অন্য এক পৃথিৱী (১২) – মাধুৰিমা ঘৰফলীয়া
বতাহৰ দৰে হেৰাই যোৱা ৰিকি! সিহঁতে আশা এৰি দিয়া ল’ৰাটো সিহঁতৰ সমুখত! অভিয়ে চোঁচা মাৰি গৈ তাৰ মুখত ঘোচা মাৰি দিলে৷ খঙত ৰঙা পৰি উঠা অভিক বাকীসকলে সাৱটি ধৰি ৰখালে যদিও সি বকিবলৈ নেৰিলে
-মই পগলা মানি লৈছোঁ কিন্তু তইতো পগলা নাছিলি! সকলোবোৰ কথা দহবাৰ ভাবিছিলি! তোৰ সেই মগজুটোত গোবৰ সোমাল নেকি? ক’ৰবালৈ যাবলৈ মন গৈছে যা কিন্তু আমাকতো জনাই যাব পাৰ৷
-অভি এয়া অক্ৰামবাসীৰ বাবে ইমান এটা আনন্দৰ সময়, চিঞৰ-বাখৰবোৰ কৰি নষ্ট নকৰিবাচোন! ৰিকিৰ বিচাৰ আমি ঘৰত কৰিমগৈ দিয়া৷ ভালটো চিন্তা কৰাচোন কাৰেণ্টো আহিল আৰু আমাক চিন্তাত পেলাই যোৱা দগাবাজটো উভতি আহিল৷
মমীয়ে আগবাঢ়ি আহি অভিক বুজাবলৈ চেষ্টা কৰাত সি শান্ত হ’ল৷ ঘামি উঠা মুখখন মোহাৰি ঘোচাৰ কোবত মাটিত পৰি যোৱা ৰিকিলৈ চালে৷ ৰিকিয়ে তাৰ ফালে চাই মিচিকিয়াই আছিল৷ অভিয়ে আগবঢ়াই দিয়া হাতখন ধৰি সি জাঁপ মাৰি থিয় হ’ল৷ সি তৰ্কিব পৰা আগতেই অভিয়ে তাক সাৱটি ধৰি বিৰবিৰাই উঠিল- আকৌ এবাৰ আপোনবোৰ হেৰুৱাম বুলি ভয় লাগে অ’ ৰিকি!
ৰিকিৰ চকুদুটা সজল হৈ উঠিল৷
ইতিমধ্যে বাকীমানুহবোৰ গৈ অক্ৰামজুৰ সোঁমাজৰ পথাৰখন য’ত বাকীকেইটা বাল্ব লগোৱা হৈছিল তাত উপস্থিত হৈছিলগৈ৷ গাঁওবুঢ়াৰ আদেশত তাতে ডাঙৰ ভোজ এটাৰ আয়োজন চলিল৷ কিন্তু অভিহঁত পোনে পোনে তালৈ নগৈ ঘৰলৈহে গ’ল৷ ৰিকিয়ে সিহঁতৰ মনটো কৌতুহলী কৰি তুলিছিল৷ আজি অত দিনে সি ক’ত আছিল? কি খাইছিল? সকলোতকৈ ডাঙৰ কথাটো হ’ল সি কিয় মনে মনে হেৰাই গৈছিল৷
ডাঢ়িয়ে-চুলিয়ে ভোবাকাৰ হৈ অহা ৰিকিয়ে পিছে এই উত্তৰবোৰ দিয়াৰ আগতে নিজকে চাফা কৰিবলৈ বুলি গাধোৱা ঘৰত সোমাল৷ সি যেতিয়া চাফ-চিকুণ হৈ অভিহঁতৰ মাজত বহিলহি তেতিয়া চাৰিওফালে আন্ধাৰে আবৰি ধৰিছিল আৰু পথাৰৰ মাজত জ্বলি থকা বাল্বৰ পোহৰটোলৈ অক্ৰামৰ মানুহবোৰে থৰ লাগি চাই আছিল৷
অভিহঁতো থৰ লাগি আছিল পিছে বাল্বলৈ নহয় ৰিকিলৈ চাই৷ তাৰ কথাবোৰ শুনিবলৈ সিহঁত অধৈৰ্য হৈ পৰিছিল৷ অৱশেষত ৰিকিয়ে মুখ খুলিলে৷
-মই আমাৰ ঘৰখন বিচাৰি গৈছিলোঁ৷
-ঘৰ!! কেনেকৈ? আমাক কিয় লগত নিনিলি? আকৌ কেনেকৈ উভতি আহিলি?
-আস! তহঁতে এটা এটাকৈ কথা সোধচোন৷ মই ঘৰলৈ মানে পৃথিৱীলৈ যোৱাৰ কথা কোৱা নাই৷
-তেন্তে?
–জে শৰ্মাই কোৱা নাছিল জানো অক্ৰামৰ প্ৰাকৃতিক পৰিবেশ আমাৰ পৃথিৱীৰ প্ৰতিৰূপ৷ অৰ্থাত ইয়াত আমাৰ ঘৰখন নাথাকিব পাৰে কিন্তু ঘৰখন থকা ঠাই টুকুৰাটো আছে …
-তাৰমানে?
-তাৰমানে পৃথিৱীৰ যি ঠাইত আমাৰ ঘৰখন আছে মই অক্ৰামৰ সেই ঠাইখনলৈ গৈছিলোঁ৷ নিজৰ ঘৰখন চাবলৈ নাপালে কি হ’ল ঘৰখন থকা ঠাইখনৰ প্ৰতিৰূপটো চাবলৈ পাম৷
-আচৰিত! তই ইমান মনে মনে সেইবোৰকে কৰি আছিলি?
-মনে মনে নহয় অ’ মই মাজে মাজে তহঁতক সেইটো কথাটো ক’ম বুলি ভাবিছিলোঁ যদিও ৰৈ গলোঁ৷ কাৰণ অক্ৰামত আমাৰ পৃথিৱীৰ ঘৰখন থকা ঠাইটুকুৰা বিচাৰি উলিওৱাটো ইমান সহজ নাছিল৷
-তেন্তে তই কেনেকৈ বিচাৰি উলিয়ালি?
বৰ্ণাই অভিমান জড়িত মাতেৰে সুধিলে৷
-মই জে শৰ্মাৰ পৰা পৃথিৱীৰ মেপ এখন লৈ অক্ৰামৰ মেপৰ সৈতে মিলাই চালোঁ৷ তাৰ পাছতো কথাবোৰ একেবাৰে সহজ নাছিল৷ জে শৰ্মাই কোৱাৰ দৰে যদি অক্ৰাম পৃথিৱীৰ এটা প্ৰতিৰূপ হয় তেতিয়াহ’লে পৃথিৱীত আমাৰ ঘৰখনৰ কাষত থকা কিবা প্ৰাকৃতিক চিহ্নৰ সহায়ত আমি নিজৰ ঘৰখন বিচাৰি উলিয়াব পাৰিম৷ মানে যেনেকৈ মোৰ ঘৰৰ পৰা অকণমান দূৰৈত জান এটা আছে৷ সেই জানটো ইয়াতো আছে আৰু সেই জানটোৰ আলমলৈয়ে মই নিজৰ ঘৰখন বিচাৰিব পাৰোঁ৷
-তোৰ মনত যদি ইমান পৰিকল্পনাই ঠাহ খাই আছিল আমাকতো লগত ল’ব পাৰিলিহেঁতেন?
-চা একলব্য, প্ৰথম কথা হ’ল, এই ঘৰ বিচাৰি যোৱা কাৰবাৰটো বৰ ভয়ানক আছিল৷ যিকোনো বিপদৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷ তাতে ঘৰৰ ঠাইখন পামগৈ নে নাপাম তাৰো কোনো নিশ্চয়তা নাছিল৷ গতিকে মই তহঁতক বিপদত পেলাব খোজা নাছিলোঁ৷ আৰু সকলোতকৈ ডাঙৰ কথা হ’ল মোৰ ঘৰৰ কাষত জান এটা আছে কিন্তু সকলোৰে ঘৰৰ কাষত তেনেকুৱা কিবা চিন নাই৷ সেইবাবে কাৰো মনত যাতে দুখ নালাগে মই অকলেই এবাৰ পাক এটা মাৰি অহাৰ কথা ভাবিলোঁ …
-আৰু সেইবাবেই তই আমাক চিন্তাত পেলাই মনে মনে গুচি গলি!
অৰুণে চকু ডাঙৰ কৰি সুধিলে৷
-কোৱা হ’লে জানো যাবলৈ দিলিহেঁতেন! আৰু দিয়াহ’লেও লগত গোটেইসোপা ওলালিহেঁতেন৷ যিটো বৰ ভয়ানক হ’লগৈহেঁতেন৷
-বাৰু তই নিজৰ ঠাইখনৰ প্ৰতিৰূপটো বিচাৰি পালিগৈনে?
পুনিৰ প্ৰশ্নটো শুনি ৰিকিয়ে অকমান গাটো লৰাই সুবিধাজনকভাবে বহি ল’লে৷
-তহঁতক প্ৰথমৰ পৰা কওঁ, শুন।
নিজৰ ঠাইখন বিচাৰি যোৱা পৰিকল্পনাটো কৰাৰ লগে লগে মই ইয়াৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ গোটাবলৈ ধৰিলোঁ৷ জন্তুৰ ছালেৰে তৈয়াৰ কৰা আঁঠুলৈকে পৰা এযোৰ জোতা; যিযোৰে মোক কাঁইট আদিৰ পৰা বচোৱাৰ লগতে সাপ বা অন্য পোক-পৰুৱাৰ কামোৰৰ পৰাও ৰক্ষা কৰিব, দুখনমান ভিন্ন আকৃতিৰ দা, জুই জ্বলোৱা সামগ্ৰী, পাতল কিন্তু উমাল গৰম কাপোৰ, পানী খাবলৈ যতন, এডাল দীঘল ৰচী আৰু অলপমান বনৌষধ, দুডাল যাঠি আৰু চিকাৰ কৰিবলৈ ধনুখন৷
বস্তুখিনি গোটাই লোৱাৰ পাছত সেইখিনি লুকুৱাই থ’লোঁ৷ তাৰ পাছৰ কামটো হ’ল মিমোৰ পৰা ঘোঁৰাৰ বিষয়ে জ্ঞান লোৱা৷ কাৰণ যাত্ৰাপথত ঘোঁৰাটোৱেই মোৰ একমাত্ৰ সাৰথি আৰু তাৰ যদি কিবা এটা হয় মই বুজি নাপালে কেনেকৈ হ’ব৷
সকলোবোৰ হৈ যোৱাৰ পাছত খৰালিৰ সময়কণলৈ বাট চালোঁ৷ খৰালি আহিল৷ পূৰ্ণিমাৰ ৰাতি এটা মনে মনে মই ঘৰৰ পৰা ওলালোঁ৷ গাঁওবুঢ়াৰ ঘোঁৰাশালৰ পৰা ঘোঁৰাটো আনি গছৰ ধোন্দত লুকুৱাই থোৱা বস্তুবোৰ লৈ নিজৰ যাত্ৰাটোলৈ ওলালোঁ৷ ভয় বোলা বস্তুটো আগৰে পৰা মোৰ মনত নাছিল তাতে অক্ৰামলৈ অহাৰ পাছত আৰু সাহসী হৈ উঠিছিলোঁ৷ সেই সাহসৰ বলতে মই সেই ফটফটীয়া ৰাতিটোত নিজৰ যাত্ৰা আৰম্ভ কৰিলোঁ৷
মই নদীৰ পাৰে পাৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ প্ৰথম দুটাদিন মোৰ বাবে বিশেষ অসুবিধা নহ’ল কাৰণ এটা সীমালৈকে হাবিখন আমাৰ সকলোৰে চিনাকি৷ তাৰ উপৰি নদীৰ পাৰটো মুকলি আছিল বাবে ৰাতি কটাবলৈও বৰ বিশেষ অসুবিধা হোৱা নাছিল৷ অসুবিধা আৰম্ভ হ’ল মেপত দেখুওৱা অনুসৰি হাবিৰ মাজেৰে আগবাঢ়োতে৷ গোটেই সময়খিনিত বেলিটোৱে মোক দিশ দেখুৱাই থাকিল৷ তাৰ উপৰি উভতি আহোঁতে যাতে বাট বিচাৰি পাবলৈ সহজ হয় তাৰ বাবে এটা নিদিৰ্ষ্ট দূৰত্বত তিনিজোপা চিনাকি গছত দাৰে দাগ দি গলোঁ৷
-তই ৰাতিবোৰ কেনেকৈ কটালি? ইমানবোৰ হিংস্ৰ জন্তুৱে ভৰি থকাৰ পাছতো ৰাতি হাবিৰ মাজত কটাবলৈ অলপো ভয় নালাগিল নে?
-ভয় লাগিছিল কিন্তু নিজৰ বাবে নহয় ঘোঁৰাটোৰ বাবেহে৷ কাৰণ মই ৰাতিটো গছৰ ওপৰত সুন্দৰভাবে কটাব পাৰোঁ কিন্তু ঘোঁৰাটোৱে কি কৰিব? এই কথাটো যাত্ৰা আৰম্ভ কৰাৰ আগতেই ভাবিছিলোঁ৷
আমি সাধাৰণতেই মুকলি পথাৰৰ দৰে ঠাইত ৰাতি কটাবলৈ ঠিক কৰিছিলোঁ আৰু কোনো এখন ঠাইত জিৰণি লোৱাৰ আগত প্ৰায় দুদিন বা তিনিদিন একেৰাহে যাত্ৰা কৰিছিলোঁ৷ কেৱল খাবলৈ আৰু প্ৰাতঃকৰ্মখিনি কৰাৰ বাহিৰে ৰোৱা নাছিলোঁ৷ তাৰ পাছত সুবিধাজনক ঠাইত দুদিনমানৰ বাবে জিৰণিৰ ব্যৱস্থা কৰিছিলোঁ৷ দুদিন সময় ল’ব লগা হৈছিল কাৰণ মোৰ বাবে চিকাৰ কৰা আৰু বাকীকেইদিনৰ বাবেও খাদ্যবস্তু গোটাই ল’ব লগা হৈছিল৷ ঘোৰাটোকো আৰামৰ প্ৰয়োজন আছিল৷ গতিকে আমি পথাৰ বিচাৰি লৈছিলোঁ৷ কিন্তু তেনে কৰোঁতেও সাপৰ ভয় আছিল৷ গতিকে ঠাই এডোখৰত ৰাতি কটোৱাৰ আগতে যিমান পাৰোঁ ঠাইখিনি চাফা কৰি লৈছিলোঁ৷ আৰু অনবৰতে জুই একুৰা জ্বলাই থৈছিলোঁ৷ কেনেবাকৈ হাবিৰ মাজত থাকিব লগা হলে বাঘ বা অন্য হিংস্ৰ প্ৰাণীৰ অৱস্থিতিৰ বিষয়ে আগতীয়াকৈ পৰীক্ষা কৰি লৈছিলোঁ৷ অক্ৰামত থকা এই বছৰকেইটাই মোক সেইখিনি পৰীক্ষা কৰিব পৰাকৈ উপযুক্ত কৰি তুলিছিল৷ ইমানখিনি সাৱধনতা লোৱা সত্বেও আমি এবাৰ বিপদত পৰিছিলোঁ৷ এনে লাগিছিল মই যেন আৰু তহঁতক দেখিবলৈ নাপাম!
-কি হৈছিল!!!
-সিদিনা মোৰ যাত্ৰাৰ এমাহ পাৰ হৈছিল৷ দুদিন একেৰাহে যাত্ৰা কৰাৰ বাবে প্ৰায় ভাগৰি গৈছিলোঁ৷ তাতে খাদ্য বস্তুও শেষ হৈছিল৷ গতিকে হাবিৰ মাজত ডাঙৰ আম এজোপা দেখা পাই তাতে ৰাতি কটোৱাৰ পৰিকল্পনা কৰিছিলোঁ৷ বেলি পৰি আহিছিল৷ আমজোপাৰ চাৰিওফালে লক্ষ্য কৰিব লাগে, ইফালে খাবলৈ বুলি কিবা এটা চিকাৰ কৰিবও লাগে৷ গতিকে মই লৰালৰিকৈ চাৰিওফালৰ পৰিবেশটো লক্ষ্য কৰি ধনুখন লৈ বন কুকুৰা এটালৈ চোপ ল’লোঁ৷ কুকুৰাটো মাৰিবলৈ বেছি সময় নালাগিল৷ তাৰ পাছত খৰি কটা, ঘোঁৰাটোৰ ঘাঁহ-পাত যোগাৰ কৰা, পানী যোগাৰ কৰা এইবোৰ কৰোঁতে নিশা বহুখিনি হ’লগৈ৷ খোৱা-বোৱা কৰি গছজোপাৰ চাৰিওফালে অলপ আঁতৰে-আঁতৰে জুই একুৰা জ্বলাই মই গছজোপাত উঠিলোঁ৷ তহঁতক মই ক’বলৈ পাহৰিছিলোঁৱেই ঘোৰাটোৰ ডিঙিত মই এটা টিলিঙা আঁৰি দিছিলোঁ যিটো অকণমান লৰিলে শব্দ হয়৷ লগতে মই গছৰ ওপৰত শুবলৈ গলে ঘোঁৰাটোৰ ভৰিত ৰচি এডাল লগাই সেই ৰচিডালৰ এটা মূৰত আৰু এটা টিলিঙা লগাই থৈছিলোঁ৷ সেই টিলিঙাটো মই মোৰ কাণৰ কাষত ওলোমাই লৈছিলোঁ যাতে ঘোঁৰাটোৱে কিবা বিপদ দেখি অলপমান ইফাল সিফাল কৰিলেও টিলিঙাৰ শব্দত মই সাৰ পাই যাওঁ৷ সেইদিনাও সেই সকলোবোৰ কাম কৰি মই শুবলৈ ল’লোঁ৷ হয়তো মাজনিশা হৈছিল দুয়োটা টিলিঙাৰ শব্দত মই সাৰ পাই গ’লোঁ৷ লগে-লগে সষ্টম হৈ তললৈ চালোঁ বাঘ এটাই ঘোঁৰাটোক আক্ৰমণ কৰিবলৈ সাজু হৈছে৷ বেচেৰা বান্ধি থোৱা ঘোঁৰাটোৱে আতুৰত পৰি ইফাল-সিফাল কৰি আছে৷ মই নিশব্দে ভালৰো ভাল কাঁড় এডাল উলিয়াই বাঘটোৰ ফালে টোৱালোঁ৷ বাঘে জাপ মাৰিলে, লগা-লগ মোৰ কাঁডৰ ওলাই গৈ বাঘৰ ডিঙিত লাগিল গৈ৷ বাঘটোৱে ঘোৰাটো এৰি আটাহ পাৰি উঠিল৷ পলম নকৰি আৰু তিনিডাল কাঁড় মাৰি পঠালোঁ৷ বাঘটো সিফলীয়া হোৱা বুলি অনুমান কৰাৰ পাছত দাখন লৈ গছৰ পৰা নামি আহিলোঁ৷ মনত গৌৰৱৰ ভাৱ! কিন্তু মোৰেই ভাগ্য বেয়া আছিল!
-বাঘটো মৰা নাছিল?
-মৰিছিল৷ কিন্তু মই নামি অহাৰ লগে লগে ক’ৰবাৰ পৰা আৰু এটা বাঘ আহি মোৰ গাত জঁপিয়াই পৰিল! মই তৰ্কিবই নোৱাৰিলোঁ মাত্ৰ পাৰে মানে হাতত থকা দাখন ঘূৰালোঁ৷ বাঘটো চাগৈ পোৱালি বাঘ আছিল৷ কাৰণ মই মৰাটোও পোৱালিয়েই আছিল৷ হয়তো দুয়োটাই কেনেবাকৈ মাকৰ লগ এৰি সেইখিনি পাইছিলহি আৰু বান্ধি থোৱা ঘোৰাটো দেখি লোভত আক্ৰমণ কৰিছিল৷
-তাৰ পাছত? তোৰ একো নহ’লতো?
-মই দাখন ঘূৰোৱা লগে লগে বাঘটোৰ গাত লাগিল চাগৈ সি মোক এৰি পলাল৷ কিন্তু পলোৱাৰ আগতে সি মোৰ বাহু আৰু পিঠিত বেয়াকৈ আঘাত কৰি গ’ল৷ মই তেজেৰে তুমুৰলি হলোঁ৷ সেই নিশাখন ক’ত কি বিচাৰি যাওঁ৷ গতিকে হাতত যি বনৌষধ আছিল তাৰে যিমান পাৰোঁ তেজ ৰখাবলৈ চেষ্টা কৰিলোঁ৷ বহুপৰ চেষ্টা কৰাৰ পাছত তেজ ৰ’ল আৰু মই যেনে তেনে গছজোপাত উঠি অৱশ হৈ শুই পৰিলোঁ৷ পুৱা যেতিয়া সাৰ পালোঁ তেতিয়া ঘাঁবোৰত তেজ ওলাই থকা নাছিল যদিও বিষ আৰু জ্বৰত মোৰ অৱস্থা কাহিল হ’ল৷ নিজকে পৰীক্ষা কৰি চালোঁ, শৰীৰৰ যি অৱস্থা সেইখিনি শক্তিৰে মই উভতি অহাটো সম্ভৱ নহয়; তাতকৈ জে শৰ্মাই অক্ৰামৰ যিখন মেপ দিছিল তাত কিছুমান ঠাইত মানুহৰ বসতি থকা ঠাইবোৰো উল্লেখ কৰিছিল, মই মেপখন চালোঁ৷ একেৰাহে এদিনমান গ’লে এখন ঠাই পোৱা যাব৷ শৰীৰৰ সকলোখিনি বল গোটাই লৈ সেই ঠাইখনৰ ফালে আগুৱাই গলোঁ৷
মই যেতিয়া সেই কণমানি গাঁওখন পালোঁগৈ তেতিয়া মই প্ৰায় অৰ্ধচেতন অৱস্থাত৷ গাঁওখনৰ মানুহে ভূত দেখাৰ দৰে মোক আগুৰি ধৰিলে ৷ কিবা এটা ক’বলৈয়ো মোৰ গাত শক্তি নাছিল মাত্ৰ ইংগিতেৰে বুজাই মই অচেতন হৈ পৰিলোঁ৷ তাৰ পাছৰ কথাখিনি গাঁওখনৰ ডেকা এজনেহে কৈছিল৷
বছৰেকৰ মূৰত তিনি-চাৰিজনমান আঁতৰৰ মানুহ তেওঁলোকৰ গাঁৱৰ ফালে যায়৷ এনেই খবৰ লৈ আকৌ ঘূৰি ফুৰি নিজৰ ঠাইলৈ উভতি যায়৷ মোকো তেওঁলোকে তেনেকুৱা কোনোবা বুলিয়েই ভাবিছিল৷ মোৰ অৱস্থা দেখি কোনোবাই লৰালৰিকৈ গাঁৱৰ বৈদ্যজন মাতি আনিছিলগৈ৷ তেওঁ আৰু গাঁওবাসীৰ অক্লান্ত শুশ্ৰূষাৰ বলত তিনিদিনৰ মূৰত মই ভালকৈ চেতনা ঘূৰাই পাইছিলোঁ৷ মোৰ আজিও আচৰিত লাগে মই সেইটো অৱস্থাৰে কেনেকৈ গাঁওখন বিচাৰি উলিয়াইছিলোঁ! অৱশ্যে ইয়াত ঘোঁৰাটোৰো অৱদান আছিল৷ সিও যেন কিবা এটা বুজি উঠিছিল৷ সিও অকণো আমনি নকৰাকৈ মোক গাঁওখনৰ ফালে লৈ গৈছিল৷
সম্পূৰ্ণৰূপে সুস্থ হ’বলৈ আৰু গাত আগৰ দৰে শক্তি গোটাই ল’বলৈ মোক পুৰা এমাহ লাগিছিল৷ তথাপি মই আৰু কিছুদিন তাত ৰৈ দিলোঁ৷ কাৰণ মোৰ ভয় লাগিছিল কেনেবাকৈ সেই ঘাঁডোখৰৰ কিবা ইনফেকচন হৈ বাটত কিবা হ’লে মই মোৰ লক্ষ্যত উপনীত হোৱাটো দূৰৰে কথা নিজৰ প্ৰাণো বচাব নোৱাৰিম৷
ইতিমধ্যে গাঁওখনত মোৰ উদ্দেশ্যেটো বিয়পি গৈছিল৷ মই যেতিয়া যাবলৈ ওলালোঁ গাঁৱৰ ডেকা তিনিজনো মোৰ লগত ওলাল৷ তেওঁলোকৰো বোলে ঠাই চাবলৈ মন আছে৷ ময়ো ভাল পালোঁ৷ এইবোৰ ঠাইলৈ যাবলৈ যে লগ এটা লাগে সেইটো মই মৰ্মে মৰ্মে উপলদ্ধি কৰিছিলোঁ৷
তাৰ পাছত আকৌ সেই হাবি ভাঙি, চিকাৰ কৰি, সাপ নেউলৰ ওপৰেদি যাত্ৰা আৰম্ভ হ’ল৷ প্ৰায় বিশদিন মানৰ পাছত আমি লক্ষ্যৰ কাষ পালোগৈ৷ পৃথিৱীত আমাৰ ঘৰৰ অলপ আঁতৰেৰে এটা জান পাৰ হৈ গৈছে৷ মই নিশ্চিত আছিলোঁ যে অক্ৰামতো সেই জানটো পাম৷ আৰু সঁচাই মই সেই জানটো পালোঁগৈ৷ জানটো দেখি মই একপ্ৰকাৰৰ পগলাৰ দৰেই হৈ পৰিছিলোঁ৷ তাৰ পাছত জানটোৰ আকাৰবোৰ অনুসৰণ কৰি কৰি নিজৰ ঘৰৰ ফালে যোৱা বাটটো পালোঁ৷ সেই বাটটোৰে অলপ দূৰ গৈয়ে সেইজোপা পুৰণি গছ পালোঁ যিজোপা গছৰ ছাঁত এসময়ত আমাৰ শৈশৱ পাৰ হৈছিল৷ যিজোপা গছ আমাৰ পদূলিৰ বিপৰীত দিশত আছিল৷ ঘোঁৰাৰ পৰা নামি লাহে লাহে গছজোপাৰ বিপৰীত দিশলৈ খোজ কাঢ়ি গলোঁ৷ এনে লাগিছিল যেন মই ঘৰৰ পদূলিৰে সোমাই গৈছোঁ আৰু মা দৌৰি আহিছে মোক সাৱটি ধৰিবলৈ! কিমান সময় থৰ লাগি আছিলোঁ ঠিক নাই; ডেকা এজনৰ হাতৰ পৰশতহে মই সম্বিত ঘূৰাই পাইছিলোঁ৷
ৰিকিৰ কথাবোৰে ইতিমধ্যে সকলোৰে চকুবোৰ চলচলীয়া কৰি তুলিছিল আৰু শেষৰ কথাখিনি শুনি ছোৱালীকেইজনী উচুপি উঠিল৷
-তাৰ পাছত?
বাউসিৰে চকুদুটা মচি একলব্যই সুধিলে৷
-তাৰপাছত সেইঠাইখিনিত আমি পোন্ধৰদিন থাকিলোঁ৷ সেই পোন্ধৰৰ দিনত ডেকাকেইজনৰ সহযোগত তাত এটা চাং ঘৰ সাজিলোঁ৷ গছত কাটি কাটি ঠাইডোখৰৰ, ঘৰখনৰ নাম লিখিলোঁ৷ যিমান পাৰোঁ ঠাইডোখৰ মুকলি কৰিলোঁ যাতে কেতিয়াবা কোনোবা সেইফালে গলে তাতে আৰামেৰে থাকিব পাৰে৷
পোন্ধৰৰ দিনৰ পাছত যেতিয়া ঘৰখন এৰি আহিলোঁ এনে লাগিছিল মই যেন আকৌ পৃথিৱীখন এৰি আহিলোঁ৷ কাৰণ সেই গোটেই সময়খিনি মোৰ মা-দেউতাহঁতৰ লগত থকা যেনেই লাগিছিল৷ সেইবুলি তাত একেবাৰেটো থাকিব নোৱাৰি, সেইবাবেই উভতনি যাত্ৰা কৰিলোঁ৷ ডেকাকেইজনৰ গাঁৱত পুনৰ কিছুদিন থাকি অক্ৰামজুলৈ বুলি পোনালোঁ৷ আৰু আজি এয়া তহঁতৰ সমুখত মই!
-তই আকৌ কেতিয়া যাম বুলি ভাবিছ?
বৰ্ণাই ৰিকিলৈ চাই প্ৰশ্ন কৰিলে৷
-অহা বছৰৰ খৰালিত কাৰণ বাৰিষাত এইবোৰ যাত্ৰা কৰা বিপদজনক৷
-বাৰু সময় আছে৷ সিমানখিনি সময়ত ময়ো ঘোৰা চলাবলৈ শিকিব পাৰিম৷
-ঘোৰা চলাবলৈ? কিন্তু কিয়?
-তোৰ লগত ময়ো যাম আক৷
বৰ্ণাৰ কথা শুনি ৰিকিয়ে মিচিকিয়া হাঁহি এটা মাৰি ক’লে,
-কেৱল তয়ে নে বাকীবোৰো নাযাব জানো?
চলচলীয়া চকুবোৰ মচি মচি প্ৰত্যেকে মূৰ দুপিয়ালে৷ কিন্তু সকলোকে অবাক কৰি অভিয়ে মাত লগালে,
-কিন্তু মই নাযাওঁ আৰু মোৰ কথাটো শুনাৰ পাছত তহঁতো যাবলৈ আশা কৰি নাথাকিবি চাগৈ!
-কিয়??
-কাৰণ জে শৰ্মাই কোৱা মতে ৱৰ্ম হল জাগ্ৰত হোৱাৰ সময় কাষ চাপিছে৷ আমি যদি কৰবালৈ যাব লগা হয় সেয়া পৃথিৱীহে হ’ব৷
অবাক লাগি থকা ৰিকিহঁতক অভিয়ে জে শৰ্মাই কোৱা কথাকেইটা ভাঙি পাতি ক’লে৷ ইতিমধ্যে ভোজ ৰন্ধা হৈ গৈছিল৷ গাঁৱৰ ল’ৰা এটাই আহি সকলোকে খবৰটো দিলেহি৷ মনৰ মাজত এসোপা আবেগ, উৎকণ্ঠা লৈ ল’ৰা-ছোৱালীকেইটা ভোজ খাবলৈ বুলি আগুৱাই গ’ল৷
-তোমালোকে কথাবোৰ আকৌ এবাৰ ভাবি চোৱা৷
জে শৰ্মাই তেওঁৰ চাৰিওফালে লেপেটা কাঢ়ি বহি থকা ল’ৰা-ছোৱালীকেইটালৈ চাই ক’লে৷ জলবিদ্যুত প্ৰকল্পটোৰ কাম শেষ কৰিয়েই মানুহজন চিনাকি গৱেষক দুজনমানক লগ ধৰিবলৈ গ’ল৷ প্ৰায় দুমাহৰ পাছতহে মানুহজন ওলালহি৷ তেওঁ অহা বুলি গম পায়ে অভিহঁতে উৎকণ্ঠাৰে তেওঁক লগ কৰিবলৈ গ’ল আৰু এতিয়া তেওঁৰ কাষতে বহি আছে৷
জে শৰ্মাই পুনৰ কথাবোৰ জুকিয়াই ল’লে,
-চোৱা যোৱা দুটামাহ আমি কেইবাজনো গৱেষকে এইটো বিষয়তে দিন-ৰাতি গৱেষণা কৰি আছিলোঁ আৰু অৱশেষত আমি খাটাং হ’লোঁ অহা এটা মাহৰ পাছত যি ঠাইৰ পৰা তোমালোক অক্ৰাম ওলাইছিলাহি সেই ঠাইতে পুনৰ আকৌ ৱৰ্ম হল জাগ্ৰত হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু আমি এজনেও এইটোত নিশ্চয়তা দিব নোৱাৰিম যে সেইটো ৱৰ্ম হলে তোমালোকক পৃথিৱীলৈকে লৈ যাব৷ লগতে সময়ৰ কথা আছেই৷ অহাৰ পৰা ৱৰ্ম হলত খৰচ হোৱা পাঁচটা বছৰ ধৰিলে এতিয়ালৈকে দহবছৰ হ’লেই৷ আকৌ ঘূৰি যাওঁতে বা কিমান সময় লাগে৷ গতিকে তোমালোকে কথাবোৰ আকৌ এবাৰ ভাবি চোৱা৷ এবাৰ পৃথিৱীৰ পৰা আহি অক্ৰামত কোনোমতে নিজকে চম্ভালি লৈছাহে আকৌ যদি…
-আমি যাম৷
শৰ্মাৰ কথা শেষ হ’বলৈ নিদিয়াকৈ অভিয়ে দৃঢ়তাৰে কৈ উঠিল৷
-তেন্তে সাজু হোৱা৷
বুকুৰ মাজত আবেগৰ ধুমুহাৰ এজাক লৈ ল’ৰা-ছোৱালীকেইটা ওলাই আহিল৷ যোৱা পাঁচবছৰে অক্ৰামৰ পৰিবেশত সিহঁতে জীণ যাবলৈ চেষ্টা কৰিছিল৷ তথাপি মনৰ মাজত ঘৰলৈ যোৱাৰ হাবিয়াস এটা পুহি আছিল৷ আৰু আজি সেই ক্ষণটো কাষ চাপি অহাত কিয় জানো সিহঁতৰ বুকুখন কঁপি উঠিছে৷ আকৌ এবাৰ কিবা হেৰুৱাৰ দুখে সিহঁতক মনে মনে জুৰুলা কৰি তুলিলে৷
ইতিমধ্যে গাঁৱত কথাটো প্ৰচাৰ হৈ গ’ল৷ সিহঁতক ভালপোৱা মানুহবোৰে বাৰে বাৰে সিহঁতৰ খবৰ লৈ থাকিল৷ কিছুমানে লগত লৈ যাবলৈ বুলি সিহঁতৰ প্ৰিয় বস্তু কিছুমানো কৰিবলৈ লাগিল৷ অক্ৰামজুৰ গাঁওবুঢ়াই ভোজ এটাৰ আয়োজন কৰিলে৷ অক্ৰামজুৰ বাহিৰেও কাষৰ গাঁৱৰ মানুহেও আহি ভোজটোত লাগি ভাগি দিলেহি৷ ভোজ খাই বৈ উঠাৰ পাছত এখন সভা বহিল৷ গাঁওবুঢ়াই আঁত ধৰা সভাখনত অভিহঁতৰ গুণ বখানিৰে ভৰি পৰিল৷ কোনো কোনোৱে চকুপানীও টুকিলে৷ অভিহঁতৰ ফালৰ পৰা কিবা এটা ক’বলৈ বুলি অনুৰোধ জনোৱাত পুনি বহাৰ পৰা উঠিল৷
-পৃথিৱীখন, নিজৰ আপোনসকলক হেৰুৱাৰ দুখখিনি কবৰ দিওঁতে জীৱনৰ এচোৱা সময় পাৰ হৈ যোৱা যেন লাগিল৷ লাহে লাহে অক্ৰামৰ প্ৰেমত পৰিলোঁ৷ অক্ৰামবাসী আপোন হৈ উঠিল৷ এতিয়া আকৌ….অভি তই বেয়া নাপাবি মই আকৌ উভতি নাযাওঁ৷
-কি!!
পুনিয়ে অভিলৈ চাই কোৱা শেষৰ কথাখিনিয়ে সকলোকে আচৰিত কৰি তুলিলে৷
-অ’ মই বহুত ভাবিলোঁ৷ এই অহা-যোৱা সময়খিনিত আমাৰ জীৱনৰ যিমান সময় খৰচ হ’ব সেইখিনিত আমি দেখি অহা পৃথিৱীখন বহুত সলনি হৈ যাব৷ আমাৰ আপোনসকলেও আমাক হেৰুৱাৰ দুখটো সহিব পৰা হৈ পৰা হৈ যাব৷ এই সকলোখিনিতকৈ ভয় লগা কথাটো হ’ল শৰ্মাদেৱে কোৱাৰ দৰে যদি কেনেবাকৈ আমি পৃথিৱীলৈ নগৈ বেলেগ পেৰেলেল ৱৰ্ল্ড পাওঁগৈ….নাই নাই অভি ইমানখিনি ৰিস্ক ল’ব নোৱাৰোঁ৷ এবাৰ পৃথিৱীক হেৰুৱাই পোৱা দুখৰ বোজাটো পুনৰ ল’ব পৰা ক্ষমতা মোৰ নাই৷ মোক পাৰিলে মাফ কৰি দিবি৷ আৰু পৃথিৱী পালেগৈ মোৰ মা-দেউতাক লগ ধৰিও মাফ কৰি দিবলৈ ক’বি৷ আশা কৰোঁ বন্ধু হিচাপে তই মোৰ সেই কথাটো ৰাখিবি৷
পৰিবেশটো ভয়ানকভাবে নিৰৱ হৈ পৰিল৷ সেই নিৰৱতা ভাঙি একলব্য থিয় হ’ল৷
-পুনিৰ দৰে ময়ো নাযাওঁ বুলি ভাবিছোঁ৷ ইমানখিনি ৰিস্ক লোৱাৰ ক্ষমতা মোৰো নাই৷
-ময়ো নাযাওঁ৷
এইবাৰ অৰুণ থিয় হ’ল৷ তাৰ পাছত বৰ্ণা, ৰিকি, মমী৷ বাকী থাকিল বৰুৱা আৰু পপী৷ এইবাৰ বৰুৱা থিয় হ’ল
-হেৰুৱা পৰিয়ালটো পুনৰ অক্ৰামত ঘূৰাই পাই মই নতুন জীৱন এটাই ঘূৰাই পালোঁ৷ পৃথিৱীত মোৰ এনে কোনো মোহ নাই যাৰ বাবে উভতি যাবলৈ মন থাকিব৷ তথাপি অভি, তোমাৰ লগৰীয়া হিচাপেই মই তোমাৰ লগত যাম৷
সকলোৱে নাযাব বুলি ভবা বৰুৱাই আচৰিতভাবে যাবলৈ ওলাল৷ এইবাৰ সকলোৰে চকু পপীলৈ৷ তাই উঠো-নুঠোকৈ উঠিল,
-মই যাম৷ লাগিলে সেয়া পৃথিৱীয়ে হওক বা আন কিবা হওক৷ বন্ধু হিচাপে মই তোৰ লগ কেতিয়াও নেৰোঁ৷
-আৰু মই? মোক নিনিয়া?
ৰাইজৰ মাজৰ পৰা মিচিকিয়া হাঁহি এটা মুখত লৈ মিমো অভিৰ কাষলৈ উঠি আহিল৷
-তোমাৰ লগত ময়ো যাম অভি৷ মোৰ হেৰুৱাবলৈও একো নাই আৰু পাবলৈও একো নাই৷ গতিকে তোমাৰ দৰে বন্ধুৰ লগত ময়ো অলপ দুঃসাহসীক অভিযানৰ সোৱাদ ল’ব খুজিছোঁ৷ মোক নিবা নে?
-কিন্তু কেনেবাকৈ যদি কিবা বিপদৰ সন্মুখীন হওঁ …
-বিপদলৈ জানো মোক ভয় কৰা দেখিছা? বিপদে মোক বেছিকৈ সাহসীহে কৰি তোলে৷
-কিন্তু?
-কোনো কিন্তু নাই৷ মই এইবিষয়ে বহুত আগৰে পৰা ভাবি আছিলোঁ৷ আৰু অলপতে গাঁওবুঢ়া বৰদেউতাৰ সৈতেও এই বিষয়ে আলোচনা কৰিলোঁ৷ এতিয়া মাথোঁ তোমাৰ অনুমতিৰ প্ৰয়োজন৷ তুমি তোমাৰ পৃথিৱীখন চাবলৈ মোক সুবিধা দিবানে?
অভিয়ে মিমোক সাৱটি ধৰিলে৷
তাৰ পাছৰ সময়খিনি বৰ খৰকৈ যোৱাৰ দৰে হ’ল৷ অভিহঁতে শৰ্মাৰ পৰামৰ্শৰ ৱৰ্ম হল জাগ্ৰত হোৱাৰ সম্ভাৱনা থকা ঠাইখিনিতে অস্থায়ী জুপুৰি এটা সাজি ল’লে৷ শৰ্মাদেৱেও তেওঁৰ লগৰীয়া গৱেষককেইজনৰ সৈতে নিৰাপদ দূৰত্বত তাতে শিবিৰ পাতি ল’লে৷ পুনিহঁতে তেওঁলোকৰ খোৱা-বোৱাবোৰ যোগাৰ ধৰি থাকিল৷ মুঠতে তেওঁলোকে এটা পলৰ বাবে ঠাইখন চকুৰ আঁতৰ হ’বলৈ নিদিলে৷
আৰু এদিন …
শৰ্মাৰ হাতত থকা সৰু মেচিনটোৰ কাঁটাকেইডাল বিভিন্ন দিশত লৰচৰ কৰিবলৈ ধৰিলে৷ শৰ্মা আৰু তেওঁৰ লগৰীয়া গৱেষককেইজনে লৰালৰিকৈ তেওঁলোকৰ বাকীবোৰ যন্ত্ৰও পৰীক্ষা কৰিবলৈ ধৰিলে৷ ৱৰ্ম হলৰ অস্তিত্ব এটাই গা কৰি উঠিল৷ তেওঁলোকে নিৰ্দিষ্ট ঠাই টুকুৰালৈ লক্ষ্য কৰিলে কিবা এটা ভৌতিক পৰিবেশৰ দৰে গছৰ পাতবোৰে লাহে লাহে ওপঙি উঠিছে৷ ৱৰ্ম হলৰ কথা মনলৈ নাহিলে সেয়া সৰু ঘূৰ্ণী বতাহ এজাক যেনেই লাগিব৷ জে শৰ্মাই অভিহঁতক চিঞৰি চিঞৰি সাজু হ’বলৈ আদেশ কৰিলে৷ কিন্তু অভিহঁতে কিবা এটা বুজি পাই মানে ৱৰ্ম হলটো শেষ হৈ গ’ল৷ কিন্তু শৰ্মাহঁতে আশা কৰাৰ দৰেই দহমিনিটমানৰ পাছত পুনৰ ৱৰ্ম হলটো জাগ্ৰত হ’ল৷ অভিহঁতে এবাৰ পুনিহঁতলৈ চাই হাত দাঙি সেই বতাহখিনিৰ মাজত সোমাই পৰিল৷