অনুবাদ কবিতা – ছা-হা-বা হাৰ্টি

অনুবাদক: ছা-হা-বা হাৰ্টি

মাখি
মূল: নিৰ্মলেন্দু গুণ, বিশিষ্ট বাংলা কবি

এটা মাখি বুকুৰ ওপৰত
এটা মাখি নাকত,
এটা মাখিয়ে মোক চিনে
এটাই চিনে তোমাকে।

মোৰো চিনাকি, তোমাৰো চিনাকি
সেই মাখিটো ক’ত ?

নাকতো নাই, বুকুতো নাই
এই দেখোন চকুপানীত।
—————————

যুদ্ধ
মূল: নিৰ্মলেন্দু গুণ, বিশিষ্ট বাংলা কবি

যুদ্ধ মানেই শত্ৰু শত্ৰুৰ খেলা
যুদ্ধ মানেই
মোৰ প্ৰতি তোমাৰ অৱহেলা ।
——————————-

স্থিৰ চিত্ৰ
মূল কবিঃ  চিছয়া য়ু তাম ছাই
(আফ্ৰিকা মহাদেশৰ অন্তৰ্গত কঙ্গো দেশৰ এটি কবিতা)

ককাদেউতাই যেতিয়া
মোৰ মৃত ভনীক
প্ৰকাণ্ড মাছ এটাৰ দৰে
আমাৰ বাটচ’ৰাৰ গছ এডালত ওলমাই ৰাখিছিল
মই তেতিয়া খেলি আছিলোঁ।

আমাৰ তেতিয়া ভাল লাগিছিল আলুৰ খেতি
কুকুৰনেচীয়া বাঘৰ দৰে খাইছিলোঁ সৰু সৰু তিঁয়হ
কিন্তু মই প্ৰায়ে উপবাস খাটিবলগীয়া হৈছিল
বুভুক্ষা দমন কৰিব নোৱাৰি মই কান্দিয়ে দিছিলোঁ

যদি কওঁ
মোৰ পিতাই মোৰ ছোৱালীৰ নাম জনা নাছিল
মইয়ে প্ৰত্যক্ষদৰ্শী সময়ৰ
সদায়ে দেখোঁ
গলি যোৱা মৃতদেহ এটাৰ সত্তা বতাহৰ ভিতৰত
য’ত মোৰ তেজ জ্বলি-পুৰি ভষ্ম হৈ যায়।
—————————————-

মোৰ আঙুলি
মূল কবিঃ জেমস্ ফ্ৰেডহোলম
(ছুইজাৰলেণ্ডৰ এটা কবিতা)

হাতৰ আঙুলিৰ গোন্ধ নাই যেতিয়া
মই জানো এইকেইটা মোৰেই
কি যে হৃষ্ট-পুষ্ট আৰু অপৰূপ!
গোটেই জীৱন মোৰেই আছিল।
গৰম পকেটত
যেতিয়া হাত দুখন থওঁ
ঠিক গ্ল’ভচৰ  নিচিনা লাগি যায়।
মই ভাবোঁ
কেনেকৈ ভাঁজ কৰি ৰাখিম এদিন
তোমাৰ ওচৰত …  …
————————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!