অন্যতম অসমীয়া সুস্বাদু আৰু আদৰণীয় খাদ্য প্ৰস্তুত প্ৰণালী : সাঁজ বা দেৱৰস আৰু লেটা (দিব্য গগৈ, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী , শিৱসাগৰ)


(খাদ্য বিশেষ – আহোম খাদ্য সম্ভাৰ)

সাঁজপানী :

ক) প্ৰস্তুত কৰা উপাদান  সমূহৰ তালিকা :   জালুক , টিকনি বৰুৱা, কঠালপাত, বাঁহপাত, বিহলঙণী পাত, লব-বৰুৱা পাত, দ্ৰোণবন, ধপাত তিতা ,ঢেঁকীয়ালতি, মাহটীলতা , বন-তুলসী , কপৌ-ঢেঁকীয়া, ঢাপ-ঢেঁকীয়া, পোহাৰী লতা, দীঘ-লতি পাত, শুহনিগছ, তেজমুৰি শিপা, জেজেলি পকা পাত আদি বনৌষধিসমূহ সাঁজ প্ৰস্তুত কৰা উপাদান।  উক্ত বনৌষধি সৰহীয়াকৈ আনি ৰ’দত শুকুৱাই , গুৰি কৰি লৈ পিঠাগুৰিৰ লগত মিহলাই ভালদৰে সানি নিয়মীয়াকৈ পানী দি সৰু সৰু লাড়ু কৰিব লাগে। লাড়ুবোৰ ৰ’দত শুকুৱাই বাঁহৰে সজা পাত্ৰ খালৈ বা কুঁকিত জুইৰ ধোঁৱা লগাকৈ থ’ব লাগে। পাত্ৰটোত  বিষ জৰা বিহলঙনীৰ পাত পাৰি লাড়ুবোৰ থ’ব লাগে। এইদৰে থ’লে লাড়ুবোৰ  বেয়া হৈ নাযায়।

খ্) প্ৰস্তুত প্ৰণালী : লাহী বা আঢ়ৈ বৰা চাউল , ইয়াৰ উপৰিও বৰা , শালি , মালভোগ , জহা আদি বহুবিধ মিহলি ধানৰ চাউলৰেও প্ৰস্তত কৰা হয়। এই বিবিধ চাউলৰ মিশ্ৰণটোক মহসৰা  চাউল বোলা হয়। চাউলখিনি সিজাই ঠাণ্ডা কৰি চাউলৰ পৰিমাণ চাই সাঁজৰ বাবে তৈয়াৰী কৰা লাড়ু কেইটামান গুড়ি কৰি সিজোৱা চাউলখিনিৰ লগত ভালদৰে মিহলি কৰি সানি দিব লাগে। এই লাড়ু সনা সিজোৱা  চাউলখিনি বাঁহৰ খৰাহি এটাত  ভৰাই ওপৰত অলপমান পানী চটিয়াই কলপাতেৰে ঢাকি এটা পাত্ৰত ওপৰত তিনি বা চাৰিদিনমান থৈ দিব লাগে। এইদৰে  থ’লে খৰাহিত  থকা সিজোৱা লাড়ু মিহলি চাউলখিনিৰ পৰা জহি জহি ৰস ওলায় তলৰ পাত্ৰটোত পৰিব। এইখিনিক  ৰহি বুলি কোৱা হয়। তাৰ পাছত সেই সিজোৱা লাড়ু মিহলি চাউলখিনি মাটিৰ কলহত ভৰাই থ’ব লাগে।

গ্) সাঁজ খোৱাৰ  পদ্ধতি : সাঁজ খোৱাৰ এদিনৰ আগতে কলহত থোৱা সিজোৱা চাউলখিনিত কুহুমীয়া  গৰম  পানী দিব লাগে। প্ৰথমবাৰ পানী দি খাওঁতে সিজোৱা চাউলখিনি চেপিব নালাগে। এইদৰে ওলোৱা সাঁজকে গা-ৰস বোলে। দুই তিনিবাৰ  খাবলৈ হ’লে চাউলখিনিত এদিনৰ আগতে পানী দি চাউলবোৰ চেপি চেপি সাঁজ খাব পাৰি। ইয়াক চেপা সাঁজ বোলে।

ঘ্) সাঁজৰ বিবিধ প্ৰকাৰ : সাঁজ তিনি প্ৰকাৰৰ :  ৰহি, গা-ৰস আৰু চেপা সাঁজ।

ইয়াৰ  ভিতৰত ৰহি আৰু গা-ৰসেই স্বাস্থ্যৰ পক্ষে উপকাৰী আৰু সোৱাদ পূৰ্ণ।

লেটাৰ খাদ্যৰ প্ৰস্তত প্ৰণালী :


মুগাৰ পলুটো পকাৰ পাছত অৰ্থাৎ পুৰঠ হোৱাৰ পাছত মুগাটোৱে মুখেৰে পেটৰ ভিতৰত পৰা বীজলুৱা পদাৰ্থ উলিয়াই দিয়ে। সেই বীজলুৱা পদাৰ্থই আঁহলৈ পৰিৱৰ্তন হৈ পলুটো মেৰাই ধৰে। এই আঁহৰ বাহটোৰ ভিতৰত মুগাটো সোমাই থাকে। তেতিয়া তাক লেটা বুলি কোৱা হয়। এই লেটা মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে।

খোৱাৰ নিয়ম : প্ৰথমে  মুগাটো পানীত ভালদৰে সিজাই ল’ব লাগে। তেতিয়া ভিতৰত  পলুটো মৰাৰ উপৰিও আঁহৰ আৱৰণটো গুচাবলৈ সহজ হয়। এই আৱৰণৰ  আঁহ মানুহে পদ্ধতিমূলকভাৱে উলিয়াই সূতা তৈয়াৰ কৰি পাত মুগা কাপোৰ তৈয়াৰ কৰে। এইদৰে আঁহৰ আৱৰণটো এৰুৱাই লেটা উলিওৱা হয়। লেটা খাবলৈ হ’লে প্ৰথমে লেটাটো দীঘলে দীঘলে দুফাল কৰি লৈ দহ পোন্ধৰ মিনিট কেৰাহীত তেল দি আন্দাজমতে নিমখ হালধি দি ভাজিলে স্বাদপূৰ্ণ খাদ্যলৈ ৰূপান্তৰ হয়।

সাঁজৰ লগত লেটা ভাজি খাবলৈ অতি উত্তম।


Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!