অন্ধবিশ্বাস আৰু কু-সংস্কাৰ : ৰিতুপৰ্ণ গোস্বামী
অন্ধবিশ্বাস আৰু কু-সংস্কাৰ
ৰিতুপৰ্ণ গোস্বামী
‘অন্ধৰ হাতী দর্শন’ নামৰ এটি সাধু কথা আছে। —পাঁচজন অন্ধ মানুহে হাতী এটাৰ নেজ, ঠেং, শুৰ, দাঁত আৰু গা টো চুই প্রত্যেকেই হাতী এটাৰ আকাৰ সম্পর্কে বিভিন্ন বাখ্যা আগবঢ়াইছিল। কিন্তু তেওঁলোকে এজনেও হাতীৰ আকাৰ সম্পর্কে শুদ্ধ বাখ্যা আগবঢ়াব পৰা নাছিল। ঠিক তেনেদৰেই আমাৰ দৈনন্দিন জীৱনৰ ঘটি থকা ব্যতিক্রম ঘটনা পৰিঘটনা সমূহৰ সঠিক বাখ্যা আগবঢ়াবলৈ আমি প্রায়ে ব্যর্থ হওঁ— বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱৰ বাবে। বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱত আমাৰ সমাজত কত যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰেৰে ভৰি পৰিছে আৰু আমাৰ জীৱনলৈ কত যে বিপর্যয় কঢ়িয়াই আনিছে তাৰ সীমা সংখ্যা নাই। বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱৰ হেতু নিজৰো অলেখ ক্ষতি হয় আৰু সমাজৰো অশেষ ক্ষতি হয়।
এতিয়া প্রশ্ন হ’ল এই বৈজ্ঞানিক দৃষ্টিভংগী আয়ত্ত কৰাৰ চাবি কাঠিনো কি? এইকথা আমি সদায় মনত ৰখা উচিত যে বিজ্ঞান আৰু বৈজ্ঞানিক দৃষ্টিভংগী একে কথা নহয়। এজন বিজ্ঞান শিক্ষাৰ উচ্চ ডিগ্রিধাৰী লোকৰো বৈজ্ঞানিক দৃষ্টিভংগী নাথাকিব পাৰে। বৈজ্ঞানিক দৃষ্টিভংগী আয়ত্ত কৰিবলৈ হ’লে কেইটামান নির্দিষ্ট চর্ত আয়ত্ত কৰিব লাগিব। তলত কেইটামান চর্ত আলোচনা কৰা হ’ল।
১) তথ্য, ২) নির্মোহ বিশ্লেষণ, ৩) ইতিমধ্যে থকা প্রচলিত সত্য সম্পর্কে সন্দেহ পোষণ, ৪) পূর্ব অভিজ্ঞতা আৰু পূর্ব ধাৰণা, ৫) শুদ্ধাশুদ্ধি বিচাৰৰ প্রতি আগ্রহ।
১) তথ্য: শুদ্ধ মত বা ধাৰণাত উপনীত হ’বলৈ হ’লে আমি প্রথমে তথ্যৰে বিচাৰ বিশ্লেষণ কৰিব লাগিব। তথ্য আহৰণ নকৰাকৈ কোনো এটা বিষয়ত মতামত দিবলৈ গ’লে সি ভূল হ’বলৈ বাধ্য। আকৌ প্রচলিত বিশ্বাস বা ধাৰণা সমূহ পুৰুষানুক্রমে শুদ্ধ বুলি ধৰি লোৱা উচিত নহয়। আমি এই কথা চাব লাগিব যে প্রচলিত বিশ্বাস বা ধাৰণা সমূহ তথ্য ভিত্তিক হয়নে নহয়। উদাহৰণস্বৰূপে- আমাৰ সমাজত বহুল প্রচালিত এক বিশ্বাসে বহু দিনলৈ গা কৰি আছিল। সেইটো হৈছে- বিয়া হ’লেই বৰষুণ দিয়ে। ইয়াৰ লগত ভেকুলীৰ বিয়াৰ কথাটোও জড়িত হৈ আছে। বাৰিষা ভেকুলীয়ে টোৰটোৰায়। গতিকে বৰষুণৰ লগত ভেকুলীৰ ধাৰণাটোও আহি পৰিছে। এতিয়া আমি তথ্যগতভাৱে এই প্রচলিত বিশ্বাস শুদ্ধ নে অশুদ্ধ তাক বিচাৰ কৰি চাব পাৰোঁ। পঞ্জিকা বা অসমীয়া কেলেণ্ডাৰত বিবাহৰ দিন লেখা থাকে। আমাৰ সমাজত সেই শুভদিন বুলি ভবা দিনবোৰতেই সাধাৰণতে বিবাহৰ আয়োজন কৰা হয়। ৩৬৫ দিনেই বিবাহৰ উপযোগী নহয়। এতিয়া আমি বিবাহৰ সেই দিনকেইটাৰ কোন কেইটা দিনত বৰষুণ হৈছিল আৰু কোন কেইটা দিনত বৰষুণ হোৱা নাছিল তাক পৰীক্ষা কৰিব চাব পাৰোঁ। অসম কৃষি বিশ্ববিদ্যালয়, টোকোলাই চাহ গৱেষণা কেন্দ্রত বতৰ বিজ্ঞান বিভাগ আছে। সেই বিভাগৰ পৰা আমি বছৰটোৰ বৰষুণৰ তথ্য পাব পাৰোঁ। এনে তথ্য বিশ্লেষণ কৰি ইতিমধ্যে উপৰোক্ত বিশ্বাস অমূ্লক বুলি প্রমাণিত কৰা হৈছে। আজি কালি বতৰৰ আগলি বতৰা ১০০% (নানা কাৰণত) শুদ্ধ ন’হলেও বহুলাংশে আমি এই আগলি বতৰাৰ পৰা উপকৃত হ’ব পাৰিছোঁ।
২) নির্মোহ বিশ্লেষণ: মোহগ্রস্ত হৈ বা চলি অহা বিশ্বাস, ধাৰণা আৰু মতবাদৰ প্রতি থকা দুর্বলতা সমূ্লাঞ্চে পৰিহাৰ কৰিব নোৱাৰিলে সত্যত উপনীত হ’ব পৰা নাযায়।
৩) ইতিমধ্যে থকা প্রচলিত ধাৰণা সম্পর্কে সন্দেহ কৰিব পৰা মনোভাৱ থকাটো হৈছে মানুহৰ অন্যতম ইতিবাচক দিশ। ইতিমধ্যে থকা বিশ্বাস বা ধাৰণা শুদ্ধ ন’হবও পাৰে বুলি আমি ভাবিলেহে নতুনক বিচাৰি চোৱাৰ যাত্রাত আমি বাট বুলিব পাৰিম। যেনে- এসময়ত পৃথিৱীখন স্থিৰ আৰু সূর্যহে ধাৱমান বুলি বিশ্বাস কৰা হৈছিল। কিন্তু পিছত এই ধাৰণাৰ সত্যতাৰ ওপৰত সন্দেহ ওপজা বাবেহে আৱিস্কৃত হ’ল যে পৃথিৱীয়ে নির্দিষ্ট এক কক্ষপথত সূর্যৰ চাৰিওফালে ঘূৰে।
৪) পূর্ব অভিজ্ঞতা আৰু পূর্ব ধাৰণা: কোনো এটা বিষয়ৰ বিশ্লেষণ কৰিবলৈ যাওঁতে আমি পূর্ব অভিজ্ঞতা বা ধাৰণাৰ ভেটিত আগবাঢ়ি যোৱাৰ আগত সেই অভিজ্ঞতা বা ধাৰণা তথ্যভিত্তিক আৰু বিজ্ঞানসন্মত হয়নে নহয় তাক বিচাৰ কৰি চাব লাগিব। আকৌ পৰীক্ষা-নিৰীক্ষাৰ পূর্বেই আগতীয়া ধাৰণা এটা কৰি ল’লেও আমি সত্যত উপনীত হ’ব নোৱাৰিম।
৫) শুদ্ধাশুদ্ধ বিচাৰৰ প্রতি আগ্রহ: পূর্বৰে পৰা চলি অহা ধাৰণা বা সমাজত বহুল প্রচাৰিত বিশ্বাস অথবা ভৱিষ্যতে ঘটিব লগীয়া ঘটনাৰ বিষয়ে বিজ্ঞানসন্মত বিশ্লেষণ কৰিবলৈ আমাৰ আগ্রহ থাকিব লাগিব। অন্যথাই “অন্ধৰ হাতী দর্শন” ৰ দৰে সত্য আমাৰ পৰা সুদূৰপৰাহত হৈ থাকিব লাগিব। আমাৰ মনত সদায় জিজ্ঞাসাবোধ থাকিব লাগিব। কি, কিয় আৰু কেনেকৈ- এই বিষয়ে আমি নিজকে বাৰে বাৰে সুধি চোৱাৰ প্রয়াস থাকিব লাগিব। তেতিয়াহে আমি অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ পৰা নিজকে মুক্ত কৰাৰ লগতে অন্ধবিশ্বাস আৰু কু-সংস্কাৰত লুতুৰি পুতুৰি হৈ থকা ব্যাপক জনগনক উদ্ধাৰ কৰিব পাৰিম। একৈশ শতিকাৰ বিজ্ঞানৰ চৰম উন্নতিৰ মুহূর্তত মানুহৰ সমাজত শ বছৰীয়া হাজাৰ বছৰীয়া প্রাচীন অ-বৈজ্ঞানিক, অবান্তৰ বিশ্বাস আৰু সংস্কাৰে থিতাপি লৈ থকাটো সভ্যতাৰ এক প্রচণ্ড প্রত্যাহ্বান হিচাপে দেখা দিছে।