অনুৰাগ – প্ৰাঞ্জল অনুভবী

‘‘চাল্লা.. !’’
ফুটপাথত পৰি থকা খালি পানীৰ বটলটোত তীব্ৰ গোৰ এটা শোধালে কানুৱে। ফুটবল এটাৰ দৰে কিছু সময় বটলটো শূন্যত ওপঙি থাকি, প্ৰথমতে ফুটপাথৰ কাষত পাৰ্ক কৰি থোৱা স্কুটাৰ এখনত আঘাট কৰিলে, তাৰপাছত ওফৰি পৰিল ব্যস্ত পথৰ ওপৰত। মুহূৰ্ততে বটলটোক দুখন অ’টো আৰু মটৰ চাইকেল এখনে খুন্দা মাৰি পাৰ হৈ যায়। তীব্ৰবেগী কেণ্টাৰ এখনে নিৰ্দয় ভাবে পিঠাৰ দৰে চেপেটা কৰি পেলায় থৈ যায় ধোঁৱা বৰণীয়া বটলটো। নিৰ্জীৱ বটলটোৰ ফালে চাই বেঁকা হাঁহি এটা মাৰে সি। মুখৰ ভিতৰত পুনৰ বিৰবিৰাই উঠে, – ‘‘চাল্লা!’’
মহানগৰীলৈ কজলা চোলা পিন্ধি লৈ নামি আহিছে সন্ধ্যা। অ’ত ত’ত দুই এটা নিয়ন লাইট জ্বলি উঠিছে। দোকানৰ শ্ব’কেছত নিৰ্লিপ্ত ভঙ্গীত থিয় হৈ আছে সুদৃশ্য ডামিৰ প্ৰফাইল। বতাহত উপঙি ফুৰিছে কয়লাত পোৰা মাকৈৰ গোন্ধ এটা। গণেশগুৰি ফ্লাইওভাৰৰ মূৰত প্ৰচণ্ড যানজঁটৰ সৃষ্টি হৈছে। ওপৰা-ওপৰিকৈ কেবাখনো কেণ্টাৰ আহি ঠাইখিনিত ভিৰ কৰিছেহি। হেণ্ডিমেনবোৰে অবিৰত চিঞৰিছে,–‘জালুকবাৰী,আদাবাৰী…।’ সেই যানজঁটৰ মাজেৰে বিম্বাশৱদে মটৰ চাইকেল এখন পাৰ হৈ যোৱা কানুৱে দেখা পায়। চাৰ্কাছৰ চমৎকাৰী খেলুৱৈৰ দৰে নিপুণ কৌশলেৰে চলাই নিয়া মটৰ চাইকেলখন অদৃশ্য নোহোৱালৈকে তধালাগি চাই ৰয় সি।
ফ্লাইওভাৰৰ কাষেৰে সোমাই যোৱা ঠেক গলিটোৰ মূৰত থকা বাৰখনৰ পৰা অলপ আগতে কানু ওলাই আহিছে। তিনি বজাতে অফিছৰ পৰা ওলাই আহি বাৰখনত প্ৰৱেশ কৰিছিল সি। এটা এটা কৈ শেষ কৰিছিল তিনিটা লাৰ্জ পেগ। বাৰৰ পৰা ওলোৱাৰ পাছতে কানুৰ অনুভৱ হৈছিল- তাৰ যেন নিচা লাগিছে! খোজত কিঞ্চিত জঠৰতা। ফুটপাথৰ মাজত পৰি আছিল খালি পানীৰ বটলটো। আৰু সি একো নভবাকৈ প্ৰচণ্ড গোৰ শোধাইছিল বটলটোত, ‘‘চাল্লা!’’
ফুটপাথেৰে ধীৰে ধীৰে কানু আগবাঢ়ে। ব্যস্ত ফুটপাথৰ ওপৰত অস্থায়ী পোহাৰীবোৰে শাক-পাচলিৰ দোকান মেলিছে। ক্ৰেতা-বিক্ৰেতা আৰু পথচাৰীৰ ভিৰৰ মাজেৰে সন্তৰ্পণে খোজ কাঢ়ে সি। ওভাৰব্ৰীজৰ তলৰ ট্ৰেফিক পইণ্টত ৰঙা লাইট জ্বলিছে। যান-বাহনবোৰ পৰুৱাৰ দৰে শাৰী পাতি ৰৈ গৈছে। শকত, লোদোৰ-পোদোৰ মহিলা এগৰাকী দৌৰা-দৌৰিকৈ ব্যস্ত ট্ৰেফিকৰ মাজেৰে সৰকি যাবলৈ উদ্যত হ’ল। কানুৱে মানুহগৰাকী পিছ লয় আৰু নিৰ্বিঘ্নে ৰাস্তাটো পাৰ হৈ আহি বিপৰীত দিশৰ ফুটপাথত থিয় হয়। চিগাৰেট জ্বলাই সি। ধোঁৱাবোৰ শূন্যত এৰি দি ভাবে– ক’লৈ যোৱা যায়? ৰূমলৈ? নাঃ ইমান সোনকালে ৰূমলৈ গৈ কি কৰিব? হঠাৎ কিবা এটা মনত পৰাৰ দৰে পকেটৰ পৰা ম’বাইলটো উলিয়াই লয়। নীৰালৈ কল কৰে,- ‘‘হেল্লো, নীৰা- হেল্লো, অকুক অকণমান দিয়াচোন! সি ওচৰতে আছে নহয়- দিয়াচোন তাক, তাৰ মাতটো অলপ শুনো। কিমান দিন যে হ’ল তাৰ মাতটো শুনা নাই! হেল্লো…।”
সিফালৰ পৰা কোনো সঁহাৰি নাপায় সি। লাইনটো কাটি যায়। ৰিডায়েল কৰে। চুইছ অফ্। হঠাৎ কানুৰ মনত পৰি যায়– কিছুদিন আগতে অকুক বিচাৰি ফোন কৰোঁতে নীৰাই নিৰ্দয়ভাবে কৈ উঠিছিল- ‘ইয়াত কোনো অকু নাথাকে। বাৰে বাৰে ফোন কৰি ডিষ্টাৰ্ব নকৰিবা।’
বুকুৰ ভিতৰত ভীষণ যন্ত্ৰণা অনুভৱ কৰিছিল কানুৱে। কিয় ক’ব তাই তেনেকৈ? সি অকুৰ দেউতাক নহয় নেকি? তাৰ অধিকাৰ নাই নেকি?
সম্পূৰ্ণ দুটা বছৰ আদালতলৈ দৌৰা–দৌৰি কৰাৰ পাছত নীৰাৰ সৈতে তাৰ বিবাহ বিচ্ছেদ হৈছিল। কিন্তু অকুৰ সৈতেতো তাৰ সম্পৰ্ক শেষ হৈ যোৱা নাই! কানুৱে বিচাৰে, দেউতাক হিচাবে তাৰ ওচৰত সি অনুযোগ, অভিমান কৰক। ইটো-সিটো লাগে বুলি আবদাৰ কৰক। নাই, তেনেকুৱা একো এটা কৰাৰ সুযোগ নিদিলে নীৰাই। তাৰ প্ৰতি থকা মৰম-চেনেহৰ কথা বুজিবলৈ কোনো সুযোগেই নিদিলে তাই। কি ঠিক, নীৰাই কিজানি সীমাহীন বেয়া ধাৰণা অকুৰ মনত সিঁচি দিছে! যি ধাৰণা হয়তো ফলে-ফুলে জাতিস্কাৰ হৈ ইমান দিনে ঘৃণালৈ পৰ্যৱসিত হৈছে। মাজতে এবাৰ ভাবিছিল, কাষ্ট’ডিৰ বাবে কেচ ফাইল কৰিব নেকি? উকিলে মানা কৰিলে। লাভ নহ’ব হেনো। ল’ৰা এতিয়াও মাইন’ৰ হৈ আছে। কাষ্ট’ডি সি নাপাব।
জ্বলন্ত চিগাৰেটটো এটা বিশেষ কিটিপেৰে দূৰলৈ পেলাই দিলে সি। বিশৃংখল গনেশগুৰি চাৰি আলিৰ ওপৰত ওলমি আছে নিৰ্মেঘ আকাশ। দূৰৈত আলফুলকৈ ফুটি ওলাইছে দুই-এটা তৰা। কাঁহীৰ দৰে জোনটোৱে পৃথিৱীক পোহৰাই তুলিছে।
ফুটপাথেৰে উদ্দেশ্যহীনভাবে সি খোজ কাঢ়ে। ৰাস্তাভৰ্তি গাড়ী-মটৰ, মানুহৰ বিশৃংখল যাতায়ত আৰু কোলাহল। ৰাস্তাটো পাৰ হ’বলৈ ফুটপাথৰ পৰা নামিল কানু। দুগৰাকী মহিলা তাৰ ওচৰ চাপি আহিল। ৰাস্তাটো পাৰ হোৱাৰ বাবে সুৰুঙা বিচাৰি গাড়ী-মটৰ লক্ষ্য কৰিলে। হঠাৎ এগৰাকী মহিলাই হাত এখনেৰে গাড়ীবোৰ ৰ’বলৈ ইংগিত দি সাউতকৈ ৰাস্তাটো পাৰহৈ গ’ল। পিচে পিচে আন গৰাকী মহিলা দৌৰি ৰাস্তাটো পাৰ হ’ল। কানুৱে ৰাস্তাটো পাৰ হ’ব নোৱাৰিলে। অসহায়ভাবে কিছুসময় চলন্ত গাড়ী-মটৰবোৰৰ ফালে চাই থাকিল সি।
পুনৰ উভতি আহি সি ফুটপাথত থিয় হয়। চিগাৰেট এটা জ্বলায়। ধীৰে ধীৰে সি ফুটপাথেৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰে।গ্লোচাইনৰ প্ৰকাণ্ড হ’ৰ্ডিংবোৰ ভিন্ন ৰঙৰ পোহৰেৰে জকমকাই উঠিছে। মাজে মাজে গাড়ী-মটৰৰ তাৎক্ষণিক দ্যুতিয়ে কানুক স্পৰ্শ কৰি আঁতৰি গৈছে।
ক’লৈ যোৱা যায়? চিনেমা হলত কিছুসময় কটাব পৰা গ’লহেঁতেন! ঘড়ীটোলৈ চালে সি। নাই, সময় পাৰ হৈ গৈছে। ফুটপাথৰ পৰা নামি উদ্দেশ্যবিহীনভাবে চিটিবাছ এখন উঠে সি। খালি চিট এটা পাই বহি পৰে। চিটিবাছখন আগবাঢ়ে। ধীৰে ধীৰে পাৰ হৈ যায় সান্ধ্য মহানগৰীৰ খণ্ডিত লেণ্ডস্কেপ। চকুদুটা মুদি দিলে সি। স্বপ্নৰ দৰে কিছুমান বিক্ষিপ্ত কথা মনলৈ আহে- … সৰু চহৰখন, সৰু এখন নদী… ফুকন, জয়ন্তৰ সৈতে কানুৱে সাঁতুৰিছে। আকাশত কমোৱা তুলাৰ দৰে উপঙি ফুৰিছে অলস মেঘবোৰ.. নৈৰ পাৰৰ কহুৱা বনবোৰ নৃত্যৰতা নাৰীৰ দৰে হালিছে-জালিছে.. ৰবাব টেঙাৰ বল এটা লৈ কানু এজাক ল’ৰাৰ সৈতে পথাৰত দৌৰি ফুৰিছে….. ল’ৰাৰ দৰে অনায়াসে আমৰ গছলৈ উঠি গৈছে মিনতি.. জয়ন্তই গছৰ তলৰ পৰা ওপৰলৈ চাই চিঞৰিছে- ঐ তোৰ পান্টটো দেখা পায়… কুচিমুচি ফ্ৰকটো কৰঙণৰ চেপাট সোমাই লৈ তাই ওপৰৰ পৰা কৈছে- ৰ’ বেটা তোক এটাও আম নিদিও…। ওঁঠ ফাক কৰি নিঃশব্দে হাঁহে কানুই।
কাছৰীত চিটিবাছৰ পৰা নামে সি। ফুটপাথৰ চাহদোকান এখনত ৰৈ চাহ একাপ বিচাৰে, ‘‘চাহ একাপ দিয়ক।’’
দোকানৰ পিছফালৰ আন্ধাৰখিনিৰ সুযোগ লৈ দুজন ল’ৰাই মদ খাইছে। হাতত পকৰিৰ টোপোলা। বতাহত ভজা পকৰিৰ গোন্ধ এটা বিয়পি পৰিছে। আঁৰ চকুৰে ল’ৰাদুজনলৈ চালে কানুৱে। পোছাক-পৰিচ্ছদৰ পৰা ল’ৰা দুজনক সম্ভ্ৰান্ত পৰিয়ালৰ যেন লাগিল। কিয় জানো কানুৰ ভাব হ’ল- এনেকৈয়ে চাগে ধনী ঘৰৰ ল’ৰা-ছোৱালীবোৰ অধঃপাতে যায়। অথচ কানুই নিজেও এদিন এনেকৈ লুকাই-চুৰকৈ মদ খাবলৈ শিকিছিল।
“চাহ।”- দোকানীজনে চাহৰ কাপটো কানুলৈ আগবঢ়াই দিলে।
“পাঁচ টকাৰ পকৰিও দিয়কচোন।” চাহৰ কাপটো হাতলৈ আনি কানুৱে ক’লে।
দোকানীজনে কাগজৰ টুকুৰা এটাত পকৰি কেইটামান বান্ধি কানুৰ ফালে আগবঢ়াই দিলে। তাৰপাছত মূৰটো পিছ ফালে ঘুৰাই ল’ৰাদুজনক উদ্দেশ্য কৰি সুধিলে, “তোমালোকৰ হ’ল নে নাই?”
“হ’ল খুৰা, এই লাষ্ট পেগ।”- নিসংকোচে ল’ৰা এজনে ক’লে।
“সোনকালে কৰা। পুলিছে পাছত মোক ঝামেলা কৰে।”
চাহৰ দামটো আদায় দি কানু পানবজাৰৰ ফালে খোজ কাঢ়ি আগবাঢ়ি যায়। কিতাপৰ দোকানৰ সন্মুখত কলেজীয়া ল’ৰা-ছোৱালীৰ সৰু এটা ভীৰ। ফুটপাথৰ চুক এটা ভিক্ষাৰীৰ দৰে মলিয়ন আৰু শতছিন্ন পোছাক পৰিহিত লোক এজন উদাসভংগীত বহি আছে। হঠাৎ অকুৰ বাবে কিতাপ এখন কিনাৰ কথা তাৰ মনলৈ আহিল। সাধুকথাৰ কিতাপ পঢ়ি সি ভাল পায়। এবাৰ সাধুকথা কোৱা প্ৰতিযোগিতাত সি প্ৰথম পুৰস্কাৰ পাইছিল। সাধুকথাৰ কিতাপ এখন কিনিব নেকি? কিন্তু কিতাপখন তাক কেনেকৈ দিব? নীৰাই যে সকলো ৰাস্তা বন্ধ কৰি থৈছে! ডাকযোগে পঠাব পৰা গ’লহেঁতেন।কিন্তু নীৰাহঁতে পূৰ্বে থকা ভাৰাঘৰটো সলনি কৰিছে বুলি সি খবৰ পাইছিল। নতুন ঘৰৰ ঠিকনাটো সি নাজানে। মনে মনে গৈ স্কুল ছুটিৰ সময়ত দি থৈ আহিব পাৰি দেখোন! তাৰ বাবে সি অৱশ্যে নগাঁৱলৈ যাব লাগিব।আগতেও কানুৱে দুবাৰমান নগাঁৱলৈ গৈ অকুক লগ পাবলৈ স্কুলৰ আশে-পাশে খাপপাতি ৰৈ আছিল। কিন্তু নীৰাৰ উপস্থিতিৰ বাবে তাক লগ কৰা সম্ভৱ হৈ উঠা নাছিল। নীৰা যিহে অহংকাৰী আৰু বদমেজাজী; মানুহৰ মাজতো তাক অপমান কৰিবলৈ কুণ্ঠবোধ নকৰিব। দূৰৈৰ পৰা অকুক চাই আত্মতৃপ্তি লাভ কৰিছিল সি।
এইবাৰ যেনে-তেনে অকুক লগ কৰাৰ চেষ্টা কৰিব লাগিব। কিমান দিন যে তাক লগ পোৱা নাই! চুই চোৱা নাই তাক! কথা পতা নাই! সি ঠিক কৰিলে, কাইলৈ সি নগাঁৱলৈ যাব। কথাটো ভবাৰ লগে লগে অকুৰ মৰম লগা মুখখন চকুৰ সন্মুখত ভাহি উঠিল।
কিতাপৰ দোকান এখনত ৰৈ কানুৱে দুখন সাধুকথাৰ কিতাপ কিনিলে। কিছুদূৰ আগুৱাই আহি ৱাইনচপৰ পৰা হাফ এটা ল’লে আৰু ঘৰলৈ বুলি চিটিবাছত উঠিল।
চিটিবাছৰ খিড়িকীৰ ফ্ৰেমত ৰাতিৰ মহানগৰ। সদা ব্যস্ত বাট-পথ। ট্ৰেফিক। গাড়ী-মটৰৰ ৰুদ্ধশ্বাস গতিময়তা। বিজুলী বাতিৰ পোহৰত জিকমিকাইছে সুদৃশ্য অট্টালিকা। দোকান-পোহাৰ। চকু দুটা মুদি শুবলৈ চেষ্টা কৰিলে সি।
ভাৰাঘৰৰ গেট খুলি ভিতৰলৈ সোমাই আহিল কানু। দেহত অপাৰ ক্লান্তি। ক্ৰমশঃ নিচা ফাটি গৈছে। আকাশৰ ফালে মূৰ তুলি চালে সি। নিৰ্মল আকাশ। ক’তো এচপৰা মেঘ নাই। পৃথিৱীলৈ নামি আহিছে অকৃত্ৰিম জোনাক। জোনৰ ৰূপালী ৰংবোৰ চোতালত সিঁচৰতি হৈ পৰিছে।
সন্তৰ্পণে কোঠাৰ তলাটো খুলিলে সি। নিঃশব্দে লাইটটো জ্বলাই দিলে। কিতাপ আৰু মদৰ বটলটো টেবুলত থৈ বিচনাত বহি পৰিল। ভাগৰ অনুভৱ কৰিছিল সি। আজিকালি অলপ খোজ কাঢ়িলেই তাৰ ভাগৰ লাগে। হাপানি ৰোগীৰ দৰে মাজে মাজে উশাহ ল’বলৈ কষ্ট অনুভৱ কৰে।
কাপোৰযোৰ সলাই লৈ কানুৱে কলৰ পৰা পানী এবাল্টি আনিলে। মুখ-হাত ধুই ল’লে। পাকঘৰত সোমাই চাউল আৰু আলু এটা কুকাৰত বহাই দিলে। কিমান দিন যে সি ঘৰত ৰন্ধা-বঢ়া কৰি খোৱা নাই! আগতে নীৰাৰ অসুবিধা হ’লে কানুৱে ভাত ৰান্ধিছিল। সি ৰন্ধা ব্যঞ্জন অকুৱে ভাল পাইছিল।
পুনৰ অকুৰ কথা তাৰ মনলৈ আহিল কানুৰ। কি কৰি আছে বাৰু সি? পঢ়ি আছে চাগে। কাইলৈ অকুক লগ ধৰিব পাৰিব নে? নে আগৰ দৰে তাক লগ নোপোৱাকৈ উভতি আহিব লাগিব? এইবাৰ যেনেতেনে তাৰ হাতত ম’বাইল নম্বৰটো দি থৈ আহিব লাগিব। কানুৱে ভাবিলে।
বটলটোৰ পৰা পেগ এটা বনাই লৈ চিগাৰেট এটা জ্বলালে। বাহিৰৰ পৰা জোনাকৰ ৰূপালী ৰেখা এটা ভেণ্টিলেটৰেদি কোঠালৈ সোমাই আহিছে।
খিড়িকীখন খুলি দিলে সি। মৃদু বতাহ অকণমানে চুই গ’ল তাক। চোতালখনৰ এমূৰে থকা ফুলজোপাৰ পৰা সুন্দৰ গোন্ধ এটা ভাহি আহিছে। গিলাচৰ পেগটো গলাধাৰণ কৰি বাহিৰলৈ ওলাই আহিল সি। মুহূৰ্ততে অকৃত্ৰিম জোনাকে বুৰাই পেলালে তাৰ সমস্ত শৰীৰ।
কেবাদিনো নুখুড়োৱা দাঢ়িখিনি নিমজকৈ খুড়াই ল’লে কানুৱে। বাথৰুমত সোমাই লাহে ধীৰে গাটো ধুলে। ধুই ইস্ত্ৰী কৰি থোৱা কাপোৰ এযোৰ উলিয়াই পৰিপাটিকৈ পিন্ধি ল’লে। মুখত অকণমান ক্ৰীম সানি আইনাখনত আপাদমস্তক এবাৰ নিজকে চালে। কুমৰ কাষৰ দুই এডাল চুলি পকিছে। মূৰৰ সন্মুখৰ চুলিবোৰ দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰিছে। কিঞ্চিত অনুজ্জল হৈ পৰিছে মুখৰ ৰং।
দুৱাৰত তলাটো লগাই বেগা-বেগিকৈ গেটৰ বাহিৰলৈ ওলাই আহিল কানু। এতিয়াও মহানগৰী ব্যস্ত হৈ উঠা নাই। বাটত দুই-এখন গাড়ী-মটৰ, অ’টো চলাচল কৰিছে। হালধীয়া ৰঙৰ স্কুলবাছ এখন তাৰ কাষেৰে পাৰ হৈ গ’ল।
কানুৱে অ’টো এখন বিচাৰিলে। সি খানাপাৰালৈ যাব। তাৰ পৰা চুপাৰত নগাঁও। কিছুদূৰ আহি সি অ’টো এখন পালে। ওচৰ চাপি গৈ অ’টোচালকজনক সি সুধিলে, “খানাপাৰালৈ যাবা?”
“যাম,ডেৰশ টকা লাগিব।” অ’টোচালকজনে ক’লে। অন্য দিন হ’লে সি তৰ্ক কৰিলেহেঁতেন। আজি তাৰ তেনে একো এটা কৰিবলৈ মন নগ’ল।
“হ’ব, ব’লা।” কানুৱে ক’লে।
খানাপাৰাত উপস্থিত হৈ কানুৱে নগাঁও অভিমুখী বাছ এখনত উঠি বহিল। যাত্ৰী কম। বাহিৰত ৰাতিপুৱাৰ উজ্জ্বল ৰ’দ। নবেম্বৰ মাহ। মহানগৰীত গৰম কমা নাই যদিও যোৰাবাট পোৱাৰ পাছত অনুভৱ হ’ল, প্ৰকৃতিয়ে যেন পৃথিৱীলৈ ধীৰে ধীৰে শীত নমাই অনাৰ প্ৰস্তুতি চলাইছে!
কথাবোৰ মনতে এবাৰ জুকিয়াই ল’বলৈ চেষ্টা কৰিলে কানুৱে। কি ক’ব সি অকুক। মাত্ৰ এঘাৰ বছৰ বয়স তাৰ । বহু কথা সি বুজি পোৱা হোৱা নাই। কানুৱে ঠিক কৰিলে,সি তাক কেইটামান টকা হাতত তুলি দিব আৰু ক’ব, ‘বাবা, তুমি এই পইচাৰে চকলেট খাবা আৰু খুচুৰা কৰি পিচিঅ’ৰ পৰা মাজে সময়ে মোক ফোন কৰিবা। কিবা লাগিলে ক’বা। ডাঙৰ হ’লে তোমাক এটা ম’বাইল কিনি দিম। আৰু বাকীবোৰ কথা তোমাক ডাঙৰ হ’লে বুজাই ক’ম। মই সদায় তোমাৰ লগত আছোঁ।’
দুপৰীয়া বাৰ বজাত কানু নগাঁৱত উপস্থিত হ’ল। একেদৰে আছে নগাওঁ চহৰ। গতিহীন, নিষ্প্ৰভ কলং। নিস্তৰংগ পানী। জিলা পুথিভঁৰাল। নেহেৰুবালি। হঠাৎ কানুৰ চকুত পৰে প্ৰাচীন ধ্বংসবাশেষৰ দৰে জহি-খহি যোৱা নৱগিৰি হোটেলখনৰ ওপৰত। মনটো বিষণ্ণ হৈ পৰে কানুৰ। বিয়াৰ পূৰ্বে নীৰাক লগ পাবলৈ নগাঁৱলৈ আহোঁতে প্ৰায়ে সি এই হোটেলখনত বাহৰ পাতিছিল। হোটেলৰ কৰ্মচাৰীকেইজনৰ লগত এক ধৰণৰ আত্মীয়তা গঢ়ি উঠিছিল তাৰ। কিহৰ বাবে জানো হোটেলখনৰ এই অৱস্থা হ’ল?
প’ষ্ট অফিছৰ সন্মুখত কানু গাড়ীৰ পৰা নামিল। কেবাখনো ৰিক্সা গাড়ীখনৰ ওচৰ চাপি আহিছিল। কানুৱে ভাবিলে, ক’লৈ যোৱা যায়? এতিয়াও অকুৰ স্কুল ছুটি হ’বলৈ প্ৰায় আঢ়ৈ ঘণ্টা বাকী। ধীৰে ধীৰে খোজ কাঢ়ি সি আগবাঢ়িল। ৰ’দটো ক্ৰমশঃ চোকা হৈ আহিছে। কিঞ্চিৎ গৰম অনুভৱ কৰিলে সি। ষ্টেডিয়ামৰ ওচৰৰ দোকান এখনত ৰৈ সি ক’লড্ৰিংকচ এটা খালে। চিগাৰেট এটা জ্বলাই লৈ উদাসভংগীত সন্মুখলৈ চালে সি। ৰাস্তাৰে দ্ৰুতগতিত পাৰ হৈ গৈছে গাড়ী-মটৰ, বাইক-স্কুটাৰ। গছ এজোপাৰ ছাঁত ৰিক্সাচালক এজন চিটত ভৰি তুলি অলসভাবে বহি আছে। ওচৰতে অন্য এজন ৰিক্সাচালকে নিৰ্লিপ্তভংগিত বিড়ি হুপিছে। কেনে চলিছে অকুৰ পঢ়া-শুনা? নীৰাই তাৰ যত্ন লৈছে নে? যুগ্মভাবে তাক মানুহ কৰাৰ সংকল্প লৈছিল এদিন কানু আৰু নীৰাই। ক’ৰ পৰা জানো কি হৈ গ’ল? দীৰ্ঘশ্বাস এটা কানুৰ মুখৰ পৰা নিৰ্গত হয়।
এঘণ্টা সময় নগাঁও চহৰৰ অলিয়ে-গলিয়ে ঘূৰি, এসময়ত অকুৰ স্কুলৰ ওচৰত থকা পানদোকানখনৰ ওচৰত আহি কানু উপস্থিত হ’লহি। মূৰৰ ওপৰত দুপৰীয়াৰ ৰ’দ। দোকানখনৰ পৰা চিগাৰেট এটা কিনি জ্বলাই দোকানখনৰ সন্মুখত থকা বেঞ্চখনত বহিল। বেঞ্চখনত কাষৰ আঁহত গছজোপাৰ কিঞ্চিত ছাঁ পৰিছে। ছাঁ পৰা ঠাইখিনিত আৰামাকৈ বহি সি চিগাৰেট হুপিবলৈ ধৰিলে।দোকানখনৰ পৰা স্কুলৰ গেটখন দেখা পোৱা যায়। চিগাৰেট হোপাৰ মাজে মাজে গেটখনৰ ওপৰত দৃষ্টি ৰাখিলে সি। স্কুল ছুটি হ’বলৈ এতিয়াও প্ৰায় আধা ঘণ্টা বাকী। স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰক নিবলৈ অভিভাৱকসকল আহি পোৱা নাই। কানুৱে খবৰ পাইছিল অকুৱে হেনো কেতিয়াবা অকলে চাইকেল চলাই স্কুললৈ অহা -যোৱা কৰে। কানুৱে মনে মনে কামনা কৰিলে- আজি যেন নীৰা স্কুললৈ নাহে। অকুৰ সৈতে কিছু সময় কটাব বিচাৰে সি। বুকুৰ মাজত তাক আলফুলে সাৱতি ধৰি মৰম কৰিব খোজে। চুমাৰে উপচাই দিব খোজে তাৰ সমস্ত মুখমণ্ডল।
মূৰ দাঙি এনেয়ে এবাৰ সি গেটৰ ফালে চালে। নাই, এতিয়াও কোনো অভিভাৱক অহা তাৰ চকুত নপৰিল। সময় হোৱা নাই। তথাপি কানুৱে এনেয়ে দোকানীজনক সুধিলে, “দাদা, স্কুল ছুটী কেইটা বজাত হয়?”
“আঢ়ৈটাত, কাৰোবাক লগ পাবলৈ আহিছে নেকি? ক’ৰ পৰা আহিছে বা?” সন্দিগ্ধ দৃষ্টিৰে কানুৰ ফালে চাই দোকানীজনে সুধিলে।
“ নাই, এনেয়ে..।” কানুৱে দোকানীজনৰ ফালে চাই ক’লে, “ভাল চকলেট হ’ব নেকি?”
“হ’ব- কেডবেৰিছ।বিশ টকা, দিম?”
“দুটা দিয়ক। আৰু এটা চিগাৰেট।”
চকলেট দুটা পকেটত ভৰাই থলে সি।আৰু চিগাৰেটটো জ্বলাই পুনৰ সি স্কুলৰ গেটখনৰ ফালে চালে।দুজন মানুহ গেটৰ বাহিৰলৈ ওলাই আহি ইফালে-সিফালে এবাৰ চালে। তাৰপাছত ধীৰে ধীৰে দোকানখনৰ ফালে আগবাঢ়ি আহিল। এজন দুজনকৈ অভিভাৱকবোৰ গেটৰ ওচৰলৈ আহিবলৈ আৰম্ভ কৰিছে। সংগোপনে অভিভাৱকসকলকক নিৰীক্ষণ কৰে কানুৱে। না, নীৰা নাই। এটা স্বস্তিৰ নিঃস্বাস এৰে সি।
চিগাৰেটটো ভৰিৰে মোহাৰি কানু থিয় হ’ল আৰু ঠিক তেতিয়াই টং টংকৈ স্কুল ছুটিৰ ঘণ্টাটো বাজি উঠিল। হাই-উৰুমি কৰি স্কুলৰ গেটৰ পৰা ওলাই আহিল এজাক ল’ৰা-ছোৱালী। কানু সচেতন হ’ল। অনুসন্ধিৎসু দৃষ্টিৰে ল’ৰা-ছোৱালীবোৰৰ মাজত অকুক বিচাৰে সি। এজন দুজনকৈ অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালীবোৰক লৈ নিজৰ বাহনৰ ফালে আগবাঢ়ি গৈছে। কোনাবাই ৰিক্সা বিচাৰিছে। সেইবোৰৰ মাজতে কানুৱে দেখা পায়, পিঠিত বেগখনখন লৈ ধীৰে ধীৰ স্কুলৰ গেটৰ পৰা ওলাই আহিছে অকু। বুকুখন ঢুককৈ উঠিল কানুৰ। আস! বৰ সোনকালে যেন সি ডাঙৰ হৈ গ’ল। বেকব্ৰাছ কৰা সুন্দৰ ঘন ক’লা চুলিখিনিৰ সৈতে গোল মুখখনৰ ফালে চাই কিবা যেন মায়া লাগি যায় কানুৰ! দুখোজ আগবাঢ়ি যায় কানু।আৰু অকুৰ সন্মুখত থিয় হয়। পৰম মমতাৰে তাৰ মুখলৈ চাই কয়, “অকু, বাবা!”
অকুৱে একমুহূৰ্ত কানুৰ মুখলৈ চায়। মুখখন উদ্ভাসিত হৈ উঠে-“দেউতা, তুমি!”
“কেনে আছা বাবা..?” কানুৰ চকুত চকুপানী বিৰিঙি উঠিছিল। নিজকে সম্বৰণ কৰি সি পকেটৰ পৰা চকলেট দুটা উলিয়াই অকুৰ হাতত দিলে। আৰু ঠিক তেতিয়াই ঘটনাটো ঘটি গ’ল। ক’ৰ পৰা জানো নীৰা আহি উপস্থিত হ’ল। চিলনীয়ে চোঁমাৰি নিয়াৰ দৰে অকুৰ হাতৰ পৰা কাঢ়ি লৈ দলিয়াই দিলে চকলেট দুটা। আৰু চিঞৰি উঠিল,-“কিয় মোৰ ল’ৰাক চকলেট দিব ? কোন আপুনি?”
“মা..।” অকুৱে কিবা এটা ক’ব খুজিছিল।
“চুপ, একদম চুপ।” লগে লগে নীৰাই চিঞৰি উঠিছিল।
‘কি হ’ল বাইদেউ, কি হ’ল…?’ হতভম্ব হৈ পৰা কানুৱে কিবা এটা কোৱাৰ আগতে নীৰাৰ চিঞৰ শুনি দুই-এজন মানুহ আগবাঢ়ি আহিল। ধীৰে ধীৰে মানুহৰ এটা জুমৰ সৃষ্টি হ’ল আৰু কানুক আগুৰি ধৰিলে। দৌৰি দোকানৰ পৰা ওলাই আহিল দোকানীজন- ‘কি হ’ল, কি হ’ল?’ কোনোবা এজনে ক’লে, ‘ল’ৰাজনক চকলেট দিবলৈ চেষ্টা কৰিছিল। ‘হয়, হয়- মানুহজন তেতিয়াৰ পৰা ইয়াত সন্দেহজনকভাবে ৰৈ আছে। মোৰ পৰা চকেলেট কিনিছে..।’ দোকানীজনে ক’লে। কোনোবাই চিঞ্ৰৰি উঠিল-‘ সোপা ধৰা।’ লগে লগে জুমটো উত্তেজিত হৈ উঠিল। .. কিডনেপাৰ… সোপাধৰা.. মাৰ, মাৰ… কিছুমান বিক্ষিপ্ত শব্দ ছিটিকি আহিল।আৰু এজাক হিংস্ৰ চিকাৰী কুকুৰৰ দৰে মানুহবোৰ কানুৰ ওপৰত জঁপিয়াই পৰিল। কানুৱে আত্মপক্ষ সমৰ্থন কৰিবলৈ কোনো সুযোগ নাপালে। মাথোন অস্পষ্টভাবে দুবাৰমান চিঞৰি উঠিল, ‘সি মোৰ ল’ৰা’… মোৰ ল’ৰা….।’ কিন্তু কানুৰ ক্ষীণ, দুৰ্বল চিঞৰটো এজাক নিৰ্দয় মানুহৰ প্ৰহাৰ আৰু হাহাকাৰৰ মাজত ক’ৰবাত হেৰাই থকিল।
দুদিন পাছত দোকানখনৰ সন্মুখত মানুহবোৰে আলোচনা কৰিবলৈ ধৰিলে।
এজনে ক’লে, ‘মানুহজন ঢুকাল। পুলিচে গুৱাহাটী মেডিকেললৈ নি থাকোঁতে বাটত মৰিল।’
আন এজনে ক’লে, ‘মানুহজন হেনো পঞ্চম শ্ৰেণীৰ অনুৰাগ কাশ্যপ নামৰ ল’ৰাজনৰ দেউতাক আছিল!’
‘অ’ হয় নেকি?’
‘হয়, মাক-দেউতাকৰ বিবাহ বিচ্ছেদ হৈছে।ল’ৰাজন লগ পাবলৈ আহিছিল মানুহজনে।’
‘ছেঃ! বৰ বেয়া কথা হ’ল।’
মানুহবোৰ বিমৰ্ষ হৈ পৰা দেখা গ’ল। দোকানখনৰ কাষৰ আঁহত গছজোপাৰ ছাঁত তেতিয়াও কানু চৌধুৰীৰ কৰাল মৰা তেজৰ চেকুৰা কিছুমান জিলিকি আছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!