অনুৰাগৰ গীত – ২ (উচ্চজিত্ কলিতা)
অনুৰাগৰ গীত – ২
বলিয়া বৰষুণ…
নাহিবি…নাহিবি….
মোৰ আকাশৰে কজলা চকুযুৰি
ধুই লৈ নাযাবি……
বলিয়া বৰষুণ…
নাহিবি…নাহিবি……..
মৰমৰ চুবুৰিত
আকাশে শুবয়ে
জোনাকে পহৰা দিব,
পলাশে বুকুলৈ আনিব ফাগুন….
নাহিবি…নাহিবি
বলিয়া বৰষুণ………
ৰিব্ ৰিব্ মলয়াই
পঢ়িব মিলনৰ চিঠি
এধানি পোহৰত
আকাশে থাকিব শুনি……
নাহিবি…নাহিবি….
বলিয়া বৰষুণ……………….