ৰেতাৰ এক ভয়াবহ উদাসীনতা।
পুঁৱতি তৰাহীন ৰাতিপুৱা ।
তোমাৰ বাবে সূৰ্য্য সময়ৰ বহু আগেয়ে আহে
নীলাভৰা আকাশৰ বুকুত উমাল ডাৱৰৰ স’তে
শুধবগা হৈ নীড়মুখী জোনে পোহৰত স্নান কৰে
মই ওভতনি যাত্রা কৰোঁ কোনো ঐতিহাসিক স্মাৰকৰ
ভগ্নাৱশেষৰ মাজত অতদিনে শুই থকা শিলৰ ওপৰেৰে।
অনুত্তৰা, তুমি এদিন আহিবা চাগে’ এইবাটে ………………