অনুভৱ তুমি নাহিবা ( চন্দ্ৰমা শৰ্মা )

Hathate

অনুভৱ আহিছিল এদিন,
দূৱাৰত টোকৰ্ টোকৰ্ বাজিছিল,
কিন্তু মই শুনা শব্দবোৰ ধক্ ধক্ ধক্ …
মই যে সাৰে আছিলো,
চক্ খালো মই।
আৰু মোলৈ চাই সুধিলে,
“ ভয় খাইছা নেকি ?
ইস… নাখাবা, মই আছো নহয় ।।“

ভয় মোৰ নালাগে,
স্ফুৰ্তি নাইবা শিহৰণো নাজাগে,
অনাই বনাই ফুৰো মই
স্বাধীন হৃদয়ৰ পৃথিৱীত ।।

অনুভৱে আকৌ হাঁহিলে মোলৈ,
যেন নীৰৱ হৈ ৰ’ল মোৰ হৃদয়
সুধিম বুলি ভাবিও …
আকৌ যাবানো কেতিয়াকৈ ।।

মই সুখী মোৰ পৃথিৱীত ।
অনুভৱ, তুমি কেৱল এটি অনুভূতিহে,
মনৰ ভাৱ …
আকৌ আতৰি যাবা এদিন,
হৃদয়ৰ পিছত হৃদয় বাগৰি ফুৰিবা,
নাহিবা মোক জগাবলৈ ।
মই সুখী, মোৰ পৃথিৱীত ।
মোৰ স্বাধীন হৃদয়ত ।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!