অনুভৱৰ জোলোঙাৰ পৰা – সৌৰভ জ্যোতি বৰ্মন
(১)
আকাশখন হেঙুলী হৈ পৰে৷ সন্ধিয়াটো বুকুতে লৈ ওভতো সদায়৷ গৰু চৰাই গৃহাভিমুখী হোৱা পথৰুৱা আলিটোৰ ধূলিয়ৰী আৱেশত শুভ্ৰতাই বেঢ়ি ধৰে আমাক৷ গৰুৰ পদস্পৰ্শত উদ্বাউল ধূলিৰে বগা হোৱাৰো যে আছে এক অতুলনীয় সুখানুভূতি৷
কিন্তু এতিয়াৰ চহৰাভিমুখী গ্ৰাম্য সভ্যতাৰ ধামখুমীয়াত বিলাসী গাড়ীৰ চলন্ত চকাৰ স্পৰ্শত উৰন্ত ধূলিৰে বগা হোৱাৰ জানো আছে তেনে মাদকতা? বিচাৰিলেওঁ পোৱা নাযায় চোন সেই সুখানুভূতি৷
(২)
পথাৰত টঙীঘৰটোৰ পৰা সোণোৱালী ধাননি দৰাৰ ত্ৰাণকৰ্তা ৰূপে বতা চৰাই খেদোৱা সময়খিনিৰ মাদকতাই বেলেগ৷ সেউজীয়াৰ মাজৰ সোণালী আৱৰণ খনৰ সৌন্দৰ্য্যই অতুলনীয়৷
কিন্তু, এতিয়া বিলাসী অট্টালিকাৰ চাদত বহি চাৰিওফালৰ পৃথিৱীখন চালে পোৱা যায় জানো তেনে মাদকতা? কলা ধোঁৱাৰ প্ৰকোপত লুপ্তপ্ৰায় আজি সেউজীয়া৷ হেজাৰবাৰ বিচাৰিলেওঁ পোৱা নাযায় চোন সেই টঙীঘৰৰ সুখানুভূতি৷
(৩)
চাকিৰ পোহৰত পঢ়োতে বেৰত কলা ধোঁৱাৰ প্ৰলেপ পৰে৷ পঢ়াৰ মাজতে সেই কলাৰ ওপৰত আঙুলিৰে বুলাই অকা কোনো বৰ্ণ অথবা ছবিৰ মাদকতাই সুকীয়া, লাগিলে দেখাত কুশ্ৰীয়েই নহওক কিয়?
কিন্তু, এতিয়া নানাৰঙী ৰঙৰ পোহাৰেৰে তুলিকাৰ সহায়ত সৰগৰ অপ্সৰাক জীৱন্ত কৰিলেওঁ পোৱা যায় জানো তেনে মাদকতা? বিচাৰিলেওঁ পোৱা নাযায় চোন সেই চাকিৰ ধোঁৱাৰ সমান সুখানুভূতি৷
(৪)
স্নিগ্ধ জোনাকৰ মধুৰতম আৱেশত সন্ধিয়া চোতালত ঢাৰিত বহি, বিচনীৰ বা লৈ আইতাৰ সাধু শুনাৰ মাদকতাই তুলনাবিহীন৷ মাটিৰ সুবাস থকা আমোদ আছিল সেয়া৷
কিন্তু, এতিয়া বিজুলী পাংখাৰ তলত বহি, হৰলিক্সৰ পিয়লাত চুমুক দি টিভিত কাৰ্টুন চালে জানো পোৱা যায় তেনে মাদকতা? একো নতুনত্বৰ উদ্ভাৱনটো পোৱা নাযায় চোন সেই সাধুৰ সুখানুভূতি৷