অনুভৱৰ কেইটিমান স্তৱক (নিবেদিতা‬ হাজৰিকা)

আশা
নিৰ্জনতাৰ দুৱাৰ খুলি
কিয় আহা বাৰে বাৰে,
নিসংগ শব্দবোৰ অবাধ্য হৈ পৰে
তোমাক বিচাৰি
অনুভৱৰ প্ৰান্তৰে প্ৰান্তৰে!
 
অনুভৱ
নিৰিবিলি নাহৰৰ তলেৰে পাৰ হৈ যাওঁতে
হঠাৎ বুকুখন কঁপি উঠিছিল
জিলমিল ৰ’দজাকত জিলিকি উঠিছিল
তোমাৰ দুচকুৰ
হালধীয়া সপোনৰ বাখৰুৱা অুনভৱ!
 
অনুৰাগ
শেষ নোহোৱা বিষাদ
অথবা
সুবাসী সময়ৰ
নিবিড়তম অনুভৱী দস্তাবেজ,
য’ত লিখা আছে মোৰ অশ্ৰুৰে
চিৰন্তন এটি নাম!!
 
সময়
কোনে বাৰু শুনে
সৰাপাতৰ উচুপনি?
ধূলিৰে ধূসৰিত সময়ৰ বুকুত
হেঁপাহৰ সেউজীয়াবোৰ
এদিন মাথোঁ হৈ ৰয়
সোঁৱৰণি!!
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!